ফটাঢোল

আমাৰ এওঁ – লুনা বৰা

শুৱনি আমাৰ এওঁজন অতি নাভূত নাশ্ৰুত কথাৰে ভৰা, কি নো ক’ম, কি নো নক’ম, ভাবিয়ে পাৰ নোপোৱা। শুৱনি আমাৰ এওঁৰে পাকঘৰ একোৰে আতি গুৰি নোপোৱা, কুকাৰৰ চিটি মাৰিলেও দৌৰে চিঞৰি…… “বাৰ্ষ্ট হব এতিয়া”। শুৱনি আমাৰ এওঁৰে বেডৰূম সদায় কাপোৰৰ মেলা বহা, পিন্ধি থকা চাৰ্ট পেন্টটোকে বিচাৰি গোটেইখন তল ওপৰ কৰা। শুৱনি আমাৰ এওঁৰে দ্ৰয়িং ৰূমটি চোফাকে বেড সজোৱা, টিভিও চায়, একেলগে পেপাৰো পঢ়ে যেন জ্ঞানৰ হে সঁফুৰা। শুৱনি আমাৰ এওঁৰে বাথৰূমটি নানান গোন্ধৰে সজাই থৈ অহা, আধা বাল্টি পানীত, আধা

Read more

ছাকিৰা আহিব ফটাঢোলৰ বিহুলৈ – হেমন্ত কাকতি

(চতুৰ্থ খণ্ড) বহু আশা আকাংক্ষাৰ ওৰ পেলাই অৱশেষত আহি পৰিল সেই বিশেষ দিনটো৷ ছাকিৰা আজি আহিব ফটাঢোলৰ বিহুলৈ৷ ৰাতিপুৱাৰপৰা কাৰো গাত তত নাই৷ বিশেষ বিমানেৰে ছাকিৰাই অৱতৰণ কৰিব দিনৰ বাৰ বজাত গুৱাহাটী বিমান বন্দৰত৷ প্ৰায় আঠখন ইনোভা আৰু এখন মিনিট্ৰাক লৈ সঞ্জুবাবা এণ্ড কম্পেনীৰ দায়িত্ব হ’ল ছাকিৰাক বিমান বন্দৰৰপৰা হোটেল ৰেডিচন ব্লুলৈকে অনা আৰু বাদ্যযন্ত্ৰবোৰ চিধাই আমাৰ গাঁৱলৈকে অনা৷ বেছিভাগ সা-সৰঞ্জাম কালিয়েই আনি ষ্টেজত স্থাপন কৰা হৈছেই৷ মনিছা আৰু বালিকাৰ বাহিৰে ফটাঢোলৰ প্ৰায় সকলো সদস্য আজি আমাৰ গাঁৱত৷ ৰাস্তাত পুলিচ

Read more

স্বৰূপ – কৌশিক দাস

টেলিভিছন ষ্টুডিঅ’টোৰ পৰা নাতিদূৰৈত থকা বাপধনৰ সৰু গুমটি দোকানখন সাধাৰণতে খুৱ কম ভদ্ৰলোকৰহে চকুত পৰে। বিজুলীৰ লুকাভাকু আনদিনাৰ দৰে আজিও চলি আছে। নিশা তেতিয়া ন বাজিছে, বাপধনেও দোকানখন সামৰাৰ প্ৰস্তুতি চলালে। :ভাইটি, ইণ্ডিয়া কিং চিগাৰেট ৰাখা নেকি হে? ক্ষীণ পোহৰৰ পৰা ওলাই অহা মাতষাৰ কাৰ প্ৰথমতে ধৰিব পৰা নাছিল বাপধনে, : হয়, আছে। :চাওঁ, মোক দুটা দিয়া। : অম্লানদা, জ্বলাওক…… অম্লান খনিকৰৰ ওঁঠত জ্বলিবলৈ উদগ্ৰীৱ হৈ থকা চিগাৰেটটো জ্বলাই দিলে হাজৰিকাই। সম্পুৰ্ণ বেপৰোৱা ভংগীত। একেডাল কাঠিৰে তেৱোঁ আনটো জ্বলাই ল’লে।

Read more

এ টেল অৱ এ হৰৰ কেট – ৰিমঝিম বৰঠাকুৰ

ভূত চতুৰ্দশীৰ পিছদিনাৰ ঘটনা। সেইদিনা ৰাতি চৈধ্যগচ চাকি জ্বলাই ভূত খেদাইছিলোঁ যদিও ভূতে মোৰ লগ নেৰিলে। কোনোমতে মাত্ৰ মোৰ প্ৰাণটো ৰক্ষা কৰিলোঁ আৰু ভূতৰ পৰা…। কথাটো মনত পৰিলে এতিয়াও গাটো জিকাৰ খাই উঠে। কাহিনীটো এনেকুৱা আছিল– -অ হ’ল -কি হ’ল? -এইয়া চোঁৱাহি -অ কোনে কেনেকৈ? -মই কি জানোঁ কোনে কেনেকৈ? -কেনেকৈ হ’ব পাৰে বাৰু! -আমি শুবলৈ যোৱালৈকে ঠিকেই আছিলতো। আগদিনা ইমান কষ্ট কৰি বনোৱা আল্পনাটোৰ আধা ভাঙি ৰঙবোৰে দাঁত নিকটাই পকাখনত চেদেলি-ভেদেলি হৈ পৰি আছিল । তাকে দেখি মোৰ ‘অ

Read more

অসমীয়াগিৰী – সুনীল দত্ত

এঙামুৰি এটা মাৰি উঠোঁ‌ নুঠোকৈ বিচনাৰপৰা উঠিলোঁ। দমকলৰ পাৰলৈ গৈ চকুদুটা পানী এচলুৰে মচি পাকঘৰত সোমালোঁ। কালি দাঁত ব্ৰাছ কৰিছিলোহে, আজি নকৰিলেও কথা নাই। ডাইনিং টেবুলখনত চৰিয়াটোৰে ঢাকি থোৱা চুজিখিনি মোকোৰা মোকোৰে খাই গাত চোলা আৰু পেণ্টটো সোমোৱাই বাইকখনত ষ্টাৰ্ট দিলোঁ। মূৰ ফণিয়াবলৈ মূৰত চুলি নায়েই, আজিকালি সেইকাৰণে আৰ্চি ফণিৰ লগত তেনেকুৱা ৰাহি যোৰাও নাই। দুমাহমানৰ মূৰত এবাৰ বীৰেন্দৰৰ চেলুনলৈ গৈ দাড়িখিনি অকণমান কাটি আহিলেই লেঠা শেষ। পঞ্চায়ত নিৰ্বাচনত এইবাৰ জিলা পৰিষদৰ সদস্য পদটোত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি মনে মনে ঠিৰাং

Read more

পতি, পত্নী ঔৰ ৱহ – সঞ্জীৱ মজুমদাৰ

ফটাঢোল ফিল্মছ প্ৰেজেন্টছ্ ‘পতি, পত্নী ঔৰ ৱহ’ চিত্ৰনাট্য আৰু পৰিচালনাঃ সঞ্জীৱ মজুমদাৰ। প্ৰযোজিকাঃ ৰাজশ্ৰী শৰ্ম্মা। অভিনয়তঃ হেমন্ত কাকতি ৰিন্টুমণি দত্ত ভাস্কৰ বৰডেকা গীতিকা দত্ত উৎপলা শ‌ইকীয়া ধৰিত্ৰী শৰণীয়া মিতালী চহৰীয়া পৰীস্মিতা দাস চিনেমাখনৰ সময়কালঃ মুঠ তিনি ঘন্টা চৰিত্ৰ সমূহৰ পৰিচয়ঃ ১. ৰিন্টুমণি দত্ত : চাকৰিয়াল। অফিচৰ মহিলা সহকর্মী সকলৰ ফোন আহিলে পত্নীয়ে অযথা সন্দেহ কৰে। ২. জয়া: ৰিন্টুমণিৰ পত্নী, গৃহিণী, পতিক খুব ভাল পায়, কিন্তু কোনোবা মহিলাৰ সতে প্রেমত পৰিব পাৰে বুলি খুব সন্দেহ কৰে। ৩. মালবিকা: ৰিন্টুমণিৰ অফিচৰ সহকর্মী,

Read more

অবৈধ বাংলাদেশীৰ সমীপেষু! – প্ৰাঞ্জল শইকীয়া

খিলঞ্জীয়া নহয় যদি কিয় তুমি কন্দা? তাতকৈ তুমি টালি টোপোলাকেইটাকে বান্ধা ঘূৰি গৈ নিজ দেশলৈ ভাল কামত ধৰা খাবলৈ এৰি দিয়া কাঁটা তাঁৰ পাৰ হোৱাৰ ধাণ্ডা ।   নিজা ঘৰ থাকিও তহঁত অসমলৈ আহ কিয় ? বেআইনী সকলো কামতেই তহঁতৰ চকু থিয় কৰিমেই তহঁতৰ উচ্ছেদ খিলঞ্জীয়াৰ নহ’ব বিচ্ছেদ থলুৱাৰ বাহিৰে তহঁতক আৰু ইয়াত হ’বলৈ নিদিওঁ থিয় । ☆★☆★☆

Read more

সেই মেডিকেল ৰিপ্ৰেজেণ্টেটিভ ল’ৰাজন – মিতালী চহৰীয়া

সকলোৱে কয় প্ৰেম জনমে জনমে। কিছুমানৰ প্ৰেম হ’লেও নজমেহে নজমে, মোৰ আকৌ প্ৰেম নজন্মেহে নজন্মে। কত জন্মিব? ডিউটি কৰা, খোৱা, ফেচবুক হোৱাটছএপ এইবোৰ কৰি থাকোঁতে প্ৰেম কৰিবলৈ সময়েই নাইকিয়া হয়। প্ৰেম জন্মাবলৈ এদিন ফেচবুকত এজনৰ লগত কথা পাতিলোঁ। হাই হেল্ল’ কৈ চিনাকি হোৱাৰ পিছত পিছৰদিনা মেছেজ কৰিলে হাই কি কৰিছা? ব্ৰেকফাষ্ট কৰিলা? মই ক’লো ব্ৰেকফাষ্ট কৰিব নাই দেই অসমীয়া ছোৱালী হয় তিনিবেলা তিনিসাজ ভাত খাওঁ আমি। উফফ..লগে লগে ব্লক কৰিলে। অন্তৰত বহুত আঘাত পালোঁ, জনম পোৱাৰ আগতেই যেন মৃত্যু। ডিউটি

Read more
1 2 3 4 5 115