ফটাঢোল

গাৰু (মূল : শ্যামসুন্দৰ ঘোষ) – অনুবাদ : চাহিন জাফ্ৰি

ডাক্তৰে যিদিনাখন মোক গাৰু ব্যৱহাৰ কৰিবলৈ মানা কৰিলে সেইদিনা মই বৰ দুখ পালোঁ মনত। ডাক্তৰবোৰ কঠোৰ বুলি জানো, তেওঁলোকে তিতা-কেঁহা ঔষধ দিয়ে, বেজীৰ খোঁচ দিয়ে, তেজ উলিয়াই নিয়ে, চুৰি-কেছী চলায়, এইবোৰ সব জানিছিলোঁ, কিন্তু কাৰোবাক তেওঁৰ গাৰুটোৰ পৰা বিচ্ছিন্ন কৰি দিয়ে, সেইটো হ’লে শুনা নাছিলোঁ। গাৰু মানুহৰ যে কিমান পুৰণি সংগী..! শৈশৱৰ পৰা আৰম্ভ কৰি বৃদ্ধাৱস্থালৈকে এই গাৰুটোৱেই আমাক সংগ দিয়ে। বুঢ়া বয়সত যেতিয়া পত্নী আৰু প্ৰেয়সীয়েও সংগ নিদিয়া হয়, তেতিয়াও গাৰুটোৱেই সংগ দিয়ে। প্ৰকৃত অৰ্থত গাৰুটোৱেই আমাৰ চিৰজীৱনৰ সংগী।

Read more

বাটৰুৱা (মূল: ফ্ৰাণ্জ কাফকা) – অনুবাদ: ৰাজশ্ৰী শৰ্মা

কল্পনা কৰি চোৱা যেন এদিন ৰাতি। ৰাতি মানে মাজৰাতি, শুক্লপক্ষ। আকাশত জোনটোৱে পাৰেমানে পোহৰ বিলাইছে, পূৰ্ণিমালৈ মাত্ৰ দুই এদিনহে বাকী। তুমি খোজ কাঢ়ি গৈ আছা এটা অলপ পাহাৰুৱা ৰাস্তাৰে, ক্ৰমাৎ থিয় হৈ গৈ থকা ৰাস্তাটোৰে তুমি লাহে লাহে গান গাই গাই খোজ কাঢ়ি গৈ থাকোঁতেই হঠাৎ দূৰত দেখিলা এজন মানুহ। তোমাৰ পিনে জোৰেৰে দৌৰি দৌৰি আহি আছে। এতিয়া এই মাজৰাতিখন তুমি তাক হঠাতে জপটিয়াই ধৰিবতো নোৱাৰা সি লাগিলে যিমানেই ফটা চিটা কাপোৰ পিন্ধি নাথাকক কিয়। ইপিনে আকৌ দেখিলা যে তাক

Read more

মূল: দ্য ফেইচ অন দ্যা ৱাল (এডৱাৰ্ড ভেৰেল লুকাছ) : অনুবাদ – অলকেশ ভাগৱতী

এয়া কালিৰ ঘটনা৷ আবেলি পৰত আমি ভালেকইজন লোক বন্ধু ডেবনিৰ পানশালাত গোট খাই আড্ডা মাৰি আছিলোঁ৷ তাত দৈনিক গোট খোৱা প্ৰায়সকল লোকেই মোৰ চিনাকি যদিও কালি দুই এজন ব্যক্তিক প্ৰথমবাৰৰ বাবে দেখিছিলোঁ৷ তেওঁলোক হয়তো ডেবনিৰ নাইবা তেওঁৰেই কোনো বন্ধুৰ বন্ধু৷ সন্ধিয়া নামি অহাৰ লগে লগে আমাৰ আড্ডাও লাহে লাহে জমি উঠিছিল৷ এটা সময়ত আমাৰ আড্ডাৰ বিষয়বস্তু হৈ পৰিছিল পৃথিৱীত ঘটি থকা ভৌতিক তথা অলৌকিক ঘটনাবোৰ৷ এই পৃথিৱীত এনে বহু ঘটনাই ঘটে যিবোৰৰ কোনো সঠিক ব্যাখ্যা বিজ্ঞানে দিব নোৱাৰে৷ প্ৰকৃতিৰ চিৰাচৰিত

Read more

মূল – বাজি (এণ্টন চেকভ) অনুবাদ – হেমন্ত কাকতি

(১) চন ১৯০১, ৰাচিয়াৰ চেইণ্ট পিটাৰ্চবাৰ্গ চহৰৰ দাঁতি-কাষৰীয়া অঞ্চলৰ শৰৎ কালৰ এটি সন্ধিয়া৷ আদবয়সীয়া ইনভেষ্টমেণ্ট বেঙ্কাৰ মিখেইল ট্ৰটস্কিয়ে তেওঁৰ বন্ধু বৰ্গক সন্ধিয়া ভোজনৰ বাবে আমন্ত্ৰণ জনাইছিল৷ তাত সমাজৰ বহু কেইজন গণ্য-মান্য মুখিয়াল লোকো উপস্থিত আছিল৷ তাৰ ভিতৰত মুখ্য আছিল তেওঁৰ লগৰে কেইজনমান বেংক ব্যৱসায়ী, নামী উকীল, চহৰৰ নাম থকা সাংবাদিক আৰু বুদ্ধিজীৱি এজনৰ লগতে বুদ্ধিদীপ্ত পঁচিশ বছৰীয়া লিওনাৰ্ডো নামৰ ডেকা ল’ৰা এজন৷ সন্ধিয়া চাহমেলত বহু কথাৰ আলোচনাৰ মাজতে এটা বিষয়েই প্ৰাধান্য পাইছিল; সেয়া আছিল “মৃত্যু দণ্ডৰ ঔচিত্য”৷ প্ৰায় ভাগ অতিথিয়ে

Read more

মূল(হিন্দী)- মে ঔৰ ফেচবুক (উমেশ অগ্নিহোত্ৰী) – অনুবাদ – মই আৰু ফেচবুক (চাহিন জাফ্ৰি)

কিছুদিন আগতে মই যেতিয়া নাটকৰ বাবে প্ৰস্তুতি কৰি আছিলোঁ, তেতিয়া মোৰ কেইজনমান বন্ধুৱে ক’লে যে- আপুনি ফেচবুকৰ সদস্য হৈ লওক। ফেচবুকে ডাঙৰ ডাঙৰ বেপাৰ বঢ়াইছে৷ আপুনিও ইয়াৰ লাভ উঠাওক।নাটকৰ বিজ্ঞাপন তথা প্ৰচাৰ চলোৱাটো সহায় হ’ব। আৰু সেয়ে ময়ো ফেচবুকত সোমাই গ’লোঁ। ফেচবুকত নাটকৰ চৰ্চা হ’ল, মই আনন্দিত হ’লোঁ। নাটক ইয়াত হ’ল, চৰ্চা গোটেই দুনীয়াতে হ’ল। এয়া আমাৰ আজিৰ পৃথিৱীৰ চমৎকাৰ আৰু বাস্তৱ সত্য। আয়োজন হওক বা নহওক পৃথিৱীৰ চুকে কোণে প্ৰসাৰ কৰিব পৰা যায়। চৰ্চাৰ লগতে এনেকুৱা কিবাকিবিও হ’ল, যি

Read more

শূৰ্পনখাৰ নাক – ডলী তালুকদাৰ – মূল হিন্দী গল্প : গোপাল প্ৰসাদ ব্যাসৰ “শূৰ্পনখা কী নাক”

মানুহে কিছুমান অলাগতিয়াল বস্তুকো ইমান মহত্ব দিয়ে ভাবি আচৰিত লাগে; ঘীউৰ কথা পাহৰি যায়, কিন্তু বোৱাৰিয়েকৰ খিচিৰীৰ গুণ গাই অন্ত নেপায়। ৰামৰ পুৰুষাৰ্থৰ কথা চৰ্বিত চৰ্বন হৈয়ে থাকে, কিন্তু বেচেৰী শূৰ্পনখাৰ নাকটোৰ কথা হ’লে কোনেও নকয়। মই সুধিছোঁ, যদিহে শূৰ্পনখাৰ নাকটো নাথাকিলহেঁতেন; থকা নথকাৰ কথা বাদ দিয়ক, তেওঁৰ নাকটো যদি কটা নগলহেঁতেন, তেনেহ’লে ৰামৰ মহত্বৰ কথা বাৰু কোনে জানিলেহেঁতেন!বুজিলেহেঁতেন? সকলোৱে মানে যদিও একেবাৰে ভুল কথা এটা হ’ল যে, ৰামে কেৱল ৰাৱণক বধিবৰ বাবে বা ‘এই ভূমি ভক্তৰ বাবে সুৰক্ষিত কৰিবৰ

Read more

আচাৰত নিগনি – মূল- অবিনাশ বাচস্পতি – অনুবাদ- প্ৰণীতা গোস্বামী বৰঠাকুৰ

কথাতে কয় যে, “লোভেই পাপ, পাপেই মৃত্যু”। লোভ এটা বেয়া ৰিপু। অতি লোভ কাৰোবাৰ মৃত্যুৰো কাৰণ হ’ব পাৰে। লোভ বা লালসাই কোনো প্ৰাণীৰে ভাল নকৰে। লাগিলে ই বান্দৰ আৰু মেকুৰীৰ কাহিনীতে হওক, নাইবা শিয়াল আৰু মেকুৰীৰ কাহিনীতে হওক; আঙুৰ সদাই টেঙাই আৰু মেকুৰীয়ে কেতিয়াও ৰুটি খাবলৈ নাপায়। লোভত পৰি কাৰোবাৰ ভাল হোৱা আজিলৈকে শুনিবলৈ পোৱা নাযায়। কিন্তু ‘লোভ’ এনে এটা বস্তু যাৰ পাকত সোমাবলৈ সকলো যেন ব্যাকুল হৈ থাকে। মানুহেই হওক বা আন প্ৰাণীয়েই হওক, লোভত পৰিলে কোনো সাৰি যাব

Read more

লিখক পত্নী সংবাদ – মূল – বীৰেন্দ্ৰ জৈন (হিন্দী) – অনুবাদ-চাহিন জাফ্ৰি

: মই এটা লেখা লিখিবলৈ আৰম্ভ কৰিছোঁ। – মই মোৰ পত্নীক ক’লোঁ। : আৰুনো তুমি কি কৰিব পাৰা? লাৱৰ বাকলি এটাও গুচাব নাজানা, লিখিয়েই থাকা আৰু। -অভ্যাসগত ভাবে মোৰ পত্নীয়ে মোৰ কামটো নিৰ‍‍ৰ্থক আৰু হেয় বুলি প্ৰতিপন্ন কৰিব খুজিলে আৰু লাৱৰ বাকলি গুচাই থাকিল। : মোৰ লিখনিটোৰ বিষয় হ’ল- ‘পত্নীৰ সৈতে যুজঁ দিয়াৰ মজা’..। – মই তেওঁৰ কথালৈ গুৰুত্ব নিদি নিজৰ কথা ক’লোঁ। : মইতো সদায়েই কওঁ যে তুমি মোৰ লগত লাগি ভালপোৱা আৰু সেয়ে কোনো কথা-বতৰা নোহোৱাকৈয়ে মোৰ লগত

Read more

যেতিয়া মই মানুহ নামৰ কুকুৰ পুহিছিলোঁ মূল–অভিৰঞ্জন কুমাৰ অনুবাদ–চবিনা ইয়াছমিন

এয়া সেই সমৰয়ৰ কথা আছিল, যেতিয়া মানুহ আৰু কুকুৰৰ মাজৰ পাৰ্থক্য ক্ৰমে কমি গৈ আছিল৷ কুকুৰৰ সন্মান বাঢ়ি গৈ আছিল আৰু মানুহৰ মৰ্যাদা কমি গৈ আছিল৷ কুকুৰ পোহা কামটো মই আৰম্ভ কৰা নাছিলোঁঁ৷ ককাদেউতাৰ দিনৰ পৰাই মানুহে কুকুৰ পুহি আহিছিল৷ কিন্তু বৰ্তমান কুকুৰ পুহি কিছুমান মানুহে একে ৰাতিতে নিজকে প্ৰতিষ্ঠা কৰি লৈছে৷ পদূলি মুখত যেতিয়া কুকুৰে ভোকে, তেতিয়া সমাজত তেওঁৰ সন্মান বাঢ়ি যায়৷ এয়া সেই সময়ৰ কথা আছিল, যেতিয়া মোৰ সন্দেহ হ’বলৈ লৈছিল; মানুহে কুকুৰ পুহিছিল নে কুকুৰে মানুহ পুহিছিল৷

Read more

প্ৰত্যাখ্যান – মূলঃ ফ্ৰাঞ্জ কাফকা – অসমীয়া অনুবাদঃ ৰাজশ্ৰী শৰ্মা

(লেখক পৰিচয়ঃ ফ্ৰান্জ কাফকা আছিল জাৰ্মান ভাষী এগৰাকী ইহুদী গল্পকাৰ আৰু উপন্যাসিক। তেখেতৰ জন্ম হৈছিল চেক ৰিপাব্লিকৰ প্ৰাগ চহৰত ১৮৮৩চনৰ ৩ জুলাই তাৰিখে। পেছাত এগৰাকী উকীল কাফকাই আজৰি সময় কটাবলৈ লিখা মেলা আৰম্ভ কৰে আৰু এগৰাকী বীমা কম্পানীৰ চাকৰিয়ালৰ ব্যস্ততাৰ মাজতো তেখেতে ঢেৰ সুখপাঠ্য গল্প লিখি উলিয়াই। তেখেত বিংশ শতিকাৰ এগৰাকী অন্যতম চিন্তা উদ্ৰেক কাৰী লিখক। অতিবাস্তৱ আৰু অবাস্তৱ দুয়োটা শৈলীৰে লিখা কাফকাৰ লিখনীয়ে পাঠকৰ মন মগজু আলোড়িত কৰি তোলে। ১৯২৪ চনৰ ৩জুন তাৰিখে অস্ট্ৰিয়াৰ কিয়েৰলিং চহৰত যক্ষ্মা ৰোগত আক্ৰান্ত

Read more
1 15 16 17 18 19 22