ফটাঢোল

ফাৰ্ষ্ট ইম্প্ৰেছন ইজ দ্যা লাষ্ট ইম্প্ৰেছন – ডাঃ পাৰ্থ সাৰথি ভূঞা

বহুদিনৰ পাছত সি এইখন চহৰলৈ আহিছে। গাঁৱৰ ল’ৰা ৰক্তিম। কলেজত পঢ়িবলৈকে আহিছিল ইয়ালৈ। যৌৱনৰ মাদকতা ভৰা সময়খিনি এই চহৰতে কটোৱাৰ বাবে তাৰ এটা মোহ আছে ঠাইখনৰ প্ৰতি। অফিচৰ যিটো কামত সি আহিছিল সেই কামটো হোৱাৰ পাছত গাড়ীখনলৈ লাহে লাহে চহৰৰ পৰা সিহঁতৰ কলেজৰ ফাললৈ যোৱা ৰাস্তাটোৰে আগবাঢ়ি গ’ল। কিছুদূৰ যোৱাৰ পাছত সেই নিৰ্দিষ্ট পার্কখনত চকু পৰাত তাৰ বুকুখন বিষাই যোৱা যেন লাগিল। সলনি হ’ল যথেষ্ট। আগতকৈ বহু ধুনীয়া হ’ল। সি মনতে ভাবিলে। কলেজৰ ৰেগিঙৰ সময়খিনি পাৰ হোৱাৰ পাছৰ পৰাই ৰক্তিম

Read more

বিভিন্নজনৰ একলম – ৰিতুপৰ্ণ বৰা

‘ফটা ঢোল’ মোৰ বাবে কেৱল মাত্ৰ এখন আলোচনী নহয়। ব্যস্ত জীৱনৰ যান্ত্ৰিকতাবোৰ পাহৰি আপোন আপোন লগা মানুহখিনিৰ লিখনিবোৰত হাঁহি আৰু মৰম বিচাৰি লোৱাৰ এক মাধ্যম ‘ফটা ঢোল’ আলোচনীখন। ☆★☆★☆

Read more

কণটিলৌ মালিতা – প্ৰশান্ত কুমাৰ বৰা

কণটিলৌ চহৰত থাকে। পা-পইচা নাই বাবে ঘৈণীয়েকে ক্ৰিকেট খেলৰ কমেণ্টেটৰৰ নিচিনাকৈ ননষ্টপ বলকি থকাত খঙতে ঘৰ এৰি গুচি গ’ল পৰহি পুৱাতে। নগদ ২৪ ঘণ্টাৰ বাবে দুয়োপক্ষৰে যোগাযোগ বিচ্ছিন্ন। হাজাৰ হ’লেও ঘৈণীয়েকৰ মনহে। মানুহটো বা ক’ত আছে, কি খাইছে! হাতততো টকা-সিকা একো এটা নায়েই! সকলো অভিমান নেওচি তাই উচুপি উচুপি ফোন লগালে গিৰিয়েকলৈ – “হেৰি ক’ত আছে হয়নে! আৰু গালি-চালি নাপাৰোঁ। ঘূৰি আহক ঘৰলৈ।” কণটিলৌৱে ৰিলেক্সড্ হৈ মাত দিলে – “এ. টি. এমত আছো।” ভুলতে ক’ৰবাতহে ফোন লাগিলেগৈ বুলি ঘৈণীয়েকে ফোনটো

Read more

অসমীয়া কবিতাৰ বৰ্তমান আৰু উত্তৰ আধুনিকতাবাদ — পৰশমণি কাশ্যপ

সাহিত্যৰ অন্যান্য বিভাগৰ দৰে মানুহৰ এই লোকসমাজেই হ’ল কবিতাৰ স্ৰষ্টা। ই পৃথিবীৰ সকলোবোৰ ভাষা-সাহিত্যৰ ক্ষেত্ৰতেই সমানে প্ৰযোজ্য। আদিম কালত মানবীয় সকলোবোৰ আবেগ-অনুভূতিৰ উপৰিও সেই আদিম পিতৃ-মাতৃ সকলৰ সংঘাতময় জীৱনৰ সকলো প্ৰকাৰৰ বাস্তৱৰ অভিজ্ঞতাই আছিল সেই কবিতাৰ প্ৰধান উপজীব্য। কিন্তু সেই কবিতাসমূহ কোনে¸ কেতিয়া ৰচনা কৰিছিল তাক জনাৰ কোনো উপায় নাই। সেই কবিতাসমূহ পোনতে কোনো ব্যক্তি বিশেষৰ মুখৰ পৰাই ওলাইছিল আৰু মানুহৰ সম্পদত পৰিণত হৈছিল। এই একেদৰে অসমীয়া কবিতাও মানুহৰ মুখে-মুখে বাগৰি প্ৰবাহিত হৈ এসময়ত অসমীয়া কবিতাৰ সৃষ্টি হৈছিল। সমাজ জীৱন

Read more

বিভিন্নজনৰ একলম – সঞ্জীৱ মজুমদাৰ

যোৱা বছৰৰ চেপ্তেম্বৰৰ ২৪ তাৰিখে ফটা ঢোলৰ সদস্য শিৱই মোক গোটটোলৈ লৈ আনিলে। প্ৰথম কেইদিনমান অতি ৰসাল, প্ৰাণ প্ৰাচুৰ্যৰে ভৰা গোটটোৰ ৰেহৰূপ চাই থাকোঁতেই গ’ল। তাৰ পিছতে নাৰী সন্থাৰ দপদপনি দেখি ভাৱ হ’ল গোটত ঠাই ল’বলৈ হ’লে নাৰী সন্থাৰ যোগেদিয়ে ল’ব লাগিব( নাৰী শক্তিলৈ ক্ষমা প্ৰাৰ্থনাৰে)। দুটামান নাৰী বিদ্বেষী পষ্ট দি কোঁদোৰ বাহত হাত ভৰাই চাবলৈ মন গ’ল। চালোও। আৰু পাটী পাৰি বহিলোঁ। এনেকুৱা ধেমালিবোৰ কৰি থাকোতেই গীতিকা শইকীয়াৰ সম্পাদনাত মোৰ প্ৰথম লিখনি এটা ‘ফটা ঢোল’ ই- আলোচনীত প্ৰকাশ হোৱা

Read more

ইমান সহজ এই প্ৰেম – নয়নমণি হালৈ

বিনন্দ শইকীয়া চৰুক সুধি চাউল বহুওৱা মানুহ নহয়। সেয়ে তেওঁ বীৰদৰ্পে হুংকাৰ দিলে- ‘এই বিয়া কেতিয়াও হ’ব নোৱাৰে’। দেউতাকৰ বজ্ৰকঠিন ঘোষণাত জীয়েক অৰ্চনাৰ মুখৰ মাত হেৰাল। কেৱল চকুৰে ধাৰাষাৰ বাৰিষাৰ ঢল নামি আহিল। সাজ নালাগোতেই অৰ্চনা কুমাৰীয়ে সেইদিনা ৰোহঘৰত পৰিল। পৰিল যি পৰিলেই, মাকৰ কাকূতি-মিনতিয়েও তাইক সেইদিনা ভাতৰ পাতত বহুৱাব নোৱাৰিলে। অৱশ্যে মাকে তাইক আশ্বাস দিলে, ‘মাজনী, ইমান ভাঙি পৰিব নালাগে। নাৰিকলৰ দৰে দেউতাৰৰ বাহিৰখনহে টান, ভিতৰখন একেবাৰে কোমল। তেওঁ জানো তোৰ অহিত চিন্তা কৰিব! কথাবোৰ ওলাইছেহে, সিদ্ধান্ত হোৱা নাই

Read more

বিভিন্নজনৰ একলম – জয়ন্ত শৰ্মা

ফেচবুকৰ গল্প কবিতা প্ৰবন্ধৰ বহুতো গ্ৰুপ আছে যদিও হাস্য ব্যংগ গ্ৰুপৰ সংখ্যা অতিকৈ কম আছিল। তাৰেই অভাৱ অনুভৱ কৰি কেইজনমানে নিজৰ মাজতে ধেমালিৰ বাবে গ্ৰুপ এটা খুলিলে, নাম দিলে ‘ফটা ঢোল’। লাহে লাহে ইজনে সিজনক সদস্য ভৰ্তি কৰোৱাত সদস্য সংখ্যা বাঢ়িল। তাৰ মাজতে বহু কেইজন লিখা-মেলাত হাত দিয়েই পৰিপক্কতাৰ পৰিচয় দিলে। লাহে লাহে গ্ৰুপত আলোচনা হ’বলৈ ধৰিলে যে সদস্য সকলৰ প্ৰতিভা আছে যেতিয়া, কথাটো অলপ আন ধৰণেৰে চিন্তা কৰা যাওক। যিহেতুকে অসমীয়া সাহিত্যত হাস্য ব্যংগ লিখা আৰু লিখক আঙুলিৰ মূৰত

Read more

বিভিন্নজনৰ একলম – হিমাংশু ভাগৱতী

সময়ৰ জোখেৰে এবছৰ পাৰ হৈ যোৱাটো সাধাৰণ, গম নোপোৱাকৈ পাৰ হৈ যায়। এখন আলোচনীয়ে এবছৰ পাৰ কৰাটো কিন্তু সাধাৰণ নহয়। তাতে যদি আলোচনীখন মূলত হাস্য-ব্যংগ সাহিত্যক সমুখত লৈ আগবাঢ়ে এই কামটো অতি দুৰূহ হৈ পৰে। তেনে এখন ই-আলোচনী ‘ফটা ঢোল’ সফলতাৰে এবছৰ সম্পূৰ্ণ কৰাটো নিসন্দেহে উৎসাহজনক খবৰ। আলোচনী এখন সংখ্যাৰ পিছত সংখ্যা আগুৱাই গৈ থাকোঁতে বহুসময়ত মানদণ্ডৰ উঠা নমা হৈ থকা দেখা যায়। ‘ফটা ঢোল’ আলোচনীখনৰ আটাইতকৈ ভাল লগা দিশটো হ’ল ইয়াৰ উৰ্ধমুখী মানদণ্ড। প্ৰতিটো সংখ্যা আগৰবাৰৰ সংখ্যাটোতকৈ উৎকৃষ্ট হৈ

Read more

“ধোৱাখুলীয়া”ৰ পৰা “দ্য গ্ৰেট কনজুচ”ল – প্ৰশান্ত কুমাৰ বৰা

কাহিনীৰ বৰঘৰলৈ যোৱাৰ আগতে অলপ চিৰিয়াচ কথা কৈ লওঁ। আপোনালোকৰ কথা নাজানো, আমাৰ ককাহঁতে কিন্তু আমাক সৰুতেই মিতব্যয়ী হ’বলৈ শিকাইছিল। নিজে ঘটা টকা আৰু আনে ঘটা টকাৰ মূল্যৰ পাৰ্থক্য উপলব্ধি কৰিবলৈ শিকাইছিল। এনেধৰণৰ নীতিশিক্ষাৰ পাঠ দিয়া সাধুকথাও শুনাইছিল। সেই যে কুঁৱা এটাত আধলি এটা পেলাই দিয়া ল’ৰা এটা আছিল, তাৰ কাহিনী। দেউতাক বা ঘৰৰ আন কোনোবাই দিয়া আধলিবোৰ অনায়াসে কুঁৱালৈ দলিয়াই দিয়া ল’ৰাটোক যেতিয়া এদিন নিজে কষ্টেৰে উপাৰ্জন কৰি অনা আধলিটো কুঁৱাত পেলাই দিবলৈ কোৱা হ’ল,  সি নোৱাৰিলে। সেয়ে মিতব্যয়িতাৰ

Read more

বিভিন্নজনৰ একলম -অনুৰূপ মহন্ত

বৰ্তমান সময়ত আমাৰ জীৱন শৈলী একেবাৰেই যান্ত্ৰিক হৈ পৰিছে৷ পুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে গোটেই সময়খিনি আমি বিভিন্ন ব্যস্ততাৰ মাজেৰে পাৰ কৰোঁতে বহু সময়ত আমি দিনটোত অকণমান ফূৰ্তি কৰিবলৈ বা হাঁহিবলৈও পাহৰি যাওঁ৷ অথচ প্ৰফুল্ল মন এটাই যে আমাৰ কৰ্মস্পৃহা বঢ়ায় আৰু আমাৰ শৰীৰটো নিৰোগী কৰি ৰাখে, সেইয়া আমি সকলোৱেই জানো৷ বিচাৰিলেও আক’ কেতিয়াবা আমি হাঁহিব নোৱাৰোঁ, কিয়নো আমাৰ ওচৰত হাঁহিবৰ বাবে উচিত সমলৰো বৰ অভাৱ৷ কিতাপ পত্ৰ, আলোচনীত বিভিন্ন স্বাদৰ লেখা পোৱা যায় যদিও হাস্যৰস থকা লেখা বা

Read more
1 49 50 51 52 53 115