ফটাঢোল

আয়কৰ (মূল লেখকঃ গুৰমীট বেদী) – অনুবাদঃ কৃষ্ণকান্ত দাস

খাকসাৰৰ পত্নী আজি অত্যন্ত সুখী, কিয়নো দেশৰ বিত্তমন্ত্ৰীজনে মহিলাৰ সপক্ষে বাজেট দাখিল কৰিছে। মানে কথাটো এনেকুৱা যে আজিৰ বাজেটৰ অতি গুৰুত্বপূৰ্ণ কথাটো হ’ল মন্ত্ৰী মহোদয় মহিলাসকলৰ প্ৰতি খুব বেছিয়েই “ফিদা” আৰু সেয়ে চাগৈ তেওঁ বৰ সহৃদয়তাৰে মহিলা সকলৰ আয়কৰ এক লাখ আশী হাজাৰ টকালৈকে ৰেহাই দি দিলে। ‘ৰেহাই’- সাধাৰণতে এই শব্দটোৱে আমাৰ মহিলাসকলক সদায় বাৰুকৈয়ে আকৃষ্ট কৰি আহিছে। এই শব্দটোৰ গোন্ধ অকন পালেও আমাৰ মহিলাসকলৰ মন থৌকি বাথৌ হ’বলৈ ধৰে। মূঠতে আয়কৰেই হওক বা ‘শ্বপিং’, ‘কিটী পাৰ্টি এৰেঞ্জমেণ্ট’তেই হওক নতুবা

Read more

দৰঙীয়া উপভাষাৰ লিমাৰিক – ধৰ্মজ্যোতি ভট্টাচাৰ্য

১. কলেজীয়া ঝিয়াগিলা ৰাষ্টাইদি যায় তাকে দেখি লিকিৰাহেঁতে সুহুৰিয়ায় ঝিয়াই ভাৱে মনে মনে মই বৰ ধুনীয়া তাৰমানে চুলিকোঁচাত হাত ফুৰাই নিজকে জহায় ।     ২. কোমল কোমল বন্নি চাউলৰ কোমল কোমল পিঠা আমাৰ গাঁৱৰ চেনীৰামৰ মাতটো বৰ মিঠা ভাদেইৰ ঘৰত পিঠাৰ গোন্ধ সক্ৰিয় হয় তাৰ নাকৰ ৰন্ধ্ৰ সন্ধিয়া ওলায়গৈ ভাদেইৰ ঘৰ যেন ভোবোলা পঠা । ৩. বজাৰৰপে আনলো ভথ্থা কল জলপান খাম বুলি থৈ দিলোঁ পাকঘৰৰ চুকত ভালকে পকক বুলি পিছে ৰামভক্ত আহি পাই গোটাক গোটাই গিল্লা ভাই মায়ে

Read more

স্বাধীনতাৰ গদ্য – নীলাক্ষি দেৱী ডেকা

আপোনালোক সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ। মই আপোনাক চিনি নাপালেও আপুনি মোক চিনি পায় চাগে! আপুনি যদি গুৱাহাটী মহানগৰীৰ বাসিন্দা আৰু ফেচবুকত সক্ৰিয় তেনে এই সম্ভাৱনীয়তা আৰু বৃদ্ধি পাব। মোক ৰাইজে চিনে! চিনে মানে বহুবছৰৰ কষ্ট আৰু অধ্যৱসায়ৰ ফলত নিজৰ তেনে এটা পৰিচয় তৈয়াৰ কৰিছোঁ মই। মোৰ নাম?  মই মিষ্টাৰ বৰুৱা,  জি. এম. বৰুৱা। ঘনিষ্ঠবোৰে সাধাৰণতে বৰুৱাদা বুলিয়েই মাতে,  আপুনিও মাতিব পাৰে, বেয়া নাপাওঁ মুঠেই। সম্পূৰ্ণ নাম?  এহ, সেইটো জানি কিদাল কৰিব হে! চাৰ্টিফিকেট কেইখনত থকাৰ বাদে আৰু কাম নাই

Read more

য়ে’ আজাদী জ্যুথি হ্যে – খনিন্দ্ৰ ভূষণ মহন্ত

দৃশ্যপট ১: “থ হেৰ’, তই যে এনেকুৱা এটা কাম কৰিবি মই সপোনতো ভবা নাছিলোঁ।” – এজনৰ ভাষ্য এয়া। “তাকেহে ককাইদেউ, ইও সেই একেই তিৰোতা-সেৰুৱা হ’ল।” – ওচৰতে থকা আন এজনে একেটা সুৰতে কথাষাৰ কৈ সেইখিনিৰ পৰা আঁতৰি গ’ল। চাই থাকোঁতেই গোট খাই থকা প্রায় পাঁচজন মানুহ অন্তর্ধান হোৱা দি হ’ল। গাঁওখনত গেলা-মালৰ দোকান বুলিবলৈ এখনেই। আৰু দোকান বুলিলেই ভিৰ এটা থাকেই দিয়কচোন। অ, সন্ধ্যাৰ পৰা ভিৰটো বেছি হয়; সেইটো বেলেগ কথা। কোনোবাই যদি ফূৰ্ত্তী পানীকণ গ্রহণৰ সময়ত প্রয়োজন হোৱা চানা,

Read more

লোকেল ৰজনী এক্সপ্ৰেছ – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

সদায় চাই ভাল লগা চাউথ ইণ্ডিয়ান চিনেমাই হয় এইখনো। এইখনৰ হিৰ’ আকৌ চাউথৰ চুপাৰষ্টাৰ, মেগাষ্টাৰ বা যিকোনো ষ্টাৰ ৰজনীকান্থ। আমি ৰজনীকান্ত বুলি কৈয়ো লাভ নাই, চাউথত ৰজনীকান্থ বুলিয়ে কয়। চিনেমাখনৰ ঘটনাটো এনেধৰণৰঃ এখন গাঁৱত পানী নাই। পানী নাই মানে, য’তে ত’তে খান্দিলেও পানী নোলায়। গাঁৱৰ মুখীয়ালজন, যিয়ে চিনেমাখনৰ ভিলেইনো হয়, তেওঁ বহুত জেগাত খান্দিও পানী উলিয়াব পৰা নাই আজিলৈকে। তেওঁ উপায়ান্তৰ হৈ বহুতো যাগ-যজ্ঞ কৰি বুজি পালে যে গাঁওখনত থকা বিধৱা মানুহজনী আৰু তাইৰ জীয়েকজনীয়েই গাঁওখনত পানী নোপোৱাৰ একমাত্ৰ কাৰণ,

Read more

ফটাপ্ৰশ্ন

১)ৰামানুজ গোস্বামী: এগৰাকী মহিলাই জীয়েকৰ প্ৰতি,জোঁৱায়েকৰ আদৰ-যতনৰ কথা গৌৰৱেৰে কয়, অথচ একেখিনি আদৰ পুতেকে বোৱাৰীয়েকক কৰিলে তেওঁৰ আক্ষেপ হয় কিয় ? উত্তৰঃ- কাৰণ মহিলা সকলে শাহু-বোৱাৰী চিৰিয়েলবোৰ বেছিকৈ চায় যে। ২)মিৰাজুল ৰছিদ: প্ৰেমত পৰি ছোৱালী এজনীক আই লাভ ইউ ক’বলৈ মন মেলিছোঁ। ভাৱিছোঁ ইংৰাজীত হে ক’ম তাইক। ফটহুকাই,অলপ সহায় কৰকচোন । এই মানে “আই লাভ ইউ”ক ইংৰাজীত কি বুলি কয় জনাবচোন। উত্তৰঃ- আপুনিনো ইংৰাজ ছোৱালীহে পালেগৈ নে? ইংৰাজে তিনিশ বছৰ আমাৰ দেশ শাসন কৰাৰ নামত কিমান অত্যাচাৰ কৰিছিল মনত নাই?

Read more

ৰেডিঅ’- অতুল নাথ

আমি সৰু হৈ থাকোঁতে ঘৰত ৰেডিঅ’ এটা থকাটো পদূলিত হাতী বন্ধাৰ সমানেই আভিজাত্যৰ চিন।তেতিয়া আমাৰ গাঁৱৰ এঘৰতো ৰেডিঅ’ এটা আছিল, মোৰ ফুটা কপালত পিচে চোতালত পুতি লোৱা দীঘল বাঁহ দুডালৰ মূৰত লগোৱা ৰঙা নীলা তাঁৰ দুডালৰ বাদে মালিকৰ ঘৰৰ ভিতৰত আলফুলে সজাই থোৱা আচল হাথিয়াৰটো দেখাৰ ভাগ্য নহ’ল। সেই তেতিয়াই আমাৰ কাষৰ গাঁৱৰ এঘৰত ৰেডিঅ’ এটা কিনি আনিলে একেবাৰে যোৰহাটৰ ফটোহাউচৰ পৰা। অনাৰ দিনাখন গধূলিলৈকে ৰেডিঅ’ত ধূনীয়াকৈ গান বাজনা বাজিল। পিচে কেৰোণটো লাগিল পিছদিনা পুৱাহে। মালিকে ৰেডিঅ’ অন কৰিলে, কিন্তু

Read more

হাঁহি-কান্দোন – পৰীস্মিতা দাস

(১) নিৰ্বাচনী প্ৰতিশ্ৰুতি বিধে বিধে দিছে ৰাইজৰ দুখত ৰুমালেৰে চকুপানী মচে চেনেহ আতোলতোল দেখি নাযাবা ভোল নেতাবোৰৰ চকুপানীত হাঁহি লুকাই আছে৷     (২) সৰু সৰু বাতৰিবোৰ সাজে ৰহন সানি দুখলগা বাতৰি পঢ়ে চকুত চকুপানী পঢ়িছে সাংবাদিকতা আচলতে অভিনেতা কেমেৰাৰ আঁৰত মুখত দেখোন হাঁহিৰ বানপানী৷ (৩) লাইক কমেন্ট কমি গ’লে ৰাতি টোপনি নাহে বিতৰ্কিত পোষ্ট দিলে হেনো লাইক কমেন্ট আহে জাবৰৰ দোম খান্দে দেশ জাতিৰ নামত কান্দে লাইক কমেন্ট বাঢ়ি গ’লে বাগৰি বাগৰি হাঁহে৷ ☆★☆★☆

Read more

সঁচাও নহয় মিছাও নহয় – মৌচুমী বৰুৱা

(১) হিউমাছ কি ? উ: এবিধ দেখাত কান্ধুলীৰ নিচিনা মাছ ৷ ইমান কাঁইট আছে মই খাবকে নোৱাৰোঁ ৷ (২) বানপানী কিয় হয় ? উ: শ্লুইছ গেট খুলিলে বানপানী হয় ৷ (৩)ৰেখা কি ? উ: চিনেমা কৰা মানুহ ৷ মই এখনেই চাইছোঁ ‘’খুন ভৰি মাংগ ’৷ (৪)ভক্ত প্ৰহ্লাদ কোন আছিল ? উ: আমাৰ ঘৰৰ ওচৰৰ বুবাই কাইদ’ৰ পুতেকৰ নাম প্ৰহ্লাদ৷ (৫) বাৰ্মুদা ত্ৰিভুজ কিয় বিখ্যাত ? উ: তিনিটা কোণ আছে বাবে এই ত্ৰিভুজ বিখ্যাত ৷ ☆★☆★☆

Read more
1 36 37 38 39 40 115