ফটাঢোল

সময়ৰ বুকুত হাঁহিবোৰ – মঞ্জুলী ৰাহাঙ

সোণাৰুৰ দৰে সোণবৰণীয়া হাঁহিবোৰ উপজিয়েই আমি নাহাঁহো ৷ আমি কান্দো৷ আমাৰ কান্দোন শুনি আমাৰ মা-দেউতা, আইতা-ককা, খুৰা-খুৰী, পেহা-পেহী আদিকে ধৰি আটায়ে হাঁহে! বুকু ভৰি ওলাই অহা সেই হাঁহিয়ে ওচৰ-চুবুৰীয়াৰ ওঁঠকেইযুৰিকো চুই যায়। আৰু যিদিনা আমি প্ৰথমটো হাঁহি মাৰোঁ, সেইদিনা ব’হাগৰ বিহুটো বা শৰতৰ শাৰদীয় দূৰ্গা পূজাখন যেন আগতীয়াকৈ আমাৰ ঘৰৰ আলহী হয়! এনেকৈয়ে আৰম্ভ হয় হাঁহিৰ পাঠশালাত আমাৰ জীৱনৰ প্ৰথমটো পাঠ। কোনেও বুজি নোপোৱা,আনকি নিজেও বুজি নোপোৱা হাঁহিৰ কাৰণবোৰ লাহে লাহে পৈণত হয়,হাঁহিৰ বহুবোৰ কাৰণ নানাৰঙী পখিলা হৈ আমাৰ চৌপাশে

Read more

ফটাপ্ৰশ্ন

১)অনুৰাগ হাজৰিকাঃ কুকুৰৰ সলনি শিয়াল দি চেকিয়াদাৰপৰা জ্ঞান আহৰণ কৰা শ্ৰীবিজয় মহন্তক ফটা আদালতত চেকিয়াদাই দোষী সাব্যস্ত কৰিব পাৰিবনে? নে দোষী সাৰি যাব? উত্তৰ- দোষী সাব্যস্ত হ’লেও লণ্ডনলৈ পলাইহে যাব৷ গতিকে এইবোৰ কথাত সময় খৰচ কৰি কি লাভ? ২)চুইটলেনা দাসঃ ফটাঢোলত ইমান বোৰ বৰলা-বৰলীয়ে দেখ দেখকৈ চেনি খাই থাকে যে তেওঁলোকে এই সুযোগতে মনৰ কথাটো সঁচাকৈয়ে ক’ব বিচাৰে নেকি? উত্তৰঃ হে হে৷ বোঁৱতী সুঁতিত নাও বাই বাই পৰৰ মূৰত কঠাল ভাঙি খোৱাৰ সুযোগ আৰু ক’ত পাব? ৩)সদানন্দ ভূঞাঃ ফটহুকাই, আমি

Read more

আধৰুৱা প্ৰেম কাহিনী – দ্বীজেন তামুলী

যৌৱনে আমনি কৰাৰ পৰত, জীৱন নদীৰ গাভৰু ঘাটত বহি, হিয়া দিয়া নিয়া কৰা কথাবোৰ মনত পাৰিলে মনটো কেতিয়াবা সেমেকি উঠে নহয় নে বাৰু? কাৰণ প্ৰেম জনমে জনমে বুলি এষাৰ কথাও আছে দিয়কচোন।তেনে প্ৰেম কাহিনী যেতিয়া আধৰুৱা হয় বৰ বেয়া লাগে কেতিয়াবা। ২০০৩ চনৰ কথা। আমাৰ এটা গান গোৱা গ্ৰুপ আছিল। মাজে মাজে গধূলি লোকগীত পেৰডি আদি গীত গাই মনোৰঞ্জন কৰা হৈছিল। বৈশ্য ডাঙৰীয়া(অনাতাঁৰ শিল্পী) আছিল আগৰণুৱা। যতীন খুড়াৰো এই ক্ষেত্ৰত বৰ ৰাপ আছিল তেখেতেও বৰ ভাল লোকগীত গাইছিল। তেখেতৰ ঘৰতেই

Read more

জয় বিশ্বকৰ্ম্মা – পূৰৱী এম কটকী

ন-দহ বছৰীয়া পোৱালী তেতিয়া৷ বৰ ডেঞ্জাৰাছ আছিলোঁ৷ মধুৰি-আম চোৰ কৰাৰ দৰে সাংঘাতিক কামত নিজৰ দুঃসাহসিকতাৰ প্ৰমাণ দি থৈছোঁ আগতে (যদিও মায়ে দুবছৰ মানলৈকে শুনালে-“গছ বগাব পাৰ? অংকহে কৰিব নোৱাৰ!”) এইবাৰ আমুকিৰ চাইকেল শিকিবলৈ মন গ’ল৷ ‘গুৰু’-দাদা৷ চাইকেল দেতাৰ হিৰ’ চাইকেলখন৷ প্ৰথমতে হাফ পেডেল…. চেইন পৰে;হাতে-পাতে চাইকেলৰ তেলসোপা লাগি কাপোৰত লাগে ৷ মায়ে ধুই নিদিয়ে,কেৰাচিন লগাই ধুই পেলাওঁ৷ এইখিনিতে মগজলৈ আইদিয়া এটা আহিল৷ আইদিয়া মানে “খুজি কিল খোৱা” বুলি যে কয়, সেইটো আইদিয়া৷ চাইকেলৰ চেইন সদায় পৰে৷ সদায় চেইন তুলোঁতে মোৰ

Read more

বিড়াল – উৎপলা কৌৰ

মনোৰমা বৰুৱাই নিজৰ নতুন ঘৰটো আৰ্কিটেক্ট-ইণ্টেৰিঅ’ৰ ডিজাইনাৰ নিয়োগ কৰি সুদৃশ্য কৈ বান্ধি লোৱাৰ দৰে নিজৰ সংসাৰখনো সজাই-পৰাই লৈছে৷ তেওঁ বৰ হিচাপী মানুহ৷ সকলো কাম লাভ-লোকচানৰ তুলাচনীত জুখি-মাখি কৰে৷ অৰ্কিটেক্টে ঘৰটোৰ নক্সা আঁকি লোৱাৰ দৰে তেওঁ কলেজত পঢ়ি থাকোঁতেই আঁকি লোৱা নিজৰ জীৱনৰ নক্সাখন সুন্দৰকৈ, ক’তো উজুটি নোখোৱাকৈ অনুসৰণ কৰি গৈছে৷ গৃহ নিৰ্মাণত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ পৰা সাৱধান হোৱাৰ দৰে নিজৰ জীৱনৰ পৰাও কামত নহা মানুহবোৰ গাখীৰত পৰা মাখিটো উলিয়াই পেলোৱাৰ দৰে কাম তেওঁ অতি চতুৰতাৰে কৰি পেলাব পাৰে৷ কলেজীয়া

Read more

এটেকিং মিডফিল্ডাৰ – অনন্ত বৰা

কালিলৈ খেলখনত চাঞ্চ এটা পোৱাৰ ক্ষীণ আশা এটা আছে তাৰ । বেঞ্চত বহি বহি এইকেইদিন মাথা বেয়া হৈ গৈছে । কালি বাবুলক দেখি তাৰ মনটো আৰু ভাল লাগিল । ভালকৈ খোজেই পেলাব পৰা নাই , সেইদিনা টেঙাপুখুৰী টিমৰ হটঙা ডিফেণ্ডাৰটোৱে ঠিকছে দিছে । সি একসপ্তাহ বহিল । এতিয়া আছেগৈ দীন , তাকো গটা এটা দিছিল ভালকৈ । পিছে নিহিলিলেই । দীনক উলিয়াই তাক খেলোৱাৰ চাঞ্চ নাই । দীনতকৈ তাৰ ৰেকৰ্ড বেয়া । তাতে ফাইনেল খেল । পানীবিল এফ চিৰ লগত

Read more

অনামিকা কেতিয়াৰ পৰা অনামিকা হ’ল – নৱজিৎ বৈশ্য

পুৰা হতশ্ৰীনাং গণনা প্ৰসঙ্গে কনিষ্ঠিকাধিষ্ঠিত হৃষিকেশঃ৷ অদ্যাপি তত্তুল্য কৱেৰভাবাদ্ অনামিকা সাৰ্থৱতী বভূৱ৷৷ পুৰণি কালত এবাৰ ফটাৰাজ্যৰ খৰ্বকায় বৰলা(ফটাভাষাত হতশ্ৰী) সকলৰ সংখ্যা গণনা কৰিবলৈ লোৱা হৈছিল৷ গণনাকাৰীয়ে প্ৰথমে কনিষ্ঠা আঙুলি চুই হৃষিকেশৰ নামেৰে আৰম্ভ কৰিলে৷ তাৰ পিছত যেতিয়া কনিষ্ঠাৰ কাষৰ আঙুলিটো চুই গণনাকাৰীজনে হৃষিকেশৰ সৈতে তুলনা কৰিব পৰা দ্বিতীয় এটা নাম মনলৈ আনিব নোৱাৰিলে, তেওঁ অনামিকা বুলি ক’লে৷ তেতিয়াৰ পৰাই কনিষ্ঠাৰ কাষৰ আঙুলিটোৰ নাম অনামিকা হৈ পৰিল৷ ☆★☆★☆

Read more

সৰু সৰু কথা : প্ৰেৰণা – চন্দনা শৰ্মা

বাছখনত উঠিয়েই চাৰিওফালে চকু ফুৰালো৷ চিট এটা পালে ভাল আছিল, কান্ধৰ বেগটোৰ ওজনো বেচি আৰু গাড়ীখনত বেগটো থব পৰাকে ৰেক নাই৷ আশাত পানী পৰিল যেতিয়া দ্বিতীয়বাৰলৈও হাতৰ মুঠিতে পায়ো চিট হেৰুৱাব লগা হ’ল৷ খিড়িকীৰ বতাহ ভালদৰে লগা ঠাই অকণ বিচাৰি থিয় দিলোহি৷ ওচৰত মহিলা এগৰাকী থিয় দি আছে৷ দুয়োজনীয়ে এখন হাত ওপৰৰ হেণ্ডেলডালত আৰু আনখন হাত চিট এটাৰ ওপৰত থৈছো৷ দুবাৰমান হেঁচা থেলাত মোৰ হাতখনে তেওঁৰ হাতখন চুই গৈছে৷ হঠাৎ কিয় জানো অনুভৱ হ’ল তেওঁ হাতখনত স্পৰ্শ হ’লে অলপ ইতঃস্ততঃ

Read more

হেৰি চিকটা – পাৰ্থ জ্যোতি বৰুৱা

তিনিআলিটোৰ কাষতে থকা পৰমাৰ অকণমানি কিতাপৰ দোকানখনতে বহে আমাৰ চুবুৰীৰ একমাত্ৰ সান্ধ্য আড্ডাটো। বৰা, শৰ্মা, কলিতা আৰু মই, বৰুৱা। পৰমাক লৈ মুঠ পাঁচটি মানুহ। পাঁচটি বুলিছোঁ যদিও আড্ডাবাজৰ পাৰ্ফৰমেঞ্চ অনুসৰি আমি মানুহ আচলতে তিনিটিহে। বয়সৰ লেখেৰে আটাইতকৈ সৰু বাবেই হয়তো পৰমাই আড্ডাত সক্ৰিয় অংশগ্ৰহণ নকৰে। মানে নিজাববীয়াকৈ কোনো মন্তব্য নকৰে বা কোনো টপিক আগনবঢ়ায়। কেৱল আমি কোৱা কথাবোৰত হয়ভৰ দি থাকে। কেতিয়াবা আমাৰ মাজত কিবা কথাত বিতৰ্ক হ’লে আটাইকেইটাকে পৃথকে পৃথকে কৌশলেৰে সমৰ্থন কৰি সি মোটামুটি সকলোৰে লগত মিলি থাকে।

Read more

অনলাইন প্ৰেম – মিতালী চহৰীয়া

এই যে “অনলাইন প্ৰেম”, শব্দটোৱেই যেন এক বৃহৎ এক মায়াজাল৷ তাতে এই অনলাইন প্ৰেমৰ মায়াজালৰ মকৰাজাল খনৰ কথা বুজিয়ে নাপাওঁ৷ মোৰ দৰে বেঙীজনীয়ে এই মকৰাজাল খনত বান্ধ খাই পৰিবলৈ সময় নালাগিলেই৷ ফেচবুকত একাউণ্ট খোলাৰ আৰম্ভণিৰ কেইদিনমানৰ পিছৰ কথা৷ বন্ধু বেছিকৈ হোৱাই নাই তিনিশ মান হৈছিল৷ তেতিয়া মই নাৰ্চিং ট্ৰেইনিং কৰি থাকোঁতে ভাড়া ৰুমত আছিলোঁ৷ লাহে লাহে ফেচবুকৰ নিচা লাগিব ধৰিলে, যিহেতু নাৰ্চিং পঢ়াৰ একদমেই ইনটাৰেষ্ট নাছিল মোৰ৷ সেইকাৰণে ফেচবুকটো টাইমপাছৰ ধুনীয়া আহিলা হৈ পৰিল৷ মাজে মাজে দুই এখন ফটো আপলোড

Read more
1 60 61 62 63 64 115