অজলা মই-সুচিত্ৰা দেৱী
তাইক নিজৰ কৰিম বুলিয়েই মই ক’লা চুলিকেইডালৰ দুডালমান সোণালী কৰিলোঁ। ভাল লংপেণ্টটো ব্লেডেৰে কাটি আঁঠুত দুটা ফুটা কৰিলোঁ। মুঠতে যি কৰিব লাগিলেও কৰিম, মাত্ৰ তাই মোক চাওক। আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তাৰে তাই সদায় যায়। ময়ো তাইক চাবলৈকে সেইখিনি সময়ত ৰাস্তাত ৰৈ থাকোঁ। মায়ে গালি পাৰে, “ক’লৈ গ’লি তই? আহ আহ। এইখিনি সময়ত তই সদায় কিয় ৰাস্তালৈ যাৱ?” মাও যে আৰু! পাৰিলে যেন চাদৰৰ আঁচলত মোক বান্ধিহে ৰাখিব। মই মাৰ খুব মৰমৰ। গালিও পাৰে, কিন্তু মনে মনে ভাৱে মই এতিয়াও ফুলকুমলীয়া,
Read more