ফটাঢোল

চেলুলইডত হাস্য-ব্যংগঃ চাৰ্লি চেপলীন, ‘দি গ্ৰেট ডিক্টেটৰ’ ইত্যাদি – গীতিকা শইকীয়া

হাঁহিয়ে জীৱন সহজ কৰে। হাঁহিয়ে আয়ুস বঢ়ায়। জনজীৱনৰ বিৱৰ্তনৰ বিভিন্ন ক্ষেত্ৰত হাঁহি এক অপৰিহাৰ্য অংগ হৈ আহিছে। সাহিত্য-সংস্কৃতি সকলোতেই হাঁহিৰ ভৰপূৰ প্ৰয়োগ-প্ৰসাৰ ঘটি আহিছে। এই হাঁহি তথা হাস্য-ব্যংগক মনোৰঞ্জনৰ এক অন্যতম আহিলা চলচ্চিত্ৰত কিদৰে সংপৃক্ত কৰা হ’ল অথবা হৈ আহিছে তাৰ এক সম্যক আলোচনা কৰিবলৈ চেষ্টা কৰা হৈছে। যিহেতু ইউৰোপ আৰু আমেৰিকা মূলতে হলিউডতেই চিনেমাৰ ইতিহাস আৰম্ভ হৈছিল সেয়ে তাৰপৰাই চিনেমা তথা হাস্য-ব্যংগ চিনেমাৰ ক্ৰমবিকাশৰ আলোচনা কৰি লাহে লাহে বলিউড তথা ভাৰতৰ আঞ্চলিক ছবি আৰু শেষত অসমীয়া চিনেমাত হাস্য-ব্যংগৰ ওপৰত

Read more

নিচুকনি পুৰস্কাৰ – অংশুমান শইকীয়া

” অ’ দাদা টিকেট দুটামান লওক না। লক্ষ্মী পূজাৰ দিনাই খেলাম। ” – চিনাকি পোৱালি কেইটামানৰ কাতৰ অনুৰোধ। “হেই মই লটাৰীত আজিলৈকে একো পায় পোৱাই নাই। “ “নাই দাদা এইবাৰ পাবই।” “কিমান দাম টিকেটৰ?” “মাত্ৰ ১০ টকা আৰু বাম্পাৰ প্ৰাইজ এটা তেলাল পাতিহাঁহ। আপোনাৰ নামত দহটা টিকেট ৰাখিম দেই ” “হ’ব আৰু দে । এনেওতো একো নাপাওঁয়েই তথাপি কিবা পালে খবৰটো দিবি আক’।” মনিবেগৰ পৰা খম্খমীয়া এশ টকাৰ নোট এখন আগবঢ়াই দিলো। “দাদা পূজা বুলি একো নুখুৱাই নেকি?” ৰূপ একুৰি

Read more

ফটাপ্ৰেম – পৰী পাৰবীন

প্ৰেমকাহিনী নাম্বাৰ ১: কলেজলৈ গৈছো আৰু । এহ! নহয় হে , তাৰো অকণ আগৰ পৰা কওঁ । স্কুলত পঢ়ি থকা দিনৰ কথাৰে আৰম্ভ কৰো দেই। তেতিয়াই তামাম প্ৰেম মোৰ । সমানে সমানে পঢ়াতো চিৰিয়াচ মই । কিতাপৰ তলত বিস্ময় লুকুৱাই লৈ ৰঞ্জিৎ চাৰিংগীয়া, প্ৰশান্ত কুমাৰ দাস , জীমণি চৌধুৰীৰ গল্প পঢ়ো । ডায়েৰীত প্ৰেমৰ কবিতা লিখোঁ । গান লিখোঁ । হিটলাৰ দাদাই পাব বুলি খিৰিকীৰে গান লিখা কাগজৰ টুকুৰাবোৰ পেলাই দিওঁ । টুকুৰাবোৰ উৰি গৈ কাষৰ ঘৰত পৰেগৈ । কাষৰ

Read more

বিবাহিত বৰলা – ৰূপাংকৰ চৌধুৰী

ৰাতিপুৱা শুই উঠি দাত ঘঁহি থাকোতেই মোবাইলত এটা বাৰ্তা আহিল। পংকজ দাৰ। পংকজ বৰদলৈ।বিশ্ববিদ্যালয়ৰ আমাৰ আবাসৰ প্ৰাক্তন আবাসী।যোৱাবাৰ ‘সতীৰ্থ সন্মিলন’ত চিনাকী হোৱা। আবাস এৰা মোৰেই সাত বছৰ হৈ গ’ল। তেখেতে মোতকৈ ২০বছৰ আগতেই মই থকা আবাসৰ আবাসী আছিল।খুব ৰঙীন মেজাজৰ মানুহ। বয়সত বহুত ডাঙৰ যদিও দাদা ‘ বুলিয়েই মাতোঁ। মেছেজটো পঢ়ি চালোঁ- ‘বহুত মিছ্ কৰিলা তুমি। যোৱা কালি খুউৱ ফূৰ্তি কৰিলোঁ।’ ফূৰ্তিৰ কথা শুনি ততাতয়াকৈ পংকজ দাক ফোন কৰিলোঁ। “কি ফূৰ্তি কৰিলে হে পংকজ দা?” “এহ নক’বা। যোৱা ৰাতি ৰাম,

Read more

প্ৰেৰণাৰ উৎস,মূলঃ গিৰীশ পংকজ – ভাবানুবাদঃহিমাংশু ভাগৱতী

চাকৰিৰ পৰা নিলম্বিত চাৰিজন মহাপুৰুষে মূৰে কপালে হাত দি গম্ভীৰ চিন্তাত মগ্ন হৈ বহি আছিল। অলপ পিছত আটায়ে হঠাৎ প্ৰাণায়ম কৰিবলৈ আৰম্ভ কৰি দিলে। এজনৰ মুখেৰে পুৰণা হিন্দী চিনেমাৰ দৰ্দভৰা গান ওলাল। আন এজনে আকৌ মন শান্ত কৰিবলৈ অনুলোম বিলোম আৰম্ভ কৰিলে। তৃতীয়জন কপাল ভাতিত আৰু চতুৰ্থজনে ভ্ৰামৰিত ব্যস্ত হৈ গ’ল। দৰাচলতে হৰিদ্বাৰৰ পৰা অহা সাধু এজনে চাৰিওকে পৰামৰ্শ দিছিল- “নিজৰ আত্মাৰ শান্তিৰ কাৰণে তোমালোকে প্ৰাণায়ম আৰম্ভ কৰা। ইয়ে তোমালোকৰ নিলম্বিত হোৱাৰ দুখ কিছু পাতল কৰাত সহায় কৰিব।” কিছুদেৰি মূৰটো

Read more

আপদীয়া পদ্য – ধৰ্মজ্যোতি ভট্টাচাৰ্য

১) ফেচবুকত প্ৰেম চলোৱাটো নহয় সহজ কাম আপীবোৰে ডেইলী সলায় ফটো আৰু নাম ৰিকুৱেষ্ট পঠাব ব্লক মাৰিব উৰহৰ খং ভগা ঢাৰিত জাৰিব সেনেহেন প্ৰেম কৰিব নোৱাৰি ঐ ৰাম ৰাম।। ২) ফেচবুকত কবিতাৰে লগালোঁ তালফাল ইনবক্সত গাভৰুবোৰে সোধা হ’ল হালচাল তাৰে এজনী গাভৰু সুন্দৰী কৰিম বুলি জীৱন লগৰী প্ৰপ’জ মাৰোঁতেই বেচাৰী হ’ল চোন অন্তৰ্ধান।। ৩) তেতিয়া আছিল চন দুহেজাৰ বাৰ মনত উৰিছিল প্ৰেমৰ প্ৰতীক পাৰ এগৰাকী বন্ধুৱে ক’লে ফেচবুকত শৰণ ল’লে সুন্দৰেষ্ট আপী পাবি কি শুৱনি তোৰ মাৰ? ৪) আধুনিক যুগৰ

Read more

মেম'ইৰ অৱ এ হাণ্টাৰ – যাজ্ঞ বল্ক্য

আহক! আহক! বহক! নাই ব্যস্ত নহয়। আপোনালোকে ইণ্টাৰভিউ ল’বলৈ আহিব বুলি খবৰ পাই আজৰি হৈয়ে আছিলোঁ। ময়ুৰী বুলি এজনীক গুড মর্ণিং মেচেজ এটা দিওঁ বুলি লৈহে দেখিলো, “য়ু কেন নট ৰিপ্লাই টু ডিচ কনভার্চেচন” জিলিকি আছে। তাৰমানে ব্লক কৰিলে মৰতীয়ে। কালি ৰাতি তাইক মোৰ লিখনি দুটামান বুজাই আছিলোহে। বহুদিনৰ পৰা তাইক চান্দি আছিলোঁ। বৈদ্য ধুনীয়া আছিল। চেহ! নাই তাই ব্লক কৰিলে বুলি ইমান বেয়া লগা নাই। লিষ্টত ঢেৰ ময়ুৰীৰ নিচিনা ছোৱালী এড কৰি থৈছোঁ। “ময়ুৰী নহী তৌ কয়ী ঔৰ চহি।”

Read more

ছাতিয়ে ফালি পেলোৱা প্ৰেম বোৰ – অসীমা দত্ত শইকীয়া

তেতিয়া কলেজলৈ নতুনকৈ গৈছো। ঘৰৰ পৰা সাত কি:মি: দূৰত কলেজ। যাওঁ সেই ট্ৰাক খন চলাই মানে হিৰ’ চাইকেল খন লৈ।মৰ গৰমত মুখত সনা ফেয়াৰ লভলীয়েও ককাক আইতাকৰ বিয়া দেখি যায়গৈ।কলেজ পোৱালৈ মুখৰ যিটো ৰঙ ধৰেগৈ গৰুৱে মূতিলে তাতকৈ ভাল ৰঙ ওলাই। তাতে দুটা হাতে ধৰিও চাইকেলে তাইকেলে চাৰি আলিৰ মুখতে বহা মুচীৰ গাত তিনি লুটী খাই পৰো। গতিকে ভাবকছোন এটা হাতে ছাতি ধৰি চাইকেল চলালে ক’ত নপৰিম। গতিকে চৌ-ফলীয়া ৰ’দ মুখত লৈ সেইখন চাইকেলৰ সৈতে মুখৰ সেই ৰঙত কলেজৰ কোন

Read more

কৌতুক – হিমাংশু ৰাজখোৱা

ৰাজখোৱাৰ বিয়া। কাপোৰ-গহনা, মিঠাই, মাছ, মাংস ভাগে ভাগে বস্তুৰ লিষ্ট বনাইছে। বেলেগ বেলেগ বিভাগৰ সুকীয়া সুকীয়া মানুহে বনাই দিয়া লিষ্ট অনুসৰি সংশ্লিষ্ট বিভাগৰ বিশেষজ্ঞ সকলক বজাৰলৈ পঠিওৱা হৈছে। সেইমতে বস্তু আহি ঘৰ ভৰি পৰিছে। যথাসময়ত ৰান্ধনিয়ে দিয়া পাচলিৰ লিষ্ট লৈ ৰসেশ্বৰ মামাই পাচলি বজাৰ ঘূৰি ঘূৰি বস্তু লৈ ঘৰ পালেহি। অনান্য পাচলিৰ লগতে চাৰিটা ফিটফিটিয়া বস্তা দেখি ৰভতলিত থকা আটায়ে সুধিলে- :: “এইকেইটাত কি আছে? ” দীঘলকৈ উশাহ এটা লৈ মামাই পকেটৰ পৰা পাচলি বজাৰৰ লিষ্টখন উলিয়াই ক’লে- ” 20

Read more

বেডLuck – অসীম বৰা

সন্ধিয়া মটৰচাইকেলখন লৈ ওলাই আহি তিনিআলিটো পাৰ হৈছোহে মাত্ৰ, এনেতে কোনোবাই পাছফালৰ পৰা মতাৰ দৰে শুনি ব্ৰেক ধৰিলো৷ ভূৰুক-ভুক ষ্টাৰ্ট বন্ধ৷ ঘূৰি চাই দেখিলো, “কুবুদ্ধিৰ ভড়াল” জয়ন্ত৷ ওচৰ পায়েই মটৰ চাইকেলৰ পিছ ছিটত বহি ক’লে – ‘ব’ল স্কুলৰ কাষৰ পুললৈ ব’ল৷’ কনৰ দোকানৰ পৰা হাফ এটা আনিছোঁ, জোনহঁত তাতে ৰৈ আছে, জৰুৰী কথা এটা আছে৷ : ব’ল তেন্তে৷ এইবুলি কৈ বাইকত কিক মাৰিলো, চাৰিবাৰমান কিক মৰাৰ পাছত বাইক ষ্টাৰ্ট হ’ল৷ পুলৰ কাষ পাই দেখিলো জোন, অভি, ভাই, ধন গোটেই কেইটা

Read more
1 2 3 4 5 6 9