ফটাঢোল

হাস্য-ব্যংগ গ্ৰুপ খিচিৰিৰ সৈতে অন্তৰংগ আলাপ৷

দিনটো আছিল ২০২১ চনৰ ১৬ ফেব্ৰুৱাৰী। অসমৰ জনপ্ৰিয় কেইজনমান হাস্য অভিনেতাৰ লগত গুৱাহাটীৰ কোনো এক স্থানত আমাৰ ফটাঢোলৰ কেইজনমান সদস্য অন্তৰংগ আলাপত মিলিত হৈছিল।প্ৰায় দুঘণ্টা জোৰা আলাপখিনি গতানুগতিক সাক্ষাৎকাৰৰ দৰে নাছিল, আছিল এক প্ৰকাৰৰ আড্ডা। পিচে এই সুদীৰ্ঘ আড্ডাটোৰ ৰসখিনিৰপৰা ফটাঢোলৰ পাঠকক বঞ্চিত কৰিবলৈ আমাৰ মনে নক’লে। সকলোৰে চিনাকি খিচিৰি নামৰ জনপ্ৰিয় কৌতুক গোষ্ঠীটোৰ তিনিগৰাকী সদস্য সুদক্ষ অভিনেতা ৰাজীব ক্ৰ, মন্মথ বৰুৱা আৰু বিজিত দেৱ চৌধুৰীৰ লগত হোৱা এই অন্তৰংগ আলাপটিকে সাক্ষাৎকাৰৰ ৰূপত সজাই পৰাই লিখি উলিয়াইছে ফটাঢোল ই-আলোচনীৰ সম্পাদনা

Read more

কৃষ্ণ ৰয়ৰ সৈতে অন্তৰংগ আলাপ

আমাৰ আলোচনীৰ নিয়মীয়া শিতান সাক্ষাৎকাৰলৈ এইবাৰ আমি আমন্ত্ৰণ জনাই আনিছিলোঁ অসমৰ আপুৰুগীয়া সম্পদ “ভ্ৰাম্যমাণ থিয়েটাৰ”ৰ এগৰাকী প্ৰবীন আৰু পুৰোধা শিল্পী, আগশাৰীৰ নাট্যদল আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক শ্ৰীযুত কৃষ্ণ ৰয় দেৱক। পঞ্চাশৰ দশকত অসমৰ নাট্যনগৰী ৰূপে খ্যাত বৰপেটা জিলাৰ পাঠশালাৰ এটা কৃষক পৰিয়ালত জন্ম লৈ অসমত নাটক, নাটকৰ চৰ্চাক ভ্ৰাম্যমাণ থিয়েটাৰৰ ৰূপত এটা সফল ব্যৱসায়িক মডেল হিচাপে গঢ় দিয়াত শ্ৰীযুত ৰয়ৰ অৱদানক অসমৰ ৰাইজে ইতিমধ্যে স্বীকৃতি দিছে। থিয়েটাৰৰ উপৰিও কথাছবিৰ প্ৰযোজক হিচাপে ‘দীনবন্ধু’ ছবিখনৰ বাবে ‘ৰজত কমল’ বঁটা প্ৰাপক শ্ৰীযুত কৃষ্ণ

Read more

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী বঁটাপ্ৰাপ্ত ৰংবং তেৰাঙৰ সৈতে হোৱা এক অন্তৰংগ আলাপ

কাৰ্বি পাহাৰ মানেই সৌন্দৰ্য্যৰ আঁকৰ। এই কাৰ্বি পাহাৰৰ বুকুত বাস কৰে এজন সৰল মনৰ ব্যক্তি, মিঠা হাঁহি এটা অনবৰতে মুখত লাগি থাকে মানুহজনৰ।নীৰলে প্ৰজ্ঞাৰ সাধনাত ব্ৰতী তেখেত, পাহাৰৰ বুকুতে এদিন তেখেতে দেখিছিল ‘ৰংমিলিৰ হাঁহি’, সৃষ্টি কৰিছিল ‘নীলা অৰ্কিড’। পাহাৰ ভৈয়ামৰ সমন্বয়ৰ প্ৰতীক সেইগৰাকী মহীৰূহ হৈছে অসমীয়াৰ বুকুৰ কুটুম পদ্মশ্ৰী ৰংবং তেৰাং।   অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰা এই বৰেণ্য সাহিত্যিক গৰাকীয়ে নিজকে এগৰাকী শিক্ষক বুলি চিনাকি দি ভাল পায়। ১৯৩৭ চনৰ ১৩ জানুৱাৰীত কাৰ্বি আংলংৰ ভিতৰুৱা গাঁও এখনত

Read more

ড° মৃণাল কলিতাৰ সৈতে অন্তৰংগ আলাপ

“বকুল ফুলৰ দৰে” বহু পঠিত এই উপন্যাসখনৰ যোগেদি জনপ্ৰিয়তাৰ শিখৰত আৰোহণ কৰা সাম্প্ৰতিক অসমীয়া সাহিত্য জগতৰ অন্যতম চিনাকি নাম মৃণাল কলিতাক দুনাই পৰিচিতিৰ প্ৰয়োজন নাই৷ নিজৰ শিক্ষা জীৱনত দুৰন্ত প্ৰতিভাৰ চানেকি দিয়া শ্ৰীমৃণাল কলিতাই ১৯৮৯ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান, ১৯৯১ চনৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৫ম স্থান লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা গণিত বিষয়ত স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰী লাভ কৰে। বৰ্তমান গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ত অধ্যাপনা কৰা শ্ৰীযুত কলিতাৰ ইতিমধ্যে সাতখনকৈ জনপ্ৰিয় গ্ৰন্থ প্ৰকাশ পাইছে। আমি অনুভৱ কৰোঁ তেখেতৰ জীৱন পৰিক্ৰমা

Read more

আন্তৰ্জাতিক খ্যাতিসম্পন্ন গ্ৰাফিক ডিজাইনাৰ অমূল্য বৰুৱাৰ সৈতে অন্তৰংগ আলাপ

এইমাহৰ অতিথি শ্ৰীযুত অমূল্য বৰুৱাৰ জন্ম তৈল নগৰী ডিগবৈত। জন্মগত প্ৰতিভাৰ অধিকাৰী শ্ৰীযুত অমূল্য বৰুৱাই ১৯৭৮ চনত মুম্বাইৰ প্ৰখ্যাত ‘ছাৰ জে জে ইনষ্টিটিউট অৱ এপ্লাইড আৰ্টছ’ৰ পৰা গ্ৰাফিক ডিজাইনিঙৰ ডিগ্ৰী লৈ এগৰাকী পেছাদাৰী ডিজাইনাৰ হিচাপে কৰ্ম জীৱন আৰম্ভ কৰে। প্ৰথমে আমেৰিকা আৰু পাছত ইংলেণ্ডক নিজৰ কৰ্মক্ষেত্ৰ হিচাপে বাছি লোৱা শ্ৰীঅমূল্য বৰুৱা বৰ্তমান পৃথিৱীৰ এজন শ্রেষ্ঠ ডিজাইনাৰ হিচাপে স্বীকৃত আৰু বিশ্ব বন্দিত। দেশ বিদেশৰ অলেখ কৰ্মৰাজিৰ লগতে অসম পৰ্যটনৰ অবিস্মৰণীয় লগ’টোৰ পৰা NRL, Servo, Fevicol আদি বিখ্যাত ভাৰতীয় ব্ৰেণ্ড ডিজাইনিঙৰ কামে

Read more

সাক্ষাৎকাৰ–অসম পুলিচৰ উপমহাপৰিদৰ্শক শ্ৰীযুত দিগন্ত বৰা

(এই মাহৰ অতিথি শ্ৰীযুত দিগন্ত বৰাৰ জন্ম বৰ্তমানৰ বিশ্বনাথ চাৰিআলিৰ গহপুৰ মহকুমাৰ কলাবাৰীত৷ তেখেতে ১৯৯১ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু ১৯৯৩ চনৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত স্থান সহকাৰে উত্তীৰ্ণ হৈ দিল্লীৰ চেইণ্ট ষ্টিফেন্স কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লয়। ২০০৪ বৰ্ষত ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ভাৰতীয় পুলিচ সেৱাৰ বাবে নিৰ্বাচিত হয়। তেওঁ ইয়াৰ পূৰ্বে দিল্লী বিশ্ব বিদ্যায়লৰ অধীনস্থ একাধিক মহাবিদ্যালয়ত অধ্যাপনাও কৰে। বৰ্তমান অসম পুলিচৰ মুখ্য কাৰ্যায়লত উচ্চ পদবীত কৰ্মৰত শ্ৰীযুত বৰাৰ

Read more

অসমগৌৰৱ শ্ৰীযুত গৌৰাঙ্গলাল দাসৰ সৈতে অন্তৰঙ্গ আলাপ

  অসমগৌৰৱ শ্ৰীযুত গৌৰাঙ্গলাল দাসৰ সৈতে অন্তৰঙ্গ আলাপ অসমৰ সুযোগ্য সন্তান শ্ৰীযুত গৌৰাংগলাল দাসক টাইৱানত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাবে অলপতে নিযুক্তি দিয়া হৈছে৷ এই খবৰটো সমগ্ৰ অসমবাসীৰ বাবেই অতি গৌৰবৰ বিষয়৷ সেয়েহে ফটাঢোল আলোচনীখনৰ হৈ আমি তেখেতৰ ওচৰ চাপিছিলোঁ এখন্তেক কথাবতৰা পতাৰ সুযোগ বিচাৰি৷ এই চেগতে তেখেতৰ জ্যেষ্ঠ ভাতৃ শ্ৰীযুত হেমাংগলাল দাসলৈও ফটাঢোলৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ সুবিধাকণ কৰি দিয়াৰ বাবে৷ ১৯৯১ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰা গৌৰাংগলাল দাসে ১৯৯৯ চনত ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া হিচাপে

Read more

হিমাংশু প্ৰসাদ দাসৰ সৈতে সাক্ষাৎকাৰ

এই সংখ্যাৰ সাক্ষাৎকাৰ শিতানত যি গৰাকী ব্যক্তি আমাৰ মাজত আছে তেওঁক এটা বাক্যত পৰিচয় কৰি দিব পৰাটো দুৰূহ। একাধাৰে তেওঁৰ পৰিচয় কবি, অভিনেতা, নাট্যকাৰ, চলচ্চিত্ৰ পৰিচালক, গীতিকাৰ আৰু গায়ক। ‘জীৱন জিন্দাবাদ’ আদৰ্শক বুকুত বান্ধি নিজৰ অগতানুগতিক শৈলীৰে অসমৰ ইমুৰৰ পৰা সিমুৰলৈ পৰিচিতি আৰু জনপ্ৰিয়তা লাভ কৰা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক অসমৰ সন্তান হিমাংশু প্ৰসাদ  দাসক এই সাক্ষাৎকাৰৰ মাজেৰে আমি ফটাঢোলৰ মজিয়ালৈ আমন্ত্ৰণ জনাইছোঁ। সম্প্ৰতি বিশ্বব্যাপী কোভিড 19 সৃষ্ট লকডাউনৰ প্ৰভাৱৰ বাবে আজিৰ অতিথি গৰাকীৰ সৈতে মুখামুখিকৈ সাক্ষাৎকাৰ গ্ৰহণ কৰিব পৰা

Read more

এলভিছ আলি হাজৰিকাৰ সৈতে অন্তৰংগ আলাপ

ফটাঢোল : নমস্কাৰ এলভিছ আলি হাজৰিকা ডাঙৰীয়া। ফেচবুকৰ অন্যতম জনপ্ৰিয় হাস্য-ব্যংগ গোট ফটাঢোল পৰিয়ালৰ তৰফৰ পৰা আপোনালৈ আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ, আপোনাৰ বহুমূলীয়া সময়ৰ পৰা কিছু সময় আমাৰ বাবে আছুতীয়াকৈ ৰখা বাবে। আপোনাৰ অনুমতি সাপেক্ষে আজিৰ সাক্ষাৎকাৰ অনুস্থানটো আৰম্ভ কৰিবলৈ ওলাইছোঁ। এলভিছ : এই চেগতে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিলোঁ ফটাঢোলৰ দৰে হাস্যৰসেৰে ভৰপূৰ এটা অসমীয়া ফেচবুক গোটৰ লগত চিনাকি কৰি দিয়া বাবে। ফটাঢোল : আমাৰ দৈনন্দিন জীৱনত হাস্য ব্যংগৰ প্ৰয়োজন কিমান বুলি ভাবে? অসমীয়া মানুহে হাঁহিব নাজানে বুলি

Read more

ডা° অঞ্জনজ্যোতি চৌধুৰী চাৰৰ সৈতে এক অন্তৰংগ আলাপ

খুব ভালকৈ মনত নাই যদিও দূৰদৰ্শনৰ কোনোবা এটা সাক্ষাৎকাৰ অনুষ্ঠানত তেওঁক প্ৰথম দেখা। তেওঁৰ কথাবোৰ ইমান ৰসাল যে শুনিলে হাঁহি হাঁহি শুনি থাকিবলৈ মন যায়। সাক্ষাৎকাৰটো ভালকৈ চাওঁতে দেখিলোঁ- তেওঁচোন ডাক্তৰ। আৰু অলপ ভালকৈ চাই বুজিলোঁ-এওঁ কেৱল খুহুতিয়া কথা কৈ সকলোকে হঁহুৱাই থকাৰ উপৰিও একেধাৰে সাহিত্য, সংগীত, নাটক সকলোৰে লগত জড়িত।  অলপ বিচাৰ-খোচাৰ কৰি গ’ম পালোঁ- সৰুতে যিকোনো অনুষ্ঠানত আমি আবৃত্তি কৰিবলৈ বাচি লোৱা ‘মোৰ লক্ষ্য’ কবিতাটোৰ ৰচনা কৰা লক্ষ্যধৰ চৌধুৰী এওঁৰ পিতৃ। বিভিন্ন মাধ্যমত তেওঁৰ হাস্যমধুৰ লেখাসমূহো পঢ়ি ভাল

Read more
1 2 3 4 5 7