ফটাঢোল

কৌতুক- পূৰ্ণময়ী মেধি

কালি তাবিবৰৰ সমাজ অধ্যয়নৰ ক্লাছ আছিল। এনেয়ে গৰমত মূৰ গৰম হৈ আছিল। ক্লাছত এজনক সুধিলে,”গজানন ক’ছোন মাল ভূমি কাক বোলে?” গজাননে মূৰ খজুৱাই খজুৱাই ক’লে,”চাৰ,যি ভূমিত বহি মাল খোৱা হয়, তাকেই মালভূমি বোলে।” লগে লগে বৰফৰ ডাঙৰ টুকুৰা এটা মাছৰ বেপাৰীৰ পৰা আনি তবলাক বহাই থোৱা হ’ল। ☆★☆★☆

Read more

কৌতুক – ৰিতন বৰুৱা

পতিঃ হেৰা, হেৰা শুনিছানে? পত্নীঃ কি হ’লনো, অনবৰতে চিঞৰি থাকে যে? পতিঃ বৰ কাঁহে ধৰিছে হে, মোৰ ঔষধৰ বটলটো লৈ আহাঁ। পত্নীঃ উহঃ ৰাম এইজনৰ পৰা শান্তি নাপাওঁ আৰু (মনে মনে)। বোলো নি আছো। পতিঃ হেৰা, এই ৰাম ( Rum) ৰ বটলটো কিয় দিলা? দৰবৰ বটলটোহে বিচাৰিছো। পত্নীঃ মই সেইটো ফেনাইলৰ বটল বুলিহে দিছিলো। ☆★☆★☆

Read more

বাৰুদ – নিশান্ত বৰদলৈ (এক) অসমৰ বাৰুদ বিজ্ঞানী নগেনে জাপানৰ বিজ্ঞানীটোক নদীলৈ দলিয়াই দিলে। আধা ঘন্টা সময় পাৰ হৈ গ’ল, চাৰিওফালে হুৱাদুৱা লাগিল। কন্দা-কটা আৰম্ভ হ’ল। বিজ্ঞানী নগেনে মৌমিঠা মাতেৰে ঘোষনা কৰিলে- ‘লেডীচ এণ্ড জেন্টলমেন, এইটোৱে সেইটোকে প্ৰমাণ কৰে যে মানুহ পানীত দ্ৰৱনীয়।’ (দুই) অসমৰ বাৰুদ বিজ্ঞানী নগেনক আত্মহত্যাৰ ভাষণ দিবলৈ কোৱা হ’ল। এনেয়ে বাৰুদৰ লগত খেল কৰা মানুহ, কোৱাৰ লগে লগে উত্তেজনা বাঢ়ি গ’ল…… শ্ৰদ্ধাৰ ৰাইজ, হেণ্ডগেনেডৰ শপত, আত্মহত্যা নকৰিব, আত্মহত্যা মহাপাপ, আত্মহত্যা কৰাৰ সলনি নিজক নিজে গুলিয়াই দিব।

Read more

কৌতুক – মনিষা বৰুৱা গুপ্তা

কালি ছোৱালীক স্কুলত থ’বলৈ যাওঁঁতে এগৰাকীয়ে লগ পাই কথাৰ মাজতে ক’লে আপুনি বৰ ধুনীয়া। মই বোলো মইনো কি ধুনীয়া আপুনিহে বেছি ধুনীয়া। আজি আকৌ ৰাতিপুৱা তেখেতক লগ পালো ক’লো গুড মৰ্ণিং, তেখেতে বোলে মইনো কি গুড মৰ্ণিং আপুনিহে বেছি গুড মৰ্ণিং(খা বাপেকে ভীমকলটো)। ☆★☆★☆

Read more

ফুড শ্বেয়াৰিঙ – দেবজিত শইকীয়া

ফুডশ্বেয়াৰিং – দেবজিত শইকীয়া এই যে মোবাইলটো৷ ফ’টোৰ পৰা গানৰ পৰা ভিডিঅ’লৈকে সকলো শ্বেয়াৰ কৰিব পৰা হ’ল৷ এতিয়া কোনোবাদিনা কোনোবা জকাইচুকৰ বিজয় বা ভাস্কৰৰ দৰে বৈজ্ঞানিকে যদি হোৱাটচএপত বা ফেচবুক-মেচেঞ্জাৰত খোৱা বস্তুও শ্বেয়াৰ কৰিব পৰা এপচ বনাই দিয়ে কথোপকথনসমূহ কি হ’ব ভাবকচোন.. ১. বুজিছা চবিনা, কালিয়েই পৰিস্মিতাই হাঁহৰ মাংস বনাই মোক হোৱাটচএপত দিছিল, মই নেদেখিলোৱেই৷ এতিয়া দেখিছো গোন্ধাই গ’ল৷ ইয়ে তাই বেয়া পাব নহয়, কি কৰিলে? মইঃ বিজয়লৈ ফৰৱাৰ্ড কৰি দিলো৷ ২. ৰিমঝিমঃ কালিৰে পৰা পেটৰ বিষ বুজিছিনে দেবু দা

Read more

পিউৰ ভক্তিমূলক জ’ক – মনালিছা গগৈ

ভাদ মাহ৷ আমাৰ পুনু পেহী খুব ভক্তিপৰায়ণ৷ এটা দিনো নামঘৰত “এবচেণ্ট” নামাৰে৷ নামঘৰত সদায় নাম কীৰ্তন, ভাগৱতৰ ব্যাখ্যা চলি থাকে৷ পুনু পেহী নিজেতো যাবই, লগতে গাঁৱৰ বোৱাৰীমখাকো মাতি মাতি নিয়ে৷ পিছে বোৱাৰীমখাৰ ইমান ৰাপ নাই বাৰু৷ এবাৰ নামঘৰতে আলোচনা হ’ল বোলে, “আমিতো সদায় ভাগৱত পাঠ কৰি থাকোঁ৷ কিন্ত আমাৰ ব্যাখ্যাত ভুল থাকিও যাব পাৰে৷ গতিকে এইবাৰ জন্মাষ্টমীৰ দিনাই গুণী জ্ঞানী এজনক মতাই ব্যাখ্যা কৰোৱা যাওক৷” কথামতেই কাম৷ সেইদিনা পুৱাই আমাৰ পুনু পেহীয়ে ওলাই মেলি সকলোকে চিঞৰ বাখৰ কৰি মাতি লৈ

Read more

খোজ লাহেকৈ দিবি – মুনমুন শইকীয়া

যোৱা পাঁচটা বছৰে মুখ নেদেখা বিধায়কগৰাকী ভোটৰ ঠিক এমাহ মান আগতে নিজৰ সমষ্টিৰ এক ভিতৰুৱা এলেকাত ভোট বিচাৰি আহিব লগা হ’ল। এলেকাটোৰ বাসিন্দাসকল নানা ধৰণৰ সমস্যাৰে জৰ্জৰিত। বিশুদ্ধ খোৱাপানী এটোপা, সুগম ৰাস্তা, বিদ্যুৎ সৰবৰাহ৷ কোনো ধৰণৰ সুবিধা নাই এলেকাটোত। ৫ বছৰে উমি উমি জ্বলি থকা জুইকুৰা নেতাজনক দেকি ভমককৈ জ্বলি উঠিল। বিধায়ক : শ্ৰদ্ধেয় ৰাইজ। নমস্কাৰ ল’ব। ৰাইজ: সেইডাল লৈ কি কৰিম, পানী এটোপা দিয়ক হে বিশুদ্ধ পানী। বিধায়ক: আমাৰ কৰ্মকৰ্তা সকলে যথেষ্ট কষ্ট কৰি আছে অচিৰেই ডিস্টিল্ড ৱাটাৰৰ প্লাণ্ট

Read more

এজাপ কৌতুক – সৌৰভ শৰ্মা

(১) জীয়েক : দেউতা ঘৰটো জোকাৰি উঠিল যে। দেউতাক : মায়েৰা পিছলি পৰিল চাগে। আগতেও পৰিলে ঘৰ-চোতাল লৰিছিল। মাক : কিয় হ’ব, ভূমিকম্প আহিছিল।     (২) বহাগত বৰদৈচিলা মাকৰ ঘৰলৈ আহে। সেয়ে আমাৰ গৃহমন্ত্ৰীসকলো বিহু বুলি মাকৰ ঘৰলৈ যায়। মানে বহাগত মাকৰ ঘৰবোৰলৈ ধুমুহা যায়। (৩) সন্তানটোৱে চোতালত খৰিৰ জুই জ্বলাবলৈ চেষ্টা কৰি আছে। কিন্তু জুই উঠাব পৰা নাই। শেষত দেউতাকক খাটনি ধৰিছে। শেষত বাপেকও ব্যৰ্থ হৈছে। তেতিয়া পুতেকে সুধিলে এতিয়া কি কৰিবা দেউতা। বাপেকৰ চিধা উত্তৰ মায়েৰাৰ নামটো

Read more

কৌতুক – পদ্মলোচন ভৰদ্বাজ

১) ডাক্তৰ : আপোনাৰ পত্নীৰ এতিয়া কেনে? স্বামী : বৰ্তমান বহুত ভাল ছাৰ৷ আজি পুৱা অলপ দেৰি কাজিয়াও কৰিছে!   ২) ভাগৱতী : কি হে দত্তদা, আজি ৰাতিপুৱাই বটলত ধৰিলে যে! দত্ত : এহ নক’বা হে ভাগৱতী। ৰাতিপুৱাই হকাৰজনে দৈনিক জনমভুমিৰ ঠাইত চেণ্টিনেলখন দি গ’ল। মই আকৌ সিবিধ নহ’লে ইংৰাজী পঢ়িব নোৱাৰোঁ নহয়। ☆★☆★☆

Read more

আধুনিক ৰামায়ণ – মৌচুমী গগৈ

কলিং বেলৰ শব্দত ফ্লেটটোত অকলশৰে থকা মহিলা গৰাকী ওলাই আহিল। ভিক্ষাৰী : মা, অলপ ভিক্ষা দিয়া৷ মহিলা : এইয়া লোৱা৷ ভিক্ষাৰী : প্লীজ, বাহিৰলৈ ওলাই আহি দিয়ক । মহিলা : ঠিক আছে৷ ভিক্ষাৰী : মই ৰাৱণ হয়৷ লঙ্কাৰ ৰজা। মহিলা : মই সীতা নহয়৷ কাম কৰা বাইহে। ভিক্ষাৰী : সেইটোতো আৰু বঢ়িয়া কথা। মই এতিয়াও সীতাক নিয়াৰ বাবে পস্তাই আছোঁঁ৷ আমাক এজনী কাম কৰা বাইহে লাগে। মন্দোদৰীয়েও ভাল পাব।মই তোমাকেই অপহৰণ কৰিম। মহিলা : সীতাক অপহৰণ কৰোঁতে অকল ৰামে বিচাৰিছিলে

Read more
1 14 15 16 17 18 32