ফটাঢোল

কৌতুক – সঞ্জীৱ মজুমদাৰ

মোৰ ল’ৰা অদ্বিতীয়ই সুধিছে, “পাপা, চান্তাক্লজ মহিলা নে পুৰুষ? মই অকণমান চিন্তা কৰি কলো, “মহিলা হোৱা হলে বছৰৰ পিছত বছৰ ধৰি, একেযোৰ কাপোৰকেই পিন্ধি কেতিয়াও নাহিলে হয়। গতিকে পুৰুষেই হব নিশ্চয়!” ☆★☆★☆

Read more

কৌতুক – বিকাশ দত্ত

প্ৰথম বন্ধুঃ “ভাই কবিতাবোৰ বৰ ভাল লাগে। দ্বিতীয় বন্ধুঃ (অকণো মনোযোগ নিদিয়াকৈ) “হুম” -তাৰ চকু ম’বাইলত তেতিয়া।” প্ৰথম বন্ধুঃ “তুমিতো জানাই এই কবিৰ আৰু বুলিবলে একো নাই, এটা মাথোঁ কামিজ তাৰো ছিগো ছিগো চিলাই!” দ্বিতীয় বন্ধুঃ (কেৰাহীকৈ চাই) “তই চুপ থাকিবি নে??? মই গেমটোত কনচেন্ট্ৰেট কৰিব পৰা নাই জান নে নাই!!” প্ৰথম বন্ধুঃ (সি একদম কবিতাত মগন) “প্ৰেম ছাগে এনেকুৱাই,আভৰণ খুলি হিঁয়া জুৰাই!” দ্বিতীয় বন্ধুঃ (প্ৰথম বন্ধুক বগৰাই লৈ ঘুচিয়াই ঘুচিয়াই) “তইচোন বাৰু জানই, কবিতাবোৰ যে মোৰ মূৰৰ ওপৰেৰে যাই!”

Read more

সপোন নে দিঠক – পৰী শ্যামলী ভূঞা

: “ৰখোৱা ৰখোৱা গাড়ী ৰখোৱা, চোৱাচোন চোৱা সেইয়া জুবিন নহয়নে ?” মোৰ কথাকেইটা শুনি এওঁ মোলৈ আচৰিত হৈ চাই সুধিলে “কোন জুবিন হে?” এওঁৰ কথাত মোৰ চকু ডাঙৰ হৈ উঠিল৷ : “কি হল আকৌ, আজি তুমি জুবিনকে চিনি নোপোৱা হলা যে?” ওলোটাই মইহে এওঁলৈ প্ৰশ্ন এৰিলো৷ : “নহয় অ এই জংগলৰ পাহাৰীয়া ৰাষ্টাটোত তুমি জুবিনক দেখা বুলি কোৱা বাবেহে সুধিবলগীয়া হল কোননো জুবিন বুলি৷ তোমাৰ লগত একেলগে পঢ়া কোনোৱা আছে নেকি জুবিন নামেৰে৷ নহলে আচল গায়ক জুবিন জননো এই পাহাৰৰ

Read more

সাক্ষাৎকাৰ – হিৰণ্য ডেকা

অসমৰ অভিনয় জগতৰ এক অতি পৰিচিত আৰু জনপ্ৰিয় নাম, বৰ্তমান সময়ৰ জনপ্ৰিয় ধাৰাবাহিক “বৰলা কাই”ৰ মুখ্য চৰিত্ৰৰ অভিনেতা হিৰণ্য ডেকা৷ মঞ্চ তথা চলচ্চিত্ৰ জগতত বলিষ্ঠ হাস্য-ব্যংগ অভিনয়ৰ দ্বাৰা অসমৰ দৰ্শকৰ মনত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা হিৰণ্য ডেকা ডাঙৰীয়াই ১৯৯৩ চনত মুক্তিপ্ৰাপ্ত হলধৰ ছবিৰ জৰিয়তে চিনেমা জগতত ভৰি দিছিল৷ চলচ্চিত্ৰ জগতত অভিনয়ৰ ৰূপালী জয়ন্তী পাৰ কৰা ডেকা ডাঙৰীয়াৰ বিষয়ে পাঠকক কিছু কথা জনোৱাৰ উদ্দেশ্যৰে ই-আলোচনী “ফটাঢোলৰ” তৰফৰ পৰা এটা সাক্ষাৎকাৰ লোৱা হৈছিল৷ অত্যন্ত ব্যস্ততাৰ মাজতো আমাক কিছু মূল্যবান সময়

Read more

নাক থকা চিটিবাছৰ সাধু – ৰঞ্জু শৰ্মা

(কাহিনীটো লিখি থাকোতে অপু ভৰদ্বাজদেৱৰ “মিথ্যাচাৰ বিলাস” গল্পটোৰ কথা মনলৈ আহিছিল। ইয়াৰ কাহিনীটো সঁচা, হয়তো “মিথ্যাচাৰ বিলাসো” তেনেধৰণৰ কোনো সঁচা ঘটনাৰ আলমত গঢ় লৈ উঠা। আচলতে তেনে ধৰণৰ বিলাস এটা ছাগৈ আমাৰ সকলোৰে অৱচেতন মনত থাকেই… জ্ঞাতে, অজ্ঞাতে। কিশোৰ অৱস্থাত গঢ় লৈ উঠা সপোনবোৰ (পূর্ণ নতুবা অপূর্ণ) যৌৱনলৈ কিয়, প্রায় প্রৌঢ় অৱস্থালৈ থাকি যায়। সপোনৰ “মই” এজন আমাৰ সকলোৰে মনত থাকে, যি বাস্তৱৰ ‘মই’ৰ সৈতে পৃথক।) গুৱাহাটী মহানগৰৰ ঠেক ঠেক ৰাস্তা-পদূলীৰে নাক থকা চিটিবাছবোৰ চলি থকা সময়ৰে কথা। অৱসৰৰ সময়বোৰ

Read more

লিমাৰিক – ইন্দিমা বৰুৱা

আমাৰ গাঁওৰ লভিতা পেহী ফুৰি আহি চাৰি ধাম বয়স হৈছে হেনো আজিকালি লয় হৰিনাম কোনঘৰত পৰকীয়া প্ৰেম কোনঘৰত বিলাতী মেম বিয়নী সকলৰ মাজত তেঁওৰ সেইয়াও এক কাম ৷ বয়স হৈছে যদিও দামোদৰ টকা পইচাই ধনী ছোৱালী চাবলৈ পালেগৈ গুৱাহাটীৰ ৰাণী বহুতবাৰ ছোৱালী চালে লুচি ভাজিৰ সোৱাদ ললে চাহ দিবলৈ অহা শাহুয়েকক মাতি পালে ভনী ৷ ছোৱালী নহয় তেওঁৰ পিছপৰা নাই একো গম এইবুলি শইকীয়াই দি ফুৰে সকলোকে দম কৰাবই জীক চাকৰি পঢ়ি শুনি হৈ আজৰি বোৱাৰী কিয় ওলাই যাব লাগে

Read more

পোনাৰাম গন্ধীয়া : এজন অখ্যাত কবি – ধনজিত বৰুৱা

আমাৰ বাবে জীৱন হ’ল যুদ্ধ, কিতাপ, নাটক ইত্যাদি৷ জীৱনক এনে প্ৰতীকেৰেই বুজোৱা হয়৷ পিছে তেওঁৰ মতে জীৱন হ’ল ফুলনি৷ চাইকেলখন লৈ কামলৈ আহে৷ বাট চোৱাতকৈ আপোন মুখ চায়৷ বিভিন্ন সম্বন্ধৰ শব্দ ভূষণেৰে তৰণী সংঘৰ জ্যেষ্ঠ মহৰীজন আহি থাকে৷ পুৱাই খেতি পথাৰত লগ পোৱা বন্ধুসম মানুহবোৰৰ পৰা কাছাৰীৰ কামত অহা চৰিত্ৰবোৰ বুকুৰ মাজত সাঁচি থয়৷ তাৰে কবিতা গুঁঠি যায়৷ পৰিৱেশ, ৰাজনীতি নামৰ ছন্দ কাকনো এৰে – ☆☆ “বিহঙ্গমে গীত গায় ফুলে ফলে মধু পায় বাৰিষাৰ বৰষুণে জগত যায় ভৰি ——–“ বা

Read more

লিমাৰিক – ধনজিৎ বৰুৱা

নেগুৰ কমি আহি ক্ৰমে বানৰ মানুহ হ’ল নেগুৰ দালৰ প্ৰভাৱ কিন্তু অলপ থাকি গ’ল খেনোক দেখি খেক মন চিন্তা ঠেক টেঙৰ থাকে উচ্চ ডালত ৰণুৱা পৰি ৰ’ল ☆★☆★☆

Read more

ফটা_কবিতা – ধৰ্মজ্যোতি ভট্টাচাৰ্য

আধুনিক কালচাৰ বাইক ষ্টান্ট পালচাৰ মুধাফুটাই দিয়ে আকৌ ফাটা ফাটা লেকচাৰ।😊 পিন্ধি লৈ জিনছ টপ সন্মুখত লেপটপ চিটিবাছত উঠি কৰে সুন্দৰীয়ে খপজপ।😊 ঔ টেঙা মাছৰ জোল আহু আৰু শালি ভোল মধুৰিআম মিঠা হয় টিকা যদি হয় গোল।😊 কম্পিউটাৰ টেবলেট মোবাইল কেমেৰা বুলেট লগত ৰাখে সোণটিয়ে গ’লেও টয়লেট।😊 গেৰেলাই খায় ৰঙাপানী লগত চানাচুৰ , ৰাতি শোওঁতে হেৰাই থাকে দেহৰ আবুৰ ।😊 তিল খাই তিলেশ্বৰীৰ বৰণ ক’লা হ’ল , তিলৰে আচ্ছাদন মৰতীজনীৰ দাঁতত লাগি ৰ’ল ।😊 গৰম দিনত মহৰ কামোৰ দেহৰ ঘামত

Read more

মোৰ ক্ষেত্রত এনে হৈছিল – দিব্যজ্যোতি চৌধুৰী

আজিৰ পৰা পাঁচ বছৰ মানৰ আগৰ কথা | মই ঘৰৰ লাগতিয়াল বস্তু অলপ বজাৰ কৰিবলৈ আমাৰ নগাওঁ চহৰলৈ বুলি ৪০৭(407) গাড়ীত উঠিলো | আমাৰ ঘৰৰ পৰা নগাওঁ চহৰলৈ প্রায় ১৫ কি:মি: দূৰ | মই উঠোতে গাড়ীখনত প্রায়বোৰ চিটেই খালী আছিল | কিন্তু দুই কি:মি: মান যোৱাৰ পাছত চিটবোৰ পূৰ হ’ল । আৰু অলপ দূৰ যোৱাৰ পাছত আৰু যাত্রী উঠিল । ঠেলা-হেঁচাৰ সৃষ্টি হল । আৰু অলপ দূৰ যোৱাৰ পাছত বহু যাত্রী উঠিল । যাত্রীসকলৰ সৰহ সংখ্যকেই মহিলা আৰু শিশু ।

Read more
1 112 113 114 115