ফটাঢোল

ফেচবুক প্ৰেম — অসীমা শইকীয়া দত্ত

: অ’ পাপুবা, মই ল’ৰা এটা ঠিক কৰিলো। : বঢ়িয়া। ক’ৰ ল’ৰা ঐ? : ফেচবুকৰ। : চৰকাৰে ফেচবুক বুলি কেতিয়া নতুন জিলা খুলিলে? মই বহুত কথা নেজানো অ’! পঞ্জাৱ নেশ্যনেল বেঙ্কো সিদিনা নীৰৱেহে চিনাকি কৰোৱাই থৈ গ’ল। : ধেত! নহয় অ! ল’ৰাটোৰ সৈতে ফেচবুকত চিনাকী হ’লো। থাকে বাংগালুৰুত। : হৰি! নাগেৰি, মৰিবলৈ জেগা নেপালি! ফেচবুকত আমাৰ ইয়াৰ বাৰী লুৰুকাটোৱেও বাংগালুৰু বুলিয়েই দিয়ে। লোকৰ বাৰী ঘৰৰ ফটোও নিজৰ বুলি দিয়ে। হেণ্ডচাম লোকৰ মতামানুহটোও নিজৰ প্রেমিক বুলি দিয়ে হেৰৌ।ফেচবুকতে মানুহ আৰু সমাজ

Read more

থুলুক থুলুকনীৰ গল্প – মনজিত

থুলুকৰ মানুহজনীৰ মোবাইলত বেটাৰীৰ অভাৱ সঘনাই চলে। সেই সময়খিনিত মানুহজনীয়ে তাৰ মোবাইল খোচৰে। মাজে মাজে তাৰ ফেছবুক একাউণ্টত সোমাই, মেচেঞ্জাৰত সোমাই কিবা সন্দেহজনক এক্টিভিটি আছে নেকি চাই। তাৰপিছত তেওঁৰ পোষ্টবোৰত লাইক কৰিছে নে নাই স্ক্ৰুটনি কৰে। লাইক নকৰা পোষ্টবোৰত নিজৰ পছন্দৰ লাইক, লভ ৰিয়েকচন দি ফুৰে। এদিন তেনে কৰি থাকোতে সি দেখিলে। দেখি অভিযোগ কৰিলে। : তুমি মোৰ একাউণ্টত সোমাই নিজৰ পোষ্টবোৰ লাইক কৰি কিয় ফুৰা? তোমাৰ সকলো পোষ্ট মোৰ ভাল নালাগিবওতো পাৰে? : চোৱা তোমাক সদায় কওঁ যে যুক্তি

Read more

কৃপণ উবাচ – দিগন্ত বৰা

ওচৰতে সকাম এটা খাবলৈ গৈ এওঁ মাহ প্ৰসাদ এখিনি লৈ আহিছিল। দুখীয়া গাওঁ হ’ব পাৰে, কিন্তু সকাম পাতিলে মাহ প্ৰসাদ আলি বলী হয়। কিছুমানৰ দৰে মাহ এপোৱা আনি প্ৰসাদৰ পাতখনত ভাতৰ পাতত চাটনি দিয়াৰ দৰে নিদিয়ে আমাৰ গাঁৱত। এপাত এপাত দিয়ে। সিদিনা ধনী মানুহ এঘৰলৈ সকাম এটা খাবলৈ গৈছিলো। মই বোলো, “এপাত এপাত মাহ প্ৰসাদ পাম চাগৈ! মচুৰ দাইলখিনিও ৰাহি হ’ব!” কিন্তু নাই। কলপাত এখনত যি কেইটাহে প্ৰসাদ উলিয়াই দিলে ঐ! আমাৰ গাঁৱৰ দুলালৰ গেলামালৰ দোকানলৈ গ’লে কেতিয়াবা দাঁত কুটকুটাবলৈ

Read more

ডুখৰীয়া স্মৃতি – ৰাজীৱ শৰ্মা

সৰুৰেপৰাই মোৰ দুটা বস্তুৰ বৰ অভাৱ আছিল। গাৰ মঙহ আৰু সাহস। এতিয়াও মনত আছে। বিশ্ববিদ্যালয়ত নামভৰ্তি কৰোতে মোৰ ওজন আছিল উঞ্চল্লিশ কেজি। বতাহত উৰি যাওঁ যাওঁ হেন দেহৰ অৱস্থা। কাজেই সাহসৰ ঘৰত শূন্য। আনৰপৰা মাৰ খোৱাৰ ভয়ত কাজিয়াতো বাদেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নাহৰৰ তলেদি (চেনী আলি) অহা-যোৱা কৰোঁতেও কোনো ছোৱালীক মাতি নাপালো। আৰু জোকোৱা! নৈব নৈব চঃ। কিন্তু বাৰিষা বৰষুণ অহাৰ দৰে কেতিয়াবা মনটো ৰঙীন হোৱা যে নাছিল এনেও নহয়। হৈছিল দুবাৰমান। লগৰ দুজনীয়ে মোক এইক্ষেত্ৰত এচুলিমানো সহায় যদি কৰিলেহেঁতেন তেতিয়া

Read more

ডাঙৰ মানুহৰ লাজ – উৎপলা কৌৰ

: দাদা নতুন ডিজাইন দেখাওক না! এইবোৰ ডিজাইন অলৰেডী মোৰ লগৰবোৰে পিন্ধি শেষ কৰিলে। কথাষাৰ কৈ নীনাই মোবাইলটো উলিয়াই যোৱামাহত পৃষাৰ বিয়াত কইনাৰ লগত উঠা ছেল্ফিখন উলিয়াই জুম কৰি নেকলেছডাল চালে। হয়, এইমাত্ৰ তাইক দেখুওৱা ডিজাইনটো প্ৰায় একেই পৃষাৰডালৰ সৈতে। গতিকে সেইডাল লোৱাৰ প্ৰশ্নই নাহে। ৰঙা চেপেটা, অলংকাৰৰ বাকচবোৰৰ পাহাৰটোৰ মাজৰপৰা তাইৰ তিনিঘণ্টাৰ মূৰত এডাল পচন্দ হ’লগৈ যেনিবা! ওজনটো অলপ বেছি। হওক, বিয়া এবাৰহে হ’ব। এনেও ভবানন্দ উকীলৰ একমাত্ৰ জীয়েক নীনাৰ পচন্দ আনতকৈ বেলেগ। সদায় ‘আনকমন’ বস্তু পিন্ধাৰ বাবে তাইৰ

Read more

ফেচবুক সংবাদ – নাজিয়া হাচান

১) মোবাইল পতি : কি লিখিছা? পত্নী : (মোবাইলটো টিপি টিপি) নাই লিখা অ’৷ কমেণ্টহে কৰিছোঁ৷ পতি : (নিজৰ গালখন খজুৱাই খজুৱাই) লিখা মেলা নকৰা হ’লা নেকি? পত্নী : (দুখেৰে) কিনো লিখিবা! পাত্তাকে নেপাওঁচোন হে! লাইক কমেণ্ট একোৱেই নাহে জানা? আঙুলিকেইটাৰহে বিষ হয় লিখি লিখি। পতি : ক’তনো বিষ হয় তোমাৰ? সেই পুৱাৰেপৰা দেখোন আজি ভাত পানী নৰন্ধাকৈ মোবাইলটোকে পিটিকি আছা! পত্নী : অ’! কমেণ্ট কৰি আছোঁ আক’! পতি : ইমান কমেণ্ট কৰিছা নে? বাপৰে! খোৱা লোৱা বাদ দি? কি

Read more

ভাগ্যৱান – জ্যোতিৰূপম দত্ত

ল’ৰা-ছোৱালীহালেই মোৰ জীৱনৰ সাৰথি৷ ইহঁত দুয়োকে বৰ আতোলতোলকৈ ডাঙৰ দীঘল কৰিছো৷ আজিকালি আৰু আগৰ দিনৰ দৰে ভাগ্যক ধিয়াই থকা সময় নাই৷ নিজৰ ভাগ্য নিজেই ৰচিব জনা লোকজনহে ভাগ্যৱান৷ মোৰ ল’ৰা-ছোৱালী দুয়োটাকে ভাগ্যৱান কৰিবলৈ মই নিজেই চেষ্টা কৰিছো৷ শ্ৰীমতীৰ প্ৰসৱ বেদনা অহালৈ নৰৈ মই নিজেই আগ-ভাগ লৈ নাৰ্ছিংহোমত ভৰ্তি কৰাই দিছিলো৷ তাৰ পাছত মই নিজেই পঞ্জিকা চাই কেচুৱা জন্মৰ শুভদিন, শুভমুহুৰ্ত উলিয়াই ডাক্তৰক দিছিলো৷ ডাক্তৰক নৰ্মেল ডেলিভাৰিলৈ ৰৈ নাথাকি মই ধৰি দিয়া নিৰ্ঘণ্টমতে ‘চিজাৰিয়ান’ কৰিবলৈ কৈছিলো৷ জন্মৰ সময়টোৰ যাতে চুলিমানো হেৰ-ফেৰ

Read more

সলিউশন এক্স (একাংকিকা নাটক) (অন্তিম খণ্ড) – মূল: বাদল সৰকাৰ, অনুবাদ- ডঃ প্ৰণৱ ঢেকিয়াল ফুকন

অণিমাঃ  ইঃ বৰ হাউ গুডু দেখুৱাইছে। তুমি হাউগুডুৰ কি জানা? একেবাৰে মাৰি বহুৱাই দিম। শম্ভুনাথঃ ইমান সহজ নহয়। অণিমাঃ হৈ যাওঁক এবাৰ। শম্ভুনাথঃ বেছ, হৈ যাওঁক। এই লাইন (ভৰিৰে লাইন টানে।) চু—উ–উ– অণিমাঃ ৰ’বা,  ৰ’বা (কমৰত আঁচল বান্ধিলৈ ) শম্ভুনাথঃ চু — উ–উ–উ— (উশাহ লৈ) উ–উ–উ— অণিমাঃ এই তুমি দুবাৰ উশাহ লৈছা, দুবাৰ উশাহ লৈছা — শম্ভুনাথঃ কেতিয়াও নহয়। অণিমাঃ আলবৎ লৈছা। নেখেলো, যোৱা। শম্ভুনাথঃ আচ্ছা, আচ্ছা, আকৌ । চু–উ–উ (অণিমা প্ৰায় ধৰা পৰে) অণিমাঃ এই বিৰাম বিৰাম শম্ভুনাথঃ (

Read more

সাক্ষাৎকাৰ- 'ৰহস্য সম্ৰাট' ৰঞ্জু হাজৰিকা

ফ্ৰেব্ৰুৱাৰী মাহৰ এটি সন্ধিয়াত মই আৰু ফটাঢোলৰ অন্যতম সক্ৰিয় সদস্য দিম্পল কলিতাৰ সৈতে গুৱাহাটীস্থিত ৰঞ্জু হাজৰিকাদেৱৰ ঘৰত হৈ উপস্থিত হ’লোগৈ। ক’ৰবাত পঢ়িছিলোঁ, তেওঁ সময় দি সময় নৰখা মানুহক বেয়া পায়। সেয়ে যিমান পাৰো গুৱাহাটীৰ যান জঁ‌ট নেওচি আমি তেওঁ দি থোৱা সঠিক সময়তে গৈ উপস্থিত হৈছিলোঁগৈ। বুকুখন কঁ‌পিছিল, কৈশোৰৰে পৰা প্ৰিয় সাহিত্যকগৰাকীক লগ পোৱাৰ আনন্দত। আমি গৈ পোৱাত তেওঁ নিজেই ঘৰৰ ভিতৰৰ পৰা ওলাই আহি আমাক আথে বেথে ভিতৰলৈ লৈ গ’ল। ৰঞ্জু হাজৰিকা। নামটোতে ৰহস্য সোমাই আছে । যিজন সাহিত্যিকক

Read more
1 91 92 93 94 95 115