তাইৰ মাক – বৰ্ণালী ফুকন
ৰাতিপুৱা পাঁচ বজাৰ পৰা মাকে চিঞৰি গগণ ফালিছে “উঠ ঐ স্কুল নাযাৱ নে কি? কিমান যে শুৱে অ’।মই এই বুঢ়ীয়ে ৰাতিপুৱাতে উঠিলোঁ। উফ! এইজনী, উঠ বুজিছ গৈ এপাক ৰাস্তাটোতে খোজ কাঢ়। গাটো গাহৰীজনীৰ লেখিয়া হৈছেগৈ।” বাহিৰত প্ৰচণ্ড ঠাণ্ডা, মাকৰ চিঞৰৰ পৰা ৰক্ষা পাবলৈ তাই কম্বলখনেৰে মূৰটো ঢাকি ল’লে। মাকে বিৰামহীন ভাবে চিঞৰি গৈছে। ধাম ধামকৈ খিৰিকিবোৰ খুলি দিয়াৰ শব্দ হ’ল। “বোলো ঐ! শুনিছনে খিৰিকিকেইখন খুলি দিছোঁ বুজিছ হেৰৌ আনুলুম-বিলোমকে কৰচোন।” ঠাণ্ডা ফেৰফেৰিয়া বতাহ এজাক সোমাই আহিল। পুৱাই খঙটো উঠি আহিল
Read more