ফটাঢোল

ন-গল্প – কিৰণ খনিকৰ

তাইৰ হাতত ধৰি ন-পুখুৰী পাৰ্কত সোমাই গলোঁ৷ জীৱনত প্ৰথমবাৰৰ বাবে পাৰ্কত সোমাইছোঁ৷ তাকো কোনোবা ছোৱালীৰ লগত! এইখিনি সময় কেৱল মোৰ আৰু প্ৰেয়সীৰ, পৰস্পৰৰে৷ কিবা এটা অবুজ শিহৰণে জোঁকাৰি গ’ল সমগ্ৰ শৰীৰ৷ মাজত পুখুৰীটো লৈ অতিকায় ন-পুখুৰী পাৰ্কখন৷ কেওফালে নানা তৰহৰ ফুল আৰু বিৰিখে মনটো শাঁত পেলায় দিয়ে৷ পৃথিৱীৰ জীৱনবোধৰ সমস্ত চিন্তা তোৰণৰ বাহিৰতে এৰি প্ৰেমৰ মায়াজাল গাঁথিবলৈ সোমাছোঁ এই পাৰ্কত৷ পুখুৰীটোৰ পাৰে পাৰে দুপাক ঘূৰিলোঁ, নাই! ক’তো সূচল ঠাই এডোখৰ নাই দুয়ো ভালদৰে বহিবলৈ৷ সকলোবোৰ ঠাই ইতিপূৰ্বেই লেইলা-মনজুৱে অধিকাৰ কৰিলেই!

Read more

কৌতুক – ববিতা কলিতা

মেট্ৰিক পৰিক্ষাৰ্থী এগৰাকীক বজাৰত লগ পাই, – শিক্ষয়িত্ৰীঃ প্ৰস্তুতি কেনে চলিছে? ছাত্ৰীঃ ভাল, মেম৷ শিক্ষয়িত্ৰীঃ সকলো সম্পূৰ্ণনে? ছাত্ৰীঃ হয়, মেম। হেয়াৰ কাট্,  ফেচিয়েল,  মেনিকিয়ৰ,  পেডিকিয়ৰ চব হ’ল। খালী থ্ৰেডিং বাকী। (অলপ ৰৈ) আৰু এতিয়া শাৰীৰ লগৰ মেচিং ব্লাউজটো নিবলৈ ইয়ালৈ আহিছোঁ। শিক্ষয়িত্ৰীঃ কি?  মই মেট্ৰিক পৰীক্ষাৰ প্ৰস্তুতিৰ কথাহে সুধিছোঁ! ছাত্ৰীঃ মই আকৌ সৰস্বতী পূজাৰ কথা সোধা বুলিহে ভাবিছিলো। সুবিধা বুজি অলপ বাইদেউগিৰি দেখুৱাই শিক্ষয়িত্ৰী গৰাকীয়ে ক’লে, – “সন্মুখত থকা পৰীক্ষাটিৰ কথাও অলপ ভাবিবা৷” কমলা ৰঙৰ লিপষ্টিক বুলাই ডাঠ কৰা ওঁঠযুৰিৰ

Read more

হেপ্পি মাঘ বিহু – খনীন্দ্ৰ ভূষণ মহন্ত

তাৰিখঃ ১৩ জানুৱাৰী, ২০৩০ স্থানঃ শ্যামকানু সত্র, নগাঁও শ্যামকানু সত্রৰ উমৈহতীয়া চোতালখনতে ভেলাঘৰটো। সত্রৰ সকলো মানুহ লগ হৈ তাতে মাঘ বিহু উদযাপনৰ দিহা কৰিছে। বিহুৰ লগত সঙ্গতি ৰাখি বিভিন্ন খেল যেনে,  কুকুৰা যুঁজ,  কণী যুঁজ,  ৰচী টনা ইত্যাদি পাতিব। তাতে আকৌ ৰাতিলৈ সকলোৱে মিলি উৰুকাৰ ভাতসাঁজো খোৱাৰ কথা আছে। গতিকে কোনোবা যদি বজাৰলৈ ওলাইছে,  কোনোবাই কলপাত কাটিবলৈ গৈছে। কোনোৱে যদি ভেলাঘৰৰ ভিতৰখন চাফা কৰাত লাগিছে,  কোনোৱে খৰি-খেৰৰ ব্যৱস্থা কৰিছে। মুঠতে সকলো নিজৰ নিজৰ কামত ব্যস্ত। সময় তেতিয়া ৩ মান বাজি

Read more

বিজ্ঞাপনৰ পাৰ্শ্বক্ৰিয়া – জিমী শইকীয়া

“সাত সমুন্দৰ পাৰ  ম্যেই তেৰে পিছে পিছে আ গয়ী…” টি.ভি.ত দি আছে মোৰ প্ৰিয় গীতৰ এটি অন্যতম গীত। শুনা মাত্ৰেই ৰ’ব‌ই নোৱাৰিলো। সাত-সুমন্দৰৰ সুৰ শুনি ময়ো পাকঘৰৰ দহো-বন কাতি কৰি ল’ৰি আহিলোঁ টি.ভি.ৰ সন্মুখলৈ। কাম কৰিবলৈ বহু সময় পাম। আহি দেখিলো দুগৰাকী মহিলাই এক বিশেষ চাৱনিৰে পৰস্পৰৰ মুখলৈ চাইছে। অনুমান কৰি ক’ব পাৰি যে তাৰে এগৰাকী শাহু আৰু আনগৰাকী বোৱাৰী। বোৱাৰীগৰাকীয়ে নিজে খাই থকাৰ ভাগৰ পৰা এডোখৰ চকলেট শাহুআইলৈও আগবঢ়াই দিলে। তাৰপিচত দুয়োগৰাকীয়ে দৌৰি আহি জঁপিয়াই, কঁকাল ভাঙি নাচিবলৈ ধৰিলে।

Read more

ফটা প্ৰেম – বিউটি হালৈ

কলেজত পঢ়া সময়ৰ কথা| হোষ্টেলৰ কাষৰ ঘৰটো দি আৰ এচ নামৰ এন জি ও এটাই ভাড়া লৈছে| বাহিৰৰ পৰা কেইজনমান ল’ৰা আহিছে ৰিচাৰ্চৰ কামত| অৱশ্যে মোৰ লগত থকা কেইজনীও অসমৰ বাহিৰৰ, গতিকে মোৰ বাহিৰে সিঁহত আটাইৰে বন্ধুত্ব হৈ গৈছে| মই শনিবাৰ পৰিলেই ঘৰলৈ আহো| মোৰ অন্তৰ্মুখী স্বভাৱৰ বাবে মই সহজতে কাৰো লগত বন্ধুত্ব কৰিব নোৱাৰিছিলো তেতিয়া|  পিচিঅ’ৰ দিন তেতিয়া, হোষ্টেলৰ ওচৰৰ পিচিঅটোত আমাৰ লগতে সিহতৰো ফোনৰ আহ্ যাহ্|  লগৰ এজনীয়ে লগ ধৰিলে পিচিঅ’ যাবলৈ মই গ’লো|  মই পিচিঅ’ৰ মালিকৰ লগত

Read more

শনি-ভোজন – প্ৰণীতা গোস্বামী বৰঠাকুৰ

: হেৰৌ কাইলৈ পুৱাতে মগনীয়া এজন চাবিহঁক ঔ। বৰুৱাই প্ৰায় চিঞৰিয়েই ক’লে কথাখিনি। ঘৰৰ সকলোৱে বুজি পালে যে, কাইলৈ পুৱাৰপৰা এটা ব্যস্ত দিন আৰম্ভ হ’ব তেওঁলোকৰ। আবেলি –  : হেৰা, মোনাটো দিয়া, কাইলৈৰ বাবে বজাৰ কৰি আনো আজিয়েই। ঘৈণীয়েক মিনতিৰ ফালে চাই চাৰ্টটো পিন্ধি পিন্ধিয়েই ক’লে বৰুৱাই। বৃত্তিত চৰকাৰী চাকৰিয়াল বৈকুণ্ঠ বৰুৱা এজন ধাৰ্মিক মানুহ। কথাই-বাৰ্তাই মানুহজন ভলভলীয়া। কথা ক’লে গোটেইখন গমগমাই যায়। সৰুকৈ কথা কোৱা মানুহ তেওঁৰ অপছন্দ। পূজা-পাৰ্বনত তেওঁৰ অটল বিশ্বাস। পুৱা গোঁসাই সেৱা কৰি ধূপ-ধূনা জ্বলাই চন্দনৰ

Read more

মই আধুনিকা হ’ব আজিও পৰা নাই সমীৰণ – জোনমণি বৰুৱা

মই আধুনিকা হ’ব আজিও পৰা নাই সমীৰণ.. মই নাজানো ভেলেন্টাইন ডে’ৰ বিষয়ে… নাজানো চকলেট ডে’ হাগ ডে’  অথবা….. মাঁথো শুনিছো লগৰবোৰে পাতি থকা এই বিশেষ ডে’ বোৰৰ কথা। ফেচবুকত মই মোৰ আইক আনক দেখুৱাই শুভেচ্ছা আৰু মৰম দিব নাজানো মাদাৰ্চ ডে’ৰ দিনা… তথাপিও মই মোৰ আইৰ আঁচলত ধৰি থাকি পৃথিৱীৰ আটাইবোৰ সুখ বিচাৰি পাওঁ। নিউ ইয়েৰ পাৰ্টিৰ দূপৰনিশা মাতাল হৈ উদযাপন কৰিব নোৱাৰা মই এজনী গাঁৱলীয়া বেকৰ্ৱাড ছোৱালী.. প্ৰিয়তমৰ নীলা চিয়াঁহীৰ আখৰ কেইটাৰ মাজত মৰম বিচাৰি হাবাথুৰি খোৱা মই আজিও

Read more

তেলীৰ মুৰত তেল – বিজয় মহন্ত

তেলৰ ক্ৰমবৰ্দ্ধিত দামে মহাৰাজ যমক চিন্তাত পেলাবলৈ লৈছে। ইফালে পাপীৰ সংখ্যাও দিনক দিনে বেছিহে হৈছে। কোনোবাই যদি আগৰ জনমত কৰা পাপৰ বাবে কেন্সাৰৰ বাবে মৃত্যু হৈ গৰম তেলত উতলিব লগা হৈছে, কোনোবাই এই জনমত কৰা পাপৰ বাবেই গৰম তেলত উতলিব লগা হৈছে। গোটে গোটে মানুহ খিনিক উতলাওতে কম খিনি তেল লাগেনে?  ইফালে বজাৰত তেলৰ দাম বানপানীৰ দৰে বেছি হৈ গৈয়ে আছে। উপায়হীন হৈ যমে তেওঁৰ প্ৰাইভেট সচিব চিত্ৰগুপ্তক পঠালে পৃথিৱীলৈ কেনেকৈ পাপীৰ সংখ্যা ইমান বেছি হৈছে তাৰ এক প্ৰতিবেদন প্ৰস্তুত

Read more

বিয়া খালো – দেৱাংগ ভূষণ হাজৰিকা

গাঁৱৰ আটাইতকৈ চকুত লগা বিয়াখন। ধনে-মনে-জনে চহকী আমাৰ শইকীয়া খুড়াৰ ডাঙৰ জীয়েকৰ বিয়া। বোলো ন’গৈনো পাৰি নে নাখায় পাৰি! গ’লো। ৰভা তলিত বহো বুলি অলপ হাউলিছোহে, কণ দাইতিয়ে পিঠিত চপৰিয়াই বোলে-“একেকোবে খাই ল’বি ব’ল।পিচত বহিবি।” লাজটো অলপ লাগিছিল, -আহিয়েই খাবলৈ যাম নে! পিচে নাই, – বোলো যিমানহে মানুহ বিয়া ঘৰত, সুবিধা পাওঁতেই খাই লোৱাই ভাল। খোৱাৰ ডেক্সবোৰো বগা কাপোৰৰ ওপৰত ফুল-পাত দি ওপৰত পলিথিনেৰে মেৰিয়াই বৰ ধুনীয়াকৈ সজাইছে। মোৰ কাষতে বহিল ডেকা দা। ভাতৰ পাতত ভাত, পোলাও,  মাটিৰ দাইল, মচুৰ

Read more
1 105 106 107 108 109 115