পণ্ডিত বনাম কবি, মূলঃ খলিল জিব্ৰান – অনুবাদঃ নৱজিৎ বৈশ্য
সৰ্পৰাজে ভৰতপক্ষীক ক’লে,“তুমি উৰি ফুৰিব পাৰা; কিন্তু,পৃথিৱীৰ নিভৃত গভীৰত, প্ৰানৰ সঞ্জীৱনী সুধা য’ত নীৰৱে প্ৰৱাহমান, তালৈ তুমি কাহনিও যাব নোৱাৰা৷” ভৰতপক্ষীয়ে উত্তৰ দিলে,“আপুনি নিসন্দেহে অগাধ পাণ্ডিত্যৰ অধিকাৰী, আপুনি প্ৰাজ্ঞ সকলৰ ভিতৰত উত্তম৷ কিন্তু পুতৌজনক কথাটো হ’ল,তথাপি আপুনি উৰিব নোৱাৰে৷” ভৰতপক্ষীৰ কথাক আওকান কৰি সৰ্পৰাজে পুণৰ ক’লে,“তুমি গভীৰত থকা পৰম গোপনীয়তাৰ সম্ভেদ কাহানিও নাপাবা অথবা পৰম গুপুত সেই সাম্ৰাজ্যৰ সম্পদৰ ভঁৰালত ঘূৰি ফুৰিব নোৱাৰিবা৷ কিন্ত কালিহে মাত্ৰ মই এটা হীৰাৰ গুহাত শুইছিলো৷ সি আছিল এটা পকা ডালিমৰ অন্তৰ্ভাগৰ দৰে, য’ত পোহৰৰ
Read more