আপেল – নৱজিৎ বৈশ্য
পোহৰৰ আপেলে পাপলৈ মাতিলে আমি ওলালোঁ পৰিধান কৰি জ্ঞান অলপদূৰ আহিয়ে আমি জ্ঞানক সলাই ললোঁ বুদ্ধিৰ লগত তাৰপিছত… আহি আহি আমি ঘোঁৰাবোৰৰ প্ৰতি ঈৰ্ষান্বিত হ’লো অশ্বমেধ পাতিলোঁ আকৌ আপেল সৰিল মায়াৰ জৰিয়ে আঁটি আঁটি বান্ধিলে আমাক চৰাইবোৰ আকাশত উৰি থকা দেখি আমি উৰন্ত ধাতুৰ পিঠিত উঠি নিজক প্ৰবোধ দিলোঁ তাৰ পিছত… যুদ্ধৰ পাছত যুদ্ধ পাতিলোঁ হৰুওৱাৰ নিচাত বাৰে বাৰে হাৰিলোঁ আজিও আমি পাতোঁ পোহৰৰ মেলা বেদীত আমাৰ একামোৰ খোৱা আপেল এটা। ☆★☆★☆
Read more