ফটাঢোল

কৌতুক – কমল ভৰদ্ধাজ

সকলোৱে ইংৰাজীত বৰ কথা কয় ইজনে সিজনক দেখিলে আমিওঁ Hw r u কওঁ ৷ পিচে হাউ আৰ ইউ এই শব্দটো ইংৰাজ সকলে কৰ পৰা লৈ লৈছিল জানেনে ৷ আমাৰ মৰমৰ নলবেইৰা আৰু বৰপেইটা’ৰ বন্ধুসকলে জানিব দেই এই শব্দটো তেওঁলোকৰ পৰাই লৈছিল ৷ কথাটো এনে ধৰনৰ যেতিয়া বৰপেটা বা নলবাৰীৰ দুজন মানুহ হঠাৎ দেখা দেখি হয় তেতিয়া এজনে আনজনক সোধে “হাউএ”… আৰু এই ভাষাটোকে ইংৰাজে চোৰ কৰি নতুন ৰূপ দিলে ৷ হাউএ… পিচে নলবেইৰা আপা আপি বৰপেইটা কেইজনে ভালে পাইছে ৷

Read more

তফাৎ – মনিষা কাকতি

যিমানে সময় গৈ থাকিল তাইৰ উচপিচনিও বাঢ়ি গৈ থাকিল। আনকালে ইমান দেৰি নহয় গোপালকাইৰ। আজি বা কি হ’ল? এটা দুটাকৈ ইতিমধ্যে লগৰ সকলোবোৰ ঘৰাঘৰি গ’লগৈ। যাবৰ সময়ত সিহঁতে মাত লগাই লগাই গৈ থাকোঁতে সিমান ভবা নাছিল তাই। মাত্ৰ ভাবিছিল.. এইমাত্ৰ গোপালকাই আহি পাবহি আৰু তাইকো লৈ যাবহি। এতিয়া অকলশৰীয়া তাই তাত… ঠাইখিনি একদম নিজম হৈ পৰিছে। অচিনা পোক-পৰুৱাৰ মাতৰ বাহিৰে অইন একো শুনিবলৈ পোৱা নাই। পুহ মাহ। জাৰো পৰিছে। সদায় সাঁজ লগাৰ আগে আগে গোপালকাইয়ে তাইক লৈ যায়হি। সেই সময়খিনি

Read more

শ্ৰীকান্তৰ জাঙিয়াটো – নয়নমণি হালৈ

সৰুকালত দেউতাই মই গাঁৱৰ ল’ৰাবোৰৰ লগ লগাটো মুঠেই পচন্দ নকৰিছিল| কেতিয়াবা ‘বাঘৰ আগ তেল খোৱা’ চেঙেলীয়াজাকৰ লগত দেখিলে ঘৰত মোৰ পিঠি বহল হৈছিল| তথাপিও মোৰ সিহঁতজাকলৈ আছিল দুৰ্বাৰ আকৰ্ষণ| জেঠ মাহৰ টিকাফটা ৰ’দত গাঁৱৰ নামঘৰৰ পিছফালে থকা বৰপুখুৰীৰ পাৰত আমাৰ ল’ৰাবোৰৰ প্ৰায়ে ‘মজলিচ’ বহিছিল| কাৰেন্ট নথকা গাওঁখনত কোন ল’ৰাইনো ঘৰৰ ভিতৰত ছাটি-ফুটি মৰিব! পুখুৰীৰ পাৰত থকা বকুল গছবোৰৰ শীতল ছাঁবোৰে সিহতক অহৰহ হাতবাউল দি মাতিছিল| ঘন্টাৰ পিছত ঘন্টা কথাৰ মহলা মাৰি কোনোবাই তাতেই নিদ্ৰাত ঢলি পৰিছিল, কোনোবাই বৰপুখুৰীৰ পানীত চিলনী

Read more

তাৰ ফটাপ্ৰেম – আদিত্য বৰঠাকুৰ

বাইক আৰু ম’বাইল কালচাৰ আৰম্ভ নোহোৱা দিনৰ কথা…. তেতিয়া সি স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ ৷ মহাবিদ্যালয় খোলা এসপ্তাহ মান হৈছে…..এসোপা মইনাৰে মহাবিদ্যালয়ৰ চৌহদ জকমকাই আছে ৷ সেই মইনাবোৰৰ মাজৰ এজনী মইনা দেখি তাৰ হৃদয়ৰ মেণ্ড’লিন, ভায়’লিন একেলগেই বাজি উঠিল ৷ সি দৃঢ়প্ৰতিজ্ঞ হ’ল এইজনী মইনাক সকলোধৰণেৰে সহায়-সাৰথি আগবঢ়োৱা হ’ব, সকলো বিপদৰ পৰা ৰক্ষা কৰা হ’ব ৷ সকলোৰে লগত সহজে মিলি যাব পৰা স্বভাৱটোৰ বাবে এইক্ষেত্ৰত তাৰ দিগদাৰ নহ’ল….ৰেগিং নামৰ পৰিচয় পৰ্বটোত লগৰ আৰু চিনিয়ৰ সকলৰ পৰা পাৰ্যমানে মইনাজনীক বচাই ৰখা

Read more

ত্ৰিপুৰাৰ ঊনাকোটি ভ্ৰমণৰ মাদকতা – ইৰাণী শইকীয়া

মানুহে যিমানেই ভ্ৰমণ কৰে প্ৰতিবাৰেই ভ্ৰমণৰ নতুন নতুন দিশ উন্মোচিত হৈ গৈ থাকে আৰু প্ৰতিবাৰেই নতুন নতুন অভিজ্ঞতা আহৰণ কৰি ঘূৰি আহে নিজৰ কাষলৈ। নতুন কথা শিকে আৰু প্ৰতিটো ভ্ৰমণেই সদায় মানুহক প্ৰদান কৰি আহে নতুন মাদকতা, নান্দনিক আনন্দ। কোনোটো ভ্ৰমণত পৰ্যটকে কেতিয়াবা বুৰঞ্জীৰ বিষাদগ্ৰস্ত ভগ্নস্তূপ দেখি স্তব্ধ হৈ চাইছে নহ’লে ভৌগোলিক আশ্বৰ্য বৈভৱ দেখি তন্ময় হৈ পৰিছে,অথৱা গোটেই চেতনাত প্ৰকৃতিৰ নৈসৰ্গিক দৃশ্য লৈ আনন্দ মনেৰে উলটি আহিছে। ভাগৰুৱা মনে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য দেখি সঞ্জীৱনী সুধাৰ দৰে কাম কৰিছে ।

Read more

লিমাৰিক – প্ৰাঞ্জল আৰ এম শইকীয়া

এম পিৰ পুতেক সি তামাম পপুলাৰ আছে তাৰ দুখনকৈ বিলাসী ফৰচুনাৰ শিক্ষা থাকিও নাই জ্ঞান টকাৰ বাহিৰে নিচিনে আন দৈনিক দহ হাজাৰ টকা নিদিলে মাকক দিয়ে হুংকাৰ ! নাই এতিয়া আগৰ দৰে অযোধ্যা কিম্বা ৰাম এতিয়া মাথোঁ আনক ডকা-হকা দি খাম থাকিলে হাতত টকা বাঢ়িবই মিতিৰ শঠা পালে মুঠতে ফ্ৰীতে খাবা বস্তুৰ যিহে দাম । আপুনি আপোন বন্ধু হ’লে কিয় কৰে চিন্তা দহজনৰ ভিতৰত দুজনে আপোনাক কৰিবই নিন্দা সেই ভাৱি পিছ হুঁহকিলে যাব লাগিব ৰসাতলে নিজৰ ওপৰত বিশ্বাস ৰাখক,মাথোঁ নকৰিব

Read more

ফটা ডায়েটিং –প্ৰশান্ত ৰাজখোৱা

ডায়েটিঙৰ অৰ্থ ভালদৰে বুজি নোপোৱাৰ বাবেই নেকি মোৰ পেটটো বাঢ়ি একেবাৰে ঢোলটোৰ হ’ল। সকলো ফালৰ পৰাই বিবাহোপযুক্ত হোৱা স্বত্বেও মোৰ এই ঢোলটোৰ বাবেই ইতিমধ্যে দুগৰাকীয়ে মোক ৰিজেক্ট কৰিলে। মই বোলো এই পেটটোৰ বাবেই গোটেই জীৱন কি বৰলা হৈ কটাম নেকি!! নাই, এইটো হবলৈ দিব নোৱাৰি । সেয়েহে কালিৰ সিদ্ধান্ত অনুসৰি ৰাতিপুৱা এলাৰ্মটো তিনিবাৰ বজাৰ পিছত মৰ্নিং ৱাক কৰিবলৈ বুলি ওলালো । অলপ দূৰ যোৱাৰ পিছত বাইক আৰোহী এজনৰ মাতত ঘূৰি চালোঁ — “ইমান কাউৰীপুৱাতে ঠাণ্ডাখনত ক’ত মৰিবলৈ ওলাইছ অ’?” মোৰ

Read more

ফটা-প্ৰেম – অনুভৱ আকাশ

( সম্পূৰ্ণ সত্য কাহিনী ) সেইয়া দূৰ কোনোবা পুৰণি, ইতিহাসৰে পাত লুটিয়াওঁ……… ইতিহাস বুলিয়েই কব লাগিব দিয়কছোন । প্ৰথম প্ৰেমত পৰিছিলোঁ “ক শ্ৰেণীত” পঢ়ি থাকোতেই । তেতিয়া স্কুলৰ কেচা মজিয়াত ঘৰৰপৰা লৈ যোৱা বস্তা বা কঠ পাৰি বহিছিলো । যাৰ হাতত যিদিনা নতুন বস্তা যায় তাৰ লগত বহিবলৈকে বাকীবোৰে আমলখী আদা ইত্যাদি ঘোচ দি হ’লেও পতাই লোৱা নিয়ম আছিল । তাৰ মাজতেই এজনী ছোৱালী (গাঁৱত মতা নাম মামু) আৰু মোৰ কথাটো অলপ সুকীয়া আছিল । আমি পুৰণি বস্তা পালেও সদায়

Read more

কৌতুক – বিউটি হালৈ

ভাস্কৰৰ সৰু কালৰ ঘটনা স্কুলত মাষ্টৰে ওজন শিকাব লৈছিল সেইদিনা । মাষ্টৰ : চলিহাত তন্থে দোকানত বস্তু কিনবা যাহ্ না ? ছাত্ৰ : হৈ ছাৰ যাং পাল্লাত জুখা বস্তু কিনি পাইছাহ্ না ? ছাত্ৰ : পাইছু ছাৰ _ চেনি , দালি , আলু , চাউল এগ্লাখান পাল্লাত জুখে । শিক্ষকে বিভিন্ন প্ৰশ্ন আৰু উদাহৰণ দি পাঠটো শেষ কৰিলে । ছাত্ৰ ছাত্ৰীৰ বোধগম্যতা পৰীক্ষা কৰাৰ বাবে তেওঁ সিহঁতক প্ৰশ্ন কিছুমান কৰিব ধৰিলে । : চলিহাত কচুন একপোৱা দালিৰ ওজন বেছি না

Read more

কৈলাশত ডিচেম্বৰৰ এসন্ধ্যা – উৎপলা কৌৰ

: কিমান চাহ খাই থাকে হে? আৰু নোৱাৰো মই মুখৰ আগত যতনাই থাকিবলৈ। গধূলিৰেপৰা সাতকাপ হ’ল। চাহকাপ কাষৰ টেবুলখনত ঠেকেচ মাৰি থৈ পাৰ্বতীয়ে ক’লে। : কিয়? নন্দী নাই নেকি? : নন্দী? সেই তেতিয়াই ব্ৰেড আনিবলৈ বজাৰলৈ গ’ল, এতিয়ালৈ দেখা দেখি নাই। মালিক যেনে ভঙুৱা, ভৃত্যও তেনেহে হ’ব! স্মাৰ্ট ফোনটোত আঙুলি বোলাই থাকিয়েই পাৰ্বতীয়ে ক’লে। খঙতে তাইৰ চেলাউৰিযোৰ নাচি আছে। : হেৰা, আৰম্ভ হ’ল নে তোমাৰ আকৌ? কাম কৰিবলৈ দিয়া শান্তিৰে। কিমান কষ্ট হৈছে দেখা নাই এইকেইদিন? : অকল আপোনাৰে কষ্ট

Read more
1 111 112 113 114 115