ফটাঢোল

সভালৈ যাওঁতে – ড৹ বিৰিঞ্চি কুমাৰ দাস

‘সভাশুৱনি’ বিশেষণেৰে অভিহিত কৰিব পৰা এক শ্ৰেণীৰ মানুহ থাকে, যিসকলক সকলো ধৰণৰ সভাতেই পাবলৈ, তেওঁলোকৰ বহুমূলীয়া ভাষণ শুনি কৃতাৰ্থ হ’বলৈ মানুহ উদ্বাউল হৈ থাকে । এইসকল ব্যক্তিৰ উপস্থিতিয়ে সভাৰ মঞ্চখনকেই উজলাই তোলে; তেওঁলোকৰ ডিঙিত বিৰাজ কৰা গামোচাকেইখনো কৃতাৰ্থ হয় এনে শোভনীয় স্থানত অৱস্থান কৰিবলৈ পাই । সাহিত্য বিষয়ক আলোচনাই হওঁক বা ভলীবল প্ৰতিযোগিতাৰ উদ্বোধনেই হওঁক, বা শোকসভাই হওঁক – যিকোনো সভাতেই এইসকল ব্যক্তি নহ’লে কোনোপধ্যেই নচলে । মই এই ধৰণৰ সভাশুৱনি মানুহৰ ‘ধাৰেকাছেও’ নাই যদিও আজিকালি মাজে মাজে বিভিন্ন সভাই

Read more

সত্যমেৱ জয়তে – ধীৰাজ দাস

প্ৰাচীন কালৰ ভ্ৰমণকাৰী সকলৰ টোকাসমূহ এখন দেশৰ অনুসন্ধিৎসু সকলৰ বাবে অমূল্য সম্পদ। এনে এক সম্পদেই হ’ল মেগাস্থিনিচৰ টোকা। সেই টোকাত মেগাস্থিনিচে লিখি থৈ গৈছে যে, ভাৰতীয় সকলে মুখে মুখেই চুক্তি কৰিছিল আৰু সেই চুক্তি মনে-প্ৰাণে পালন কৰিছিল আৰু কোনো ভাৰতীয়কে মিছা কথা কোৱা বুলি অভিযুক্ত কৰা হোৱা নাছিল। আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিবলৈ আহি ভাৰতীয় ৰজাসকলৰ সৈন্য শক্তি কিমান ডাঙৰ তাৰ তথ্য আগতীয়াকৈ সংগ্ৰহ কৰোঁতে ভাৰতীয়সকলৰ সত্যবাদিতাই গ্ৰীক সৈন্যবাহিনীক প্ৰভূত সহায় কৰিছিল। ‘প্ৰাণ যায়ে পৰ বচন না যায়ে’ এনে প্ৰবাদ তাহানিৰ

Read more

অসমীয়া ৱিকিপিডিয়া সমাজ : কথাৰে নহৈ কামেৰে মাতৃভাষাৰ হকে এক খোজ – অনামিকা বড়া 

পৰিৱৰ্তনেই হৈছে একমাত্ৰ ধ্ৰুৱক। সৃষ্টিৰ আদিৰে পৰা সভ্যতাৰ উত্তৰণ ঘ’টি ঘ’টি আজিৰ এই বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱে ৰূপ সলাই দিয়া এক ইণ্টাৰনেটৰ যুগত আমি প্ৰৱেশ কৰিছোঁহক। বৰ্তমান সময়ত সকলোৰে জীৱনশৈলীত ইণ্টাৰনেটৰ প্ৰভাৱ কম-বেছি পৰিমাণে আছেই। নক’লেও হ’ব এই যুগত ‘ৱিকিপিডিয়া’ৰ লগত অপৰিচিত লোক খুউব কমেই ওলাব। ২০০১ চনৰ ১৫ জানুৱাৰীত জিমি ৱেলছ আৰু লেৰি ছিংগাৰে প্ৰতিষ্ঠা কৰা কেলিফৰ্ণিয়াস্থিত ‘ৱিকিমিডিয়া’ নামৰ সংস্থাটো হৈছে ৱিকিপিডিয়াৰ স্বত্বাধিকাৰী। উল্লেখযোগ্য যে চাৰি কোটিৰো অধিক তথ্যভিত্তিক প্ৰৱন্ধৰে বিশ্বৰ অগণন পঢ়ুৱৈক জ্ঞান আৰু তথ্যৰ যোগান ধৰি অহা ৱিকিপিডিয়া

Read more

মাৰ সৈতে মাৰ দৰ্শন – শুভ্ৰজিৎ ৰয়

সম্প্ৰতি বিজ্ঞাপনধৰ্মী এখন চুটি ছবিয়ে চ’ছিয়েল মিডিয়াত আলোড়ন সৃষ্টি কৰিছে, যাৰ বিষয়বস্তু ‘মাৰ সৈতে মাৰ দৰ্শন’। সামাজিক বাৰ্তাবাহী এই চুটি ছবিৰ আঁৰৰ কথা এই যে সপৰিয়ালে উৎসৱ পালন। একান্নবৰ্তী পৰিয়ালৰ পৰা নিউক্লিয় পৰিয়াললৈকে সমাজ ব্যৱস্থাৰ এই ৰূপান্তৰক কোনো এক ভাষ্যকাৰে তুলনা কৰিছে দুৰ্গাপ্ৰতিমাৰে সনাতনীৰ পৰা থিমলৈ পৰিবৰ্তনকে। এই পৰিবৰ্তন বহু ক্ষেত্ৰত অপ্ৰিয় হ’লেও সময়ৰ পৰিবৰ্তনকে আমি অৱহেলা কৰিব নোৱাৰোঁ। দুই দশক পূৰ্বে শৰৎকাল অহাৰ লগে লগে পূজাৰ মাদকতা আকাশে বতাহে অনুভূত হৈছিল। কঁহুৱাৰ শুভ্ৰ আভা আৰু শেৱালিৰ মোহনীয়া সুবাসে শৰতক

Read more

ফেচবুক,গড্ডলিকা প্ৰৱাহ আৰু জৰদ্গব ৰজাৰ সাধু – আৰাধনা বৰুৱা

আমাৰ ছোৱালী হ’ষ্টেলত হঠাতে হুলস্থূল লাগিল৷ তেতিয়া হাতে হাতে ম’বাইল বা ইণ্টাৰনেট নাছিল৷ ক’ৰবাৰ পৰা বাতৰি এটা বতাহত উৰি আহিল যে কাইলৈ পুৱা অমুক সময়ত বিৰাট ভূমিকম্প হ’ব৷ আৰু পৃথিৱী যে ধংস হ’ব খাটাং৷ হুৱাদুৱা লগাৰে কথা৷ পৃথিৱী যদি ধংসই হয় তেন্তে চোন দূৰৈত থকা মা দেউতা, প্ৰেমিক, পৰিয়াল কাকোৱেই লগ পোৱা সম্ভৱ নহ’ব, নেদেখাকৈয়ে মৰিব লাগিব৷ পৰিস্থিতি গম্ভীৰ হ’ল তেতিয়া যেতিয়া হ’ষ্টেলৰ চুপাৰইনটেণ্ডেণ্টে কোৱাৰ্টাৰৰ টিভি আদি দামী বস্তুবোৰ সব তললৈ নমাই পেকিং কৰি নিৰাপদ স্থানত ৰাখিলে৷ সৰু পুতেকৰ কাৰণে

Read more

টনী মৰিছন — এযুৰি নীলা চকু আৰু এমুঠি শানিত শব্দৰ চিকমিকনি – দীপাঞ্জলি দাস পাঠক

এযুৰি সুগভীৰ নীলা চকুৰে তাইও পৰীৰ দৰেই অতীৱ সুন্দৰী হ’ব। যিফালেই চকু তুলি চাব সকলােৱে থৰ লাগিব তাইৰ বিমুগ্ধ দুনয়নৰ ৰাগিত। তাই যেনিয়েই খােজ দিব আলফুলীয়া জোতাৰ তলৰ ঘাঁহনিডৰাও তাইৰ প্রেমিক হৈ উঠিব। বতাহজাক উতনুৱা হ’ব দুবাহুত মেৰিয়াই লৈ তাইক এটি চুমা দিবলৈ। সেই উমাল আলিংগনৰ আৱেষ্টনীতে তাই সাৰ পালে সপােনৰ পৰা আৰু নিজকে আৱিষ্কাৰ কৰিলে ৰূঢ় বাস্তৱৰ নির্মম পৃষ্ঠভূমিত। তাইৰ গ’ম সাপৰ বৰণীয়া শৰীৰ আৰু এঙেৰুৱা চকুযুৰিয়ে সজা কাছাজিয়ে তাইক প্রক্ষেপ কৰিলে অৱজ্ঞা আৰু উপেক্ষা কর্কশ মৰুভূমিত। এয়াই অবাঞ্চিত

Read more

আহক, ওলাই যাওঁ অকণ – ৰুবী বৰা বৰদলৈ

বৰ গৰম পৰিছে। গেলেপা লগা গৰমত দিনটো ব্যস্ত থকাৰ পাছত আবেলিলৈ মনটোৱে ইচাট্-বিচাট্ কৰে। কি কৰোঁ কি নকৰোঁ কৰে। ঘৰৰ, কৰ্মক্ষেত্ৰৰ বন্ধ আৱহাৱাৰ পৰা অকণমান মনটো মুকলি হ’বলৈ বিচাৰে। আহকচোন, গাটো ধুই কম্ফৰ্টেবল ড্ৰেচ এটা কৰি লওক। আপোনাৰ পচন্দ মতে ডিঅ’, বডি স্প্ৰে’, পাৰফিউম যি লয় অকণ সানি লওক আৰু আহক, অকণ ওলাই যাওঁ। এইটো পথেৰে যাওঁ আহক। পথটোত বৰকৈ ভিৰ নাই, গতিকে হুলস্থূলো নাই। অলপ আগতেই সেইখন পাৰ্ক।যদিও চিলড্ৰেন পাৰ্ক, আমিও সোমাব পাৰিম। চিলড্ৰেন নহ’লেও আমিওতো চিলড্ৰেনৰ মাক-দেউতাক দিয়কচোন!

Read more

জীৱন বৃত্তৰ পৰিধি – পলাক্ষী দৌলবৰুৱা

জীৱনটোত আমি কি বিচাৰো বুলিলেই বহুতেই হয়তো নিজস্বতাখিনিক সাঙুৰিয়েই উত্তৰটো দিব। এটা নিৰাপদ তথা সা সুবিধাৰে পৰিপূৰ্ণ জীৱন অথবা আৰু কত কি! তথাপিও বিৰল কিছু উদাহৰণে আমাৰ অন্তৰ স্পৰ্শ কৰিবলৈ সক্ষম হয়। নিজৰ পৃথিৱীখনত মত্ত থকা এচাম মানুহৰ বিপৰীতে এমুঠি মানুহ আমি দেখিবলৈ পাওঁ, যি নিজৰ জীৱন বৃত্তৰ পৰিধি বহলাবলৈ সক্ষম হৈছে। শেহতীয়াকৈ তেনে বহুকেইটা বাতৰিয়ে আমাৰ অন্তৰ স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল। বিশেষকৈ তিনিটা শিশুৰ অভিভাৱকৰ দায়িত্ব লোৱা দম্পত্তিহালৰ মহানুভৱতাই বাতৰিটো চোৱা প্ৰতিজন দৰ্শকৰ অন্তৰ স্পৰ্শ কৰিছিল। এনে সৰু বৰ

Read more

জ্যোতি প্ৰসাদৰ দৃষ্টিত নাৰী – ববিতা শৰ্মা

জাতীয় সাহিত্যক জাতীয় জীৱনৰ দাপোণ বুলি কোৱাৰ সমান্তৰালকৈ এজন লেখকৰ লেখা সমূহক তেওঁৰ মনৰ দাপোণ বুলি কব পাৰি৷ কিয়নো সেই লেখাসমূহৰ মাজত ব্যক্তিজনৰ নিজস্ব দৃষ্টিভংগী, ব্যক্তিত্ব প্ৰতিফলিত হয় আৰু তাক পঢ়ি আমি তেওঁৰ মনৰ ভিতৰখনৰ খবৰ পাব পাৰোঁ৷ সাধাৰণতে এজন লিখকৰ লেখাৰ মাজৰ চৰিত্ৰসমূহে মানুহৰ প্ৰতি তেওঁৰ মানসিকতা, ধ্যান-ধাৰণাকে প্ৰতিনিধিত্ব কৰে৷ গতিকে মানুহৰ প্ৰতি লেখক এজনৰ ধ্যান-ধাৰণা কেনে তাক তেওঁৰ দ্বাৰা সৃষ্ট চৰিত্ৰসমূহ বিশ্লেষণ কৰি চালেই সহজে অনুমান কৰি লব পাৰি৷ অসমীয়া সাহিত্য- সংস্কৃতিৰ একান্ত সাধক, সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতি

Read more

কি, ক’ত, কেনেকৈ ইত্যাদি – অত্ৰেয়ী গোস্বামী

সময় বৰ দ্ৰুতগতিত সলনি হৈছে৷ সেই সলনি আমি মানি লৈছোঁ‌৷ মানি নোলোৱা মানেই হাজাৰ খোজ পিছুৱাই অৱস্থান কৰা৷ পৰিৱৰ্তিত সময়ৰ সৈতে নিজকে খাপ খুৱাই সমান্তৰাল গতিত অগ্ৰসৰ হ’ব পৰাটো এটা কলা৷ অন্ততঃ আজিৰ যুগৰ এক সুন্দৰ কলা৷ আমি সম্পূৰ্ণৰূপে সেই কলা আহৰণ কৰিব নোৱাৰো বা নাই পৰা৷ আমাৰ এটা ভেঁটি আছে৷ সেই ভেঁটিৰ ইটা-বালি-চিমেণ্টৰ সৈতে খাপ নোখোৱা সামগ্ৰীৰ ব্যৱহাৰে আমাক আমুৱায়৷ আমি ভেঁটি খহাব নোৱাৰো। আমি ভেঁটি খহোৱাৰ চূড়ান্ত প্ৰতিবাদ কৰোঁ৷ কাৰণ আমি আমাৰ শিপাডাল সেই ভেঁটিতেই গুজি থ’লো৷ আমি

Read more
1 11 12 13 14 15 27