ফটাঢোল

ইংৰাজী ব্যংগ সাহিত্য: এক চমু অৱলোকন – মৌচুমী বৰুৱা

ব্যংগ সাহিত্য(Satire) সাহিত্যৰে এক ধাৰা৷ ব্যংগ সাহিত্যই সাহিত্যৰ জগতখনত এক বিশেষ স্থান অতীজৰে পৰা অধিকাৰ কৰি আহিছে৷ ব্যংগ সাহিত্য মানেই স্থূল হাস্যৰস নহয়৷ এনে সাহিত্য সৃষ্টিৰ অন্তৰালত থাকে পাঠকক হাঁহিৰ চলেৰে কিছুমান কথা ভাবিবলৈ বাধ্য কৰা৷ ওপৰুৱাকৈ চালে এনে ব্যংগৰচনা বোৰ কেৱল পাঠকক হহুৱাবলৈকে ৰচনা কৰা যেন লাগিব৷ কিন্তু গভীৰভাৱে ভাবি চালেহে তাৰ অন্তৰালত থকা মূল কথাখিনি বুজিব পাৰি৷ বুদ্ধিদীপ্ত হাস্যৰস(wit), ব্যংগ, শব্দৰ কৌশলপূৰ্ণ প্ৰয়োগ আদিৰে এজন ব্যংগ লেখকে পাঠকক হাস্যৰসৰ লগতে চিন্তাৰ খোৰাকো যোগায়৷ প্ৰচলিত সামাজিক ভণ্ডামি, শোষণ, দুৰ্নীতি,

Read more

পলায়ন – সোণটো ৰঞ্জন বৰুৱা-

নলে-গলে লগা বন্ধু এটা মোৰ… সিহঁতৰ ঘৰলৈ গৈ এনেও ভালেই লাগে, গতিকে খানা খাবলৈ মাতিলে নোযোৱাৰ তো কথাই নাই৷ সেইদিনা সময়তকৈ আগতেই টিকা দাঙি ভঙা চাইকেল চুটাই দিলো এক কিমিমান দূৰৈত থকা সিহঁতৰ ঘৰলৈ৷ ৰাতি খাই বৈ শেষ কৰি ইয়াৰ ৰুমতে আড্ডা দি থাকোঁতেই তাৰ ভনীয়েকে মোক বাহিৰৰ পৰা মতা শুনি ওলাই গ’লো৷ মোক দেখি চিধাই ক’লে- “ব’লা “ ম‌ই বোলে হেৰ’- “ক’লৈ যাৱ ৰাতিখন? ? ? “ “আৰে…! ! মোক নিম কোৱা নাছিলা জানো? ? এতিয়াই মাঁহত ভিতৰত বিজি

Read more

সংগীত চৰ্চা- মানৱেন্দ্ৰ কুমাৰ শৰ্মা

মই মেট্ৰিক দিয়াৰ পিছত দেউতাই ভাবিলে যে কলেজলৈ যোৱা দিনলৈ মই ঘৰত বহি এনেয়ে সময় নষ্ট কৰাতকৈ কিবা এটা কৰা ভাল৷ কি কৰিম সেইটো ভাবি দেউতাই ঠিক কৰিলে, সেই নিৰ্দিষ্ট সময়ৰ ভিতৰত গান শিকাৰ সমান ভাল কাম আৰু একোৱেই হ’ব নোৱাৰে৷ দেউতাৰ কথা মানেই কাম৷ গতিকে পিছ দিনা পুৱা কাউৰীয়ে কা কা নৌকৰতেই মোক বিছনাৰ পৰা উঠাই দি দেউতাই ক’লে, ’ওলা৷ ’ মই ওলালোঁ৷ আমাৰ ঘৰৰ পৰা দুই কিল’মিটাৰ মান দূৰৈৰ এঘৰত সোমালোঁ৷ আমি যাওঁতে তেওঁলোক শুই উঠাই নাছিল৷ আমি

Read more

চোৰ – হিমাংশু ৰাজখোৱা

চোৰ বিচাৰি গৈছেনে কেতিয়াবা? এনে দুৰ্ভাগ্য হৈছেনে কেতিয়াবা? যোৱা শতিকাৰ শেষৰ দশকটোৰ শেষৰ বছৰকেইটাৰ কোনোবা এটা৷ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী আমাৰ পৰম পূজনীয়া মাতৃদেৱী, বিভাগীয় নিৰ্দেশনা মৰ্মে ঘৰৰ পৰা 300 কি মি আতৰলৈ ৬ মহীয়া প্ৰশিক্ষণৰ বাবে যোৱাত ঘৰত কেৱল মই আৰু কানসমনীয়া ভাইটো৷আশানুৰুপ ভাবেই সেই ৬ টা মাহ সেইখন আৰু ঘৰ হৈ থকা নাছিল, দুই ভাইৰ সমস্ত বন্ধুবৰ্গ, বন্ধুবৰ্গৰ…বন্ধু….এই সকলোবোৰ মিলাই সেই দিনবোৰত আমাৰ ঘৰটো আছিল সদ্য যৌৱন প্ৰাপ্ত এদল উচ্ছৃঙ্খল যুৱকৰ আড্ডা! তেনেকুৱা কোনোবা এটি দিনতেই আমাৰ চিনাকি আমাতকৈ

Read more

খৰিচাৰ ৰস – অসীমা শইকীয়া দত্ত

স্কুললৈ যাবলৈ লৈছো মুৰত আইতাৰ তেল জেপজেপীয়াকৈ সানি বনফুল তেলৰ বটলতো হৈ তেতিয়া৷ আম তল, বগৰি তলৰ পৰা যোৱা মন স্কুলত বহাই নাই তাতে আকৌ গাঁৱৰে খুৰা এজনৰ কি শাসন৷ সদায় পুৱা তেওঁ দাঁত ব্ৰাছ কৰি কৰি গোটেই গাওঁ ভ্ৰমে কোনে কোনে পঢ়িছো চাবলৈ৷ এদিন ঘৰৰ চোতালত ৰ’দ লৈ মই, সন্মুখত মেলা কিতাপ৷ কাৰোবাক দেখিলে অকনৰ ঘৰ নগৰত গাওঁ নহলে গোহালিৰ গৰু কেইটা চাই ভাবি থাকো ইহঁতৰ ঠেং ইমানবোৰ কিয় হল৷ মৌখিকত যে কেৱল এটা গৰুৰ চাৰিটা ঠেং অমুক টা

Read more

মিলন – উৎপলা কৌৰ

বাহিৰত দপদপীয়া বৰষুণ দি বতৰটো ঠাণ্ডা কৰি তুলিলেও ঘৰখনৰ ভিতৰভাগৰ উষ্ণতা ক্ৰমান্বয়ে বাঢ়িছিলহে!  মাক আৰু জীয়েকৰ তৰ্কা-তৰ্কিয়ে উষ্ণতা বঢ়াইছিল ৷ তেতিয়া পুৱা নমান বাজিছিল ৷ – ‘তই সেইটোক ভাল পালি বুলিয়েই তোক তালৈ দিব নোৱাৰোতো! ক’ৰ ঘোকোট গাঁৱত ঘৰ তাৰ৷’ – ‘সেইবোৰ মোক কৈ লাভ নাই৷ তাক মই কথা দিছো, কেতিয়াবা বিয়া হওঁ যদি তাৰ লগতে হ’ম!’ – ‘যি কৰ কৰি থাক!’  বুলি সুৰমায়াই ৰাউচি জুৰি কান্দিবলৈ ধৰিলে৷ সুৰমায়াৰ কান্দোনটো বৰ শ্ৰুতিকটু৷ আনকি জীয়েক ৰসিকাও মাকৰ কান্দোনত তিষ্ঠিব নোৱাৰি কেতিয়াবা

Read more

ধানখেৰৰ বিজনেছ – ৰঞ্জু শৰ্মা

কেইদিনমান আগেয়ে জকাইচুকৰ নগেন গৈছিল চহৰলৈ৷ ..প্রথমবাৰৰ বাবে৷ ..গৈছিল মানে একেখন গাৱঁৰে তপন বোলাটোৱে লৈ গৈছিল৷ নহলেনো আৰু গাৱঁৰ জাতিবাহ কেইজোপাকে পৃথিৱীৰ আটাইতকৈ ওখ বস্তু বুলি ভাৱি থকা নগেনে নিজে কেতিয়া চহৰলৈ গৈ পাইছে? … শৈশৱৰ নলে-গলে লগা বান্ধৈ তপন আজি দুবছৰমানৰ পৰা চহৰতে আছে৷ কিবা হেনো বিছিনেছ কৰে৷ কি বিজিনেজ কৰে ঘৰখনৰ মানুহকে ধৰি গাওঁখনৰ কোনো এজনেও ঘূণাক্ষৰেও নাজানে, হলেও কি্নতু তাৰ উপার্জনো ভাল৷ ৰাইজে দেখিছেও৷ যোৱাবেলি পূজালৈ বুলি ঘৰলৈ আহোতে ঘৰৰ আটাইকেইজনলৈকে বুলি যি ধুনীয়া, ৰঙ-চঙীয়া কাপোৰৰ টোপোলাবোৰ

Read more

ৰণভংগ – নয়নমনি হালৈ

তেতিয়া মই কলেজত পঢ়ি থকা ল’ৰা৷ নতুনকৈ দাঢ়ি-মোছ গজিবলৈ আৰম্ভ কৰিছে, মনত ‘ডেকা ডেকা’ ভাব৷ কলেজত সোমাই প্ৰথমে একঘণ্টামান আড্ডা পিতোঁ, তাৰপিছত মন গলে ক্লাছত বহি হামিয়াই-হিকটিয়াই থাকোঁ৷ সেই সময়ৰে কথা, এদিন কেইটামান দাদা-দাদা টাইপৰ, চিনেমাৰ হিৰোৰ ষ্টাইলত থকা ল’ৰাৰ লগত বহি আড্ডা পিটি আছোঁ কলেজৰ মাজতে থকা ডাঙৰ গছডালৰ তলত৷ এনেতে এটা লেংপেং কৰে ওখ, কেটেৰ মেটেৰ চেহেৰাৰ ল’ৰা এটাই দৌৰি আহি ‘দাদা দাদা মোক মাৰিলে’ বুলি কান্দিব ধৰিলে৷ সি কয় আৰু কান্দে৷ আমি বোলো ‘কি হ’ল ভালকৈ ক’৷

Read more

দ্যা অ’পেন উইণ্ড’ – মেঘালী দিহিঙ্গীয়া

“এয়া ল৷ বোকাখাতত আৰু গাড়ীৰপৰা নামিব নালাগে, একেবাৰে জখলাবন্ধাতে কিবা এটা খাই লবি৷” বাছৰ খিৰিকীৰে ডাঙৰদাই টোপোলা এটা আগবঢ়াই দিলে৷ দুটা চিপচৰ পেকেট, এটা মেংগ জ্যুচৰ বটল আৰু এপেকেট বাদাম… গোটেইকেইটাই মোৰ পচন্দৰ বস্তু৷ বিশেষকৈ অলপ দূৰলৈ বুলি যাত্ৰা কৰোতে বাছত উঠিয়ে প্ৰথমে মই এইকেইটা বস্তুৱে গোটাই লওঁ৷ যাত্ৰাৰ বিৰক্তিও কমে, পেটৰ ভোকো গুচে৷ ডাঙৰদাই জানে, সেয়ে মই নোকোৱাকৈয়ে আনি দিছে৷ “এভ’মিন এটা আনি দিওঁ নেকি? “ সদায়ে সোধাৰ দৰে ডাঙৰদাই আজিও সুধিলে৷ “নালাগে হেৰৌ, এভ’মিন আকৌ কিয়? মোৰ দেখোন

Read more

বিশ্বাসঘাতক – মাধুৰীমা ঘৰফলীয়া

গা শাঁত পেলাব পৰাকৈ বতাহ এজাক বলি আছিল৷ ৰুমাল এখনেৰে মুখখন মচি হাফলুটোত ভাল চাই জেগা এটুকুৰা বিচাৰি তাই বহি ল’লে৷ এইয়া তাইৰ আজৰি সময়৷ অকণমান বিলাস কৰা সময়৷ ঘামেৰে শৰীৰটো চপচপীয়া হৈ গৈছিল আৰু নহ’বনো কিয় যিহে গধুৰ বস্তুটো নি ঘৰত থৈ আহিব লগা হৈছিল৷ হাতখনলৈ চালে এতিয়াও ক’লা পৰি আছে৷ ৰুমালখনেৰে হাতখনো মচি কঁকালত মেৰিয়াই থোৱা পেটিডালৰ পৰা বিস্কুট অকণমান উলিয়ালে৷ বিস্কুটকণ দেখিয়েই লেলাউটিবোৰ নিয়ম নমনা গৰু ম’হৰ দৰে ওলাই আহি গাটো তিয়াই পেলালে৷ তাই লাহেকৈ বিস্কুট টুকুৰাৰ

Read more
1 35 36 37 38 39 42