ফটাঢোল

কৌতুক- মঞ্জিত ৰয়

(১) ঘৰুৱা সমস্যা কি সেইঘৰ মানুহক সুধিলেহে গম পাবা, যাৰ আলহীক দিবলৈ অনা মিঠাইৰ ৰং, আকাৰ আদি আলহীয়ে অনা মিঠাইৰ ৰঙৰ লগত মিলি যায়! (২) মই এবাৰ এটা অফিচলৈ গ’লোঁ৷ লগৰজনে কিবা কাম কৰি আছিল বাবে মই মোবাইলত কথা পাতি আছোঁ বিন্দাছ৷ এনেতে এজন মানুহ আহি মোক ক’লে যে ‘ইয়াৰপৰা কালৈকো ফোন কৰিব নোৱাৰা’৷ মই ক’লো যে মই কৰা নাই, মোলৈহে কৰিছে৷ তেতিয়া তেখেতে আকৌ ক’লে যে নহয় ইয়াত ফোনত কথা ক’বই নোৱাৰা৷ ময়ো ঠিক আছে বুলি কৈ ফোনৰ সিমূৰত

Read more

কৌতুক- পূৰ্ণানন্দ শৰ্মা

কৃপণৰ পত্নী : শুনকচোন, আজি সিটো চুবুৰিৰ সেই শৰ্মা উপাধিৰ কৰাইচটো আহিছিল৷ কৃপণ : তাক কিবা খুৱালিনে? কৃপণৰ পত্নী : বিস্কুট এপেকেট আনিছিল৷ তাকে চাহৰ লগত দিলোঁ৷ কৃপণ : চাল্লি হাৰামজাদী, তই সি বিস্কুট এপেকেট আনোতেই চাহ একাপ খৰচ কৰিলি? চাহ, চেনী, গাখীৰ এইবোৰ এনেই আহিছে হাঁ? ৰহ্‌ তোৰ আজি পিঠি ফালিম! কৃপণৰ পত্নী : ৰ’ব ৰ’ব খং কৰিব নালাগে! বেটাই বিস্কুট এপেকেট কাগজত আঁকি আনি মোৰ হাতত দিছিল৷ ময়ো চাহ একাপ আঁকিহে দিছোঁ! কৃপণ : কিমান ডাঙৰকৈ আঁকি দিলি?

Read more

ফেকু পুৰাণ – দিলীপ ৰঞ্জন কাকতি

পিংকী : হেল্ল‌অ ! নগেন : কোৱা দেহা। পিংকী : ক’ত আছা জানু ? গধুলিেৰ পৰা  মিছকল এটাও নাই। দুদিন ধৰি পদুলিত সুহুৰি এটাও শুনা নাই। নগেন: এক্কেবাৰে সময় নাই জান। দিনটো মাৰ্কেট ছাৰ্ভে কৰি এতিয়া আকৌ নাইট ডিউটিলৈ আহিছোঁ। পিংকী : বৰ কষ্ট হৈছে ন নগু। নগেন : তোমাৰ বাবেই  এইবোৰ কৰিছো দেহা। এতিয়া থওঁ দিয়া ন, অনডিউটি কথা পতাত অসুবিধা। আৰু শুনা বাহিৰত বৰ ঠাণ্ডা বতাহ দি আছে, পিতাৰাক অলপ সময় বাহিৰত ওলাব নিদিবা। কাহ চৰ্দি হ’ব পাৰে।

Read more

কৌতুক -পাৰ্থসাৰথি ভূঞা

এইবাৰ দিল্লীৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছদিনাৰ কথা৷  AAP সমৰ্থক সকলৰ আনন্দৰ সীমা নাই৷ দিল্লীৰ পেট্ৰল পাম্পত কাম কৰা তেনে এজন AAP সমৰ্থক ল’ৰাক, মানুহ এজনে গাড়ীত তেল ভৰাবলৈ আহি সুধিলে: : ভাইটি, আজি ডিজেলৰ কি ৰেট হে? : দাদা, আপে এইবাৰ যিমান চিট পালে প্ৰায় সিমান! ল’ৰাটোৱে উত্তৰ দিলে আৰু সুধিলে আপোনাক কেইলিটাৰ দিম দাদা? মানুহজনে ক’লে, দিয়া, বিজেপিয়ে যিমান চিট পালে সিমান লিটাৰ ভৰাই দিয়া৷ ঠিক আছে বুলি ল’ৰাটোৱে তেল দিবলৈ লৈ টেংকীৰ ঢাকনিখন খুলি খুলি মানুহজনক

Read more

কৌতুক- নিপন গোস্বামী

‘এম পৰিবহন’ এপত নিজৰ লাইচেন্স, ইনচ্যুৰেন্স, আৰ চি উপলব্ধ হোৱা দেখি আমাৰ এওঁ উধাতু খাই দৌৰি আহি মোবাইলটো আগবঢ়াই ক’লে- হেৰি চাওকচোন চাওক, হেলমেটটোও ক’ৰবাত উলিয়াব পাৰি নেকি? হেলমেট পিন্ধি স্কুটী চলাওঁতে চলাওঁতে স্ট্ৰেইটেনিং কৰা চুলিকেইডালে যে কি ৰূপ লৈছে ?? মই বোলো – নালাগে, নালাগে ৷ হেলমেট পিন্ধি এইহেন মনমুগ্ধী চিকমিক চুলিকেইডালৰ সৌন্দৰ্য ম্লান কৰাৰ কোনো প্ৰয়োজন নাই ৷ মূৰত কিবা থাকিলেহে হেলমেট পিন্ধিব লাগে, ফোপোলা মূৰত ইয়াৰ কোনো সকাম নাই ৷ প্ৰতিফল : তিনিদিন ধৰি ঘৰত ডাইনিং টেবুল

Read more

নলবাৰীৰ কথিত ভাষাত বিয়াৰ চিঠি- গীতু হাজৰিকা

:: নিমন্ত্ৰণী শৰাই :: মাই পিতে খালি বিয়া পাতে, মই এটা আপিক ভাল পায় আশ্লো  তাইও বেলেগ ধনী আপা পাই মোক  ঠগে গেল, দুইদিনমান সেই দ্ধুখ্ত চাধা খাবা ধইল্লো, মোক দেখি মাই পিতে দুখত ভাত নাখো হ’ল, মই ক’লো মাই পিতি দুখ নকৰিবি তহঁতে চাই দিয়া আপি বিয়া কৰাম দে, আতুৰ বিতুৰকে আপি এটা চাওঁ, মোৰ কথা শুনি মাই আত্ৰা আত্ৰিকে এটা থৌগা আপি চলাক। এতুই ও এৰি যাব বুলি দাওঁৰা দাওঁৰিকে মালা পিন্ধে লৈ আইল্লো, ইটা যিহেতু তাইক মই

Read more

কৌতুক -ৰিটন বৰুৱা

মানুহ এজনে হোটেলত চাহ খাবলৈ সোমাল। মানুহজনে মিঠাইৰ নাম চিনি নাপায়। গতিকে হোটেলৰ ল’ৰাটোক ক’লে সেইটো লৈ আহ। শ্বকেচৰ নানা মিঠাইৰ মাজত কোনটো মিঠাই কৈছে অনুমান কৰিব নোৱাৰি ক’লে ল’ৰাঃ দাদা কোনটো মিঠাই দিম। মানুহজনঃ সেইটো  সেইটো ল’ৰাঃ দাদা মই ঠিক ধৰিব পৰা নাই  আপোনাৰ , নাম কি? মানুহজনঃ মোৰ নাম হৰি গোপাল৷ ☆ ★ ☆ ★ ☆

Read more

পদ ভঙনি -মালবিকা নাথ

“তেজৰে কমলাপতি পৰভাতে নিন্দ” – ইয়াত কোৱা হৈছে, তেজীমলাৰ পৈয়েক মানে পতি কমলাই পৰৰ ঘৰত ভাত খাই আহি সেই ঘৰ লোকৰ বৰ বদনাম গায়। “ৰথত চৰিয়া কৃষ্ণ বৃন্দাবনে যায়” ইয়াৰ ভাঙনি হৈছে ৰথৰ চকা দুৰন্ত বেগত ঘূৰে আৰু তেনে ৰথত উঠি কৃষ্ণ বৃন্দাবনলৈ যায় ফুৰিবলৈ আৰু যাওঁতে লগত চৰিয়া এটা লৈ যায়, বাটত সৰুপানী চুবলৈ বুলি। কাৰণ বাটত তীব্ৰ বেগত যোৱা ৰথ নৰখিবও পাৰে। “তুমি চিত্ত বৃত্তি মোৰ প্ৰৱৰ্তক নাৰায়ণ” – ইয়াৰ অৰ্থ হৈছে ফুৰিবলৈ বান্ধৱী  যেতিয়া ঘৰলৈ আহে, তেতিয়া

Read more

আৱেগৰ বিড়ম্বনা- দেৱীকা শৰ্মা

ল’ৰাঃ নদী যদি হওঁ মই? ছোৱালীঃ বানপানী চাম নে কি? ল’ৰাঃ আকাশৰ তৰাই ক’ব মোৰেই কথা৷ ছোৱালীঃ আইঔ মোৰ পপীয়া তৰাটো৷ ল’ৰাঃ মোৰ প্ৰতিটো উশাহে নিশাহে তুমি৷ ছোৱালীঃ টেটুত ধৰিলে শেষেই চোন৷ ল’ৰাঃ তুমি হ’বা মোৰ বুঢ়ী জনী৷ ছোৱালীঃ (খঙত)বুঢ়ী হ’ব তোৰ চৈধ্য গোষ্ঠী ৷ বি:দ্ৰ: প্ৰেমত ইয়াতকৈও যাতনা আছেনে? ☆ ★ ☆ ★ ☆

Read more

কৌতুক – ৰাকেশ শৰ্মা

পুলিচ- আপোনাৰ ক্ৰেডিট কাৰ্ড খন চুৰ হৈছিল যে আগতেই কিয় FIR দিয়া নাছিল? মনাই- চুৰজনে মোৰ পত্নীতকৈ কম খৰচ কৰি আছিল কাৰণে!! পুলিচ- তেতিয়াহলে, এতিয়া কিয় FIR দিছে? মনাই – মই ভাবিছো এতিয়া সেইখন চুৰজনৰ পত্নীৰ হাতত পৰিছেগৈ। ☆ ★ ☆ ★ ☆

Read more
1 10 11 12 13 14 32