ফটাপ্ৰেম – বৰ্ণালী ফুকন
ক্লাছ এইটৰ পৰা আমাৰ লগৰ দুই এজনী প্ৰেমত পৰিবলৈ ধৰিছে। টিফিনত আমি কেইজনীমানে সিহঁতক বেৰিকুৰি ধৰো, প্ৰেম কাহিনী শুনিবলৈ। প্ৰেমিকৰ চিঠি দুই এখন পঢ়াৰো সৌভাগ্য ঘটিল। তেজেৰে লিখা চিঠি পঢ়ি শিঁয়ৰি উঠো। কিমান ভাল পালে বাৰু এনেকৈ তেজেৰে প্ৰেমিকালৈ চিঠি লিখিব পাৰে। তাহাঁতৰ প্ৰেম কাহিনীয়ে আপ্লুত কৰে আমাক। আমি প্ৰেমিক নথকা কেইজনীয়ে নিজৰ ফুটা কপালখনকে দুখ দিওঁ। আমি কেইজনীয়ে কথা পাতো, তেজেৰে নালাগে বাৰু চিঞাহীৰেই লিখচোন আমালৈ চিঠি এখন কোনোবাই। মনৰ দুখ মনতে মাৰ যায়। আইনাখনৰ আগত নিজকে চাই ভাবো,
Read more