ফটাঢোল

উজনি আৰু নামনিৰ ভাষা বিভ্ৰাট – কমলা দাস

আমাৰ জোঁৱাইৰ ঘৰ হ’ল ধেমাজিত। তেওঁলোকৰ ফালে কথা বতৰা বিলাক বৰ ধুনীয়া। বৰ সুন্দৰ কৈ কথা বিলাক লাহে ধীৰে ৰস পম থকাকৈ কয়। মোৰ ছোৱালীৰ মানে আমাৰ ঘৰ হ’ল বৰপেটাত। বৰপেটাৰ ফালে আকৌ কথা বিলাক চৰ্ট কাট আৰু স্পীদত কোৱা হয়। সেই কাৰণে আমাৰ কথা বিলাক বুজি পাবলৈ জোঁৱাইৰ অলপ সময় লাগে। নাইবা তেওঁক কেতিয়াবা দুবাৰ বুজাই দিব লগা হয়। এদিনৰ কথা! নাতিটোৰ স’তে জী-জোঁৱাই আমাৰ ঘৰলৈ আহিছিল। নাতিৰ বয়স তেতিয়া ডেৰ বছৰ মান আছিল। গধূলি সময়ত ছোৱালীজনীয়ে নাতিটোৰ কাৰণে

Read more

হৰিণ – ৰিমঝিম বৰঠাকুৰ

গাৰ্লফ্ৰেইণ্ড: হৰিণবোৰ যে দেখিবলৈ ইমান ধুনীয়া। বইফ্ৰেইণ্ড: সিহঁত তোমাৰ নিচিনাকৈ বিউটি পাৰ্লাৰলৈ নাযায় যে। গাৰ্লফ্ৰেইণ্ড চকচ্ বইফ্ৰেইণ্ড ৰকচ্। ☆★☆★☆

Read more

একেই – ৰাজীৱ শৰ্মা

এসময়ত অনলাইন শ্বপিং বুলিলে আমাৰ ৰহিলাক আৰু একো নালাগে। খাৱন-শোৱন বাদ দি একেৰাহে ঘণ্টাৰ পাছত ঘণ্টা লেকচাৰ দি দিয়া মানুহ তেওঁ। ৰহিলা হ’ল নতুনকৈ গঢ় লৈ উঠা গাঁওখনৰ বাতৰি যোগনিয়াৰও। পুতেক আজি দুবছৰমানৰ আগতে সেনাবাহিনীৰ চাকৰিত সোমাই বৰ্তমান কাশ্মীৰত আছেগৈ। এনেই ৰহিলা মানুহজনী ভাল। গাড়ী দুৰ্ঘটনাত স্বামীক হেৰুৱাৰ আগতে তেওঁৰ এই কথা লগোৱা আৰু খাৰাংখাচ কথা-বাৰ্তাৰ বাবে গিৰিয়েকৰ লগত কম কাজিয়া হোৱা নাছিল। কিন্তু ইচ্ছা কৰিলেই কোনোবাই কাৰোবাৰ স্বভাৱ জানো সলনি কৰিব পাৰিব? ৰহিলা একে হয়েই থাকি গ’ল। এতিয়াও গাঁৱৰ

Read more

এটা নতুন ৰাজনৈতিক দলৰ নিৰ্বাচনী ইস্তাহাৰ – দীপাংকৰ মল্ল বৰুৱা

শ্ৰদ্ধেয় ৰাইজ, আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমি কেইজনমান আবেগ প্ৰবণ, আমোদপ্ৰেমী, আৰামপ্ৰিয় অসমীয়া মানুহে লগ লাগি এটা নতুন ৰাজনৈতিক দল খোলাৰ সিদ্ধান্ত লৈছোঁ। দলটোৰ নাম হ’ল “জয়জয় ময়ময় দল”। আমাৰ দলটোক ভোট দি জয়লাভ কৰিলে আমাৰ ৰাজ্যখনৰ সকলো মানুহৰে অৱস্থা যে জয়জয় ময়ময় হ’ব সেয়া খাটাং। আমাৰ দলটোৰ মূল আঠ দফীয়া পৰিকল্পনা নিৰ্বাচনী ইস্তাহাৰৰ ৰূপত তলত বেকত কৰা হ’ল – ১) জয়জয় ময়ময় দল শাসনলৈ আহিলে সকলোকে যি ইচ্ছা কৰি থাকিবলৈ পূৰ্ণ স্বাধীনতা আৰু সম অধিকাৰ দিয়া হ’ব।

Read more

মাইনাৰ বাবে – মানস শইকীয়া

“হেৰা,উঠা আকৌ; ইমান দেৰিলৈকে শুবানে? মই মাইনাক স্কুল নিব লাগিব নহয়৷ উঠা উঠা৷” দিনৰ দিনটো ব্যক্তিগত খণ্ডৰ অফিচটোত বচৰ ৰঙা চকু চাই চাই সাত-আঠ বজালৈ গেবাৰী খাটন দিব লগা হয়৷ সেয়েহে, ৰাতিপুৱা অকণমান দেৰিলৈকে শোৱাটো বিৰাজৰ এক অভ্যাস৷ এইবছৰ মাইনাক স্কুলত দিয়াৰ পৰা সেই সুখকণ হেৰুৱাব লগা হোৱাত বিৰাজৰ বাৰুকৈ আমনি হৈছে৷ মাইনাক স্কুলত দিম বুলি ভবাৰ পৰাই পত্নী জয়িতাৰ কামো বাঢ়িছে।কলমটিয়াই থকা মাইনাক A B C…..1 2 3 শিকোৱা, মিছ ধৃতিস্মিতা মৌ কাশ্যপৰ দৰে দীঘলীয়া নামটো শিকোৱা দেখিলে বিৰাজৰ

Read more

ফ্ৰী ৰিচাৰ্জ – ৰাজু কুমাৰ নাথ

কেইবছৰমানৰ আগৰ কথা। গুৱাহাটীৰ পৰা আবেলি তেজপুৰ অভিমুখী “মেঘা” বাছখনত আহি আছোঁ। তিনিদিনকৈ একেৰাহে জি এম চি এইচত বেমাৰী ৰখীয়া হৈ ঘৰলৈ মোৰ উভতনি যাত্ৰা। দূৰযাত্ৰাত গাড়ীত উঠিলেই মোৰ শুৱাৰ অভ্যাস। ঘৰলৈ আহি আছোঁ বুলি খবৰটো দি মোবাইলটো চুইছ অফ কৰি ল’লোঁ। কাষৰ ছীটৰ যাত্ৰী মোৰ মাজু খুড়া। খুড়া আকৌ “নমো নমো পাৰিজাত”, পুৱাই তেজপুৰৰ পৰা বেমাৰীৰ খবৰ ল’বলৈ আহিছিল। ‘ভকত মানুহ’ ক’তো একো বাহিৰা বস্তু নাখায়। খুড়ীয়ে দি পঠোৱা ভিজোৱা বুট আৰু কলকে খাই মাজে মাজে অধোবায়ু এৰি পৰিবেশটো

Read more

নিৰামিষ খাদ্য – অতুল নাথ

ষ্টাফৰ চিষ্টাৰ কেইগৰাকীমানৰ ফেয়াৰৱেল পাৰ্টি আছিল শনিবাৰ এটাত। মই, আৰু লগৰ দুজনে একেখন টেবুলত খাবলৈ বহিছোঁ। তাৰে এজনৰ নাম জীটু শৰ্মা৷ ভাবিছিলোঁ জীটুৰ ব্ৰত, তাৰ লখিমপুৰৰ দদায়েক ঢুকাল, গতিকে সি চাগে মাছ-মাংস নেখাব। আমি লাহে লাহে নিজৰ খোৱাত মন দিছোঁ। প্ৰথমতে মটৰ পনীৰ দিলেহি, সি “মোক সেইবোৰ নেলাগে, ব্ৰতত আছোঁ” বুলি ওলোটাই পঠিয়ালে। ডিউটিৰ পিছত মিটিং, তাৰ পিছতহে খানা। গতিকে ভোক তুংগত, যি পাইছিলোঁ গো-গ্ৰাসে গিলিছোঁ। তেনেতে মাংসৰ প্লেট দিলেহি। কিন্তু এইবাৰচোন সি বৰ আগ্ৰহেৰে উমনিত বহা কুকুৰাই ঠোঁটেৰে কণী

Read more

তেল কা খেল – অভিজিৎ মেধি

অফিচ-কাছাৰীৰ ব্যস্ততা কি বস্তু নাজানিলে বেংকলৈ গৈ মেনেজাৰজনক লক্ষ্য কৰক। ইটোৰ পাছত সিটো কাম, ইটোৰ পাছত সিটো ফোন। তথাপিও উশাহ লোৱাৰ নিমিত্তে তেওঁ বিৰতি ল’লেই মোৰ কথাখিনি ক’ম বুলি বোন্দাপৰ দি বেংক মেনেজাৰৰ কেবিনত বহি আছোঁ। মাজে মাজে ফোনটো উলিয়াই ফেচবুক-হোৱাটছ্এপ্ চেক কৰি ব্যস্ত থকাৰ ভাও দি আছোঁ। মেনেজাৰেও বুজক, ময়ো যে ব্যস্ত মানুহ! : কওকচোন, কি বা লাগিছিল আপোনাক? কাষ্টমাৰ কেয়াৰত ফোন লগাই কম্পিউটাৰ পৰিচালিত কণ্ঠৰ বেবেৰিবাং শুনি থকাজনে হঠাৎ মনুষ্য কণ্ঠ শুনিলে খপজপ লগোৱাৰ দৰেই সাজু হৈ উঠিলোঁ।

Read more

ইংৰাজী পঢ়াৰ সহজ উপায় – ব্ৰক্ষ্মানন্দ পাটিৰি

হেকা: ঐ বিজয়, এই পুৱাই তই ধৰিলিনে? বিজয়: নহয় মানে আজি হকাৰটোৱে ভুলতে অসমীয়া বাতৰিখনৰ সলনি ইংৰাজী এখনহে দি গ’ল। হেকা: তাতে কি হ’ল? বিজয়: নহয় মানে সেইবিধ নধৰিলে মোৰ ইংৰাজী পঢ়োঁ‌তে অসুবিধা হয়। ☆★☆★☆

Read more

ৰাকুদাৰ A Wonderous Army ৰ ৰিভিউ – সুনীল দত্ত

হাবিলৈ পৰ্য্যটক গৈ ঘূৰি নহাৰ বিষয়টোৰ সন্দৰ্ভত তদন্ত কৰাৰ দায়িত্ব আৰ্মিৰ মেজৰে আমাৰ চিনেমাৰ নায়ক ওৰফে কেপ্টেইনৰ কান্ধত অৰ্পণ কৰাৰ পিছত লয়লাস খোজেৰে নায়ক ওলাই আহে৷ বাহিৰত ৰৈ থকা আৰ্মিৰ জোৱানজনে লগে লগে নায়কক চেল্যুট নিদিয়াৰ বাবে নায়কে ক্ষন্তেক অপেক্ষা কৰে৷ দিওঁ নিদিওঁকৈ জোৱানজনে চেল্যুট দিয়াৰ পিছত নায়কে পুনৰ স্বভাৱসুলভ ভঙ্গীমাৰে লাহে লাহে খোজ কাঢ়ি নামি যায়৷ এইখিনিতেই আমি নায়কৰ নিয়মানুবৰ্তিতাৰ উমান পাওঁ৷ হাবি গৈ পোৱাৰ পিছতেই নায়কে লগত লৈ যোৱা চছপেনটো উলিয়াই চাহ বনাবলৈ আৰম্ভ কৰে৷ ইয়াত আমি নায়কৰ

Read more
1 16 17 18 19 20 115