ফটাঢোল

সম্পাদকীয় – বিকাশ শইকীয়া

সুখ-দুখৰ জীৱনত নাথাকে যদি দুখ.. ক’ত জিৰাবহি সুখৰ চৰাই… দুখেও যে বিচাৰে সুখৰ আলয়…!! এমুঠি হাঁহি বিচাৰি পায়৷৷ সঁচাকৈ, বিশ্বত চিহ্নিত প্ৰতিটো জীৱৰ জীৱন সংগ্ৰামত ছাঁটোৰ দৰে দুখ কষ্টবোৰ লাগি থাকে। তাৰেই মাজত লুকাই থাকে ভালপোৱা আৰু সুখৰ অনুভৱ। আমি জীৱনৰ প্ৰতিটো কাম কৰো ভাল হ’বৰ বাবে, অকণমান সুখ অনুভৱ কৰিবৰ বাবে। চোৰেও চুৰ কৰে সুখ পাবৰ বাবে। হয়তো দুখেও বিচাৰি থাকে সুখ। কিন্তু ক’ত থাকে সেই সুখ? কোনো মন্দিৰ, মছজিদ, গীৰ্জা কিম্বা গুৰুদ্বাৰত বিচাৰি নোপোৱা সুখকণ আমি বিচাৰি পাওঁ

Read more

বৌদ্ধিক ধদুৱা- মৃদুল কুমাৰ শৰ্মা

শৰ্মানীঃ হেৰা শুনিছানে? শৰ্মাঃ কোৱা ডাৰ্লিং৷ আজি ইমান মিঠা মাত দিছা যে কেচটো কি? শৰ্মানীঃ মোৰ মাত মিঠাই, তুমিহে তিতা শুনা হ’লা আজিকালি৷ পুৰণি হ’লে সোৱাদ কমি যায় ন’? শৰ্মাঃ তুমি যিহে কেটেৰা জেঙেৰা মাৰি থাকা আজিকালি মিঠা মাতষাৰ শুনিবলৈকো নোপোৱা হ’লো৷ শৰ্মানীঃ হেৰা, শুনানা৷ ওলোৱা সোনকালে৷ শৰ্মাঃ কলৈ যাবানো? আজি কাৰোবাৰ বাৰ্থডে আছে নেকি? শৰ্মানীঃ উৱা, পাহৰিলা৷ আজি ধনতেৰচ নহয় জানো? ব’লা আক’ মাণিকচান্দৰ পৰা আহো৷ আজি কিবা সোণৰ বস্তু কিনিব লাগে নহয়৷ শৰ্মাঃ চু…..প চুপে চাপে কোৱা, বেৰৰো

Read more

সাক্ষাৎকাৰ – অনুৰাধা শৰ্মা পূজাৰী

অনুৰাধা শৰ্মা পূজাৰী বৰ্তমান অসমীয়া সাহিত্যৰ পৰিচিত নাম। ১৯৯৮ চনত “হৃদয় এক বিজ্ঞাপন” নামৰ প্ৰথমখন উপন্যাস লিখি পাঠকৰ সমাজত সমাদৰ লাভ কৰা বাইদেৱে বৰ্তমান “সাদিন” কাকত আৰু “সাতসৰী” আলোচনীৰ সম্পাদনা কৰি আছে। তেখেতৰ কিতাপ নপঢ়া পাঠক হয়তো অসমত নোলাবই। মেৰেং, চাহেবপুৰৰ বৰষুণ, কাঞ্চন, সোণ হৰিণৰ চেকুঁৰ, ডায়েৰী আদি তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ। তেখেতৰ শুভাশীষ বিচাৰি আমি ফটাঢোলৰ তৰফৰ পৰা এটি সাক্ষাৎকাৰ লোৱাৰ মনস্থ কৰিছিলোঁ। অশেষ ব্যস্ততাৰ মাজতে তেখেতে আমাক সময় দিয়ে। অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ লগত হোৱা টেলিফোনিক বাৰ্তালাপৰ সম্পাদিত ৰূপ

Read more

মিয়াও! – জ্যোতিৰূপম দত্ত

: কি কোৱাহে? ইমান দাম? মোৰ মাতটো একেবাৰে সিংহৰ দৰে হৈ ওলাল৷ বুকুখন ছাপন্ন ইঞ্চিলৈ নহলেও তাৰ অলপ ওচৰলৈকে ফুলাই ললো৷ : বাবু, কি কম? দাম বহু বাঢ়িছে৷ কিনা দামতেই দিছো৷ লৈ যাওক৷ কিবা এটা কমাই দিব৷ কি যে হ’ব! আজি বহুদিনৰ মুৰত মাছৰ বজাৰলৈ আহিছো৷ এইহেন প্ৰকাণ্ড চহৰখনত আমাৰ দৰে কোনোমতে লেলাই ধেন্দাই চলি থকা মানুহবোৰৰ ভাতৰ পাতত মাছ এটুকুৰা দেখিবলৈ ভাগ্য লাগিব৷ ভাল ভাল ডাঙৰ মাছবোৰৰ ওচৰলৈকে যাব নোৱাৰি৷ দামো একেবাৰে জুই-চাই৷ কেতিয়াবা ডাঙৰ মাছ এচকলৰ বাবে দৰদাম

Read more

ভোলাৰামৰ আত্মা – মূল: হৰিশংকৰ পৰসাই – অনুবাদঃ হিমাংশু ভাগৱতী

ধৰ্মৰাজে লাখ লাখ বছৰ ধৰি অসংখ্য লোকক কৰ্মৰ আধাৰত স্বৰ্গ অথবা নৰক ’এলট’ কৰি আহি আছিল৷ এনেকুৱা ঘটনা কিন্তু আগতে কেতিয়াও হোৱা নাছিল৷ চিত্ৰগুপ্তই সমুখত বাৰে বাৰে চশমাযোৰ মচি, বাৰে বাৰে আঙুলিত থু লগাই পাত লুটিয়াই ৰেজিষ্টাৰৰ পিচত ৰেজিষ্টাৰ লুটিয়াই তল-উপৰ কৰি বিচাৰি আছিল৷ ক’ত ভুল হৈছে তথাপি ধৰিব পৰা নাছিল৷ অৱশেষত চিত্ৰগুপ্তই খঙতে চিঞৰি ইমান জোৰে ৰেজিষ্টাৰ বন্ধ কৰি দিলে যে মাখি এটা ৰেজিষ্টাৰৰ মাজত চেটেপ হৈ গ’ল৷ মাখিটো উলিয়াই চিত্ৰগুপ্তই ক’লে, “মহাৰাজ, ৰেকৰ্ডত সকলো ঠিকে আছে৷ ভোলাৰামৰ জীৱটোৱে

Read more

অসমৰ নাৰীৰ মেদবহুলতা – জয়ন্ত শৰ্মা

অসমৰ নাৰী, মেদবহুলতা আৰু ইয়াৰ কাৰণ সম্পৰ্কে অসম স্বাস্থ্য সংস্থা (AHO)ই আজি এখন প্ৰতিবেদন প্ৰকাশ কৰে৷ প্ৰতিবেদনখনত উল্লেখ কৰা সমীক্ষা মতে দৰং, কামৰূপ, যোৰহাট, ডিব্ৰুগড়, শিৱসাগৰ আদি কেইখনমান জিলাত ত্ৰিশোৰ্দ্ধৰ মহিলাসকলৰ হঠাতে বাঢ়ি অহা মেদৰ বাবে আন আন কেইবাটাও কাৰণৰ লগতে স্মাৰ্টফোনৰ অতিৰিক্ত ব্যৱহাৰো এটা কাৰণ হিচাপে প্ৰকাশ কৰিছে৷ প্ৰতিবেদন মতে অসমত প্ৰায় ৩৪% স্নাতক উত্তীৰ্ণ গৃহিণীয়ে ফেচবুক ব্যৱহাৰ কৰে৷ ৰিম’ট টিভি আৰম্ভ হোৱাৰপৰাই এই মেদবহুলতা সমস্যাটোৰ আৰম্ভণি হৈ এতিয়া ফেচবুক হোৱাটছএপত মধ্যবিত্ত ঘৰৰ গৃহিণীসকল ব্যস্ত থকাৰ ফলত মেদবহুলতাৰ সমস্যাটোৱে

Read more

নাৰী – মূল: হৰিশংকৰ পৰচ্ছাই ভাবানুবাদঃ পৰিস্মীতা গগৈ

ৱাৰ্ডটোলৈ এজন নতুন ডাক্তৰ আহিছে৷ যুৱক৷ বয়স ত্ৰিছতকৈ বেছি নহ’ব৷ স্বাস্থ্যৱান৷ গাৰ ৰং মিঠা বৰণতকৈ কিঞ্চিত বগা, দেখনিয়াৰ নহয়, কুৎসিত বুলিবও নোৱাৰি৷ কিন্তু আকৰ্ষণীয়ও নহয়৷ তেওঁ আহে৷ আমাক ৰোগীবোৰক চায়৷ নাহাঁ‌হে, কেৱল মুখখন কোঁ‌চাই থাকে৷ আমাৰ কথাবোৰ মনোযোগ দি নুশুনে৷ নিজেও একো নকয়৷ এজনক পৰীক্ষা কৰি আন এজনৰ ঔষধ লিখি থৈ যায়৷ ডিউটিৰ সময় আঠ বজাত৷ তেওঁ আহে ন বজাত৷ কাম তেওঁৰ বাবে বৰ বিৰক্তিকৰ বস্তু৷ তেওঁৰ মুখমণ্ডলত অনবৰতে বিৰক্তিয়ে বাহৰ পাতি থাকে৷ উৎসাহ, উদ্দিপনা এইবোৰ চিনিয়ে নাপায়৷ আমাক গালি

Read more

গাধক মানুহ কৰাৰ কাহিনী – মূল:- মোল্লা নাছিৰুদ্দিন- অনুবাদ: পূৰৱী কটকী

এখন গাঁৱত এজন চিকিৎসক আছিল। তেওঁ নিজৰ লগত এজন মানুহ ৰাখিছিল। এদিন তেওঁ গাঁৱৰ পৰা প্ৰস্থান কৰিবৰ সময়ত লগত থকা মানুহজনক কিবা কথাত ধমক লগাই ক’লে, “আৰে তই নাজান, তই প্ৰথমতে কেনেকুৱা আছিলি? তইতো গাধ আছিলি। মই তোক গাধৰ পৰা মানুহ কৰিলো। মই তোৰ ইমান উপকাৰ কৰিলো তথাপিতো তই মোৰ কথা নুশুন!” তেওঁলোকৰ ওচৰেদি তেতিয়া গাধৰ মালিক এজন পাৰ হৈ গৈছিল। তেওঁ কথাখিনি শুনি যি বুজিলে তাৰ সাৰৰ্মম এনেধৰণৰ যে, “চিকিৎসকজনে গাধক মানুহ কৰে।” তেওঁ চিকিৎসকজনৰ ওচৰলৈ গৈ কলে, “প্ৰভু!

Read more

ইলিছীয় – ভাস্কৰ জ্যোতি বৰুৱা

কেইদিনৰনো আগৰ কথা, ছয় মাইলৰ বজাৰত ইলিছ মাছৰ দাম শুনি চিটিকি উফৰি আহোঁতে ভৰিত কচকা খোৱা? সেইখন বজাৰতে এতিয়া বেপাৰীয়ে মোলায়েমকৈ মাতিছে – : অ’ দাদা, লৈ যাওক, তিনচ’কে দিব। জিভাৰ বহুদিনৰ অপূৰ্ণ বাসনা পূৰণ কৰাৰ হাবিয়াসে মোক চোঁচৰাই লৈ গৈছে মাছ বেপাৰীৰ ওচৰলৈ। কিন্তু কিনিবলৈ সাহস গোটাব পৰা নাই। ৰন্ধাৰ শেষত যদি ফেচবুকতেই নিদিওঁ, তেনে মাছ খাই কি সোৱাদ পামনো? লাইক-কমেণ্টতেইতো আচল টেষ্ট। অৱশ্যে কোনেও মোক ইলিছ কিনিবলৈ বাধা দিয়া নাই। কিন্তু সন্ধিয়া ৮ ৰ টিভিত আলোচনা আৰু ফেচবুক

Read more

পোষ্ট অফিচ – পাৰ্থ প্ৰতীম শৰ্মা

একক অভিনয়টো কৰি নামি আহিছো মঞ্চৰপৰা৷ দুই এজনে ক’ব ধৰিছে, “মজা ভাই, তামাম৷ ফালি দিছ। ধুনীয়া কনচেপ্ট আছিল দেই।” মোৰ মনটো ভাল লাগি আহে৷ এয়াইটো লাগে৷ ৰাইজৰ মৰম, ভাললগাবোৰ৷ আৰুনো কি লাগে জীৱনত! পিচে মঞ্চত চিঞৰি চিঞৰি ভাগৰ লাগিছে৷ অলপ বহি ল’ব পৰাহেঁতেন! ঠিক সেই মুহূৰ্ততে কাষৰ চকীখনত বহি থকা ছোৱালীজনী উঠি গ’ল৷ মই লগে লগে তাত বহিলো৷ “দাদা পানী খাব?” “অহ দিয়াহে, বৰ উপকাৰ কৰা হ’ব।” “আপোনাৰ অভিনয়টো বৰ ভাল লাগিল দেই।” “বহুত বহুত ধন্যবাদ দেই৷ পানীখিনিৰ বাবেও, আৰু

Read more
1 2 3 4 5 6 7