ফটাঢোল

সম্পাদকীয় – পৰী পাৰবীন

ব্যংগ লিখনিৰ প্ৰাসংগিকতা আৰু এটা পুৰণি গল্প: “নিমখ নাখালে বাৰ্ধক্য নাহে”, অলপ কেঁচা বয়সতে এই কথাটো জানিবলৈ পাইছিলো এটা ব্যংগ গল্পৰ দ্বাৰা। লেখকৰ নাম পাহৰিছোঁ যদিও লিখনিটোৱে মনত যথেষ্ট আমোদ দিছিল বাবে ইয়াত উল্লেখ নকৰাকৈ নোৱাৰিলোঁ৷ গল্পটো আছিল এনেধৰণৰ – হঠাতে অস্বাভাৱিক গতিত বাঢ়ি যোৱা নিমখৰ মূল্যৰ বাবে ৰাইজে চৰকাৰৰ বিপক্ষে জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰিলে। ৰাজপথত ধৰ্ণা দিলে, ঠায়ে ঠায়ে মন্ত্ৰীসকলৰ প্ৰতিমূৰ্তি জ্বলালে৷ এনেকি গোটেই সংগঠনবোৰ লগ হৈ মন্ত্ৰালয় ঘেৰাওৰ অভিযান চলালে৷ ফলত চৰকাৰখনলৈ সংকট নামি আহিল৷ মন্ত্ৰীসকল বিমোৰত পৰিল৷

Read more

চাহনগৰী, প্ৰিয় ব্যক্তিৰ সান্নিধ্য, এটি উমাল গধূলিৰ কিছু কথকতা আৰু কিক্ শব্দটোৰ খেলা

আচম্বিতে ফোন নম্বৰটো পাইছিলো তেখেতৰ । প্ৰিয় ব্যক্তিগৰাকীৰ ফোন নম্বৰ হাতত পৰাটোৱেই আচলতে এটি পথৰ দুৱাৰ মুকলি । ময়ো যেন এটি পথৰ সন্ধান পালোঁ । নাম্বাৰটো লৈ সেউজীয়া বুটাম টিপিছিলো । এখন গ্ৰন্থৰেই অসমৰ চুকে কোণে বিখ্যাত হৈ পৰা প্ৰচাৰবিমুখ লেখকগৰাকীক লগ পোৱাটো আমাৰ বাবে এক সফলতা নুবুলি নোৱাৰি, কাৰণ তেখেতে ব্যৱহাৰ কৰা ছদ্মনামত আচল ব্যক্তিগৰাকীক লগ পোৱাটো ইমান মুখৰ কথা নহয় । প্ৰথম ফোনকলটোতে তেখেতৰ আপোনত্বৰে ভৰা কথা শুনি তবধ মানিছিলো, চিকুটি চাইছিলো, “সঁচাকৈনে, সঁচাকৈয়ে মই তেখেতৰ লগতে কথা

Read more

সমাধান-সূত্ৰ – ঈশান জ্যোতি বৰা

আধুনিক পৃথিৱীৰ তলা-নলাবোৰ খৰচি মাৰি বুজি লোৱা মোৰ লগৰ কেইবাজনো তীক্ষ্ণ মগজুৰ বন্ধুয়ে তেওঁলোকৰ আপোন ভাষাটো ‘ইউজ্’ কৰি মোক ‘এদভাইচ’ দিয়ে,– “বুজিছ, টাইম্ থাকোঁতেই ভাল কেৰিয়াৰ এটা ‘চুজ্’ কৰিব নোৱাৰিলে তোৰ লাইফৰ ‘নেক্সট ষ্টেজ’টো তামাম ‘পেথেটিক্’ হ’ব৷” দূৰদৰ্শী চোকা বন্ধুকেইজনৰ সাৰুৱা কথাবোৰ হৃদয়ংগম কৰিবলৈ এই ‘অদূৰদৰ্শী গাধ’ৰ দুদিন সময় লাগিল৷ ‘পেথেটিক্’ শব্দটোৰ অৰ্থোদ্ধাৰ কৰিবলৈ অভিধান এখনৰ সহায়ো ল’বলগীয়া হ’ল৷ তাৰপিচতহে বোধ হ’ল-এৰা, সিহঁতৰ কথাবোৰে ঠিকেই৷ ভাল কেৰিয়াৰ ‘চুজ্’ কৰিব নোৱাৰা ল’ৰা-ছোৱালীৰ জীৱনৰ শেষ পৰিণতি চকুৰ আগতেই প্ৰত্যক্ষ কৰি আছোঁ৷ ভীষণ

Read more

আশীৰ পৰৱৰ্তী অসমীয়া আলোচনী : এক অসম্পূৰ্ণ আলোচনা – শান্তনু কৌশিক বৰুৱা

[ ‘অসম সাহিত্য সভা পত্ৰিকা’ৰ ষটষষ্টিতম বৰ্ষ, প্ৰথম সংখ্যাত (জুন-জুলাই-আগষ্ট: ২০১১ খ্ৰীষ্টাব্দ) প্ৰকাশিত এই প্ৰবন্ধটি আমাৰ অনুৰোধ ৰক্ষা কৰি fotadhol.com ত প্ৰকাশ কৰিবলৈ অনুমতি দিয়া বাবে শান্তনু কৌশিক বৰুৱাদেৱলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো৷ প্ৰবন্ধটোৱে কৌতুহলী পাঠক, সমালোচক, লেখক সকলোকে নিঃসন্দেহে অলেখ তথ্য-বস্তুৰ যোগান ধৰিব৷ তদুপৰি প্ৰবন্ধটিৰ জৰিয়তে পাৰ হৈ যোৱা দশক তিনিটাৰ ‘অসমীয়া আলোচনীৰ সংগ্ৰাম আৰু উত্তৰণৰ’ কিছু পৰিচয় লাভ কৰাৰ উপৰিও এক উন্নত মনদণ্ডক স্পৰ্শ কৰিব বিচৰা বা নতুনকৈ প্ৰকাশ কৰিব বিচৰা আলোচনী এখনৰ বাবে প্ৰয়োজনীয় লক্ষ্য আৰু দৃঢ়তাৰ

Read more

ভ্ৰাম্যমাণ থিয়েটাৰ আৰু কিছু অনুভৱ – কুল শইকীয়া

ভ্ৰাম্যমাণ থিয়েটাৰৰ ‘আজিৰ নিৱেদন অমুক’ বুলি মাইক ফুকাই ৰিক্সাত উঠি অহা ডেকা ল’ৰাটোক চাবলৈ ঘৰৰ ভিতৰৰ পৰা ঠিক দৌৰি ওলাই অহা নাই, আচলতে নাটকখননো কি, কাৰ নাটক;কেইবাটাও হ’ব উৎসুকতা দমাব নোৱাৰি হে পঢ়াৰ টেবুলৰ পৰা দৌৰি আহি নঙলা মুখত ভীৰ পাতোহি। তেতিয়াই লগৰ ল’ৰাৰ লগত প্লেন-প্ৰগ্ৰেম বনোৱা হয় যে আজিৰ নাটক চাব লাগিব দুটাকৈ দৰ্শনী হৈছে, বৰ চলিছে, মানুহৰ সাংঘাটিক ভীৰ, টিকট পোৱাই মস্কিল, আবেলি গ’লেহে ৰাতিৰ দৰ্শনী চাব পৰা যাব, টিকটৰ বাবে শাৰীয়ে সৰ্পিল ৰূপ লৈছে, ব্লেকতো কিনিব লগাত

Read more

সংখ্যাটোৰ আঁৰৰ কথা – পৰী পাৰবীন

বছৰেকৰ বিহুটি বুলি জোনবিৰি, মুগাৰ সাজেৰে ৰং-ৰহইচ অকণ কৰোঁ বুলি লৈছিলোহে মাথোঁ, পদূলিত দেখোঁ স্বৰ্গদেওৰ কটকী হাজিৰ! মখমলী ফুলাম পত্ৰ দি ক’লে, বোলে, “ৰজাঘৰে মনত পেলাইছে”। হাঁহিৰ ৰাজ্যৰ ৰজাৰ পত্ৰ। নিজকে কিবা ৰজাৰ পাটমাদৈগৰাকীৰ দৰে লাগিল। নালাগিবইবা কিয়?  ৰঙেৰে ভৰা বসন্তোৎসৱত খোদ স্বৰ্গদেৱে মনত পেলাই কটকীৰ হাতত মখমলী পত্ৰ পঠিয়াইছে, গতিকে বিহুটি চাবলৈ চেনাইধনলৈ ৰ’বলৈকে নহ’ল। পোনচাটেই ৰজাৰ কাৰেং পালোহি। ৰজাঘৰে কিন্তু হুকুমহে দিলে, বোলে, “এইবাৰৰ ৰংবোৰ বুটলাৰ দায়িত্ব তোমাৰ”।এনেয়েও ৰঙতে বুৰি থাকোঁ, পিচে ৰজাঘৰীয়া ৰং বুটলা জানো সহজ?  পচন্দ

Read more

যথা কন্যা তথা বিবাহ – ধ্ৰুৱজ্যোতি অৰ্জুন

তেতিয়া তাইৰ আৰু মোৰ দুৰ্ঘোৰ প্ৰেম । ভোডাফোনৰ ওৰে নিশা ফ্ৰী টকটাইমৰ মই দামী গ্ৰাহক । বাৰিষাৰ বাঢ়নী পানীৰ দৰে কথা উলাই । সাধাৰণতে বাহিৰত ৰাজনীতি , কুটনীতি, সমাজ সংস্কাৰৰ দৰে কথাহে পতা মইটোৰ বুকুত ৰাতি বাহ লয় কোনো প্ৰেমিক চৰাই । বিয়াৰ দিনা মোৰ টেনচন । এনেয়ে প্ৰত্যেকটো ডেকালৰাৰ বিয়া বুলিলে মনটো ৰোমাঞ্চিত হৈ থাকে যদিও সেই বিশেষ দিনটোত কিন্তু ক’ৰপৰা অনামী ভয় এসোপাই বুকুত ভিৰ কৰেহি । “মই”বোৰ যে” আমি” হৈ যায় সিদিনাৰে পৰা । উৰুলিপুঙা হৈ থকা

Read more

ফটা প্ৰশ্ন

১৷ পৰীস্মিতা গগৈ: প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিবলৈ মানুহে মাছ-মাংস ভক্ষণ কৰে বুলি অকাট্য যুক্তি দিয়ে৷ এতিয়া জনসংখ্যাৰ বিষ্ফোৰণে প্ৰকৃতি জগতৰ ভাৰসাম্যৰ ওপৰত প্ৰশ্ন উত্থাপিত কৰিছে৷ জনসংখ্যাৰ বৃদ্ধিৰ বাবে পৃথিৱীত হোৱা অসুবিধাবোৰৰ কথা নক’লোৱেইবা৷ ফটহু কাই আপুনি নাভাবে নে জন্তৰ জন্ম নিয়ন্ত্ৰণৰ বাবে যিসকলে মাংস খোৱাৰ যুক্তি দিয়ে তেওঁলোকে ইয়াকো মানি লোৱা উচিত হ’ব যে মাংসাহাৰী সমস্ত জন্তুবোৰে মানুহৰ জনসংখ্যা ৰোধৰ বাবে মানুহ ভক্ষণ কৰা যুক্তিসংগত হ’ব? ফটহুঃ- হয়তো হব! তেনেধৰণৰ চিন্তা চৰ্চা চলিছেই হ’বলা৷ কাৰণ- “একেখন গাড়ীয়ে সাতটা মানুহ মাৰিলে,

Read more

জ’ম্বি বিহু – অভিজিত কলিতা

কিছুবছৰ আগৰ কথা। অসমীয়া চিত্ৰজগতৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰীৰ (বিহু ভিচিডিত অতিকৈ জনপ্ৰিয়) আমাৰ পৰিয়ালটোৰ সৈতে চিনাজনা আছে- মোৰ শ্ৰীমতীৰ তেওঁ বৰ ভাল বান্ধৱী। সেই সূত্ৰে আমাৰ মূল ঘৰলৈয়ো অহা-যোৱা আছে। তেওঁ ভ্ৰাম্যমান থিয়েটাৰ বা আন তেনে অনুষ্ঠানৰ বাবে যোৰহাট বা ডিব্ৰুগড়লৈ গ’লে আমাৰ ঘৰত বা মোৰ শহুৰৰ ঘৰলৈ আহে, কেতিয়াবা থাকেও। অভিনেত্ৰী গৰাকী প্ৰকৃত নামতকৈ তেওঁৰ এখন হিট ভিচিডিৰ নামেৰেহে বেছি জনপ্ৰিয়। ধৰি লোৱা হ’ল তেওঁৰ জনপ্ৰিয় নামটো ৰুণজুণ। সেইদিনা আমি ডিব্ৰুগড়ত মোৰ শহুৰৰ ঘৰত আছিলো, বিহু ফাংচনৰ বতৰ। হঠাত

Read more

বিগ-বচ – পূণ্য শইকীয়া

বাউন্সাৰ হুক কৰি মাৰিছিলো ছক্কা বল গৈ পঁহুচিল চিধাচিধি মক্কা এডিলেড পাৰ হৈ পাই গ’লো চিডনি একেজন মানুহৰে দুটা দুটা কিডনি আমীৰ নহ’লো নাই হ’ব খোজো চালমন কাটিব নোৱাৰো দাঢ়ি মুখ ভৰা শালমন প্ৰেমৰ উপমা দিলো লিকুইড আয়ৰণ একেশাৰী কবিতাতে নাম পালো বায়ৰণ চুট টাই সোলোকাই পিন্ধি ল’লো চাপকন ব্ৰেডমেন নাম গুচি নাম ল’লো বাপকণ নামাৱলী মেৰিয়াই ভাও ল’লো ভক্তৰ পাছফালে ডি-লিট আগফালে ডক্টৰ হাঁতুৰি গজাল হাতে মগজুৰ মিস্ত্ৰি ভূগোলৰ শাহুৱেক নাম তেওঁৰ হিষ্ট্ৰী নাচ দেখি মোক বোলে মাইকেল জেকচন

Read more
1 65 66 67 68 69 115