ফটাঢোল

কইনা চাবলৈ- দিগন্ত কুমাৰ ভট্টাচাৰ্য্য

-“কথা এটা শুনিলোঁ, ৰক্তৰ বিয়াখন নহ’বগৈ বোলে” ৰক্তবীজৰ আইতাকে ভৰি মালিচ কৰি থকা বাইগৰাকীক ক’লে। -“মইতু জানুৱেই, এইবাৰো নহ’বো বুলি। তাৰ মনেই নাই হান পাইছু। পিছে কিয়া নু? আপী পছন নহ’ল না কি দেখাত?” বাইৰ হাতৰ স্পীড কম হয়। বেছি স্পীডত মালিচ কৰিলে হাতখনৰ লগত গোটেই গাটো লৰে, কাণখনো কঁপে। কাণখন কঁপিলে আইতাকে সেহাই সেহাই কৰা ‘বিয়া কিয়া নু নহ’ল’ বৰ্ণনাৰ দুই-এটা প্ৰয়োজনীয় শব্দ কাণত নোসোমালে শুনাৰ মজাটো নাথাকিব। -“কিবা বোলে বেনামী চিঠি আহিছে ছোৱালীৰ কথা লগাই” -“চিঠি দিছি? কুনিনু?”

Read more

ৰূমমেট– মেঘালী দিহিঙীয়া

(১) সন্ধিয়া ৬ বাজি ৩০ মিনিট- -“ঐ, বিকাজীৰ ভুজিয়াখিনি আছেনে শেষ হ’ল?” -“আছে, কিয়?” -“চাহ একাপ খাওঁ” -“ৰ, মই বনাইছোঁ” -“অঁ বনাচোন, আদা দিবি হাঁ। স্পেচিয়েলকৈ বনা।” সন্ধিয়া ৭ বাজি ৫ মিনিট- -“উৱা, চাহ ক’ত? আধাঘণ্টা লগাইছ যে ৰঙাচাহকণ বনাওঁতেই?” -“অহ চ’ৰী চ’ৰী। একদম পাহৰি গৈছিলো। পত্ কে বনাই আনিছো ৰ, ৫ মিনিট।” ৰূমমেটে খৰখেদাকৈ চেণ্ডেল চোঁচৰাই কিটচেনলৈ যোৱাৰ শব্দ। কাণত ফোনটো। সিমূৰত ‘বি এফ’। (২) ৯ বাজি ১৫ মিনিট- -“মই ভাত আৰু দালি বহাই দিছো, তই ভাজিখন বনাবি হাঁ।

Read more

মণিকুন্তল (দ্বিতীয় খণ্ড)– গীতাশ্রী কলিতা

প্ৰথম খণ্ডত: পদুমনি গাঁৱৰ বৰা পোষ্টমাষ্টৰৰ বৰ জীয়ৰী মণি। সহজ সৰল মনৰ দীপলিপ গাভৰু মণি। গাঁৱৰে ল’ৰা কুন্তলৰ তাইলৈ মন। তাৰ গভীৰ দুচকুৰ চাৱনিত মণিয়ে প্ৰত্যক্ষ কৰিছে তাইৰ প্ৰতি অলেখ ভালপোৱা। লাহে লাহে মণিৰো মন গলিছে। আজিকালি দিনটোত এবাৰ হ’লেও তাক নেদেখিলে থাকিব নোৱাৰা হৈছে তাই। তাতে বহাগৰ বতৰ, কুন্তলক দিবলৈ বুলি মৰমৰ বিহুৱানখনো মনে মনে বৈ থৈছে মণিয়ে। আগৰ খণ্ডটো বিতংভাৱে তলৰ লিংকটোত পঢ়িব পাৰিব: মণিকুন্তল – গীতাশ্ৰী কলিতা ************************************************** এইকেইদিন ৰাতি বিহু মাৰাৰ চলেৰে দিনটোত এবাৰ হ’লেও তাক

Read more

আপদীয়া পদ্য – হেমেন ডেকা

(১) ঘূণপোকে খালে নেকি আগৰ মিলা-প্ৰীতি, সুদূৰ পৰাহত যেন শান্তি-সংহতি, সৰৱ মঞ্চৰ অভিনেতা, নীৰৱ চমঝদাৰ শ্ৰোতা, গেছত পকা কলৰ দৰে হ’ল ৰাজনীতি (২) দিনত সভা-সমিতিত উদাত্ত ভাষণ দি ফুৰে, ৰাতি হ’লে এটুপি ধৰি গিৰিহঁতনীক গালি পাৰে, দলৰ তেৰাই হৰ্তা-কৰ্তা, ৰাইজক দিয়ে প্রেছ বাৰ্তা, দেশৰ স্বাৰ্থত সাংগোপাংগে পথ অৱৰোধ কৰে। (৩) আবিৰ্ভাৱ হয় চিপৰাং পাৰ্টি, ত্ৰাণকৰ্ত্তা নেদেখি হেৰায় চুৰ্ত্তি, অহোৰাত্ৰি মহা ত্ৰাস, অৰ্থকৰী অৰ্থনাশ, কাণে-কাণ মাৰি গাদী ৰয় বৰ্ত্তি। (৪) উদক ৰাখো আমি ভেঁটা ৰখীয়া, বগলীক পাতো দলৰ বিষয়ববীয়া, লোভত মৰে

Read more

সদন – মূল: হৰিশংকৰ পাৰসাই (অনুবাদ: হিমাংশু ভাগৱতী)

দেশৰ সংসদত এদিন হাহাকাৰ লাগিল। সেই হাহাকাৰৰ ৰাজনৈতিক কোনো কাৰণ নাছিল, কাৰণ আছিল এটা বৰ ৰসাল ঘটনা। এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ অকস্মাৎ চুলি খুৰোৱাক লৈ লাগিছিল হাহাকাৰটো। কালিলৈকে মন্ত্ৰীজনৰ মূৰটো জপৰা চুলিৰে ভৰি আছিল, ৰাতিৰ ভিতৰতে চুলি নোহোৱা কেনেকৈ হ’ল? সকলোৱে কথাটো আলোচনা কৰিবলৈ ল’লে। বিভিন্ন অনুমান কৰিবলৈ ধৰিলে। কোনোবাই ক’লে- মূৰত ওকণি হৈছিল কিজানি, আন কোনোবাই আকৌ ক’লে- মগজুত বিচাৰ বুদ্ধি ভৰাবলৈ বোধহয় চুলিৰ আৱৰণখন গুছাই ল’লে, আকৌ কোনোবাই ক’লে- পৰিয়ালৰ কোনোবা ঢুকালে বোধহয়। কিন্তু মন্ত্ৰীক আগৰ দৰে প্ৰসন্ন ভাবতে

Read more

অপমৃত্যু– দেৱ প্ৰতীম হাজৰিকা

নাজানো মোক দেখি সৰু ছোৱালীজনীয়ে কিয় চিঞৰে। উচপ খাই উঠিলো মই। মোক দেখি চিঞৰাৰ কিবা কাৰণ আছে বুলি নাভাবো। আগতেও চিঞৰিছে তাই। তাইৰ চিঞৰ শুনি একেকোবে সেই ঠাই পৰিত্যাগ কৰিলো। ল’ৰা এটা অহা দেখিছিলোৱেই। মোক দেখাহেঁতেন কিজানি কথা বিষম হ’লহেঁতেন। নাজানো কিয় চিঞৰে…দেখাতো ইমান বেয়া নহয় মই। বিয়া পতাৰ আগতে মোৰ পিছত মাইকী এসোপাৰ লাইন লাগিছিল। বিয়া পতাৰ পিছতহে অলপ বুঢ়া যেন হৈছো বাৰু, কিন্তু সেইবুলি মোক দেখি চিঞৰাৰ কোনো কাৰণ নাই। লাহে লাহে ঘৰ সোমালোহি মই। ঘৈণী বহি আছিল

Read more

কপাল – প্ৰতিভূ দত্ত

ডেকা ল’ৰা তেতিয়া ইঞ্জিনিয়াৰিঙৰ ফাইনেল ইয়েৰৰ ছাত্ৰ। এদিন দুপৰীয়া চুচুক চামাককৈ সুবৃহৎ লনখন পাৰ হৈ প্ৰকাণ্ড বঙলাটোৰ পৰ্টিকত উপস্থিত হ’ল। হাভানা ছীগাৰ হুপি, লণ্ডনৰ হেৰডছৰ পৰা কিনি অনা হাউচ কোট পিন্ধি থকা মিষ্টাৰ চলিহাই নিজৰ সোনালী ফ্ৰেমৰ চচমাজোৰ ঠিক কৰি লৈ ডেকা ল’ৰাক ভালকৈ তলৰ পৰা ওপৰলৈ কেইবাবাৰো চাই বেছ নাটকীয় ভংগীত সুধিলে, -“কি লাগে ?” মিষ্টাৰ চলিহা যে চাহ বাগানৰ মালিক আপোনালোকে বোধহয় অনুমান কৰিব পাৰিছে। -“মানে মই আৰু মনালিছা একে…” ডেকা ল’ৰাৰ কথাত আধাতে বাধা দি মিষ্টাৰ চলিহা

Read more

দেহাজানৰ প্ৰেমকাহিনী– দ্বিজেন তামুলী

জান: তুমি মোক কিমান ভাল পোৱা দেহা? দেহা: সৌ আকাশত যিমান তৰা আছে, সাগৰত যিমান পানী থাকে….!! তুমিনো মোক কিমান ভাল পোৱা জান? জান: সৌ গছ জোপাত যিমান পাত আছে..(কেকটাছ এজোপালৈ আঙুলিয়াই) তোমাৰ মূৰত যিমান ওকণি আছে…(আবেগতে দেহাই বুজিয়েই পোৱা নাই) দেহা: এফাকি গান শুনাবা জান? জান: অঁ ৰ’বা তোমাক লৈ এটা বঢ়িয়া গান লিখিছো ৰ’বা দেহা: গোৱানা… জান: শুনা তেন্তে হিন্দী গীতৰ সুৰত ৰূপ তোমাৰ ফাফৰে ধৰা প্ৰেম আমাৰ মামৰে ধৰা হৈ যাব পাৰে চেপতিক আমাৰে এ এ তেৰেন

Read more

দা মেট্ৰিক্স– অভিজিত কলিতা

-“চেহ! দহ বাজিবৰ হ’ল দেখোন” নৰহৰি কলিতাই চকু মেলিয়ে ঘড়ীটোৰ ফালে চালে৷ কালি ৰাতি শুবলৈ যাওঁতে বহুত পলম হ’লগৈ৷ স্বাধীন কলিতা ৰাজ্যৰ প্ৰথম মুখ্যমন্ত্ৰী হিচাপে কালি তেখেতে শপত গ্ৰহণ কৰিছেহে- লগে লগে ইমান কাম আহি পৰিব বুলি তেওঁ ভবাই নাছিল৷ যি কি নহওক, কামবোৰ সুকলমে হৈ যাব যেন লাগিছে৷ এক ধৰণৰ প্ৰশান্তিও অনুভৱ কৰিলে কলিতাই৷ এতিয়া বিশেষ কাম নাই হাতত; চাহৰ কাপটো হাতত লৈ, বাৰাণ্ডাত বহি তেখেতে চুবুৰীয়া গগৈৰ ঘৰৰ ফালে এবাৰ চালে৷ মুখ্যমন্ত্ৰীৰ বাসভৱনৰ কাম সম্পূৰ্ণ হোৱালৈকে কলিতাই নিজৰ

Read more
1 2 3 4 5 6 7