ফটাঢোল

জীৱনৰ ভিন্ন স্বাদ – সঞ্জীৱ মজুমদাৰ

প্ৰথম ভাগঃ মাৰ্ক টুৱেইনৰ দৃষ্টিৰে জীৱন হেলীৰ ধূমকেতুৱে প্ৰতি ৭৬ বছৰৰ মূৰে মূৰে পৃথিবীৰ নিকটতম দূৰত্বত, নিজ কক্ষপথেৰে পৰিভ্ৰমণ কৰে আৰু পৃথিৱীবাসীৰ দৃষ্টিগোচৰ হয়। ১৮৩৫ চনত হেলীৰ ধূমকেতুৰ আবিৰ্ভাৱ হৈছিল আৰু সেই বছৰতেই এগৰাকী বিশ্ববৰেণ্য আমেৰিকান সাহিত্যিক আৰু চিন্তাবিদৰ জন্ম হৈছিল। তেখেত আছিল মাৰ্ক টুৱেইন। মাৰ্ক টুৱেইনক আমেৰিকান সাহিত্যৰ জনক বুলি কোৱা হয়। কুৰি শতিকাৰ এগৰাকী বৰেণ্য সাহিত্যিক আৰ্ণেষ্ট হেমিংৱেৰ মতে টুৱেইনৰ “এডভেঞ্চাৰ্ছ অৱ হাকলবেৰী ফিন্” নামৰ উপন্যাসখন হৈছে সৰ্বকালৰ আমেৰিকান সাহিত্যৰ মূল প্ৰেৰণাস্ৰোত। মাৰ্ক টুৱেইন আছিল সময়তকৈ আগবঢ়া আৰু

Read more

ফটাঢোল এডভেন্সাৰ (অন্তিম খণ্ড)—হেমন্ত কাকতি/বিজয় মহন্ত

অৱশেষত আমেৰিকা ভ্ৰমন আধাতে সাং কৰি উভতি অহটোৱেই সিদ্ধান্ত হ’ল৷ বহুত বুজোৱাৰ অন্তত চিণ্টু আৰু মনিকাও সন্মত হ’ল৷ চিণ্টুয়ে ৰিটাৰ্ন টিকেট কৰাৰ দায়িত্ব ললে৷ চান্স পাই চিণ্টুৰ লগতে মনিকাও টিকেটৰ খৱৰ লবলৈ ওলাই গ’ল৷ আমি বিজয় আৰু মই আহি ৰুমত বিচনাত বাগৰি আছোঁ৷ “কাকতী দা, মনিকাবায়ে যে সিদিনা মায়ঙৰ বেজৰ এডৰেচটো কোৱা কথাখিনি আপুনি মোবাইলত ৰেকৰ্ড কৰিছিল মনত আছেনে?” বিজয়ে শেষ আশা যে এতিয়াও এৰা নাই গম পাই হাঁহি উঠিল৷ এটা ম্লান হাঁহি মাৰি কলোঁ- “বিজয়, মনত আছে৷ পিচে অসম

Read more

অতএব……মন্দিৰ – জীমণি গগৈ

 আচলতে জীৱনত বহুকথা নোকোৱাকৈ থাকি যায় বা কোৱা নাযায়। নোকোৱাকৈ থাকি যোৱাৰ আন বহু আনুষংগিক কাৰণৰ লগতে লাজ-মান বুলিও বস্তু এটা থাকে। পিছে লাজ-মান কাতি কৰিও কেতিয়াবা কিছুমান কথা ক’বলৈ মন যায়। মোৰ ক’ব খোজা কথাটোও লাজ-মান কাতি কৰি ক’বলৈ মন যোৱা তেনেকুৱা কথা এটা।  হোষ্টেলত নতুনকৈ সোমাইছোঁ । হোষ্টেলৰ চিনিয়ৰ বিলাকৰ সৈতে বাদেই আমি নিউ কামাৰ বিলাকৰ মাজতো ভালকৈ আচল হোষ্টেলীয়া বন্ধুত্ব গঢ় লৈ উঠা নাই। মাত্ৰ চুচুক্-চামাককৈ বাথৰুমলৈ যাওঁতে চকুৱে চকুৱে পৰিলে মিচিকিয়াই হঁহা, ডাইনিং হললৈ যাওঁতে নূন্যতম

Read more

বিভিন্নজনৰ একলম – ঈশান জ্যোতি বৰা

এবাৰ জাপান আৰু ভাৰতৰ মাজত এখন নাওখেল অনুষ্ঠিত হৈছিল৷ দুয়োটা দলতেই সাতজনকৈ মানুহ৷ নাওখেলত জয়ী হৈ প্ৰত্যেকেই নিজ নিজ দেশলৈ গৌৰৱ কঢ়িয়াই নিব-এয়াই তেওঁলোকৰ উদ্দেশ্য৷ জাপানৰ দলটোৰ অধিনায়কে নাওখেলৰ প্ৰাকমুহূৰ্তত জাপানী খেলুৱৈকেইজনক ওচৰলৈ মাতি আনি ক’লে-“বন্ধুহঁত, আজি আমাৰ শক্তি-পৰীক্ষাৰ সময়৷ দেহৰ সমষ্ট শক্তি প্ৰয়োগ কৰি আজি আমি নাও চলাব লাগিব৷ একমুহূৰ্তৰ বাবেও আমি ব’ঠাৰ পৰা হাত এৰুৱাই আনিলে নহ’ব৷ নিজৰ লক্ষ্যত দৃষ্টি অটুট ৰাখি আমি মাথোঁ নাও চলাই যাব লাগিব৷ তাৰ বাহিৰে অন্য দ্বিতীয় এটা কথা ভাবিবলৈ, অইন দ্বিতীয় এটা

Read more

স্বয়ম্ভূ বিশেষজ্ঞ — ধূৰ্জ্জটি কাকতি

আমাৰ দেশত বহুত সমস্যা আছে,  মানে সমস্যাৰ আকাল কেতিয়াও নহয়। এইখন দেশত মধ্যবিত্ত হৈ জীৱন নিৰ্বাহ কৰা নিউজিলেণ্ডৰ চুইং পিটচত সাংঘাটিক পেচ বলিঙৰ বিৰোদ্ধে চেঞ্চুৰি মৰাৰ নিচিনাই কঠিন কাম৷ ট্ৰেফিক জাম,  বানপানী,  বৰষুণ সকলো নেওঁচি  ল’ৰা-ছোৱালীক সময়মতে স্কুলত থৈ ৰাতিপুৱা চাকৰিত সময় মতে গৈ পোৱাৰ পৰা সমস্যা যি আৰম্ভ হয়,  ৰাতি শোৱাৰ সময়ত কাৰেন্ট নথকাৰ ফলত বিচনী মাৰি থকালৈকে সমস্যা শেষেই নহয়৷ তাৰোপৰি মূল্যবৃদ্ধি,  ভেজাল খাদ্য,  ভ্ৰষ্টাচাৰ,  বন্ধ আদি এশ এবুৰি সমস্যা আছেই৷ কিন্তু তাৰ ওপৰিও মধ্যবিত্তৰ বাবে আন এটা

Read more

দিল মাংগে ম’ৰ – ৰূপম কলিতা

বৰষুণজাক নেৰাই হ’ল। ছেহ! কাম এটাত শিলপুখুৰীৰ ফালে ওলাই আহিছিলোঁ এতিয়া দেখিছো আপদীয়া বৰষুণজাকৰ বাবে সময়ত গৈয়ে নাপামগৈ। চিগাৰেট এটা জ্বলাই শৰ্মাদাৰ চাহ দোকানখনত বোন্দা পৰ দি থাকোতেই কে……ৰে……ৰে……চ কৰি আদিত্যৰ বাইকখন আহি মোৰ নিচেই কাষতে ৰখিলেহি। বৰষুণত তিতি জুৰুলি জুপুৰি হোৱা তাৰ কেঁ‌টেলা পহুৰ দৰে চুলিখিনি জোকাৰি সি প্ৰায় চিঞৰি চিঞৰিয়ে দোকানখনৰ একমাত্ৰ এঢলিয়া চালিখনৰ তললৈ সোমাই আহিল। :ঐ তোমাৰ বাবে এটা বেয়া খবৰ আছে। :বেয়া খবৰ! কিনো? :তুমি লাইন দি থকা যে সংগীতা, তাইৰ বয়ফ্ৰেণ্ড আছে। :এ এ

Read more

বিভিন্নজনৰ একলম – দিগন্ত ভট্টাচাৰ্য

ফেচবুকৰ গোট ‘ফটাঢোল’ৰ নাম শুনি বা অন্তৰ্ভূক্ত হোৱাৰ পাছতো প্ৰথমতে তেনে একো আকৰ্ষণ অনুভৱ কৰা নাছিলোঁ। অসংখ্য গোটৰ দৰেই একেধৰণৰ এটা নতুন গোটৰ সৃষ্টি হ’ল বুলিয়েই ভবা হৈছিল প্ৰাৰম্ভণিতে। লাহে লাহে গোটত প্ৰকাশ হোৱা কিছুমান চিন্তাকৰ্ষক ব্যংগ বা উচ্চ স্তৰৰ হাস্য-মধুৰ লেখাই গোটটোক অন্য দৃষ্টিৰে চাবলৈ বাধ্য কৰালে। পাছত যেতিয়া গোটৰপৰা প্ৰকাশ পোৱা ই-আলোচনীখন দেখিলোঁ, পঢ়িলোঁ – তেতিয়া গোটটোৰ প্ৰতি আৰু ইয়াৰ সদস্যসকলৰ প্ৰতি ধাৰণাই সলনি হৈ গ’ল। তেখেতসকলৰ কষ্ট, আত্মোৎসৰ্গৰ কাৰণে আজি এবছৰে এখন বহু উচ্চস্তৰৰ ব্যংগ আলোচনী আমি

Read more

সোঁৱৰণি সোণালী – ভানুশ্ৰী দেউৰী

কত যে ঘটনা ঘটে জীৱনটোত! সুখৰ, দুখৰ। কিছুমান ঘটনা, কিছুমান কথা মনত পৰিলে দুই ওঁঠেৰে হাঁহি এটি আপুনি আপুনি বিৰিঙি যায়। কোনোবাটো মুহূৰ্তত ভগৱানক ধন্যবাদ জনাওঁ এইবাবেই যে আমি আজিৰ দৰে যান্ত্ৰিকতাৰে ভৰা শৈশৱৰ দিন পাৰ কৰিবলগীয়াকৈ জন্ম নল’লো। বৰ সুখদায়ক আছিল আমাৰ শৈশৱৰ দিনবোৰ। সোণোৱালী শৈশৱ বুলিব পৰা বিধৰ, সেই দিনবোৰৰ কথা মনত পেলাই সুখ বুটলিব পৰা বিধৰ। স্কুলত পঢ়ি থকা দিনৰ কথা এয়া। দাদাৰ পুৰণি ক’লা লংপেণ্ট এটা বাইদেউৱে চিলাই মেলি মই পিন্ধিব পৰা কৰি দিছিল। লংপেণ্টটো আঁঠুলৈকে

Read more

ধেমেলীয়া পদ্য – প্ৰণতি শইকীয়া 

(১) নিমপাতে ছালৰ ৰোগ ততালিকে এৰে আজিকালি বুঢ়া মেথাই ফেচবুক হোৱাটচ আপ কৰিহে ভাত ঘুমটি মাৰে। (২) ছালত লাগে কোমোৰা জেওৰাত বগাই লতা ধুনীয়া ছোৱালী দেখিলে পকেটৰ পৰা ফণি উলিয়াই চুলি আঁ‌চোৰা ডেকা ফেচবুকতেই পাবা। (৩) অবাবতে গছ বন নকৰিবা তহিলং গৰম দিনত ঘৰ এৰি দৌৰিব লাগিব দাৰ্জিলিং শ্বিলং (৪) ইলিছ মাছৰ কলঠি ৰৌ মাছৰ জোল কাম বন নকৰি বহি থাকি জাতি ৰক্ষাৰ সপোন দেখি নকৰিবা ভুল। (৫) কথা এটি কৈছো মনে মনে কাণত পকা বেলৰ চৰবত খাই চাবা গৰমত

Read more
1 46 47 48 49 50 115