ফটাঢোল

খাৰখোৱা বুফে  – বিক্ৰমজিৎ কাকতি

‘বুফে’ পাৰ্টি বোৰ যেতিয়া ফ্ৰান্সৰ পৰা আহি আমাৰ এই বন্ধপ্ৰদেশ পালেহি তেতিয়াৰ পৰা তাৰ ৰেহৰূপ মানে গৌহাটীয়া লোকেল ভাষাত “থপৰা“ চেঞ্জ হৈ গল৷ অন্নপ্ৰাসন্নৰ পৰা মৃতকৰ ভোজলৈকে লাহে লাহে খাৰখোৱা buffetএ অধিকাৰ কৰিবলৈ আৰম্ভ কৰিলে৷ ইউৰোপত এই buffet পাৰ্টিত যিবোৰ খোৱা পৰিবেশন কৰা হৈছিল তাত এনে ধৰণৰ খাদ্য দিয়া হয় যিবোৰ খাবলৈ Knife ব্যৱহাৰ কৰিব লগা নহয় যাতে মানুহে সহজতে কাঁটা অথবা চামুছৰে খাব পাৰে৷ কিন্তু আমাৰ খাৰখোৱা buffetত কেতিয়াবা এনে খাদ্য পৰিবেশন কৰা হয় যত কাঁটা অথবা চামুচ বাদেই

Read more

টীপু পুৰাণ – নীলাক্ষী দেৱী ডেকা

আমাৰ টীপুৱে কিয় গাৰ্লফ্ৰেণ্ড নবনাই সেইটো আপোনালোকৰ জ্ঞানাৰ্থে জনাব বিচাৰোঁ যে তাৰ মাকৰ ৰাতিপুৱা দুটা ল’ৰাক স্কুললৈ সাজু কৰোতে হোৱা কষ্টখিনি টীপুৱে বুজে৷ তাৰে লগতে যদি টীপুৰ গাৰ্লফ্ৰেণ্ডকো স্কুলৰ বাবে পিন্ধাই উৰাই সাজু কৰিব লগা হয় মাকৰ কিমান বেছি কষ্ট হব তাকেই ভাবক৷ গতিকে টীপুৱে গাৰ্লফ্ৰেণ্ড নবনায়৷ কোনো ল’ৰা ফ্ৰেণ্ডো নবনাই কাৰণ সিহঁতে ধোখা দি দিব৷ এইখিনিলৈকে কথাবোৰ ঠিকেই আছিল৷ কিন্তু ময়ো টীপুৰ মাকহে৷ সকলো কথা হজম হলেও এই ধোখা দিয়াৰ কথাটো মোৰ মুঠেও হজম হোৱা নাই৷ গাৰ্লফ্ৰেণ্ড নবনাই বাৰু

Read more

তিতা -কেঁহা – হিমাংশু ভাগৱতী

চুন ৰহা হে না তু ৰো ৰহা হু মেই .. এখন দেশত লোহিত নদীয়াল বাস কৰিছিল । বাস কৰিছিল মানে ,খিলঞ্জীয়া নাগৰিক। লোহিত নদীয়ালৰ বয়স কিমান ভালকৈ কোনেও নাজানে, আচলতে কোনেও জানিব নিবিচাৰে । উৎসৱে পাৰ্বনে নহ’লে নহয় ধৰণৰ এক পৰম্পৰা হৈ গৈছে কাৰণেহে সেইবোৰ দিনত লোহিত নদীয়ালক সকলোৱে বিচৰাৰ দৰে কৰে , এনেয়ে ক’ত পৰি থাকে খবৰ নাই । খবৰ লবলৈ কাৰো আহৰি নাই , সকলো ব্যস্ত যে ; ইমান কাম থাকে সকলোৰে। এইবিলাক লৈ লোহিত নদীয়ালৰ কোনো আক্ষেপো

Read more

পেটকুলি – ধুৰ্জ্যতি কাকতি

এখন গাঁৱত বুঢ়া এটা আছিল ৷বুঢ়া আছিল মস্ত কুৰ্চুটিয়া আৰু পেটকুলি ৷ সদায় পৰৰ দুখত সুখী৷ ভাই ভাইৰ মাজত কাজিয়া লগোৱা, পতি পত্নীৰ মাজত কাজিয়া লগোৱা, সকলো সামাজিক কামত বাধা দিয়া,উন্নতিৰ কামত বাধা দিয়া, সৰু সুৰা কথাতে মানুহৰ ওপৰত কেচ দিয়া, বুঢ়াৰ সেইয়াই কাম ৷ তাতেই বুঢ়াৰ ফুৰ্ত্তি ৷ উপায় নেপাই গাঁৱৰ মানুহে বুঢ়াক একঘৰীয়া কৰিলে ৷লাহে লাহে বুঢ়াৰ বেমাৰ হ’ল ৷ কোনেও খবৰ নকৰিলে ৷ বুঢ়াই গম পালে এনেকে হলে নহ’ব ৷ মৰি পৰি থাকিব কোনেও গম নাপাব।গতিকে এদিন

Read more

এনেই যা তা -অমিতাভ মহন্ত

– দাদা, দাদা! ! – কি হ’ল? ? – মোক বচাওক দাদা৷ – এক মিনিট৷ আজি আমাক নতুন ইউনিফৰ্ম দিছে৷ আগতে চেলফী এখন মাৰি লওঁ৷ – দাদা, সেইবোৰ পিছত কৰিব৷ পলম কৰিলে মই মৰি যাম৷ – আগতে মোৰ হাতখন এৰক হে৷ হাতখন বন্ধ কৰি ৰাখিলে কেনেকৈ বচাম৷ – অহ, চ’ৰী চ’ৰী৷ দুখ পাইছে? – অলপ টানিছে৷ ষ্টিল ইট্ ইজ অ’কে৷ কওঁক এতিয়া৷ – মোক বচাওক প্লিজ৷ – চাওক এটা কথা আগতেই ক্লিয়াৰ কৰি দিওঁ৷ বচোৱা কামটো নৰমেলী পুলিচ আৰু ডাক্তৰৰ৷

Read more

আপদীয়া পদ্য – হেমেন ডেকা

১) প্রেৰণাদায়ক জনমভূমিৰ অতীত কাহিনী; বিদেশীৰ কৃপাত বাজে আজি বিষাদৰ ৰাগিনী। সুবিধাবাদীৰ ৰম্যভূমি চিৰ চেনেহী জননী; বৰঘৰতে অনুপ্রৱেশকাৰীৰ দপদপনি। শুনিছো শত ছহিদৰ মাতৃৰ কৰুণ বিননি; পুথিৰ পাততে জিলিকি ৰ’ল ৰসৰাজৰ বাণী। ২) “অভং” যুৱ-দম্পতীৰ প্রেমৰ গাড়ী, যুঁজৰ ধোঁৱাই পেলালে বেৰি। ৰাস্তাত দেখোন অৰিয়া-অৰি, ৰুদ্ধশ্বাস কণ্ঠ গ’ল ভাগৰি। গাঁতত সোমাই ভাঙিল ভৰি, গগন ফালে চিঞঁৰি চিঞঁৰি। বোকাত পৰি লুতুৰি-পুতুৰি, বেঙৰ দৰে থাকিল বাগৰি। ৩) ক্ষুধাৰ আস্তাবলত স্তব্ধ স্বদেশী ভাবনা; লয়হীন নিস্তেজ কণ্ঠত স্বাধিকাৰৰ বন্দনা। আপোন পাহৰা কৰ্মী বাহিনীৰ কথাৰ মৰণা; গড়

Read more

ফটাঢোল, ধিনিকি ধিন দাও- দিগন্ত কুমাৰ ভট্টাচাৰ্য্য

আৰৱ সাগৰৰ বীচ্চৰ ওপৰতে হোটেলখন। ঢৌৰ শব্দই এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত দুকাণত খুন্দা মাৰি যায়গৈ। সাধাৰণতে মই অলপ হে’ভী ব্ৰেকফাষ্ট কৰোঁ ফাইভ-ষ্টাৰ হোটেলত। আজি পিছে বেছি খাবলৈ মন নগ’ল। জাষ্ট এক প্লেট গ্ৰীলড্ মাছৰুম এণ্ড টোমেট’ লৈছোঁ ৱিথ চিকেন ছ’ছেজ। টেষ্টি আছিল। মেংগোৰ জু’ছটো ঠিক ঠাক লাগিল। ইমানো ভাল নহয়। যোৱাৰ পৰত ফীডবেক্ দি যাম। ইম্প্ৰ’ভমেন্টৰ প্ৰয়োজন আছে। কিন্তু মেনেজাৰজনে ফীডবেক ফ’ৰ্মখন ফিল আপ্ কৰি থাকোঁতে ‘ছাৰ, কিবা বেয়া পাইছে যদি মোকেই কওঁক, নিলিখিব প্লিজ’ বুলি যিটো দুখলগা চাৱনিৰে চায়,

Read more

 সংকটমোচন – ঈশান জ্যোতি বৰা 

মোৰ নাম টেনছন গগৈ৷ মই এজন সন্দেহবাদী, অন্ধবিশ্বাসী আৰু ভয়াতুৰ মানুহ৷ আপোনালোকে চাগে ভাবিছে, টেনছন গগৈনো বাৰু মানুহৰ নাম হ’ব পাৰেনে! হয়, নোৱাৰে৷ স্বয়ং ময়ো ক’ম, নোৱাৰে৷ আজিৰ পৰা কেইদশকমানৰ পূৰ্বে যিদিনা এই পৃথিৱীখনত মোৰ আৰ্ৱিভাৱ হৈছিল, সেইদিনা মোৰ নাম ৰখা হৈছিল শুভাশীষ৷ এটা সুন্দৰ নাম৷ পিছে যিজন মানুহৰ সিৰা, ধমনী, ৰক্তকণা, কোষ ক’তোৱেই অইন মানুহক শুভ আশীষ দিয়াৰ নাইবা আনৰ কল্যাণ সাধন কৰিব পৰাৰ কেপাচিটি নাই, তেনে এজন মানুহৰ ক্ষেত্ৰত এইটো সুন্দৰ নাম প্ৰযোজ্য হয় জানো! ঠিক যেনেকৈ ৰামৰ

Read more

পলিটিক্স – মনালিছা শইকীয়া

এই গল্প, উপন্যাস লিখা কামটো মোৰ দৰে মানুহৰ বাবে মুঠেই নহয়৷ কিবাকৈ সৰুতেই লিখা-মেলাৰ প্ৰতি হেঁপাহ এটাই জন্ম ল’লে৷ আচলতে মোৰ কথা সাজি কোৱা, মিছা কোৱা অভ্যাসটোৱেই কলমটোৰ সান্নিধ্যত ৰূপ দিবলৈ সহজ বুলি ভাবিলোঁ৷ সেয়ে লেখক হোৱাৰ বহুত হেঁপাহ৷ স্থানীয় মহিলা সমিতিৰ প্ৰাচীৰ পত্ৰিকাত দুটামান কবিতাও লিখিছোঁ৷ আৰু বৃহত্তৰ নাহৰণি ৰঙালী বিহু উদযাপন সমিতিৰ স্মৃতি গ্ৰন্থত “বিহুগীতত কপৌফুল “ বুলি প্ৰবন্ধ এটাও লিখিছো এইবাৰ৷ যি কি নহওক বেলেগ মানুহে লেখক বুলি নাভাবিলেও ঘৰৰ গৃহস্থৰ আগতেই অকণমান লেখক জাতীয় ভাও দিবলৈ

Read more

মেধি ঐ মেধি – অভিজিত মেধি

১) ঘটনাক্ৰমৰ আৰম্ভণি হৈছিল জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হোষ্টেলত ভৰি দিয়াৰ দিনাখনৰ পৰা৷ লগৰবোৰক হোষ্টেলত থ’বলৈ মাক-বাপেকৰ উপৰিও ভায়েক-ভনীয়েক, মামা-মামী, খুড়া-খুড়ী, ওচৰ চুবুৰীয়া হিল-দ’ল ভাঙি আহে৷ মোৰ ক্ষেত্ৰত কিন্তু পঢ়াকালত সদায় এই দিশত ব্যতিক্ৰম হৈয়ে থাকিল৷ ইঞ্জিনিয়াৰিং হোষ্টেলত থাকিবলৈ অকলেই গৈ ওলাইছিলোঁ, বুঢ়া আঁহতজোপাৰ ওচৰত কলেজ বাছখনৰ পৰা নামি এক নম্বৰ হোষ্টেল অভিমুখে সপ্ৰতিভ খোজেৰে আগবাঢ়িছোঁ৷ পিন্ধনত আট খোৱা জীন্স, হাত কোচাই লোৱা বগা চাৰ্টটোৰ ওপৰৰ দুটা বুটাম খোলা৷ হ’ল্ডাৰটো আৰু সৰু বেগ এটা বাওঁকান্ধত ওলমি আছে, সোঁহাতত স্ব-চালিত বন্দুকহেন

Read more
1 2 3 4 5 6 7