ফটাঢোল

শ্বপিং এপৰ ধেমেলীয়া পদ্য – জুলী বৰা

“মিণ্ট্ৰা” গগৈ বৰ চহকী মাৰ্চিডিজত যায়; “ফ্লিপকাৰ্ট” ৰাভাই খিৰিকীয়েদি দুখমনেৰে চায়৷ “ঈবে” তেৰাঙে সময়েই নাপায় ঘৰৰ বজাৰ কৰি; “নাপটল” ফুকনে ঘৈণীয়েকক লৈ “লাইমৰ’ড”ত আহিলগৈ ফুৰি৷ নাং “ছী ইন”ৰ বৰ ফূৰ্তি পূজাত চীনলৈ যাব; অকলে যাবলৈ ভয় কৰে বোলে “অ’এলেক্স” দাসকো নিব৷ “জাবং” সন্দিকৈৰ খবৰেই নাই কোনেও নেদেখা হ’ল; “আমাজন”হুছেইনে বিচাৰি এদিন সন্দিকৈৰ ঘৰলৈ গ’ল৷ সন্দিকৈৰ ঘৰত বহি আছিল তেতিয়া “আলিবাবা ডট কম”; হুছেইনলৈ সি বৰ ভয় কৰে দেখে যেন সাক্ষাৎ যম৷ “পে’টিএম” গোঁহাই ওচৰ চাপি আহিল দুয়োজনকে দেখি; “স্নেপদিল” সিঙৰ

Read more

মেৰা কৰৱা চৌথ কা ব্ৰত (হিন্দী) মূল লিখক: পণ্ডিত বেদপ্ৰকাশ শাস্ত্ৰী অনুবাদ: চাহিন জাফ্ৰি

মোৰ ‘কৰৱা চৌথ’ৰ ব্ৰত ভাৰতীয় সংস্কৃতিত ব্ৰত-উপবাসৰ অত্যন্ত মহত্বপূৰ্ণ স্থান আছে। বহু নাৰী-পুৰুষ আৰু শিশুৱেও ব্ৰত-উপবাস পালন কৰে। কিন্তু ব্ৰত ৰখাত যেন পুৰুষতকৈ মহিলাসকলৰ হে অধিকাৰ অথবা ইচ্ছা দুয়োটাই বেছি যেন বোধ হয়। প্ৰায় প্ৰতিটো ব্ৰতৰে কিবা নহয় কিবা এটা উদ্দেশ্য থাকেই। অধিকাংশ ব্ৰত ৰখাৰ সুযোগ মহিলা সকলৰ বাবে হোৱাৰ কাৰণে, তেওঁলোকৰেই উদ্দেশ্য পূৰ্ণ হয় আৰু পুৰুষ সকল তাৰ পৰা বঞ্চিত হৈ ৰয়। পুৰুষ সকল ব্ৰত ৰখাৰ পৰা বিৰত থাকিবলগীয়া হোৱাত, তেওঁলোকে হয়তো নিজেই নাজানে যে কোনটো ব্ৰতৰ জৰিয়তে তেওঁলোকৰ

Read more

ৰামজীচাচা আৰু কলডিলৰ ভাজি – ৰঞ্জু শৰ্মা

হঠাৎ কালি ৰামজীচাচালৈ মনত পৰিছিল। মোৰ বিয়াৰ ঠিক পিছতেই কইনা চাবলৈ আহি চাচীয়ে বনোৱা এবটল ৰঙা জলকীয়াৰ আচাৰ  উপহাৰ দিয়া ৰামজীচাচা। ৰামলাল ওৰফে ৰামজীচাচা জন্মসূত্রে বিহাৰী হ’লেও হাড়ে হিমজুৱে অসমীয়া। এতিয়া বুঢ়া হ’ল। বয়সো প্রায় আশীৰ ওচৰা-ওচৰি হ’ব। বিহাৰৰ কোনোবা এখন অখ্যাত গাঁৱৰ পৰা প্রকৃততে কোন চনত ৰামলাল আহি অসম মুলুক ওলাইছিলহি সেই কথাবোৰ জনাৰ কোনো উপায় নাই। এতিয়া হয়তো তেওঁৰ নিজৰো মনত নাই। মাথো মনত আছে যিদিনা তেওঁ সেই গাঁৱলীয়া সৰু হল্টটোৰ (আগতে বিহাৰৰ মাজত ষ্টেচন নোহোৱাকৈয়ো কিছুমান ট্রেইন

Read more

সমস্যা – ধুৰ্জটি কাকতি

এনে এটা সমস্যা কওক যি পাৰিবাৰিক আৰু সামাজিক দুইটা সমস্যা হ’ব পাৰে৷ উত্তৰ: নাকৰ ঘৰঘৰনি৷ নিজৰ বেদৰুমত হৈছে ই এটা পাৰিবাৰিক সমস্যা, কিন্তু ৰেল বাছ আদিত ই এটা সামাজিক সমস্যা৷ ☆★☆★☆

Read more

চিন্তা কৰক,সুখেৰে থাকক (মূলঃ অনুপ কুমাৰ শুক্লা) – অনুবাদঃ জীমণি গগৈ

বন্ধুলৈ ফোন লগালো। তেওঁৰ ল’ৰাটোৱে ফোন ধৰিলে। মই সুধিলোঁ- দেউতা আছে নে? -আছে।দেউতাই চিন্তা কৰি আছে। সি সিফালৰ পৰা ক’লে। -কিয়, কি হ’ল? কিবা সমস্যা হৈছে নেকি?তাৰ কথা শুনি ময়ো চিন্তাত পৰিলোঁ। -নাই নাই আংকল, একো হোৱা নাই। দেউতাই আজিকালি সদায় চিন্তা কৰে। চিন্তা কৰিলে বোলে স্বাস্থ্য ভালে থাকে। সি শান্ত কন্ঠেৰে কম কথাৰে কথাখিনি ভালকৈ বুজাব বিচাৰিলে। মোৰ বন্ধু সদায় চিন্তাত আছে তাৰমানে নিশ্চয় তেওঁ দুখত আছে! তেওঁৰ দুখত যদি মই দুখী হ’ব নোৱাৰো তেনেহ’লে সেই দুখ মোৰ বাবে

Read more

শৈশৱৰ হাঁহিৰ খোৰাক! – ৰিমঝিম বৰঠাকুৰ

“টোপনি আহিছে নেকি মইনা?” “নাই অহা আইতা, তাৰ পিছত…?” “তাৰপিছত… আৰু তেজীমলাৰ মাহীমাকে…..” আইতাই তাৰপিছত বুলি দুই কোৱাৰিৰ ফাঁকেৰে সেলেঙি বোৱাই বৈ অহা তামোলৰ পিকখিনি মোহাৰি সাধুটো আৰম্ভ কৰোঁতেই সিফালে নাতিনী নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰে। পিছদিনা আকৌ আগদিনা ৰাতি আধা কোৱাকৈ তাইক শুৱাই থোৱা বুলিয়েই অভিমানী আবদাৰেৰে সেই একেটা সাধুকে আধা এৰাৰপৰা শুনাব লগা হৈছিল। দিনৰ দিনটো ধূলিয়ে-বালিয়ে উমলি-জামলি পাৰ কৰি ফুট-গধূলিতে কলমটিয়াই থকা নাতিনীৰ এবহাত কাহানিও এটা সাধু সম্পূৰ্ণকৈ শুনা নহৈছিল। তথাপিও সাধু শুনিবলৈ বলিয়া নাতিনীয়েকক বুঢ়ীমাকে আকৌ গধূলি

Read more

প্যাৰ কিয়া টৌ মৰণা ক্যা? (মূল লেখক: কাকা হাথৰসী) – অনুবাদ : দিম্পল কলিতা

মোৰ বিশ বছৰ বয়সত কোনোবা জ্যোতিষীয়ে মোৰ হাত চাই মাক কৈছিল, “ল’ৰাই চল্লিশ পাৰ কৰিলেও বহুত বুলি ধৰি ল’ব।” এই ভৱিষ্যতবাণীয়ে পিচে মোৰ ওপৰত একো প্ৰভাৱ পেলাব পৰা নাছিল কিয়নো মই আছিলোৱেই বেমাৰী। সকলো সময়তে কাঁহৰ, দাঁতৰ বিষ এইবোৰ লাগিয়েই থাকে। লাহে লাহে মই দাঁতবোৰ উঠোৱাই পেলোৱালোঁ। নিতৌ পুৱা-সন্ধিয়া আঁঠ-দহ কিলোমিটাৰ খোজ কঢ়া, দৌৰা, নিম পাত চোবোৱা, ছাগলীৰ গাখীৰ খোৱা আৰু সেউজীয়া শাক-পাচলি খোৱা আৰম্ভ কৰিলোঁ। এই দিনপঞ্জীৰ ভাল প্ৰভাৱ মোৰ ওপৰত পৰিল আৰু মোৰ বয়সে চল্লিশৰ দেওনা পাৰ কৰি

Read more

ধুনীয়া চকুৰ সেই ল’ৰাজন – পৰীস্মিতা দাস

শৰতৰ শাৰদীয় উৎসৱৰ বতৰ৷ চাৰিওফালে উৎসৱমুখৰ পৰিৱেশ৷ ভিন্নৰঙী বেলুন, জেলেপীৰে ভৰি পৰিছে পূজাথলীবোৰ৷ সকলোৰে চকু-মুখত আনন্দই উপচি পৰিছে৷ কিন্তু এনেকুৱা সুন্দৰ বতৰতো যে কোনোবাৰ ফটা প্ৰেমৰ স্মৃতি মনত পৰি হৃদয়খন ফাটি চিৰাচিৰ হৈ থাকিব পাৰে কোনোবাই বাৰু অনুভৱ কৰিব পাৰিবনে? আন কাৰো কথা ক’বলৈ যোৱা নাই, নিজৰেই কথা ক’ব খুজিছোঁ ৷ সেইদিনাও ঠিক এনেকুৱাই উৎসৱমুখৰ পৰিৱেশ আছিল৷ চৌপাশে যেন সকলোৰে মনবোৰ আনন্দে নধৰা৷ পাৰ্থক্য মাথো এটাই, এতিয়া থকাৰ দৰে তেতিয়া মোৰ মনত কোনো স্মৃতিৰ সঘন আহ-যাহ নাছিল৷ তদুপৰি তেতিয়া মই

Read more

চহী – দিপাংকৰ চৌধুৰী

আজিৰ পৰা বিদ্যালয়ত দ্বিতীয় বৰ্ষৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হৈছে। স্বমূল্যায়ন আছিল আজি। সেয়েহে বিদ্যালয়ৰ পৰিচালনা সমিতি, মাতৃ গোট আদিৰ সদস্যসকলো উপস্থিত আছিল। ৰাইজৰ উপস্থিতিৰ খতিয়ানৰ কপিটোত প্ৰধান শিক্ষকে চহী ল’বলৈ এগৰাকী জ্যেষ্ঠ মহিলাক উদ্দেশ্যি, “ইয়াতে মাৰি থৈ যাওক চোন।” মহিলাগৰাকীয়ে আচৰিত হৈ, “কিচন কিচন! আপোনাৰ দৰে মাষ্টৰ এজনক মাৰিবলৈ মই বলিয়া হোৱা নাই দিয়ক। কিয় কৈছে এনেকৈ! হে হৰি!” হাঁহি হাঁহি ছাৰে মহিলাগৰাকীক চহীটো কৰি থৈ যোৱা বুলি কোৱাৰ পিছতহে ভুল ভাঙিল। ☆★☆★☆

Read more

সম্পাদকীয়- নয়নমনি হালৈ

যোৱা সপ্তাহৰ এটা অলস দুপৰীয়া৷ মায়ে আহি ক’লে “মামনি মাহীয়েৰহঁতৰ ছোৱালী ৰিণীৰ আজি বিয়া৷” উচপ খাই উঠিলোঁ: “কি ৰিণীৰ বিয়াৰ কথা ক’বলৈ আহিছ অ’, তাই ক্লাছ ছিক্স নে ছেভেনতহে পঢ়ে।” মায়ে পোন্দোৱাকৈ চাই একো উত্তৰ নিদিয়াকৈ গুছি গ’ল৷ কেইটামান মুহূৰ্ত পিছতে মোৰ ভুল ভাগিল৷ এৰা, এইখনো অসমীয়া সমাজৰ এখন এৰাব নোৱাৰা বিয়া৷ ‘কইনা’ ক্লাছ ছিক্স বা ছেভেনত পঢ়ি থাকোঁতেই হোৱা বিয়া৷ আজিৰ পৰা দুটা দশক আগতে আমাৰ চুবুৰিটোত এনে বিয়াৰ একোটা খবৰে অলস দুপৰীয়াবোৰ হঠাত্‍ চঞ্চল কৰি তুলিছিল৷ আমাৰ লগতে

Read more
1 13 14 15 16 17 115