ফটাঢোল

হেভী দুখ- খনিন্দ্ৰ ভূষণ মহন্ত

উপলক্ষ : সদৌ অসম মইনা পাৰিজাতৰ বার্ষিক সমাৰোহ। নিজৰ সময়ত সক্রিয় ‘মইনা’ হোৱাৰ সুবাদতে হয়তো সুবিধাটো আহিছিল। হাতত এসপ্তাহ বন্ধ লৈ আগদিনা আহি ঘৰ সোমাইছিলোঁহিহে, তেনেতে ওচৰৰ খুড়া এজনে আহি দেউতাৰ সন্মুখত প্রস্তাৱটো ৰাখিছিল। আমাৰ মইনা পাৰিজাতৰ পৰিচালক হৈ যোৰহাটলৈ যাব লাগে। আচলতে সেইটো প্রস্তাৱ কম, পাকে-প্রকাৰে ‘তয়েই যাব লাগিব’ জাতীয় আদেশহে বুলিব পাৰি। দেউতাই অলপ হেঁহো-নেহো কৰিছিল যদিও যোৰহাটৰ নাম শুনিয়েই মোৰ ঠেং দাং খালেই নহয়। আৰে নাখাব কিয়? আজিৰ এই মইটোক ভাঙি-পিটি গঢ়াৰ গোটেই সময়খিনিৰ সাক্ষী হৈ আছে

Read more

ফটা প্ৰেম- দ্বিজেন তামুলী

চাকৰি কৰাৰ আগৰ জীৱনছোৱা ছোৱালীৰ লগত মেল পাতিবলৈ ইমান চেনী নাছিলোঁ৷ তথাপি কিছুমান কাৰকে মোলৈ দুই এজনীৰ চকু নপৰাকৈ নাছিল৷ দুজনীৰ মাকে বৰকৈ মোক জোঁৱাই কৰিবলৈ মনে মনে বিচাৰিছিল৷ এজনীৰ মাকে এদিন মোক ক’লে তামুলী বোপা অমুকে কৈছে তুমি হেনো আমাৰ মাজুক ভাল পাই আছা? তেওঁ ইমান বেয়া বুলি মই ভবা নাছিলোঁ (আচলতে সেই ল’ৰাজনেহে মাজুলৈ প্ৰেম নিবেদি বিফল হৈছিল৷) “তুমি কিন্তু কাৰো কথা নুশুনিবা তুমি আহি থাকিবা৷” আচলতে আমাৰ এটা গ্ৰোপ আছিল য’ত গধূলি আড্ডাত কবিতাৰ সলনি লোকগীত পেৰডী

Read more

ফটাপ্ৰেম-ৰাজশ্ৰী শৰ্মা

মানুহে কয় প্ৰেম শ্বাশ্বত,প্ৰেম পৱিত্ৰ, প্ৰেমত পৰা মানুহে জগতত ভালেই দেখে। যিয়ে প্ৰেম নকৰে সি দেৱতাতো নহয়েই, চয়তান তো জৰুৰ হ’ব।পিছে এই দেৱতা-চয়তানৰ যুঁজত মোৰ দৰে অবোধ বালিকা গৰাকী এনেদৰে টেপেকা খাই থাকিলো যে প্ৰেমৰ ক্ষেত্ৰত দেৱতাতো নহ’লোৱেই,চয়তান হোৱাৰহে সম্ভাৱনা প্ৰৱল হৈ পৰিল। স্কুল, কলেজ, বেকাৰ দিনবোৰ চব প্ৰেমবিহীনভাৱেই কটালো। হওঁতে দুই এজনক মোৰো ভাল নলগা নহয়, লাগিছিল। পিছে ল’ৰালৈ চকু দিয়াৰ আগতেই ঘৰত থকা সহোদৰ ৰূক্মবীৰ দুজন আৰু সিহঁতৰ বন্ধু -বান্ধৱ আটাইবোৰৰে মুখবোৰ চকুৰ আগত ভাহি উঠে। ৰূক্মবীৰ দুজনৰ

Read more

হাতো নেমেলোঁ ফুলো নিচিঙো-মিতালী চহৰীয়া

চুভাহ চুভাহ য়ে ক্যা হুৱা…. নাজানে কিউ অব মে হাৱা মে চল ৰহী হু…. আপুনি ভাবিছে নেকি যে মই এনেকৈ প্ৰেমত পৰি উৰি আছোঁ। যোৱা এবছৰ ধৰি প্ৰতিটো ৰাতিপুৱা ডিউটিলৈ গ’লে উৰি উৰি যোৱাৰ দৰে গৈ আছোঁ। কাৰণটো হ’ল আধাৰ লিংক পাঞ্চিং মাৰিব লাগে। ঘৰত গোগ্ৰাসে  ৰাতিপুৱাৰ ভাতকেইটা গিলি তাৰাতাৰি ডিউটি পাব লাগে, হটস্পট অন কৰি ৱাইফাই কানেক্ট কৰিব লাগে আৰু সকলোতকৈ আগতে আঙুলি ৰ চাপ বহুৱাব লাগে। আঙুলিৰ চাপ বহুৱাৰ পিছত যেতিয়া কনফাৰ্ম বুলি আহে উফফফ… তাৰ পিছত কি

Read more

ফটাপ্ৰেম-বিজু বুঢ়াগোহাঁ‌ই

মোবাইলৰ স্ক্ৰীণখন জিলিকি উঠিল। সেই অচিনাকি নম্বৰটোৰপৰা আকৌ এটা মেছেজ আহিছে। লগ কৰিবলৈ বিচাৰিছে। মই তেতিয়া কটন কলেজৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰী। নতুনকৈ বহু বান্ধৱী লগ পাইছো, সিহঁতৰ সৈতে মাজে-মাজে আড্ডা মাৰো, মাজে-মাজে পাণবজাৰৰ মিলেনিয়ামলৈ যাও, ৰেবতী চাট হাউচলৈ যাও, মুঠতে খুউব ধুনীয়া সময় আছিল সেইয়া। এদিন হঠাতে মোলৈ আননৌন নম্বৰ এটাৰপৰা মেছেজ আহিল কেনে আছা বুলি! মই সুধোহে সুধো কোন হয়, সিফালৰপৰা কিন্তু উত্তৰ নিদিয়ে। মোক আচৰিত কৰি এবাৰ তেওঁ ক’লে, ‘তুমি মোক চিনি নোপোৱা, মই কিন্তু তোমাক

Read more

ফটাপ্ৰেম-দেবজিত শৰ্মা

“লৈ যোৱা একেবাৰে, থৈ দিয়া কাষৰতে……” গীতটো গুণগুণাই ভাৰাঘৰৰ দুৱাৰখন খুলি সোমাই গ’লোঁ। যোৱা প্ৰায় এক সপ্তাহত এই গীতটো ২৹৹ বাৰ মান শুনিছোঁ। নুশুনি থাকিব পাৰিনে? আপোনাৰ নিজৰ লগত হোৱা হ’লে গম পালেহেঁতেন। উফ্, কি যে মিঠা অনুভৱ৷ এয়া ২৹৹৮ চন মানৰ কথা৷ কৰ্মসূত্ৰে উজনি অসমৰ ঠাই এখনত যোগদান কৰিছোঁ আহি৷ অফিচৰ পৰা ঘৰলৈ টেম্পোত অহাযোৱা কৰিব লাগে৷ উপায় নাই, লাগ বুলিলেইনো ক’ত ভাৰাঘৰ এটা পাম৷ ৰাতিপুৱা ৯:১৫ মানত অফিচলৈ ৰাওনা হওঁ৷ প্ৰথমে সময়ৰ অলপ ইফাল সিফাল হৈছিল যদিও, আজিকালি

Read more

ফটাপ্ৰেম- ৰিমঝিম ৰিমা

তেতিয়া মই অষ্টম শ্ৰেণীৰ ছাত্ৰী। আমি ছয়জনীয়া  ছোৱালীৰ এটা গ্ৰুপ আছিল। ক্লাছৰ আন সকলো ছোৱালীৰ লগতে  সু-সম্পৰ্ক আছিল যদিও আমাৰ দলটোৰ মনৰ মিলটো অলপ বেছিয়েই আছিল । আমি আমাৰ মাজত প্ৰতিটো কথাই আলোচনা কৰিছিলোঁ।  ক্লাছত ল’ৰা বিশেষ বন্ধু বুলি আমাৰ কোনো নাছিল। বহুত কিবা দৰকাৰত হে সিহঁতক মাতিছিলোঁ।  কেতিয়াবা পৰীক্ষাত কিমান নম্বৰ পাইছে সেইটো জানিবলৈ। কেতিয়াবা চাইকেলখনৰ চকাৰ পাম্প কমি গ’লে দিবলৈ, নাইবা চাইকেলৰ পৰা চেইনডাল তুলি দিবলৈ । এনেকুৱা কথাবোৰৰ বাহিৰে সিহঁতৰ লগত বিশেষ কোনো মাতবোল  নাছিল আমাৰ। ক্লাছৰ

Read more

এটা ইছিকমানি প্ৰেমৰ গল্প -হিমাংশু ৰাজখোৱা

কাহিনীটো প্ৰেমৰ, প্ৰেম মানে দুৰ্ঘোৰ প্ৰেমৰ! সময় ১৯৯৮ ৰ পৰা ২০০৪ ৰ ভিতৰৰ কোনোবা এছোৱা৷ নায়ক-নায়িকা? এহ বাদ দিয়ক হে, গছৰ ফল খাওক না, শিপাৰে কাৱৈ মাছৰ জোল খাব নেকি?বাৰু, মানে তামাম প্ৰেম আৰু! নায়িকা কলেজলৈ যায়, কাম বন খতি কৰি নায়ক উপস্থিত৷ কলেজৰ পৰা উভতি আহে, নায়ক উপস্থিত! নায়কক লগ কৰাৰ তাড়নাত একো এটা বিষয়েই টিউচন কৰিবলৈ বাদ দিয়া নাই, নায়িকাই৷ কেতিয়াবা বাটত নায়কক লগ নাপালে, মাষ্টৰৰ ঘৰৰ পৰা আকৌ ঘূৰি আহে৷ বাটত কলমটো পৰি আহিল যে! তেনেতে যেনিবা

Read more

নেইনা ভৰা মন – নিভা কাকতি

ভৰ যৌৱন তেতিয়া। গালত ৰঙাকৈ প্লামগুটি পকা বয়স।কলেজৰ বাকৰিত ভৰি থৈ থৌকিবাথৌ মন। যুটিপাতি বহি ৰোৱা যুগলবন্দীবোৰ পিৰীতিত মগন। চাইকেল ষ্টেণ্ড, ক্লাছ নোহোৱা কোঠাবোৰত চাকৈ-চকোৱাবোৰ ব্যস্ত। জুবিনৰ ‘মন যায় মন যায়’ গানটো বেকগ্ৰাউণ্ড মিউজিক ৰূপে বাজি থাকে। সুৰৰ তালে তালে লয়লাস ভঙ্গীমাৰে  দোপাট্টাখন উৰুৱাই  মাথো গৈ থাকোঁ নিৰ্দিষ্ট ক্লাছবোৰলৈ। কণা গোঁসাইয়ে কণা চকুটো মোলৈ দিয়া বুলি সখীসকলৰ আগত হুমুনিয়াহ কঢ়াৰ বাদে একো উপায়ো নাছিল। এদিনাখনৰ কথা, হঠাৎ চকু গ’ল বগা, ওখ, খীণকৈ অলপ অলপ দাড়ি গজিবলৈ ধৰা ল’ৰা এজনলৈ। এশযোৰ

Read more

মোৰ ফটা প্ৰেম -দিপিকা দাস

প্ৰেমৰ পিৰপিৰণিৰ চটফটনি এটায়ে বাৰুকৈয়ে আমনি কৰিছিল, কিন্তু বেছি শিপাবলৈ নাপালে৷ দেউতাৰ ৰঙা চকু আৰু মাৰ আজলী মুখ খনলৈ মনত পৰি সেইভাগ অমৃত কেতিয়াও নোখোৱাৰ পণ ল’লোঁ৷ যথা সময়ত ভাল ছোৱালীৰ লেবেল এটা লগাই আই মোমাইহঁতে চাই দিয়া এজনৰ লগত জীৱনৰ বাট বাছি ল’লোঁ৷  আমাৰ যুগ্ম জীৱন আৰম্ভ হ’ল মিশ্ৰিত ৰূপেৰে৷ তাল খোল নেগেৰা সকলো বাজি থাকে মাজে মাজে৷ যি কি নহওক মই এফালে একচিত্ৰে পতিদেৱক ভাল পাবলৈ আৰম্ভ কৰিলোঁ৷ ঠিক তেনে সময়তে বিভাগীয় নিয়ম অনুসৰি মোৰ ট্ৰেন্সপাৰ অৰ্ডাৰ আহিল

Read more
1 10 11 12 13 14 31