ফটাঢোল

নিউটনৰ ভুল সূত্ৰ (গল্পকাৰ : হুমায়ূন আহমেদ) – অনুবাদ : কলচুম বিবি

অমৰবাবু “ৰূপেশ্বৰ নিউ মডেল হাইস্কুল”ৰ বিজ্ঞানৰ শিক্ষক। অমৰনাথ পাল, বি এছ ছি ( অনাৰ্ছ, গ’ল্ড মেডেল) বৰ ছিৰিয়াছ ধৰণৰ শিক্ষক। স্কুলৰ ছাৰসকলৰ আচল নামৰ বাহিৰেও একোটা নকল নাম থাকে। ছাত্ৰমহলত সেই নামেৰেই তেওঁলোক পৰিচিত হয়। অমৰবাবু স্কুলত ‘ঘড়ী ছাৰ’ নামেৰে পৰিচিত। তেওঁৰ বুকুৰ পকেটত এটা ঘূৰণীয়া আকাৰৰ ঘড়ী আছে। ক্লাছত প্ৰবেশ কৰাৰ আগতে দৰ্জাৰ সন্মুখত ৰৈ ঘড়ীত সময় চাই লয়। ক্লাছ শেষ হোৱাৰ ঘণ্টা দিয়া মাত্ৰকে আকৌ ঘড়ী উলিয়াই সময় চায়। তেতিয়া যদি তেওঁৰ ভ্ৰু কোঁচ খাই তেন্তে বুজিব যে

Read more

মূল: দৰৱ,লেখক: হৰিশংকৰ পৰসাই,অনুবাদ- মিতালী নাৰায়ণি

কবি ‘অনঙ্গ’ৰ অন্তিম ক্ষণ সমুপস্থিত হৈছিল৷ চিকিৎসকসকলে কৈ দিছে যে তেওঁ বেছিতকৈ বেছি এঘণ্টামানৰহে আলহী৷ অনঙ্গৰ সহধৰ্মিনীয়ে চিকিৎসকসকলক অনঙ্গক এনে কোনো দৰৱ দিবলৈ অনুৰোধ কৰিলে যাতে তেওঁ কমেও পাঁচ ছয়ঘণ্টা জীয়াই থাকে আৰু বিয়লিৰ ৰে’লেৰে আহি পাবলগীয়া পুতেকক লগ পায়৷ চিকিৎসকসকলে ক’লে যে কোনোধৰণৰ দৰৱে তেওঁক এঘণ্টাতকৈ অধিক সময় জীয়াই ৰাখিব নোৱাৰে৷  সেই সময়তে অনঙ্গৰ বন্ধু আহিল৷ তেওঁ ক’লে,  : মই এওঁক আৰামত কেইবাঘণ্টাও জীয়াই ৰাখিব পাৰিম৷ চিকিৎসকসকলে হাঁহি মাৰি ক’লে,  : এয়া অসম্ভৱ কথা৷ বন্ধুৱে ক’লে,  : বাৰু মোক

Read more

মূল: অসহমত,লেখক : হৰিশঙ্কৰ পৰছাই,অনুবাদ-পূৰবী কটকী

এয়া মাত্ৰ দুজন ব্যক্তিৰ কথোপকথন।  : ভাৰতীয় সেনা আন্তঃৰাষ্ট্ৰীয় সীমা পাৰ কৰি লাহোৰৰ দিশে আগবাঢ়িছে। : হয়, শুনিছোঁ ছাউনীলৈ আগবঢ়া পাকিস্তানী সেনাক ৰখাবলৈ এয়া জৰুৰী৷ : একো জৰুৰী নহয়, যি ঠাইত তেওঁলোকে যুদ্ধ কৰিলে, তাত কৰিব লাগে নে য’তে ত’তে সোমাব লাগে?  : অঁ, সেইফালে আগবাঢ়িব নালাগিছিল৷ : কিন্তু মই কৈছোঁ, কিয় আগবাঢ়িব নালাগিছিল? সেইফালৰ পৰা হেঁচা দিলে এইফালে তোমাৰ বাপেকেও ৰখাব পাৰিবনে তেওঁলোকক? : তেনেহ’লেতো সেইফালেই আগঢ়াই ঠিক হ’ল৷ : ঠিক হ’ল, ঠিক হ’ল! কিবা বুজি পোৱানে ইয়াৰ অৰ্থ

Read more

মূল: মাজনিশাৰ অতিথি,লেখক :ৰবাৰ্ট আৰ্থাৰ ,ভাৱানুবাদ-চিত্ৰলেখা দেৱী

(প্ৰসিদ্ধ আমেৰিকান লেখক  ৰবাৰ্ট আৰ্থাৰৰ  ৰেডিঅ’ নাটিকাৰ বাবে প্ৰস্তুত কৰা  এলানি  ৰহস্য গল্পৰ  THE MIDNIGHT VISITOR নামৰ গল্পটোৰ সংক্ষিপ্ত  ভাৱানুবাদ) ফউলাৰে এতিয়ালৈকে যিমানবোৰ  চিক্ৰেট এজেণ্টৰ  বিষয়ে  পঢ়িবলৈ পাইছে সেইবোৰৰ  এজনৰো  বৰ্ণনাৰ লগত  এইজন  এজেণ্ট  অউজাবুলৰ  মিল নাই।  লেখক ফউলাৰে  চিক্ৰেট এজেণ্ট  অউজাবুলৰ পাছে পাছে আহি  থাকোঁতে এই কথাটোকে ভাবি  আহি আছে। এখন আন্ধাৰ ফৰাচী হোটেলৰ একেবাৰে ওপৰৰ  ষষ্ঠ মহলাৰ অকণমান কোঠা এটা হৈছে   এই ৰহস্য সন্ধানী অউজাবুলৰ বাসস্থান। ঠেক কৰিড’ৰটোৰে তেওঁক অনুসৰণ কৰি থাকোঁতে  ফউলাৰ কোনোমতেহে  লুটি খাই নপৰাকৈ গৈ

Read more

মূল:হৰ্ষবৰ্ধন যুদ্ধলৈ নাযায়,লেখক:শিৱৰাম চক্ৰৱৰ্তী,ভাৱানুবাদ-মনিপৰ্ণা গোস্বামী

ককাই ভাই দুয়ো নিযুক্তি দিয়া অফিচটোত শাৰী পাতিলেগৈ। প্ৰথম পৰীক্ষা কৰাৰ পাল হৰ্ষবৰ্ধনৰ। : নাম? : হৰ্ষবৰ্ধন : বয়স? : বিয়াল্লিছ বছৰ : দেউতাৰ নাম? : পৌন্নবৰ্ধন, মাৰ নাম…. : মাৰ নাম নালাগে, ঠিকনা? : চেলটা। : জীৱিকা? : কাঠৰ ব‍্যৱসায়ী : তুমি ভাৰতীয় সেনাবাহিনীত যোগদান কৰাটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত বুলি বিবেচনা কৰানে? : হয় কৰোঁ, নিশ্চয় কৰোঁ। : তুমি সেনাবাহিনীৰ কোনটো বিভাগত সেৱা আগবঢ়াবলৈ ইচ্ছুক? : মহাশয়! হৰ্ষবৰ্ধনে প্ৰশ্নটো বুজি নাপালে। : সেনাবাহিনীত বহুতো বিভাগ আছে নহয়, তুমি জানানে? আৰ্টলেৰী

Read more

মূল :ছুটি,লেখক: শঙ্খ ঘোষ,অনুবাদ-ছা-হা-বা হাৰ্টি

হয়তো আহিছিল। কিন্তু মই দেখা নাই। এতিয়া কি সি বহুদূৰলৈ গুচি গৈছে? যাব। যাব। যাব। সকলোতো ঠিক কৰাই আছে। এতিয়া কেৱল বিদায় লোৱা, সকলোৰে ফালে চকু, বিদায়ৰ সময়ত প্ৰণাম, প্ৰণাম! কি নাম? মোৰতো কোনো নাম নাই, দুখন নাও বান্ধি থোৱা আছে, দূৰত সকলোৱে জাল পাতিছে সমুদ্ৰত। ☆ ★ ☆ ★ ☆

Read more

মূল:তৰুণৰ প্ৰতি উপদেশ,লেখক :মাৰ্ক টোৱেইন,ভাৱানুবাদ-অভিজিত কলিতা

মোক যেতিয়া এই সভাত দু-আষাৰ ক’ব লাগিব বুলি জনোৱা হ’ল, মই কিছু অনুসন্ধান কৰিলোঁ- কেনে ধৰণৰ কথা কোৱা ভাল হ’ব! উদ্যোক্তাসকলে জনালে যে মোৰ কথাখিনি কিশোৰ আৰু যুৱক-যুৱতীৰ বাবে উপযুক্ত হ’ব লাগিব৷ অলপ পথ নিদৰ্শন ধৰণৰ- মানে ভাল উপদেশ কিছুমান থাকিলে ভাল আৰু। বঢ়িয়া। আচলতে মোৰ মনত এনে কিছুমান উপদেশমূলক কথাই বহুদিনৰ পৰাই খেলি আছিল। যিহেতু এই সময়খিনি ব্যক্তিত্ব গঢ় লৈ উঠাৰ সময়, আৰু এই সময়ত শিকা ভাল কথাবিলাকেহে মনৰ গভীৰতালৈ শিপাই আৰু চিৰস্থায়ী হয়। তেনে আহা, মই প্ৰথমতেই মোৰ

Read more

A Crossbreed (বৰ্ণসংকৰ) (A Sport)- মূল : ফ্ৰাঞ্জ কাফকা – ইংৰাজী অনুবাদ : ঊইলা আৰু এডৱিন মুইৰ অসমীয়া ভাবানুবাদ – ৰাজশ্ৰী শৰ্মা

মোৰ এটা আচৰিত জন্তু আছে। ইয়াৰ আধা মেকুৰী আৰু আধা ভেড়া ছাগলীৰ দৰে। জন্তুটো আচলতে মই মোৰ দেউতাৰপৰা উত্তৰাধিকাৰীসূত্ৰে লাভ কৰিছোঁ‌ কিন্তু দেউতাৰ দিনতকৈ এতিয়াহে ই পূৰ্ণাংগ অৱস্থা পাইছে। আগতে এইটো মেকুৰী কম, ভেড়া বেছি আছিল। এতিয়া বাৰু দুয়োটা জীৱৰে বৈশিষ্ট্য প্ৰায় সমান সমান। মেকুৰীৰপৰা ই মূৰটো আৰু হাতোৰাকেইখন পাইছে আৰু ভেড়াৰপৰা আকাৰ আৰু আকৃতি। তাৰ চকু দুটা বন্য আৰু তিৰবিৰাই থকা আৰু গাৰ নোমবোৰ কোমল আৰু উমাল। ইয়াৰ চালচলনবোৰো দুয়োটা জীৱৰ দৰেই ডেও দি ফুৰা আৰু সন্তৰ্পণে খোজ কঢ়া,

Read more

মূল : গন্ধ – (সুনীল গঙ্গোপাধ্যায়) ভাষান্তৰ – গোন্ধ – মুনমুন সৰকাৰ শইকীয়া

চলন্ত ট্ৰামৰপৰা নামি দৌৰি দৌৰি সাধন ককাইদেউ আহি মোৰ সন্মুখত ৰ’লহি। খুব খৰখেদাকৈ ক’লে,  : সুনীল তই মোৰপৰা দহ টকা পাবলৈ আছে। আজি ঘূৰাই দিম বুলি আহিলোঁ। মানুহজনলৈ খুব মনোযোগেৰে চালো‌ঁ, মই যিগৰাকী সাধন ককাইদেউক চিনি পাইছিলোঁ এইজন যেন তেওঁ নহয়। ককাইদেউৰ মুখত নুখুৰোৱা দাড়ি, পেণ্টৰ ওপৰেৰে চোলা ওলাই পৰিছে, ভৰিত ৰবৰৰ ছেণ্ডেল। মই যিজনক চিনি পাইছিলোঁ তেওঁ পুৰা চাহাবৰ দৰে আছিল। মানুহ ঢুকোৱা ব্ৰততো তেওঁৰ এনে পোছাক কল্পনাৰ অগোচৰ, কাৰণ তেওঁ আছিল খুবেই পৰিপাটি এজন ব্যক্তি। সাধন ককাইদেউৰপৰা মই

Read more

মূল: কয়েকটি দৃশ্য,লেখক:সুনীল গঙ্গোপাধ্যায়,ভাষান্তৰ-মুনমুন সৰকাৰ শইকীয়া

কেইটামান দৃশ্যঃ চাৰি পাঁচজন মান বন্ধুৰ সৈতে কথা পাতি পাতি তপন বোলাজন গৈ আছে। তাৰে মাজত আটাইতকৈ কৃপণ সুকুমাৰ। সকলোৱে তাক ইতিকিংসূচক কথা শুনাই শুনাই যেনে-তেনে এপেকেট চিগাৰেট আদায় কৰিছে। বহুত দিনৰ মূৰতহে তাৰপৰা বস্তু এটা উলিয়াব পৰা গ’ল। সৱেই নিজৰ নিজৰ ভাগৰ চিগাৰেট জ্বলাই লৈ হুপিবলৈ ল’লে। দক্ষিণ কলিকতাৰ জনবহুল পথ। ভিন‌ ভিন প্ৰকৃতিৰ মানুহ। শীতৰ শেষ অথচ বৰ গৰমো নহয়। ফিৰফিৰিয়া বতাহ এছাটি মাৰিছে, এসময়ত এয়া বসন্তৰ বা আছিল। এতিয়া বসন্তৰ বা, ফুলৰ গোন্ধ আৰু জোনাকৰ কথা কোনেও

Read more
1 4 5 6 7 8 22