ফটাঢোল

পুলিচ থানাত এঘণ্টা দহ মিনিট – মঞ্জুলী ৰাহাঙ

জীৱনত আমি কত কি বিপাক-দুৰ্বিপাকৰ সমুখীন হ’বলগীয়া হয় ৷ নহয়নে বাৰু? সেই বিপাক-দুৰ্বিপাকে কেতিয়াবা হয় কন্দুৱাইছে,নহয় কেতিয়াবা হহুঁৱাইছে নাইবা কেতিয়াবা দিছে কিছুমান পাহৰিব নোৱাৰা অভিজ্ঞতা৷ এদিন এনেকুৱা এক পাহৰিব নোৱাৰা দুৰ্বিপাকৰে সমুখীন হ’লোঁ আমি আৰু আমাৰ একমাত্ৰ পুত্ৰ । যদিও ঘটনাটোক ‘দুৰ্বিপাক’ আখ্যা দিছোঁ তথাপি ঘটনাটোত কিছু আমোদ আৰু চিন্তনৰ মিশ্ৰিত উপাদান বিদ্যমান ৷ গুৱাহাটী মহানগৰীৰ বহুতো কথাৰ কাৰণে গোটেই বিশ্বতে ৰৈ বৈ যোৱা খিয়াতি আছে। প্ৰথমেই ক’ব খুজিম শক্তিপীঠ মা কামাখ্যা দেৱীৰ মন্দিৰ, নৱগ্ৰহ মন্দিৰ, দেৱাদিদেৱ ভোলানাথৰ দ্বাদশ জ্যোতিৰ্লিঙ্গৰ

Read more

কবি নৃপতি বৰ্মন আহি আছে – নয়নমনি হালৈ

মানুহজনে গোটেই জীৱন কবিতাকে লিখিলে। বাতৰি কাকতত পঠিয়াই যদি এশটা, প্ৰকাশ হয় এটা। আঠ পৃষ্ঠাজোৰা আখৰৰ অৰণ্যত মানুহজনে নিজৰ নামটো বৰ হেঁপাহেৰে বিচাৰি ফুৰে সদায়। আৰু যিদিনা কোনোবা এটা কবিতা প্ৰকাশ হয়, সেইদিনা সেই খবৰটো গোটেই চুবুৰিয়ে গম পাই যায়। সিদিনা মানুহজনৰ চকু-মুখ এক অনন্য পোহৰে উজলাই ৰাখে,পত্নীক বৰ সাদৰেৰে মাত এষাৰ লগাই চাহ এটুপি খুজি খায়। মানুহজন এদিন এজন প্ৰতিষ্ঠিত সাহিত্যিকৰ নজৰত পৰিল। সাহিত্যিকজনাৰ নাম-যশৰ সীমা সংখ্যা নাই। মহানগৰীত তেওঁৰ সম্পত্তিৰ পৰিমাণো চকুত লগা। এটা চৰকাৰী বিভাগৰ মূৰব্বী পদৰ

Read more

দ্যা বাৰ্ণিং চাইকেল – হেমন্ত কাকতি

লাইট-কেমেৰা_একচন!!! চিন ১:- নদীৰ ঘাটত কাষত কলহ এটা লৈ হালি-জালি নাচি-বাগি গৈ আছে হিৰোইন কাজল প্ৰিয়া৷ বেকগ্ৰাউণ্ডত বাজি আছে- “মনমা ইমো’চন জাগে ৰে মনমা ইমো’চন জাগে! মেৰা দেচী টিপিকেল চৈয়া,- পিপ’ল কী ঠণ্ডী ছায়া…নাচে তা তা থৈয়া” এইবাৰ কেমেৰাৰ এংগোল বদলি হয়! স্থান:-হিৰ’ ৰিতুপৰ্ণ বৰাৰ শোৱা-শেতেলি! প্ৰায় তিনিদিন মান নুখুৰোৱা দাঢ়ি, উখহি যোৱা চকুৰে আন্ধাৰৰ পৰা পোহৰ হ’বলৈ ধৰে ক্ৰমাৎ হিৰ’ৰ মুখাৱয়ব! বেকগ্ৰাউণ্ডত তেতিয়াও আৱহ সংগীতটো বাজি থাকে যদিও সুৰযন্ত্ৰ সলনি হয়৷ মাজে মাজে ভায়োলিনে ডি মাইনৰত নতুন ধুন এটা

Read more

আধৰুৱা প্ৰেম – মিৰাজুল ৰছিদ

এতিয়াও মনত পৰিলে বুকুখন বিষায়। অহ্! আচলতে বুকুখনতকৈ গালখনহে বেছি বিষায় । কেইবছৰমান আগৰ কথা। প্ৰেমৰ নামত ছোৱালী বিচাৰি হাবাথুৰি খাই আছিলোঁ। নাই কোনেও পাত্তা নিদিয়ে। মোৰ ঠাইত আন কোনোবা হ’লে আশা এৰিয়েই দিলেহেঁতেন। কিন্তু এনে অৱস্থাতো মই আশা এৰি নিদিলোঁ। মই ল’ৰাটো বৰ পজিটিভ; আফটাৰঅল মোৰ ব্লাড গ্ৰুপো বি পজিটিভ। মনতে থিৰাং কৰিলোঁ লাগিলে পঢ়া-শুনাত সময় কমকৈ দিম আৰু অধিক সময় ছোৱালী এজনী বিচাৰিবলৈ খৰচ কৰিম। মুঠতে প্ৰেম মইয়ো কৰিম, সেয়া খাটাং। ডেইজী! হয়,তাইৰ নাম ডেইজী আছিল। আমাৰ ঘৰৰ

Read more

হেলিকপ্টাৰ, ভাওনা ইত্যাদি – দেবাংগ পল্লভ শইকীয়া

১) ভাওনা (ক) সাধু নহয়, নিজে দেখা কথা। অসুৰটোৰ নাম পাহৰিছোঁ। জংঘাসুৰ আছিল হ’বলা! কৃষ্ণই বধ কৰিব। যথাসময়ত তয়াময়া ৰণ লাগিল। খোলৰ ছেৱে ছেৱে অসুৰৰ জাঁপত দৰ্শক ৰাইজ অতি আনন্দিত হৈ জাউৰীয়ে জাউৰীয়ে হাত চাপৰি মাৰিলে। আমিও সুহুৰী মাৰিলোঁ। এসময়ত অসুৰ মাটিত বাগৰি পৰিল। কৃষ্ণই চক্ৰৰে অসুৰক বধ কৰিলে। সূত্ৰধাৰেও “অহিচন প্ৰকাৰে অসুৰৰ মৃত্যু হৈল” বুলি ঘোষণা কৰিলে আৰু কৃষ্ণয়ো নাচি নাচি প্ৰস্থান কৰি গৈ থাকিল। পিচে মাটিত পৰি মৰি থকা অসুৰক মৰাৰ পিছতো ৰাইজে হাত চাপৰিৰে ইমানেই উৎসাহ দিলে

Read more

দিহিঙে দিপাঙে – অগ্নিভ দত্ত

বহুত দিনৰপৰা চিন্তা কৰি আছিলোঁ৷ দুদিনমান বন্ধ পালে চেইণ্ট লুচিয়াৰ ফালে পাক এটা মাৰিব লাগিব বুলি৷ ৫০০ কি:মি:ৰ ভিতৰত হ’লে গাড়ী চলাই যাবলৈ ভাল পাওঁ৷ চেইণ্ট লুচিয়ালৈ মোৰ ঘৰৰপৰা প্ৰায় ৭৪০ কি:মি: মান হয়৷ গতিকে অকলে গাড়ী চলাই যাবলৈ অকণমান আমনি লাগে৷ ৰীমাই দূৰলৈ গ’লে গাড়ী চলাই ভাল নাপায়৷ যি কি নহওক গাড়ী চলাই যোৱাটোৱেই ঠিক কৰিলোঁ শেষত৷ যোৱাটো ঠিক কৰিলোঁ হয়, কিন্তু থকাৰ বন্দবস্ত কৰিবলৈ লৈহে দেখোঁ, চাৰিদিন বন্ধৰ সুযোগ কোনোৱেই হয়তো এৰি দিব খোজা নাই, হোটেল, ল’জ আদি

Read more

নাটক কৰোঁতে হোৱা লটিঘটি – পৰীস্মিতা দাস

শৈশৱৰ মুকলিমূৰীয়া সময়ৰ কথা৷ বিদ্যালয়ৰ পৰা আহি ভাতমুঠি নাকে-কাণে গোঁজি দৌৰ মাৰোঁ পথাৰলৈ৷ হাওঁ, গোল্লা, দান, কাবাডী আদি খেলৰ মাজে মাজে এজাক শিশুৰ উল্লাসিত চিঞৰেৰে পথাৰখন ভৰি থাকে৷ মা-দেউতাৰ গালি ধমকিয়েও আমাক পথাৰখনৰ পৰা আঁতৰাই ৰাখিব নোৱাৰে৷ কিন্তু বহাগ বিহু আৰু হাইস্কুলৰ বিদ্যালয় সপ্তাহৰ আগৰ সময়খিনিত আমাৰ দৈনন্দিন ৰুটিনৰ সলনি হয়৷ চেনেহৰ পথাৰখনৰ পৰিৱৰ্তে সেইকেইদিন আমি ব্যস্ত থাকোঁ। গোটেই চুবুৰীটোৰ আমাতকৈ ডাঙৰ ছোৱালীখিনিয়ে লগ হৈ কৰা একাংকিকা নাটকৰ আখৰাত৷ প্ৰতি আবেলি সেই আখৰাত আমি ইমানেই নিমগ্ন হৈ যাওঁ যে আমি

Read more

বানান বিভ্ৰাট – চবিনা ইয়াচমিন

১/ এজন কবিয়ে বৰ সুন্দৰ কবিতা লিখে৷ অনুৰাগী অলেখ৷ এদিন তেনে এগৰাকী অনুৰাগীয়ে কবিজনাৰ ফেচবুকৰ বাৰ্তা বাকচলৈ বাৰ্তা প্ৰেৰণ কৰিলে- “ছাৰ আপোনাৰ কবিতা পঢ়ি খুব ভাল পাওঁ৷ মই আপোনাৰ কবিতাৰ নিয়মীয়া পাঠক….(তেনেধৰণৰ আৰু বহুত কথা লিখিলে৷) কবিয়ে উত্তৰ দিলে- “জানি ভাল লাগিল৷” কিন্তু লাগিল নহয় লেঠা৷ ‘জানি’ৰ ‘ই’ কাৰডাল দিবলৈ থাকি গ’ল৷ পিছত অনুৰাগী গৰাকীয়ে খবৰ খাতি কৰিলত কবিজনা সেইগৰাকীৰ সম্পৰ্কীয় ভিনিহিয়েক ওলাল৷ ভনীয়েকে বায়েকক দিলে লগাই ভিনিহিয়েকৰ কথা৷ তেওঁ পত্নীক হাজাৰ বুজায়ো সৈমান কৰিব পৰা নাই যে সেয়া typing

Read more

আত্মবাজন – ৰাজীৱ শৰ্মা

(১) স্বাধীনতা দিছিল মোক একোকে নকৈ জুই দেখি জাহ গ’লোঁ নাভাবি দকৈ এতিয়া পাইছোঁ সেকা দি থাকে চাৱনি বেঁকা জীৱনলৈ হেৰাল স্বাধীনতা সঁচাকৈ     (২) সন্ধ্যা হ’লেই হওঁ ৰজা মহাৰাণা প্ৰতাপ পত্নীক হাত কৰোঁ দি মহাৰাণীৰ খিতাপ এনেদৰে চলিছিল সপ্তাহৰ সাতদিন কথাটি জানিব পাৰি আজি বুলিলে বজ্জাত ☆★☆★☆

Read more

জুগুণি আইতা – প্ৰণীতা গোস্বামী বৰঠাকুৰ

:”ৰহ, আজি মই তহঁতক ‘জুগুণি’ আইতাৰৰ ওচৰলৈ লৈ যাম, তেওঁৰ কথাবোৰ শুনিলেহে যদি তহঁত ঠিক হৱ!” আমাৰ উৎপাত আৰু টিঘিলঘিলনি সহ্য কৰিব নোৱাৰি, একপ্ৰকাৰ ধমকিৰ সুৰতে মায়ে কথাখিনি ক’লে আমাক। আমিও সেইফালেই তাপ মাৰিলোঁ। ‘জুগুণি’ নামটো শুনিয়েই মোৰ কিবা ভয় ভয় লাগিল। দুপৰীয়া খুদকণ দুটামান খাবলৈ দি মায়ে আমাক মানে গুণ্টিলৌ, মোক, জজৌ, দিদৌ আৰু ফফৌক সাজু কৰিলে আইতাৰ ওচৰলৈ বুলি। দিদৌৱে নাযাওঁ নথওঁখন লগাইছিল যদিও অকলে থকাৰ ভয়তে মান্তি হ’ল। এনেয়ো সি অলপ আকোঁৰগোজ, অঘাইটং। সকলো বস্তুতে তাৰ আধিপত্য

Read more
1 35 36 37 38 39 115