ফটাঢোল

তাইৰ মাক – বৰ্ণালী ফুকন

ৰাতিপুৱা পাঁচ বজাৰ পৰা মাকে চিঞৰি গগণ ফালিছে “উঠ ঐ স্কুল নাযাৱ নে কি? কিমান যে শুৱে অ’।মই এই বুঢ়ীয়ে ৰাতিপুৱাতে উঠিলোঁ‌। উফ! এইজনী, উঠ বুজিছ গৈ এপাক ৰাস্তাটোতে খোজ কাঢ়। গাটো গাহৰীজনীৰ লেখিয়া হৈছেগৈ।” বাহিৰত প্ৰচণ্ড ঠাণ্ডা, মাকৰ চিঞৰৰ পৰা ৰক্ষা পাবলৈ তাই কম্বলখনেৰে মূৰটো ঢাকি ল’লে। মাকে বিৰামহীন ভাবে চিঞৰি গৈছে। ধাম ধামকৈ খিৰিকিবোৰ খুলি দিয়াৰ শব্দ হ’ল। “বোলো ঐ! শুনিছনে খিৰিকিকেইখন খুলি দিছোঁ‌ বুজিছ হেৰৌ আনুলুম-বিলোমকে কৰচোন।” ঠাণ্ডা ফেৰফেৰিয়া বতাহ এজাক সোমাই আহিল। পুৱাই খঙটো উঠি আহিল

Read more

এক আছিল বুঢ়া-বুঢ়ী – মাধুৰিমা ঘৰফলীয়া

পুৱাৰ নিয়ৰবোৰ তেতিয়া এটুপ দুটুপকৈ পৰি আছিল। বাৰীৰ ঢাপত থকা বাঁহৰ বেৰাকেইখনত বহি শালিকীকেইজনীমানে পাখীবোৰ ফুলাই জুপুকা মাৰিবহি আছিল। ঠাণ্ডাই সিহঁতৰ মাতৰো তীক্ষ্ণতা কমাই আনিলে। ঘৰৰ মানুহবোৰ তেতিয়াও কম্বলৰ উমৰ মাজতে মাত্ৰ শইকীয়াহে হোলাং এডাল লৈ শাকনিবাৰীৰ লাই-কবিৰ গুৰি খুচৰি আছে। -উহ কি যে ঠাণ্ডা অ’ কস্মিনকালে এনেকুৱা ঠাণ্ডা পৰা নাছিল দেই। শাকনিবাৰীৰ গাতে লাগি থকা কাপোৰ মেলা ডাংডালত কাপোৰ মেলিবলৈ আহি শইকীয়ানীয়ে ভোৰভোৰাই উঠিল। -হেৰা তোমাৰ এই কস্মিনকালে নেদেখা ঠাণ্ডাটো যোৱা অলপ বছৰৰ পৰা বাৰে বাৰে অহা যেন লগা

Read more

আত্মশ্লাঘা – সোমকান্ত শইকীয়া

ক’লে অহংকাৰ কৰা হয়, নক’লেও মনটো খু-দুৱাই থাকে । কোনোবাই ‘আত্মশ্লাঘা’ বুলি ক’লেও কওক — কথাটো কৈয়েই দিও। আজি কালি বহুত মানুহে মোক এটা প্ৰশ্ন সঘনাই সুধি থাকে — মোতকৈ সৰু ডাঙৰ বহুতেই। প্ৰশ্নটো কি? ৰ’ব কৈ আছোঁ : আপোনাৰো চাগে কৌতূহল হৈছে — কি বা প্ৰশ্ন? প্ৰশ্নটো সৰু, কিন্তু উত্তৰটোহে অলপ দীঘলীয়া হ’ব। “আপুনি কেনেকৈ এই বয়সতো স্বাস্থ্য, চেহেৰা অটুট ৰাখিব পাৰিছে — ইয়াৰ ৰহস্যটো কি ?” —এইটোৱেই প্ৰশ্ন। ভাবি চাওকচোন, এই প্ৰশ্নৰ সঁচা উত্তৰ দিবলৈ হ’লে মোৰ নিজৰ

Read more

অথ: বিৰিয়ানী সংবাদ – নাজমা বেগম

হোষ্টেলত মাক দেউতাকে থৈ যোৱাৰ পিছৰে পৰা নিচা আৰু স্বৰ্ণালী একেবাৰে নলে গলে লগা বান্ধৱী হৈ পৰিল।দুয়োজনী দুখন সৰু সৰু গাঁৱৰ পৰা আহিছে। চহৰৰ একো আও ভাও বুজি নোপোৱা ছোৱালী দুজনীৰ বেচ সময় লাগিল নতুন পৰিবেশত খাপ খাবলৈ।প্ৰথমতে হোষ্টেলৰ একো তলা নলাই ধৰিব নোৱাৰি গধূলি চাহৰ বেল দিওঁতে দুয়োজনী আহি বাৰাণ্ডাত প্ৰাৰ্থনা গাবলৈ ধৰিলে,চবেই খিকখিকাই হাঁহি দিওঁতেহে উৰহী গছৰ ওৰ পালে । পিছদিনা ৰাতিপুৱা গা ধুবলৈ সকলোৱে লাইন পতা দেখি নিচাই সুধিয়েই পেলালে ইমানবোৰ ছোৱালী মাত্ৰ চাৰিটা বাথৰুম কিয়?আমি এই

Read more

জাব্রা প্রেমিকৰ চিঠি – খনীন্দ্ৰ ভূষণ মহন্ত

“If you have ever realize that you had made a mistake by refusing my proposal, and want to be a part of my life, please let me know beforehand . I will come out to meet you wherever you want.”- Some one sided lover   মৰমৰ এইয়া ১০০ পাৱাৰৰ বাল্বটো জ্বলাই লৈছোঁ আজি বহু দিনৰ মূৰত তোমালৈ চিঠি লিখো বুলি ইমান ঠাণ্ডা পৰিছে চাওঁ, কম্বলখন গায়ে-মূৰে লৈ লওঁ সাত বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে আমি যে ইজনে-সিজনৰ ফোন

Read more

আপদীয়া পদ্য – মিতালী শৰ্মা

ৰক্ষকেই ভক্ষক হয় বিশ্বাস কাৰো নাই, মন্ত্ৰী আমোলাৰ আশীৰ্বাদ হ’লে গাধইও চাকৰি পাই। ভাল কামৰ মূল্যচোন নোহোৱাই হ’ল, বেয়া কামৰহে জয় জয়কাৰ চাৰিওফালে হাল্লা ব’ল। গুৰু শিষ্যৰ সমন্ধতো ঘুণে আছে ধৰি সকলোতে পঁচা পঁচা গোন্ধ আহে ভাঁহি। মন্দিৰ মছজিদ গীৰ্জা গুৰুদ্বাৰ সকলোতে কৰে চুৰ তথাপি আমি কৰিব নোৱাৰোঁ একো হওঁ দূৰতে বিদুৰ । ☆★☆★☆

Read more

পুতাইলৈ চিঠি – সোণটো ৰঞ্জন বৰুৱা

মৰমৰ ধন, এই চিঠিখন তোৰ বেগৰ ভিতৰত পাই আৰু বিশেষকৈ খামৰ ওপৰত “কোনেও নেদেখাকৈ খুলিবি” শীর্ষক শিৰোনামা দেখি তোৰ কেনেকুৱা অৱস্থা হৈছে মই গম পাইছোঁ‌। পোনাকণ বাপেৰৰ মৰম ল’বি। এই মৰম বোলা বস্তুটো চিঠিখনত এনেই লিখিব লাগে কাৰণে লিখা নাই। বহুত বেছিকৈ মৰম আছে কাৰণেহে এই চিঠিখন লিখিছোঁ। এই চিঠিখন তই সময়ত পঢ়িবি বুলি আজিৰ পৰা ষোল্লবছৰৰ আগতেই তোৰ জন্মৰ দিনাই লিখি ৰাখিছিলোঁ‌। আজি তোৰ কলেজৰ প্রথম দিন। গতিকে আজিয়েই এইখন চিঠি তোক হেণ্ড অভাৰ কৰাটো ভাল বুলি বিবেচনা কৰিলোঁ‌।

Read more

কাহানী হৰ ঘৰ গীৰাণে কী – কৌশিক দাস

দুপৰীয়াৰ ভাতসাজ লৰালৰিকৈ গিলি ইদিয়ট বক্সৰ সন্মুখত একান্তমনেৰে ব্যস্ত হৈ পৰিল লভিতাৰ মাক। এইখনি সময়ে তেওঁক পৃথিৱীৰপৰা আঁতৰাই লৈ যায়। পাৰিবাৰিক খৰিয়ালৰ ধ্যানযোগত থকা আত্মা বিলীন হয় পৰমাত্মাৰূপী চেনেলবোৰত। ইয়াত থকা প্ৰায় প্ৰতিগৰাকী হাইপ্ৰফাইল শাহুৰ বহু ভিতৰলৈ সোমাই গৈছে তেওঁ! লোকৰ নিদ্ৰা, সুখ হৰণ কৰি হ’লেও সিহঁতৰ উদ্ভট আদৱ কায়দাৰ শৰণ লৈছে। কেৱল “কাহানী হৰ ঘৰ গিৰাণে কী”ক ধিয়াইয়েই পাৰ হৈছে সময়। মজি থকাৰ মাজতে কলিং বেল বাজি উঠিল। “কোন আছ? বোলো শুনিছনে জোনালী। ক’ত মৰিল ঔ এই ফকটিয়াসোপা!” (চিৰিয়েলৰ

Read more

আপদীয়া পদ্য – চিদানন্দ বৰা

ভাগৱতৰ দশম স্কন্ধ মেলি যদি চোৱা পাবা কলিৰ মনিচৰ মৰ্ম সম্বন্ধতে বোৱা খুলশালী আপোন হ’ল সহোদৰহে দূৰতে ৰ’ল ৰামচৰিত পঢ়ি নিতৌ নিদিওঁ নে আমি হুৱা নাগিনীয়ে ল’ৰা পাই নগাইহে জোল খায় ক’লো হে বোপা সৰ্বা নুবুলিবা পাছত হায় ‘কলি’ৰ গুপুত মৰ্ম ভকতিতে কৰা ধৰ্ম ইটো মতি হ’লে বাপু হেৰাব যে সমুদায়। ন-তে ন অঁৰা পুৰণি হলেই ছ-অঁৰা বোলা কথা ফাঁকিৰ কিনো মৰ্ম জানানে অঞ্জুমালা নাথাকিবা চেনি খায় ভাটি দিব বয়সে হায় ৰাইজৰ পেহী হৈ পাছে থাকিবা গাই গুণমালা ঢেঁকীশাল ফুৰিলে

Read more

সাক্ষাৎকাৰ – পুণ্য শইকীয়া

পুণ্য শইকীয়া অসমৰ সাহিত্য জগতৰ এটি অতি পৰিচিত নাম৷ বৰ্তমানলৈকে প্ৰকাশিত ‘বন কেচেৰুৰ পাত’, “জিন্দাবাদ মূৰ্দাবাদ”, “নিৰ্জন উপকূল(গীত)”, “নেপথ্যত গুণগুণনি”, “শব্দৰ কাৰ্টুন” আদি প্ৰায় সোতৰ খন গ্ৰন্থৰ লগতে প্ৰায় তিনিশ কবিতা, একুৰি আঠটা গল্প, প্ৰায় তিনিশ ব্যংগ ৰচনা, ডেৰকুৰি প্ৰৱন্ধ, দুকুৰি ব্যক্তিগত ৰচনা, একৈশখন নাটক, আঢ়ৈকুৰি গীত আদৰে অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনলৈ, বিশেষকৈ ব্যংগ সাহিত্যৰ ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়োৱা পুণ্য শইকীয়া অসম আৰু অসমীয়াৰ বাবে সমাদৃত নাম৷ ‘অগ্ৰদূত’ কাকতত ‘নেপথ্যত গুণগুণনি’ শীৰ্ষক ৰচনালানিৰে অসমীয়া ব্যংগ সাহিত্যৰ ক্ষেত্ৰখনত আলোড়ন সৃষ্টি কৰি প্ৰতিজন

Read more
1 4 5 6 7 8 9