ফটাঢোল

উৎসৱ পালনৰ প্ৰৱণতা : চমু দৃষ্টিপাত- শিল্পাশ্ৰী দাস

উৎসৱ পাৰ্বণ বুলি ক’লে প্ৰত্যেকৰে মন প্ৰফুল্লিত হৈ উঠে। অকল মোৰ বা আপোনাৰ বুলিয়েই নহয়, উৎসৱ বুলি ক’লে সমাজৰ প্ৰতিটো শ্ৰেণীৰ মানুহৰ মাজত ভাল লগা অনুভৱে ক্ৰিয়া কৰি যায়; সেয়া নিতান্তই স্বাভাৱিক। বহুদিনৰ অপেক্ষাৰ অন্তত যেতিয়া হেঁপাহৰ উৎসৱৰ দিনটো আহি পায়, মনলৈ অনাবিল আনন্দ আহে। ৰং-ৰহইচ, সাজ-পোছাকৰ পৰা আদি কৰি খাদ্য সম্ভাৰৰ কথাও উৎসৱ বিশেষে আহি পৰে। মুঠতে, দশোদিশ ভাল লগা পৰিৱেশেৰে পূৰ্ণ হৈ উঠে। পিছে এই কথাৰ পৰা ফালৰি কাটি অন্য এক বিষয়লৈহে যাব ওলাইছোঁ। সেয়া হ’ল, সময়ে অসময়ে

Read more

শিশুটিৰ সুৰক্ষা আৰু আমাৰ দায়িত্ব – সীমাশ্ৰী  দেৱী

যৌন নিৰ্যাতন বৰ্তমান সময়ৰ এক ভয়ংকৰ সামাজিক  সমস্যা হৈ পৰিছে৷ দিনে দিনে শুনিবলে পোৱা হৈছে যৌন নিগ্ৰহৰ একো একোটা নিৰ্লজ্জ কাহিনী৷ কণমানিজনীৰ পৰা আৰম্ভ কৰি সত্তৰোৰ্ধৰ নাৰীও বলি হৈছে কোনোবা বিকৃত কামাতুৰৰ দ্বাৰা ৷ কিন্তু কিয় মানুহে এনে ঘটনা সংঘটিত কৰে? বহুতে ক’ব বিচাৰে হাইপাৰছেক্সুৱেলিটি বা অত্যাধিক কাম উত্তেজনাৰ কাৰণে বহুতে এনে ঘটনা সংঘটিত কৰে৷ আনহাতে বহুতেই নিৰক্ষৰতা, দৈন্যতা, হতাশগ্ৰস্ততা বা বিকৃত মানসিক ৰুচি, ইন্টাৰনেটৰ অপব্যৱহাৰ, সহজলভ্য নীলা ছবি আদিক এনে জঘন্য ঘটনাৰ কাৰক বুলি কয়। কিন্তু কাৰক যিয়েই নহওক

Read more

“এখন জটিল মনস্তত্বমূলক নাটক : সত্যপ্ৰসাদ বৰুৱাৰ ‘মৃণালমাহী’ ” – চাহিন জাফ্ৰি

অসমীয়া নাট্য জগতৰ এজন চিৰ স্মৰণীয় ব্যক্তি সত্যপ্ৰসাদ বৰুৱাক(১৯১৭-২০১১) নাট্যপ্ৰভাকৰ নামেৰেও জনা যায়। তেওঁ একেধাৰে নাট্যকাৰ, অভিনেতা, নাট পৰিচালক ,নাট প্ৰযোজক ,সমালোচক আৰু নিবন্ধকাৰো আছিল। নাটক আৰু অভিনয়কে জীৱনৰ একমাত্ৰ সাধনা হিচাবে লোৱা বৰুৱাই ভালেকেইখন মৌলিক নাটক ৰচনা কৰাৰ উপৰিও কেইবাখনো অভিযোজিত আৰু অনুবাদ নাটকো ৰচনা কৰিছিল। চাকৈ-চকোৱা(১৯৪০),কল্পনাৰমৃত্যু(১৯৪০),শিখা(১৯৫৭),জ্যোতিৰেখা(১৯৫৮),শ্বাশ্বতী(১৯৬৬),ভাস্বতী(১৯৬৬),দুপৰনিশা(১৯৬৬),জৱালা(১৯১৬),নায়িকা নাট্যকাৰ(১৯১৬),মৃণালমাহী(১৯৭৬),ধৰালৈ যিদিনা নামিব সৰগ(১৯৮৬),আশা(১৯৮৬),ফুলকলি(১৯৮৬)অনাৰকলি(১৯৫৭),কুনালকাঞ্চন(১৯৮৬),সিংহাসন(১৯৮৬) আদি নাটক তেওঁ ৰচনা কৰিছিল। সত্যপ্রসাদ বৰুৱাৰ মৃণালমাহী নামৰ নাটকখন ফ্রয়েডীয় মনস্তত্ত্বমূলক নাটক। সন্তানহীনা নাৰী এগৰাকীৰ সন্তান লাভৰ কামনা আৰু তীব্র নিসংগতাৰ ফলত সৃষ্টি হােৱা এবিধ জটিল মানসিক

Read more

ইতিবাচক মনােভাব গঢ়াৰ সংকল্প – গীতিমালিকা নেওগ

চাই থাকোতেই ২০১৯ বৰ্ষই বাগৰ সলালে। প্ৰকৃততে এখন কেলেণ্ডাৰ সলনি হােৱাৰ বাহিৰে বাকী সকলােবােৰ গতানুগতিক হৈয়ে ৰ’ল। পুৱাৰেপৰা সেই একেই কর্মব্যস্ততা। তাৰিখটো নজনা হ’লে কোনাে পার্থক্য নথকা এটা দিন। সূর্য উদয় হৈছে আৰু অস্ত গৈছে। কিন্তু এই দৈনন্দিন সকলাে কাম-কাজৰ মাজতাে আমি নৱবৰ্ষৰ প্রথম দিনটোত আনক শুভেচ্ছা জনাইছোঁ, হাঁহি-ধেমালিৰে আনন্দ অনুভৱ কৰিছোঁ। ২০২০ বৰ্ষটোকো আদৰি লৈছােঁ তাৰ ওপৰতেই আলম লৈ জীৱন যাপনৰ পদ্ধতি কিছু সলনি কৰিবলৈ চেষ্টা কৰিব পাৰোঁ। খ্রীষ্টোফাৰ মার্লিয়ে কৈছিল — জীৱন হ’ল এটা বিদেশী ভাষা। কোনাে মানুহেই

Read more

শেষ বেঞ্চৰ শিক্ষাৰ্থীলৈ “চাকৰি ক’তেনো পাম” ~ অগতানুগতিক গ্ৰন্থ – অনামিকা বড়া

কোৰা (Quora) নামৰ অতি জনপ্ৰিয় প্ৰশ্নোত্তৰৰ ৱেবছাইটটোত এবাৰ বিখ্যাত ভাৰতীয় গণিতজ্ঞ ৰামানুজনক লৈ উত্থাপিত প্ৰশ্ন এটি আছিল ৰামানুজনে এফ. এ. পৰীক্ষাত গণিতত মাত্ৰ ৫৭ শতাংশ নম্বৰ পাইও গণিতত জিনিয়াছ কেনেকৈ। এই প্ৰশ্নৰ এক বিশেষ উত্তৰ দিছিল বালাজী বিশ্বনাথন নামৰ লোকজনে। সেই উত্তৰতে তেওঁ কোৱা এষাৰ কথা আছিল এনেধৰণৰ, “আমাৰ শিক্ষা ব্যৱস্থাটো যিহেতু অতিপাত প্ৰতিভাসম্পন্ন বা বাধাগ্ৰস্ত কোনোটোৰ বাবেই প্ৰস্তুত কৰা হোৱা নাই গতিকে দুয়োটা শ্ৰেণীকেই মেধাৰ মাপকাঠীৰ একেবাৰে তলতহে ৰখা হ’ব। আমাৰ শিক্ষা পদ্ধতিৰ চৰম ব্যৰ্থতা এয়াই যে ই অসাধাৰণ

Read more

চৰ্ট ছাৰ্কিট আৰু আমাৰ সাৱধানতা – ৰুদ্ৰ কান্ত ডেকা

আজি-কালি ঘৰত জুই লগাটো সাধাৰণ ঘটনা হ’বলৈ লৈছে। দোকানবোৰত জুই লাগিলে চিন্তা নেলাগে। কাৰণ দোকানবোৰত জুই লাগিলে দোকানবোৰৰ লোকচান নহয়, লাভহে হয়। দোকানত জুই লাগিলে সা-সম্পত্তি ধ্বংস হ’লে আটাইতকৈ বেছি লাভ হয়। দোকান জ্বলিলে সাধাৰণতে জনহানি খুৱ কমেই হয়। কিন্তু নিজৰ ঘৰত জুই লাগিলে লোকচানেই লোকচান। জনহানি হোৱাৰ সম্ভাৱনাও অধিক। সেয়ে ঘৰত জুই লাগিলে বেয়া লাগে। সেইদিনাৰ ঘটনাটোৱে পুনৰ ভাবিবলৈ বাধ্য কৰালে। বাধ্য কৰালে জুই লাগে কেনেকৈ, জানিবলৈ! Short circuitৰ জুই দেখিছেনে? মই দেখিছোঁ‌। বৰ ধুনীয়া দেখিবলৈ। নীলা ৰঙৰ জুই

Read more

আৱৰ্জনাত জীৱিকাৰ সন্ধান : ডা° পার্থসাৰথি ভূঞা

বৰ্তমান চহৰে নগৰে সতকাই এটা দৃশ্য চকুত পৰে। ৰাস্তাৰ কাষত থুপ খাই থকা আৱৰ্জনাৰ মাজত, হাতত একোটা বস্তালৈ খুচৰি খুচৰি পেলনীয়া বস্তু বিচাৰি থকা কিছুমান মানুহ, যাৰ ভিতৰত বেছি ভাগেই শিশু। পৌৰ সভাৰ ডাষ্টবিন, গেৰেজ, বাছ ষ্টেণ্ডৰ কাষৰ সৰু সৰু হোটেল, ৰেল ষ্টেচন আদিৰ ওচৰত এইসকলক প্ৰায়ে দেখা যায়। পেলনীয়া সামগ্ৰী পুনৰাই গোটাই লৈ যোৱা এইসকলৰ অসমীয়াত কোনো নিৰ্দিষ্ট নাম আছে বুলি মই জ্ঞাত নহয়, ইংৰাজীত এওঁলোকক ৰেগ পিকাৰ( Rag Picker) বা Chiffonnier বুলি কোৱা হয়। ৰেগ পিকাৰেনো কি বুটলে

Read more

ভালে থকাৰ অভিস্পাৰে জীৱনৰ আপডাল : আৰাধনা বৰুৱা

আমি কিমানে নিজক ভাল পাওঁ? এই কথাটো নিজকে সুধি চাইছোঁনে? প্ৰশ্নটো অগতানুগতিক কিন্তু অপ্ৰাসংগিক নহয়৷ জীৱন আৰু জীয়াই থকাৰ প্ৰণালীৰ প্ৰতি সকলোৰে ধাৰণা বেলেগ বেলেগ৷ কিন্তু সকলোৰে উদ্দেশ্য আৰু আশা একেই৷ সেয়া হৈছে উন্নতি আৰু সফলতা৷ কিন্তু উন্নতি আৰু সফলতাৰ প্ৰাসংগিকতা তেতিয়ালৈকেহে থাকিব যেতিয়ালৈকে শাৰীৰিক মানসিক সুস্থতা আৰু শেষ উশাহটো থাকিব৷ আপোন মানুহবোৰ, সহকৰ্মী বা বন্ধু বান্ধৱসকলৰ ক্ষেত্ৰত প্ৰায়ে দেখা পাওঁ অতিমাত্ৰা ব্যস্ততাৰ বাবে নিজৰ যত্ন ল’ব নোৱাৰা কথা৷ ব্যস্ততাৰ কাৰণে সুষম স্বাস্থ্যকৰ আহাৰৰ অভ্যাস কৰিব নোৱাৰা, বছৰত এবাৰো শৰীৰৰ

Read more

মানৱতাবাদ আৰু শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ : চাহিন জাফ্ৰি

“জীৱ আমাৰ জাতি, মানৱ আমাৰ ধৰ্ম… হিন্দু,মুছলমান,শিখ, খ্ৰীষ্টান আদি ধৰ্মৰ পৃথক নহয় মৰ্ম…।” সাধাৰণতে,এনে ধৰণৰ বাণীয়েই মানৱতাবাদৰ আদৰ্শক প্ৰতিফলিত কৰে। মানৱতাবাদৰ অৰ্থ হৈছে- মানুহৰ সেৱা বা মানৱ কল্যাণ সাধন কৰা। ইংৰাজী “Humanity” শব্দটোৰ সমাৰ্থক অৰ্থ হিচাবে মানৱতাবাদে বুজায়- মানুহক ‘মানুহ’ হিচাবে বা সমান ভাৱেৰে চোৱাৰ দৃষ্টিভংগী। সমাজৰ বিভিন্ন ধৰণৰ সমস্যা আৰু সংকটৰ লগত মানৱতাবাদৰ প্ৰশ্ন জড়িত হৈ থাকে। সকলো ধৰণৰ সংকীৰ্ণতা আৰু তুচ্ছতাৰ উৰ্ধলৈ গৈ জাতি-বৰ্ণ নিৰ্বিশেষে মানৱৰ কল্যাণ সাধনৰ উদ্দেশ্যেৰে সৃষ্টিকৰ্মত নিজকে আত্মনিয়োগ কৰিব পৰাতেই মানৱতাবাদৰ সাৰ্থকতা। আচলতে মনৱতাবাদ

Read more

সংখ্যা লিখাৰ এটি পুৰণি পদ্ধতি – ভাস্কৰ বৰদলৈ

বিষয়টোৰ আৰম্ভনিতে লিপিৰ দিশলৈ অলপমান মন কৰিবলৈ কম, প্রয়ােজনৰ তাৰণাত। ইহ’ল কোনাে এটা ভাষাৰ লিখিত ৰূপ জনাৰ কাৰণে অতি দৰকাৰী উপকৰণ। অসমীয়া ভাষাত লিপি শব্দটোৰ মূলগত দিশৰপৰা লিপিৰ অর্থ হয় লেপন কাৰ্যৰ পৰা উপজা ৰূপ। অর্থাৎ কোনাে বস্তুৰ ওপৰত কোনাে বস্তু (বােকাজাতীয় বা চিন থাকিযােৱা মিশ্রণ) লেপি দিয়াৰ পৰা দেখা ৰূপটো লিপি। শব্দৰ মূলৰ দিশৰ অৰ্থ বিচাৰত, সেই কাৰণে, কোনাে শিলৰ, ফলিৰ (তাম, লাে বা মাটিৰ)ৰ ওপৰত কাটি কাটি তাৰ অংশ আতৰাই গঢ়া চিনবােৰ লিপি নহয় যেন ধাৰণা হয়। কাৰণ

Read more
1 9 10 11 12 13 27