মহাপলায়ন পৰ্ব – অভিজিত কলিতা
(চতুৰ্থ খণ্ড) হিমালয় যাত্ৰা – বাকী যাত্ৰা গতানুগতিক, একেবোৰেই কথাবতৰা, গতিকে অলপ চমুৱাই থ’লো। চাৰিদিন তিনিৰাতি একেৰাহে যাত্ৰা কৰি বাছখন কাঠমাণ্ডু চহৰ সোমালগৈ। তাত ইৰাণীয়ে অপেক্ষা কৰি আছিল, লগত কেইবাজনো নেপালী মানুহ, হয়তো শ্বেৰ্পা। তেওঁলোকে বয়-বস্তুবোৰ সামৰি এখন ধৰমশালাত সোমালগৈ। চাৰিদিনীয়া যাত্ৰাই তেওঁলোকক ভাগৰাই তুলিছে, আজিহে ভালকৈ শুব পৰা যাব। ইয়াত তিনিদিন আৰাম কৰিব লাগিব। চেঙেলীয়াকেইটাৰ কিন্তু দুখ ভাগৰ নাই। সিহঁত লগে লগে কাঠমাণ্ডু চাবলৈ ওলাল, পশুপতি মন্দিৰৰ সমূখত ধুনীয়া সাজপাৰ কৰা ছোৱালীবোৰ চাই চাই হেঁপাহেই নপলায়। : আস্ গোটই
Read more