ফটাঢোল

গৰুৰ বিষয়ে এখন ৰচনা – অনিমা দাস

এদিন পিটকণ হতৰ শিক্ষকে হমৱৰ্ক হিচাপে সকলোকে নিজৰ নিজৰ পছন্দ মতে বিষয় বাছি লৈ ৰচনা লিখি আনিবলৈ দিলে। সকলোৱে ৰচনা লিখি শিক্ষকক জমা দিলে।কিন্তু পিটকণৰ ৰচনাখন আছিল অন্যধৰণৰ। ৰচনাখন আছিল- গৰুৰ বিষয়ে ৰচনাঃ গৰু এক ডাঙৰ প্ৰজাতিৰ জন্তু।গৰুৰ চাৰিটা ঠেং, দুটা চকু,দুখন কাণ, এটা নাক আৰু ছোৱালীৰ দৰে বেণী গুঠিব পৰা এডাল দীঘল নেজ আছে।কিছুমান গৰুৰ সিং আছে কিছুমানৰ নাই।শিং থকা গৰু মাটি চহোৱা আৰু গাড়ী টনাত ব্যৱহাৰৰ হয়।মহিলা গৰুৰ শিং নহলেও চলি যায়। সাধাৰণতে গৰুৰ প্ৰধান খাদ্য ঘাঁহ যদিও

Read more

মৃত্যুৰ আগৰ চিন্তা — সোনটো ৰঞ্জন বৰুৱা

আপোনালোকে মোৰ এই কথাখিনিত হয়টো সহমত নহব পাৰে।পিছে মই আজি কিছুদিনৰ পৰা মৃত্যুৰ পদধ্বনি শুনিবলৈ পাইছোঁ । এনে লাগে যেন মৃত্যু সমীপত উপস্থিত হৈছেহি। নিজৰ কিছুমান গতিবিধি অধ্যয়ন কৰি মই এই বিষয়ে লাহে লাহে আশ্বস্ত হৈ গৈ আছোঁ। বহুদিন ধৰি কাৰো লগত কাজিয়া কৰা নাই। মাৰপিট এৰাৰ এটা যুগ হল বুলিব পাৰি। কাৰো লগত কোনো বিবাদ নাই, কোনো বিৰোধো নাই। গালি দিয়াও বন্ধ কৰি দিলোঁ কেতিয়াবাই। সমাজক, ব্যৱস্থাক, ব্যক্তিক.. সকলোকে ।কোনোৱে কিবা কলেও চুপচাপ শুনি থাকোঁ । নিজৰ দৃষ্টিত স্থিতপ্ৰজ্ঞৰ

Read more

বহ্বাৰম্ভে লঘুক্ৰিয়া (সহজতে ধনী হোৱাৰ প্ৰচেষ্টাবোৰ) – ৰিণ্টুমনি দত্ত

১৯৯৬ চনৰ কাহিনী, পঢ়া-শুনা শেষ কৰি ঘৰত বেকাৰ জিন্দেগী তেতিয়া । ঘৰত কূটা এগছো ইফালৰপৰা সিফাল নকৰোঁ বুলি প্ৰত্যেকদিনাই একেখিনি গালি ৰিপিট মুডত খাই থকাৰ দিনৰ কথা। গাৱঁ‌ৰ ক্লাবটোত সদায় কেৰম খেলাৰ নামত আড্ডা হয়, ময়ো তাৰ নিয়মীয়া মেম্বাৰ। লগৰীয়া বিশেষ নাই, প্ৰায়কেইজন সদস্যই বয়সত মোতকৈ ডাঙৰ। গুৱাহাটীত পঢ়ি অহা বুলি ডাঙৰ কেইজনেও মোক আড্ডাত সক্ৰিয় অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়ে। তেনেকুৱা এটা সন্ধিয়াৰ কথা, হুৰমুৰকৈ ক্লাবলৈ সোমাই আহিল আড্ডাৰ এজন সক্ৰিয় সদস্য গণেশ তামূলী। বয়সত মোতকৈ যথেষ্ট ডাঙৰ যদিও মোৰ

Read more

কৌতুক – ড০ মাখন লাল দাস

পত্নী: আপনাক কথা এটা সুধলি বয়া পাবো নাকি? পতি: নাপংদে, সুধ… পত্নী: মৰাৰ পাছোত আপনি আহুন স্বৰ্গত কি পাবো? পতি: আমি অপ্সৰা পাম, অপ্সৰা৷ পত্নী: আৰু আমি কি পাম দক? পতি: তুহুন বান্দাৰ পাবি বান্দাৰ৷ পত্নী: হাও৷ ইটু আৰু কেনে কথা? ইটু মহা অন্যায় হৈছে দক৷ পতি: কিহোৰ অন্যায় এ? পত্নী: আপনি আহুন ইয়াতো অপ্সৰা পাইছে, তাতো অপ্সৰা৷ আৰু আমি ইয়াতো বান্দাৰ পালো আৰু তাতেও বান্দাৰ??? ☆★☆★☆

Read more

ফাইভ ষ্টাৰ হোটেলত মই – কমলা দাস

ইণ্ডিয়ান এয়াৰ লাইঞ্চৰ পৰা ফ্ৰি কম্বলখন আনিব নোৱাৰি মনৰ দুখত লাহে লাহে নামি আহিলোঁ। মনতে অলপ চিন্তাও কৰিছোঁ। মৰসাহ কৰি অকলে অকলে আহিছোঁ ৰ চোন! এতিয়া বা ক’লৈ যাওঁ! ভয় কৰাটো কিন্তু কাকো দেখুওৱা নাই কাৰণ অচিনাকি ঠাইত কোনোবাই সুবিধা ল’ব পাৰেতো! বিন্দাচ লাগেজ সংগ্ৰহ কৰি গপচত লাউঞ্জৰ বাহিৰ ওলালোঁ। বাহিৰ ওলাই দেখি কলিজা শুকাই গ’ল। হে ভগৱান! বিশাল দুনিয়াচোন! আগুৱাই যাওঁ নে পিছুৱাই যাওঁ বাৰু! কি কৰোঁ, ক’লৈ যাওঁ, পিছুৱাই গৈয়ো লাভ নহ’ব গতিকে ভাবিলোঁ যি হয় হ’ব আগুৱাই

Read more

থেংকিউ আংকল – বিকাশ শইকীয়া

সন্ধিয়া অফিচৰ সন্মুখত বাছকেইখন ৰৈ থাকে৷ নিদিষ্ট সময়ানুসৰি বাছ চলে৷ এই সময় আকৌ কোনো ঘড়ীৰ লগত নিমিলে৷ বাছখনত যাত্ৰীৰ হেঁচা থেলা হ’লেই বাছ চলাৰ সময় হয়৷ গতিকে খৰ খেদাকৈ আহি বাছৰ চিট এটা ল’ব নোৱাৰিলে সহযাত্ৰী সকলৰ কৃপাত বজাৰত চলা সকলোবোৰ পাৰফিউমৰ গোন্ধ পোৱা যায়৷ আৰু কেতিয়াবা ভাগ্য বেয়া হ’লে ঘামৰ টেঙা টেঙা গোন্ধে আমোলমোলাই যায়৷ সিদিনাও খৰ খেদাকৈ আহি বাছত কোনো মতে চিট এটা ল’লো৷ খন্তেক পিছতে এগৰাকী সুন্দৰী আহি কাষতে বহিল৷ কাষৰ চিটত সুন্দৰী বহিলে বাকী যি হওক

Read more

কৌতুক – ৰিতন বৰুৱা

এজন গ্ৰাহকে দোকানত কিবা কিবি বস্তু কিনি আছে। ছেলছ বয়জনে গ্ৰাহকজনক সুধি সুধি বস্তু দি আছে। ছেলছ বয়ঃকওক ছাৰ, কি দিম? গ্ৰাহকঃগাখীৰ এপেকেট দিয়া। ছেলছ বয়ঃ আৰু কি দিম ছাৰ? গ্ৰাহকঃ সেইটো এপেকেট দিয়া। ছেলছ বয়ঃ আৰু ছাৰ? গ্ৰাহকঃহেৰা লৰা তুনি ছাৰ ছাৰ কৈ আছা, মোৰ বৰ ভাল লাগিছে জানা। তোমাৰ বাদে মোক আজিলৈ কোনেও ছাৰ কৈ পোৱা নাই। আকৌ এবাৰ কোৱাঁচোন ছাৰ বুলি। ছেলছ বয় – – পাগল (মনে মনে ভোৰভোৰালে, বাপেৰৰ চাকৰ পাইছিলি। দৰমহা কেইটাৰ আশাত ছাৰ ছাৰ

Read more

মোৰো মন যায় – কমলা দাস

হে ফটাঢোল, তুমি কিয় হ’লা মোৰ ইমান আপোন দিনে ৰাতি দেখোঁ মই তোমাৰেই সপোন। কৰিবানে মোৰো কেতিয়াবা আশা পুৰণ, মোৰ লিখনিতো পৰিব লাইক কমেণ্টৰ বৰষুণ। বৰ বৰ চেলিব্ৰিটিয়ে মোক ঈৰ্ষাৰে চাব, তাকে দেখি মোৰ বত্ৰিশ দন্তীয়া হাঁহি উজলিব। ঢুলীয়া ঢুলীয়ানী সকলোৱে উঠিবলৈ চেলফী, লগাব হেতা-ওপৰা, তেতিয়া মই বাৰু কৰিম কি? লচ পচি গাভৰুহঁতৰ হাঁহিত মই ভোল যাম, ঢুলীয়াহঁতক মই নাচিবলৈ হে ক’ম । যদিহে পাৰোঁ লিখিবলৈ তেনেকুৱা লিখনি, মই হম ফটাঢোলৰ ধুনীয়া নাচনী। মোৰো মন যায় কিবা এটা ভাল লিখিবলৈ,

Read more

বজ্ৰলেপ – অমিতাভ মহন্ত

: হেল্লো! : হেল্লো জুৰী! : অ’ কোৱা৷ ইমান ৰাতি? : অ’ ৰাতিয়েই হৈ থাকিল৷ আচলতে কথাটো খুবেই আৰ্জেণ্ট৷ সেইবাবেই… : কাইলৈ কথা পাতোঁ অসীম? লাঞ্চ, টাইমত ফোন কৰিম৷ হ’ব? : কিন্তু জুৰী… বৰ দৰকাৰী আছিল কথাটো…এতিয়াই নজনালে… : ঠিক আছে, কোৱা৷ সোনকালে কোৱা, টোপনি ধৰিছে মোৰ৷ : সাংঘাতিক কাণ্ড বুজিছা৷ কেইচটো এতিয়া একদম ক্লিয়াৰ হৈ গৈছে৷ : কি কেইচ্? কি সাংঘাতিক কাণ্ড? : খুব ঠাণ্ডা মগজুৰে শুনা! ঠিক আছে? : আৰে কি হৈছে কোৱানা৷ ৰাতিখন কামুৰিছা কিয়? : তুমি

Read more

মোৰ আনকমন বিয়া খন -পঞ্চী প্ৰিয়া দাস

মোৰ জীৱনত পাহৰিব নোৱাৰা অন্যতম এটা লটিঘটি, যিটো মোৰ জীৱনত সদায় স্মৰণীয় হৈ থাকিব। সকলো ছোৱালীয়ে নিজৰ বিয়াৰ সপোন দেখে। শুকুলা ঘোঁৰাত উঠি ৰাজকুমাৰ আহিব বিয়া কৰাবলৈ। ফুল লগা বাগিত (আজিকালি অত্যাধুনিক মডেলৰ গাড়ীত উঠে দেই, মই পিছে আইটেন(i10)ত ঘৰলৈকে আকৌ ঘূৰি আহিছিলোঁ দৰাৰ লগতে আকৌ) উঠি দৰাৰ হাতত ধৰি দৰাঘৰলৈ যাব। মইও ভাবিছিলোঁ দৰাৰ লগত গাড়ীত নাযাওঁ। এওঁৰ মোক ফুৰাবলৈকে কিনা স্কুটি খনতে জাষ্ট মেৰিদ বুলি ফুললগা দিল এটা লগাই ফুৰি মেলি ঘৰলৈ আহিম। কিন্তু বিধিৰ বিপাক! যিহেতু এওঁৰ

Read more
1 5 6 7 8 9 115