ফটাঢোল

পতিচৰিত – দেৱাংগ পল্লৱ শইকীয়া

তিনিবছৰীয়া গৱেষণাৰ অন্তত পতিচৰিত গৱেষণাপত্ৰৰ মূল কথাকেইটা ৰাইজলৈ আগবঢ়ালো। এইকেইটা মূলহে, ভাঙনি বেলেগ। যথাসময়ত বিভিন্ন তথ্য যোগান ধৰা পতিসকললৈ কৃতজ্ঞতা। গোটাচেৰেক গৱেষকৰ নিজা। ইয়াত আপুনি/আপোনালোক মানে পত্নীক, আৰু আমি/তেখেত মানে পতিসমাজক বুজোৱা হৈছে! সমূহ পতি সমাজৰ সহযোগিতা কামনাৰে :- ১) পতিয়ে গা ধুই আহি যদি তেখেতে টাৱেলখন বিচনাত নথৈ ক’ৰবাত মেলি থৈছে তেনেহ’লে মৰম আৰু যত্নৰ পৰিমাণ বঢ়াওক। এনে পতি বিৰল। যদিহে টাৱেলখন নি ৰ’দত মেলি দিছে সেই পতিৰ চৰণ স্পৰ্শ কৰক। একলাখত এক তেখেত। আপুনি ভাগ্যৱতী। ২) সাধাৰণ তৰ্কৰ

Read more

স্প্ৰে বিভ্ৰাট — মনালী গগৈ

“লালৈ ইয়াতে জনমে লালৈ ক’তে বা মৰণে লালৈ কোনে থিৰাং কৰি ক’ব? লালৈ তিৰিৰে জনমে লালৈ সাধি মই আহিছোঁ……” গাটো ধুই আহি বিহুগীত গাই গাই চুলি আঁচুৰি আছিলো। তেনেতে ফোনটো বাজিল। দেখিলো পৰীৰ ফোন। ফোনটো ৰিচিভ কৰি সুধিলো তাইক, মই: কি হ’ল ক? পৰী: চাৰে আঠ বজাৰপৰা ক্লাছ আছে, খবৰ আছে নে নাই অ’? মই : চাৰে আঠ বজাৰপৰাহে আছে। এতিয়াও আছে বিশ মিনিট। পাঁচ মিনিটৰ বাট। কিবা এটা খাই গৈ আছোঁ ৰহ। পৰী: ঠিক আছে, তই আহিবি সোনকালে। ওপৰ

Read more

ওকণী আখ্যান – প্ৰীতিষা গোস্বামী

এসময়ত ছোৱালী, তিৰোতা সকলোৰে কাৰণে আতংকস্বৰূপ আছিল এই ওকণী নামৰ ক্ষুদ্ৰ প্ৰাণীবিধ। চুলিৰ মাজত থকা এই প্ৰাণীবিধে প্ৰতিটো পথ-উপপথত দিন-ৰাতি ২৪ ঘণ্টাই দপদপাই ফুৰিছিল। সিহঁতৰ অবাধ বিচৰণে বহুতৰে চকুৰ টোপনিও হৰিছিল। অৱশ্যে বহুতৰ কাৰণে ওকণী স্বস্তিৰ নিশ্বাসো আছিল। কাৰণ দুপৰীয়া ভাত খাই উঠি তিৰোতাসকলে কাৰোবাৰ মূৰৰ ওকণী চোৱাৰ চলেৰে বিয়নি মেলত বহিব পাৰিছিল। ভূ-ভাৰস্তৰ সকলো বা-বাতৰি সেই মেলতে আদান-প্ৰদান হৈছিল। সৰুতে মোৰ মূৰতো ওকণীৰ এখন বিশাল সাম্ৰাজ্য গঢ়ি উঠিছিল। ৰজা-ৰাণী, সৈন্য-সামন্ত, পালি-পহৰীয়া মিলি একেবাৰে গজগজীয়া সাম্ৰাজ্য আছিল। সেই সাম্ৰাজ্য ধ্বংস

Read more

নিস্পত্তি – অনন্ত বৰা

জীৱন মিস্ত্ৰীৰ জীয়েক তৰুলতাক চাবলৈ দৰা আহিছে। দৰাই বোলে মিলিটেৰিৰ চাকৰি কৰে। কথাটো শুনি গজেনৰ মনটো বেয়া। আজি অত দিনে খগেনৰ দোকানৰ মৰ্টন চানা খুৱাই খুৱাই গজেনে তৰুলতাৰ মনটো নাপালে। কেতিয়াবা তাইৰ কথা বতৰাবোৰত তাৰ প্ৰতি মৰম চেনেহ আছে যেনও লাগে। কেতিয়াবা আকৌ এনেকুৱা কৰে যেন তাক তাই চিনিয়েই নাপায়। খং উঠে গজেনৰ। সঁচাকৈয়ে দেই, নাৰী চলনাময়ী বুলি এনেই নকয়। যোৱাবাৰ পূজাত ধাৰ ঋণ কৰি হ’লেও গজেনে তাইৰ মনটো পাবলৈকে সাত হেজাৰ টকীয়া এণ্ড্ৰইড মোবাইল এটাও তাইক উপহাৰ দিছে। নাই

Read more

কে কে কে বৰুৱা বাইদেউ – অনুৰূপ মহন্ত

আমাৰ দেশত ধোদৰ অভাৱ নাই। এই অসম মুলুকতো বোলে ধোদৰ উৎপত্তি বহু পুৰণি। তাহানি স্বৰ্গদেউসকলৰ দিনতে হেনো ধোদৰ পয়োভৰ আছিল, এতিয়া আৰু ন’হবনে! তেতিয়া দেখাক দেখিও পিছে বহু ধোদ বাঢ়িছিল। পিছে নকল আৰু আচল ধোদ স্বৰ্গদেৱে তদন্ত কৰাই একেদিনাই চিনাক্ত কৰাইছিল, আজিকালিৰ দৰে বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদন আহিবৰ বাবে মাহৰ পাছত মাহ বা বছৰ ৰ’ব লগা নহৈছিল। যি শিবিৰত সমস্ত ধোদক ৰাজ আতিথ্য দি ৰখা হৈছিল, সেই শিবিৰত জুই লগাই দিছিল। জুইৰ তাপত নকল ধোদবিলাকে এনেকৈ দৌৰি পলাইছিল যে, ওচেইন ব’ল্টেও

Read more

শব্দ বিভ্ৰাট – জিন্না বৰদলৈ

প্ৰাথমিক বিদ্যালয়ত পঢ়াৰ সময়ত সহপাঠী এগৰাকী আছিল, উপাধিতো চুতীয়া ফুকন। খুব সুন্দৰ কণ্ঠৰ অধিকাৰী আছিল বাবে তাই ছাৰ বাইদেউৰপৰা বেছি মনোযোগ পাইছিল, যিটো আমাৰ দৰে ধিতিঙালি কৰি ফুৰাসকলৰ বাবে আছিল ঈৰ্ষাৰ কাৰণ। চতুৰ্থ শ্ৰেণীৰ পাছত ছোৱালীজনী নাপাত্তা হৈ গ’ল। বহুত বছৰৰ মূৰত অনা অসমীয়া বন্ধুকেইজনৰ সৈতে এদিন আড্ডা দি থাকোতে সহপাঠীগৰাকীৰ কথা ক’লো। তাইৰ উপাধিটো শুনিয়েই আটাইবোৰে গির্জনী মাৰি হাঁহিবলৈ ধৰিলে। এজনে আনকি তাইৰ উপাধিটোৱেই তাই নাপাত্তা হৈ যোৱাৰ কাৰণ বুলিও ক’লে। আটাইৰে হাঁহি শাম কটাৰ পিছত মোক এজনে বুজাই

Read more

সুমিত্ৰা মামী – ধৰিত্ৰী শৰণীয়া

এগৰাকী মামী অাছিল। কেইবছৰমান হ’ল ঢুকাল। নাম সুমিত্ৰা ওৰফে হাতীখাটিনী। (অামাৰ ফালে তিৰোতাবোৰৰ নাম মাকৰ গাঁওখনৰ লগত মিলাই থয়। সেয়ে হাতীখাটৰপৰা অনা বাবে মামীৰ নাম হ’ল হাতীখাটীনি। সুমিত্ৰা নাম ক’ৰবাতে ৰ’ল)। মামীৰ কাণ্ড কাৰখানাবোৰ অাছিল হাঁহিৰ উৎস। কিবা ক’বলৈ খুজি কিবা কয় অাৰু বাকীবোৰ হাঁহি মৰে। কোনোবাই বেয়াকৈ ক’লেও একো অাক্ষেপ নাই। একেবাৰে খোলা অন্তৰৰ ৰচকী তিৰোতা। এদিন অামাৰ মাৰ লগত মামী গোৰেশ্বৰলৈ গ’ল অাৰু দোকানে দোকানে অালিভ লেইলা বিচাৰি হায়ৰাণ। জীয়েকে বোলে নিবলৈ দিছে। বহুত বিচৰাৰ পিছত যেতিয়া নাপালে

Read more

অভ্যাস – মৃগাংক শইকীয়া

“দেখিছনে, জলপানকেইটা খাই চামুচখন কেনেকৈ গপচত জেপত ভৰাই লৈ গুছি গ’লগৈ দেখিলি? আহিবি এইবাৰৰপৰা খোৱাম জলপান তোক বুঢ়ীমাৰে।” সুতুলী পেহী খঙত জকজকাই উঠিল। এৰা, কণ্ঠী চোৰৰ কথাই কৈছো। কঠালগুৰি গাঁৱৰ নামজ্বলা চোৰ এই কণ্ঠীৰাম। গাঁৱৰ ৰাইজৰ কিবা বস্তু হেৰালে প্ৰথমে কণ্ঠীৰ ঘৰতেই খানাতালাছী চলে। তামোলখন খাবলৈ দিলেও তামোলৰ বটাটো চকুৰ আগতেই কোন পলকত চুৰিয়াৰ তলত পাক মাৰি ভৰাই লয় কোনেও টলকিবই নোৱাৰে। সেই কণ্ঠী চোৰেই তিনিআলিৰ বকুলজোপাৰ তলত কেঁচা শাক পাচলিৰ দোকান দিয়া আৰম্ভ কৰিছে কেইদিনমানৰপৰা। গোটেই গাঁৱৰ ৰাইজৰ বাবেই

Read more

স্বীকাৰোক্তি – লখিমী কোঁৱৰ হাজৰিকা

বিহুত এপাক নাচো বা নানাচো মই কিন্তু হাড়ে হিমজুৱে অসমীয়া৷ এই ভয়ানক অসমীয়া “ফিলিংচ”টোৰ বাবেই মই এটা বৰ বেয়া কাম কৰি থৈছোঁ নতুন কইনা হৈ থাকোতেই৷ দিল্লীত থাকোতে মোৰ প্ৰতিবেশীসকল সৰ্ব ভাৰতীয় আছিল৷ বাকী সকলো প্ৰতিবেশী বৰ ভাল আছিল, কিন্তু তাৰে মাজৰ এঘৰ বৰ অভদ্ৰ আছিল৷ তেওঁলোকে অনবৰতে অসমৰ কথা বেয়াকৈ কৈ থাকে৷ অসম জংঘল, তাৰ মানুহবোৰ বেয়া ইত্যাদি ইত্যাদি৷ মোৰ সহ্য নহয়৷ হিন্দী গালি এসোপা মোৰ ডিঙিত খুন্দিয়া খুন্দি কৰি থাকেহি কিন্তু মৰিবলৈকো মুখেৰে ওলাই নাহে৷ সিহঁতক দেখিলেই খঙত

Read more
1 4 5 6 7 8