ফটাঢোল

এন এনকাউণ্টাৰ উইথ এন ইণ্টাৰভিউৱাৰ (মূল : মাৰ্ক টুৱেইন) – অনুবাদ : গীতিকা শইকীয়া

সুন্দৰ তথা পৰিপাটি পোছাক পৰিহিত যুৱকজনক যথেষ্ট উদ্বিগ্ন দেখা গৈছিল৷ মই আগবঢ়াই দিয়া চকীখনত তেওঁ লাহেকৈ বহি লৈ ক’লে যে তেওঁ “ডেইলী থাণ্ডাৰষ্টৰ্ম” কাকতখনৰ লগত জড়িত হৈ আছে৷ লগতে তেওঁ ক’বলৈ ধৰিলে – “মই আপোনাৰ সাক্ষাৎকাৰ ল’বলৈ আহিছো৷ আশাকৰোঁ এই কথাটোৱে আপোনাক যেন ক্ষুণ্ণ কৰি নোতোলে৷” “মানে, মই কি কথাত ক্ষুণ্ণ হ’লোহেঁতেন বাৰু?” “সাক্ষাৎকাৰ, মানে আপোনাৰ ইণ্টাৰভিউ ল’ম যে।” “অ’…মই বুজিছো, য়েচ য়েচ…উম! য়েচ য়েচ..” আচলতে সেইদিনা পুৱাৰে পৰা মোৰ গাটো বৰ ভাল লাগি থকা নাছিল৷ সেয়েহে মোৰ মানসিক শক্তিও

Read more

সানমিহলি – সোমকান্ত শইকীয়া

মনেশ্বৰৰ কথাৰে (১) “চিনা আগে” (ক) মনেশ্বৰে মেট্ৰিক পাছ কৰি কলেজত নাম লগোৱা বছৰতে “চীন- ভাৰত ” যুদ্ধখন সংঘটিত হৈছিল ৷ তেতিয়াৰ পৰা বহুত দিনলৈকে স্কুল কলেজত প্ৰায় গোটেই দিনটো ল’ৰা ছোৱালী বিলাকে স্কুল বা কলেজ ফিল্ডত “পেৰেড” কৰি থাকিব লগা হৈছিল — আনকি বন্দুক -ৰাইফল আদি চালনাৰ প্ৰশিক্ষণো দিয়া হৈছিল ৷ এই প্ৰশিক্ষণ দিছিল হিন্দীভাষী আৰ্মী অফিচাৰ সকলে ॥ তেনে এটা প্ৰশিক্ষণৰ পেৰেড চলি থকা দিনৰ কথা । মনেশ্বৰ ল’ৰাটো গায়ে-গাৰিয়ে বেছ হৃষ্ট পুষ্ট — কিন্তু সেই অনুপাতে তজবজীয়া

Read more

তিনিটা কৌতুক – হিৰণ্যজ্যোতি দাস

(১) এদিন এজন মানুহে পাহাৰ বগাই আছিল৷ এনেতে ক’ৰবাৰ পৰা শব্দ এটা আহিল,-“ৰ’বা৷” মানুহজন ৰৈ গ’ল৷ লগে লগে এটা প্ৰকাণ্ড শিল মানুহজনৰ আগেৰে পাৰ হৈ গ’ল৷ মৃত্যুৰ মুখৰ পৰা মুহূৰ্তৰ কাৰণে মানুহজন বাচি গ’ল৷ মানুহজনে অদৃশ্য চিঞৰটোৰ প্ৰতি ধন্যবাদ জনালে৷ কিছুদিন পাছত মানুহজনে ৰাস্তাৰে খোজকাঢ়ি গৈ আছিল৷ হঠাৎ অদৃশ্য চিঞৰটো আহিল,-“ৰ’বা”৷ লগে লগে লগে এখন ট্ৰাক তেওঁৰ একেবাৰে কাষেৰে পাৰ হৈ গ’ল৷ মানুহজন এক মুহূৰ্তৰ কাৰণে মৃত্যুৰ দুৱাৰডলিৰ পৰা বাচি গ’ল৷ মানুহজনে অদৃশ্য চিঞৰটোৰ প্ৰতি ধন্যবাদ জনাই আগবাঢ়ি গুছি গ’ল৷

Read more

ড০ ভূপেন হাজৰিকা আৰু ড০ নিৰ্মলপ্ৰভা বৰদলৈৰ শৈশৱৰ দুটি ৰসাল কাহিনী – মৌচুমী বৰি

অসমীয়া সাহিত্য আকাশৰ দুগৰাকী চিৰজ্যোতিস্মান নক্ষত্ৰ– ড০ ভূপেন হাজৰিকা আৰু ড০ নিৰ্মলপ্ৰভা বৰদলৈ৷দুইগৰাকী স্বনামধন্য ব্যক্তিৰ কৰ্মবহুল জীৱন সংগ্ৰামৰ লহৰত হোৱা সৃষ্টিসমূহ আৰু ইয়াৰ অন্তৰালৰ প্ৰেৰণাসমূহ অসমৰ জাতীয় জীৱনৰ বাবে এক ঐতিহাসিক সম্পদস্বৰূপ৷তেখেতসকলৰ জীৱনৰ সৰু সৰু ৰসাল কাহিনীসমূহো আমাৰ বাবে কৌতুহ’ল আৰু আনন্দৰ বিষয়৷সেয়ে পাঠক সকললৈ তেখেত সকলৰ শৈশৱৰ দুটি ৰসাল কাহিনী এই লেখাৰ যোগেদি আগবঢ়ালোঁ৷ (১) ভূপেন দা বোলে সৰুতে বৰ খটাসুৰ আছিল৷ভূপেন দাই ন বছৰ মান বয়সত ভৰলু নৈত সাঁতোৰ শিকিবলৈ আৰম্ভ কৰিছিল৷এনেকৈ এদিন সাঁতোৰ শিকি থাকোঁতে অলপ আঁতৰত

Read more

সংগঠন – দিগন্ত কুমাৰ ভট্টাচাৰ্য

ৰমেশ আৰু বৈকুণ্ঠ চাৰিআলিৰ চ’কৰ নৰোত্তমৰ দোকানৰ সন্মুখত বহি আছে। দুয়োৰে মুখত মাতবোল নাই। ৰমেশৰ মুখখন মেল খাই আছে, বৈকুণ্ঠৰ নাকেৰে অলপ অচৰপ শেঙুন ক্ৰমাৎ ওঁঠ অভিমুখে গতি কৰিছে। ৰমেশৰ মুখ মেল খোৱাটো জন্মগত। বহুতে সেইকাৰণে তাক ‘মুখমেলা’ বুলিও মাতে। বৈকুণ্ঠই গমকে নাপায়, কেতিয়া তাৰ নাকেৰে শেঙুন বাহিৰ হৈ মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত ওঁঠ-মুখলৈ গতি কৰে। যেতিয়া গম পায়, তেতিয়া সি নাকেৰে উশাহৰ লগে লগে বল প্ৰয়োগ কৰি আকৌ ‘ঘৰৰ ল’ৰা ঘৰলৈ আহ’ বুলি শেঙুনখিনিক নাকলৈ উভতাই আনিবলৈ চেষ্টা কৰে। যদি

Read more

মোৰ লক্ষ্য – পদ্মজা বৰুৱা

মই বৰুণ গগৈৰ দৰে হ’ম সদায় হাঁহিমুখে ৰ’ম বাদ দিয়াহে বাদ দিয়াহে ক’লেও সদায় ৰাজনীতিতে ৰ’ম মই বৰুণ গগৈৰ দৰে হ’ম। মই হ’ম অনুৰাগ বাপন মহন্ত গীত গাই কঁপাম দিগন্ত চুমা খাই সৃষ্টি কৰিম নতুন বিতর্ক মই হ’ম অনুৰাগ বাপন মহন্ত। মই হ’ম মন্ত্রী হেমন্ত চমকৰ নাই অন্ত আঁচনিত চমক বাজেটত চমক এডভাণ্টেজ আছামক কৰি দিব খোজো আৰু ৰমক জমক মই হ’ম মন্ত্রী হেমন্ত। মই আইভিলতাৰ দৰে হ’ম চলচিত্ৰৰ নায়িকা হ’লেও ৰাজনীতিলৈও যাম ৰাইজৰ সমস্যা আওকাণ কৰি সদনত কেঁচুৱা ৰখা

Read more

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কেনেকৈ প্ৰস্তুতি চলাব – হীৰকজ্যোতি দাস

এই যে সদায় আমি দোষাৰোপ কৰি থাকোঁ যে অসমত বহিৰাগতে আহি চাকৰি ল’লে, আমি অসমীয়াবিলাকে নাপাওঁ৷ কেন্দ্ৰই আমাক মাহীআইৰ দৃষ্টিৰে চায়, সঁচা কথাত ক’বলৈ গ’লে কথাবোৰ এনেকুৱা হয় জানো? আমি কিমান অধ্যয়নশীল, আমি কিমান পৰিশ্ৰমী৷ নিজকে চিকুটি চাই যদি এবাৰ সোধো সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিযোগিতাত ভাগ লব পাকৈ আমি সক্ষমনে? সেই মানসিক উদ্যম আৰু শক্তি আছেনে যে আমি দীৰ্ঘসময়লৈ প্ৰতিযোগিতাত টিকি থাকিব পাৰোঁ৷ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ মূল লক্ষ্যই হৈছে শ্ৰেষ্ঠতমজনক নিৰ্বাচন কৰা৷ তাৰ বাবে লক্ষজনৰ লগত প্ৰতিযোগিতা কৰাৰ বাবে উদ্যম, অধ্যয়ন, জ্ঞান

Read more

পৰিৱৰ্তন – ৰিমঝিম বৰঠাকুৰ

পৰিৱৰ্তন এক : পিন্ধনত এটা হলৌ-মলৌ চোলা, ওপৰৰপৰা ক্ৰমান্বয়ে তললৈকে চেপা মাৰি অহা এটা পেণ্ট, চকুত চাৰিচুকীয়া নীলা ৰঙৰ এখন চছমাৰে নঙলাডাল খুলি ল’ৰা এটা সোমাই আহিল৷ ওচৰ পাওঁতেহে দেখিলে ল’ৰাটোৰ চুলিকেইডাল আৰু পকাই থোৱা মোচৰ সৈতে ভোবোকাৰ দাড়িখিনি৷ কাষৰখিনি কোনোবা কাঠমিস্ত্ৰীয়ে ৰাণ্ডা মাৰি সমান কৰি থোৱাৰ দৰে আৰু মাজৰখিনিত একেবাৰে জোপোহা গছডালৰ নিচিনা চুলি৷ ওপৰৰপৰা তললৈ চকু যাঁওতেহে চকুত পৰিল, কাণত বগা ৰঙৰ হেডফোন এডাল, ডিঙিত ব্লেড আকৃতিৰ লকেট এটাৰ সৈতে এডাল শিকলি, ভৰিত আকৌ নিজতকৈ দুই-তিনি আঙুলমান দীঘল

Read more

এনেকৈয়ে – মাধুৰীমা ঘৰফলীয়া

বৰষুণজাক দিয়া অলপ সময় হ’ল যদিও গছবোৰে ধৰি ৰখা পানীবোৰ পাতৰ মাজেৰে সৰকি আহি টুপুৰ-টুপুৰকৈ শব্দ হৈ আছে। তেনেকুৱা এক টুপুৰ-টুপুৰ শব্দ অনাদিৰ মবাইলতো মাজে মাজে হৈ আছে। টুপুক! মেছেজ অহাৰ শব্দ। অনাদিয়ে হোৱাটচ এপটো খুলিলে। “চেষ্টা কৰিবা। আহিবই লাগিব বুলি কোনো কথা নাই।“ পৰিধিৰ মেছেজ। অনাদিৰ মনটো মৰহি যোৱা যেন লাগিল। চাৰিমাহৰ মূৰত তাই অসমলৈ আহিছে। অহাৰ পৰিকল্পনা কৰোঁতেই সিহঁতি কেতিয়া ক’ত লগ কৰিব সেইটো পাতি থৈছিল কিন্তু খেলিমেলি লগালে অনাদিৰ মাকে। পৰিধিক লগ পোৱাৰ আৱেশত ডুব গৈ থাকোঁতেই

Read more
1 69 70 71 72 73 115