ফটাঢোল

ফটা প্ৰেম – চবিনা ইয়াছমিন

“মনৰ কথা হৃদয়ৰ ভাষাৰে কিঞ্চিত হাঁহি বিৰিঙোৱাৰ এক প্ৰচেষ্টা…..” মই সপ্তম শ্ৰেণীত পঢ়ি থকা দিনৰে কাহিনী৷ দেউতা আছিল ডিফেন্সৰ চাকৰিয়াল৷ অত্যন্ত খং আৰু নিয়মত চলা মানুহ৷ আমি মন গ’লেই পেংলাই কৰিব নোৱাৰিছিলোঁ৷ পিচে দেউতাৰ খং যিমান সোনকালে উঠে সিমান সোনকালে নোহোৱাও হয়৷ বাইদেউ তেতিয়া চতুৰ্থ শ্ৰেণীত পঢ়ি আছে আৰু মই তৃতীয়মানত৷ আমাৰ ঘৰৰ পৰা অলপ আঁতৰত থকা বাৰ বন্ধু এজন প্ৰায়ে আবেলি আমাৰ লগত খেলিবলৈ আহে৷ তেওঁৰ নাম আছিল প্ৰশান্ত৷  আমি তেতিয়া খুব বেছিকৈ খেলা খেলটো হৈছে “টিপি টিপি দাচ৷”

Read more

ভেৰেকনিত মই আৰু ধনী ভিনি – পদ্ম গগৈ

সকলো বন্ধু-বান্ধৱীলৈ মোৰ মকৰা জাল বন্ধা কেঁহা কলিজাটোৰ চোকে-কোণে লিপিটখাই লাগি থকা সঁচাসচি মৰম এথেপা আগবঢ়াই তৰিছো আৰু দেই৷ এইপাত মোৰ নিজৰে! এতলি গ’লেই এতলিহে আছেগৈ, সেয়ে দায়-জগৰো নধৰিব আৰু! নিচপতিকে ফাটিলেও ফাটি থাকক৷ আপোনাসৱলৈ সেৱা জনাই তলিত টকৰ তুলিছোৱেই বুলিছোঁ — – – তেতিয়া মোৰ বয়স বাৰ কি তেৰ৷ সেই বছৰ ধু-নী-য়া কৈ পৰীক্ষা-চৰীক্ষা ফেল কৰি লখিমী হাতখনিৰ কেৰামতালি চলাই আছো আৰু৷ কাৰোবাৰ বাৰীৰ কাষেদি গ’লেই লখিমীহাতখনিত কুহিঁয়াৰ এডালি লাগি আহে৷ জুলুকিৰে জুপি থোৱা মাইকী কুকুৰাৰ ওচৰত বহিলেতো আৰু

Read more

গণিতীয় প্ৰেমাপাদ্য – চাও খূন শিৱ ডেকা

গণিত আমাৰ প্ৰত্যেকৰ জীৱনৰ এক অপৰিহাৰ্য অংশ৷ পাচলিৰ দোকানত কেনেকৈ ৪০টকা হ’ব, ৩০ লোৱা বুলি কোৱাৰ পৰা, অনলাইন শ্বপিংত কিমান পাৰ্চেণ্ট ডিচকাউণ্ট সকলোতে অংকৰ জংক পংক৷ আজি পিছে আন এটা বিষয়ৰ ওপৰতহে অংকৰ ফৰ্মূলাৰ নিৰ্ভুল সূত্ৰৰ প্ৰয়োগ আলোচনা কৰা হ’ব৷ প্ৰেমত গণিতৰ সূত্ৰ৷ শুনিবলৈ অদ্ভুত নহয় নে! তথাপিও আলোচনা কৰিব লাগিবই৷ কিয়নো বৰ্তমানৰ পৃথিৱীত ইয়াৰ ব্যাপক তথা বিশুদ্ধ প্ৰয়োগ হোৱা দেখা যায়৷ ১) প্ৰেমৰ উক্ মুকনি সাধাৰণতে হাইস্কুলীয়া জীৱনতে দেখা যায়৷ স্কুলৰ বেঞ্চবোৰত অথৱা টয়লেটৰ দেৱালত লিখা হয় প্ৰেমৰ প্ৰথমটো

Read more

অথ মোৰ ফচল পুৰাণ – সাৰদা শ্ৰেষ্ঠ

মোৰ মূৰটো বৰ এটা সাৰুৱা নহয় । গোবৰেৰে ভৰা বুলিও ক’ব নোৱাৰোঁ, থকা হ’লেও ভালেই হ’লহেঁতেন । কাৰণ গোবৰোতো এবিধ ভাল সাৰেই । তথাপি যি অলপ ৰৈছেগৈ তাৰেই কেতিয়াবা চেষ্টা কৰোঁ ফচল অলপ অৰ্জন কৰিবলৈ । মন যায় দিয়কচোন নিজৰ ফচল  অৰ্জনৰ সুখ ভোগ কৰিবলৈ । কেতিয়াবা মূৰটোত বীজ কিছুমানে ঠন ধৰি উঠিবলৈ উচপিচাই উঠে । সময়ৰ শৰ সময়তে মাৰিব পৰাটো বুদ্ধিমানৰ কাম । সেয়ে বীজবোৰ ৰুই দিওঁ বুলি ঠাইকণ বিচাৰি মোবাইলটোকে তুলি লওঁ । কাগজ আৰু কলমৰ সৈতে সম্পৰ্ক

Read more

দত্তনী বাইদেউ আৰু ৰঙিলী মাহীৰ কথা – মনালিছা গগৈ

“দত্তনী বাইদেউ” দত্তনী বাইদেউ সৰুৰে পৰাই বিৰাট জোৰকৈ আশা আছিল কিবা এটা হোৱাৰ৷ পঢ়া শুনাত ভাল নাছিল যদিও বৰ বেয়াও নাছিল৷ মাত্ৰ ইংৰাজীটো লোকৰ ভাষা হোৱাৰ বাবে কেতিয়াবা হেং মাৰি দিয়ে৷ এবাৰ  স্কুলত ছাৰে এপাহ ফুলৰ নাম কব দিওঁতে পাহৰি জনাৰ ভিতৰৰ একমাত্ৰ ইংৰাজী বাক্য I am a cup ছাৰ “এইটো এটা কাপ” বুলি অনুবাদেই কৰি দিলে নহয় l ছাৰে খঙতে তোৰ মূৰাটো You are a fool বুলি চিঞৰীয়েই দিলে৷ দত্তনিয়ে লাজতে মূচকচ যোৱা যেন হৈ বোলে –“ ইছ ছাৰ

Read more

লিমাৰিক (বিশ্ব পৰিৱেশ দিৱস উপলক্ষে) – ৰাজীৱ শৰ্মা

(১) গছপুলি ৰুলে পাবা চৰকাৰী খিতাপ গছকে কাটি বেৰা দিবা নকৰি সন্তাপ পুলি ৰুই দিলে বেৰা মৰিল সকলো হেৰা বেৰা দিয়া গছজোপাৰ নোলাল হিচাপ। (২) বিশ্ব পৰিৱেশ দিৱসত ৰুলো পুলি ফেচবুকত ফটো দিলো ছেলফি তুলি মোৰ কাম শেষ হ’ল প্ৰমাণ জিলিকি ৰ’ল লাইক,কমেন্টৰে এতিয়া আছো ফুলি। (৩) ফোঁপজহী ৰঙাইৰ ক্ষন্তেকীয়া চমক গছ পুলি ৰুবলৈ উঠিল বোলে জমক নৱ সাঁজ-পাৰ পিন্ধি গাতো দিয়ে লোকে খান্দি ওভোটাই গছ ৰোৱে ক’ত মৰে মৰক। ☆★☆★☆

Read more

মোৰ ফটা প্ৰেম – পঞ্চী প্ৰিয়া দাস

ছোৱালী কালত মই বহুত আকৰি আছিলোঁ, কিছুমান ক্ষেত্ৰত, সবতে নহয় আৰু৷ তেতিয়া মই নতুনকৈ ষষ্ঠ শ্ৰেণী পাইছোঁ, মুঠেই বাৰ বছৰ হৈছে মোৰ৷ চৰকাৰী স্কুল ওচৰতে, আৰু তাতে মাহঁতেও তাতেই পঢ়া কাৰণে মোকো তাতেই নাম লগাই দিলে৷ আৰু চৰকাৰী স্কুল কাৰণে তাত একেটা ক্লাছ তে দুই-তিনি বছৰ বহা ছোৱালীও লগ পালোঁ, তালৈকে ঠিকে আছিল৷ কিন্তু প্ৰেমৰ “প“ টোও বুজি নোপোৱা মই জনীৰ কি বিলৈ হৈছিল তাকেই আজি লিখিব লৈছোঁ৷ তেতিয়া মই অলপ সৰুফুটীয়া আছিলোঁ আৰু চুলিখিনিও ল’ৰাৰ দৰে আছিল৷ তাতে বাকী

Read more

লিমাৰিক অথবা আপদীয়া পদ্য – সত্যেন্দ্ৰ বৰদলৈ

অসমীয়া সাহিত্যত সম্প্ৰতি “আপদীয়া পদ্য” নামেৰে পৰিচিত যদিও “লিমাৰিক” নামেৰেও সকলোৰে চিনাকি এই পাঁচ শৰীয়া ব্যংগ কবিতাবিধৰ উৎপত্তি আয়াৰলেণ্ডৰ লিমাৰিক চহৰ বুলি অনুমান কৰা হয়৷ এটা সূত্ৰ অনুসৰি আইৰিছ সৈন্য সকলে সপ্তদশ শতিকাত ফৰাছী যুদ্ধৰ পৰা স্বদেশলৈ ঘূৰি আহোঁতে “ Will you come up to Limerick ” বুলি এবিধ ধেমেলীয়া গীত গাই আহিছিল৷ ইয়াৰ পৰাই লিমাৰিক নামৰ পাঁচ শৰীয়া কবিতাবিধৰ জন্ম হোৱাবুলি বহুতে ক’ব বিচাৰে৷ আন এটা সূত্ৰই আকৌ পুৰণি ইংলেণ্ডৰ ক্লাব ঘৰ সমূহত সময় কটাবলৈ এবিধ ধেমেলীয়া গীতৰ প্ৰচলন

Read more

আহক, লো’ন লৈ লওক লো’ন (মুল হিন্দী – সঞ্জয় পুৰোহিত), ভাবানুবাদ – ৰিণ্টুমনি দত্ত

আজিকালি কেওফালে ফাইনেন্স কোম্পানী, বেংক অথবা চৰকাৰৰ আটাহ শুনা যায় – আহক খুড়া, আহক খুড়ী, আহক দাদা, আহাঁ‌ ভাইটি – আমাৰ পৰা লো’ন লৈ যাওক৷ চাকৰি কৰে যদি চেলাৰী চাৰ্টিফিকেট লৈ আহক, ব্যবসায়ী যদি ইনকাম টেক্স ৰিটাৰ্নৰ কপি লৈ আহক, অৱসৰপ্ৰাপ্ত মানুহ যদি প্ৰভিডেণ্ড ফাণ্ডৰ কাগজ লৈ আনক, গৃহিণী যদি পতিদেৱে আপোনাক মৰমত দিয়া মাটি, ঘৰ বা গহণাৰ কাগজ লৈ আনক৷ মুঠতে কিবা-কিবি কাগজ দুখনমান লৈ আনক আৰু আমাৰ পৰা লো’ন লৈ যাওক৷ ইনষ্টলমেণ্ট দিয়াৰ চিন্তা আপোনালোকে কৰিব নালাগে, সেইয়া

Read more

স্বাৰ্থপৰ পৃথিৱীত নিঃস্বাৰ্থ হোৱাটোও এটা ভুল – বিকাশ শইকীয়া

পল্টন বজাৰ,পল্টন বজাৰ, পল্টন বজাৰ ……৷ খালি গাড়ী, খালি গাড়ী, খালি গাড়ী……… ৷ এই “খালি গাড়ী” শব্দটো শুনাৰ লগে লগে অৰ্ণৱে বাছ ষ্ট’পত বহি থকা বেঞ্চখনৰ পৰা উঠিল৷ যদিও সি জানে গাড়ীখন খালি নহয়৷ বহিবলৈ চিট পোৱাটো টান৷ তথাপি খালি গাড়ী মাতষাৰ শুনিলে ঠিয় হৈ যোৱাৰ সাহসকণ হয়৷ বাছত থিয়হৈ অৰ্ণৱে ভাবি আহি আছে৷ সেই ডেকা ল’ৰাজনে খালি গাড়ী বুলি চিঞৰি চিঞৰি কিমানৰ যে পেট ভৰাই আছে! মালিক,ড্ৰাইভাৰ,মেকানিক আদিসকলৰ ওপৰিও ট্ৰেফিক পুলিচলৈকে তাৰ মিছা কথাষাৰত নিৰ্ভৰশীল৷ সকলোৰে স্বাৰ্থত সি মিছা

Read more
1 58 59 60 61 62 115