ফটাঢোল

ইটো সিটো – সুস্মিতা দাস

(১) এণ্টাৰটেইনমেণ্ট ডাক্তৰৰ ওচৰলৈ গৈছিলোঁ অলপতে৷ নামজ্বলা ডাক্তৰ৷ ৰ’ব লগা হ’ল বহু সময়৷ গধূলিৰ পিছত মানুহৰ সংখ্যাও বাঢ়ি আহিছিল৷ ওচৰতে মানুহ এগৰাকী আহি বহিল৷ লগত দুটা বডিগাৰ্ড, এটা সাতবছৰীয়ামান, আনটো প্ৰায় চাৰিবছৰীয়া৷ মোৰ পাল আহিবলৈ প্ৰায় এঘণ্টা আছিল বাবে মানুহগৰাকীৰ লগত কথা পাতো বুলি ভাবিলোঁ৷ মাকগৰাকীক অলপ বিৰক্ত দেখা গ’ল৷ সাতবছৰীয়াটোৰ পৰীক্ষা চলি আছে, মাকে আনিব বিচৰা নাছিল৷ বডিগাৰ্ড পিছে দেউতাকৰ লগত নাথাকে৷ মাকে বা ক’লৈ যায়, চাৰিবছৰীয়াটোৱে বা কি এক্সট্ৰা খাই পেলায়, গতিকে সিও যাব৷ ফলস্বৰূপে পূৰা খানদান আহিল

Read more

বাপুদেউৰ মান – দীক্ষিতা বৰা

বাপু দেউৰে জোলোঙাটি নহয় জানা সৰু, চাউল ধৰে চৰু ধৰে আৰু ধৰে গৰু।  বিয়াঘৰৰ ৰভাতলীত আনন্দৰ ঢল, আয়তীসকলে বিয়াৰ উছাহত বিয়ানাম, যোৰানাম গাই আছে। দৰা ওলাই অহালৈ বাট চাই পুৰোহিতে হামিয়াই হিকটিয়াই বহি আছে। আয়তীসকলে সেয়ে তেওঁকো নামৰ মাজেৰে একোবাৰ জোকাই চাইছে। ঘৰখনৰ বৰ পুত্ৰৰ বিয়া, সকলোৱে উছাহত আছে। সৰুটো ল’ৰাই আগতেই ভালপোৱা ছোৱালীজনী আনি ঘৰ সুমোৱাইছিল। সৰুকৈ নিয়ম এটা কৰি ঘৰখনে উদ্ধাৰ হৈ থৈছে যদিও এতিয়া ককায়েকৰ বিয়াৰ লগতে সৰুহাল পো-বোৱাৰীকো মাহ-হালধি সনাৰ নিয়মখিনি কৰি আজৰি কৰি দিয়াৰ কথা

Read more

জিমলৈ যাবি নেকি – অৰ্চন শৰ্মা

: ভাই, পাৰিবি দে, আৰু পাঁচটা মাৰ। আমি শিকিছিলোঁ যে নতুনকৈ জিমলৈ যাবলৈ আৰম্ভ কৰা মানুহক অলপ উৎসাহ দিব লাগে, তেতিয়াহে পাঁচবাৰ বুক ডাউনৰ ঠাইত দহবাৰ বুক ডাউন মাৰিব পাৰি৷ অৱশ্যে কথাটো মিছাও নহয়, সকলো কামতে উৎসাহ পালে কামটো কৰিবলৈ বেছিকৈ মন যায়; কিন্তু এই এলেহুৱাটোৰ ক্ষেত্ৰত কোনো ফৰ্মূলাই ফলপ্ৰসূ নহয়৷ লাগিলে তাৰ মূৰত কোনোবাই যদি বন্দুক ৰাখিও আদেশ দিয়ে, তেতিয়াও ই দুবাৰতকৈ বেছি বুক ডাউন মাৰিব নোৱাৰে৷ মই সাধাৰণতে অলপ স্বাস্থ্য সচেতন, আন নহ’লেও এৰা ধৰাকৈ জিমটোৰ লগতে অলপ

Read more

পঞ্চাশটকীয়া – দীপ বৰা

হায়াৰ চেকেণ্ডাৰীৰ প্ৰথম বৰ্ষত পঢ়ি থাকোঁতেই দেউতাৰ চাপানলাৰ পৰা ছালনালৈ বদলিকৰণ হয়। মই বদলিকৰণৰ বাবে প্ৰিন্সিপাল চাৰৰ ওচৰলৈ যোৱাত তেওঁ ক’লে যে এটা বছৰহে আছে সেয়ে বোলে মই যাব নালাগে৷ তেওঁ ক’লে– ‘অসুবিধা নহ’লে মোৰ ঘৰতে থাকিবি।’ প্ৰিন্সিপাল ছাৰক সকলোৱে ভয় কৰে। মই নকৰিবলৈ কোন কুটা? মই হ’ব ছাৰ বুলি কৈ যি আহিলোঁ আৰু দ্বিতীয়বাৰৰ বাবে বদলিকৰণৰ চাৰ্টিফিকেট বিচাৰি নগলোঁ। ছালনাৰ পৰাই বাছেৰে অহা-যোৱা কৰি হায়াৰ চেকেণ্ডাৰী শিক্ষা সাং কৰিম বুলি ঠিৰাং কৰিলোঁ। ছালনাৰ পৰা চাপানালালৈ দূৰত্ব পোন্ধৰ-বিশ কিলোমিটাৰ মান

Read more

ডৰ চে আগে জীত হ্যে  – দেবজিত শৰ্মা 

সাহেই সিদ্ধি৷ সঁচা কথা ক’বলৈ গ’লে সাহ বান্ধি আগবাঢ়ি গ’লেহে জীৱনত সফল হ’ব পাৰি৷ ইতিহাসৰ পাতে পাতে এনেকুৱা অলেখ উদাহৰণ পোৱা যায়৷ আজি তেনে এটা কাহিনীকে ক’বলৈ লোৱা হৈছে৷ কাহিনীটো এইখন অসমৰে আমাৰ সকলোৰে চিনাকি এজন ফটাঢুলীয়াৰ৷ আমাৰ সঞ্জীৱ ভট্টদাৰ কাহিনী এইটো৷ সম্পৰ্কীয় বায়েক এগৰাকীৰ বিয়া৷ সঞ্জীৱদা তেতিয়া বিদ্যালয়ৰ নৱম শ্ৰেণীত পঢ়ি আছে৷ বিদ্যালয়ৰ বছেৰেকীয়া পৰীক্ষা সাং কৰি সঞ্জীৱদা গ’ল বিয়া খাবলৈ৷ বিয়া মানে, একেবাৰে ইলাহী বিলাহী কাৰবাৰ৷ অৱশ্যে আজিৰ দৰে ডি এচ এল আৰৰ যুগ তেতিয়া আৰম্ভ হোৱা নাছিল৷

Read more

ফলাফল শূণ্য-জ্যোতিৰূপা কোঁৱৰ খাটনিয়াৰ

গৰম ভাতৰ টিলাটোত সোঁহাতখনেৰে জে চি বিৰ দৰে গাঁত এটা খান্দিবলৈ লওঁতেই মোৰ চকু বিনন্দৰ ওপৰত পৰিল৷ বিলনীয়াই খিচিৰি কৰি পেলাব নোৱাৰাকৈ ভাতৰ মাজত কুঁৱা এটা খান্দি খান্দিয়ে তালৈ চাই পঠিয়ালোঁ মই৷ ভিতৰৰপৰা উগাৰ এটাও বহিৰ হ’ব নোৱাৰাকৈ এমুখ তামোল-পাণ ভৰাই পিক্ উৎপাদন কৰা কামত ব্ৰতী হৈ থকাৰ মাজে মাজে কাষতে বহা মানুহজনক কিবাকিবি কৈও আছে সি৷ মানুহজনে তেজপীয়া যেন তাৰ মুখেৰে নিগৰা কথাবোৰ সঁচাকৈয়ে বুজি পাইছে নে এনেই মূৰ দুপিয়াই আছে তাত মোৰ সন্দেহ আছে৷ ভাতকেইটা সুকলমে খাদ্যনলী পাৰ

Read more

লটি ঘটি-অসীমা এচ দত্ত

আগতে সৱতকে ভয় কৰোঁ বুৰঞ্জী পিৰিয়দটো। সেই পিৰিয়দত ছাৰৰ চকুলৈ দিনত বাট হেৰুৱা ফেঁচাৰ দৰে ট’ টকৈ চাই থাকোঁ। ছাৰে ভাৱে বহুত বুজিছে এই, গোটেই বুৰঞ্জীখন মোৰ চকুলেকে চাই ছাৰে বুজাই শেষ কৰে। হয়নে নহয় বুলি। ছাৰৰ চকু মোৰ চকুত পেটি গজাল মৰাদি মাৰি থয়। ময়ো মূৰ দুপিয়াওঁ। সিফালে মূৰৰ দুই ইঞ্চি ওপৰেৰে আকবৰে, বাবৰে, জাৱৰে গালেই হাইজাঁম্প মাৰি মাৰি যায়গৈ, মই চিত্ৰহাৰত চোৱা গানবোৰৰ লহৰত। সেইহেনতো ইমান বুজা জহামালক লৈ ঘৰত বহুতৰ চিন্তা। তেনেতে পৰিলোঁ প্ৰেমত শ্বাহৰুখ খানৰ। যদিও

Read more

বান্ধৈৰ বিয়াৰ আনন্দ-দীক্ষিতা বৰা

কাহিনীটো আচলতে কিছু পুৰণি, কেইবা দশকৰ আগৰ৷ সময়টো বুজিবলৈ ক’ব পাৰি যে ‘কুলেন’ বােলা পদার্থবিধ ধৰাপৃষ্ঠত আবিৰ্ভাৱ হােৱাৰ আগৰে কথা সেয়া। এখন সৰু পাহাৰীয়া চহৰৰ আৱাসিক অঞ্চল এটাৰ এজন ডেকা আৱাসীৰ বিয়াৰ সময়৷ কলনিৰ সকলােকে বিয়াৰ নিমন্ত্রণ দি দৰা কাহানিবাই ঘৰলৈ গ’ল। পিচে দৰা কইনাৰ য’ত ঘৰ, সেইখন দুৰণিবটীয়া ঠাইলৈ সকলােলােক যােৱাত অসুবিধা হােৱা হেতুকে চাৰিজন ব্যক্তি কলনিৰ প্রতিনিধি হিচাপে বিবাহ অনুষ্ঠানলৈ যােৱাৰ কথা ঠিক হ’ল৷ কলনিৰ এক অন্যতম আৱাসী, অফিচটোৰ ওপৰৱালা বিষয়াজন তেতিয়া নতুনকৈ লােৱা এম্বেছাদৰৰ গাড়ীখনৰে গৌৰৱান্বিত। গাড়ীৰ

Read more

জমনি ২ – নয়নমনি হালৈ

কাটিবলৈ বুলি অনা ছাগলী কচাইৰ হাতৰপৰা এৰা খাই কিবাকৈ পথাৰৰ কোমল ঘাঁহ পালে ছাগলীটোৱে যেনেকৈ স্ফূৰ্তিত শূন্যতে দহটা জাপ মাৰিব, গুৱাহাটীলৈ আহি প্ৰথম মোৰ তেনেকুৱাই হ’ল। ঘৰত শাসনৰ নামত কিমান পঘা যে মোৰ ডিঙিত ওলমি আছিল। মা দেউতাৰ কথাতো বাদেই গোটেই গাঁওখনতে অঘোষিত অভিভাৱকৰ শেষ নাছিল। পৃথিৱীৰ সকলো সুখ সকলোৱে ভোগ কৰাৰ অধিকাৰ আছে, নাই কেৱল মাষ্টৰৰ পুতেকৰ। আচলতে মাষ্টৰৰ পুতেক হোৱাটোৱে যেন অপৰাধ! গতিকে স্বগৃহত বা মোৰ সৰু চহৰখনত চেঙেলীয়া বয়সৰ সুখবোৰ ভোগ কৰিবলৈ যেন কপালত লিখা নাছিল। গতিকে

Read more

মানাহৰ জয়াল ডাকবাংলাত এনিশা-ধূৰ্জ্জটি কাকতি

ডিগ্ৰী পাছ কৰি উঠা সময়ৰ কথা৷ বন্ধু দুজনৰ সৈতে মাঘ বিহুত ক’ৰবালৈ যাম বুলি পৰিকল্পনা কৰি আছিলোঁ, শেষত মানাহলৈ যোৱাটোকে স্থিৰ কৰিলোঁ৷ তেতিয়া মানাহলৈ মানুহ খুব কম গৈছিল৷ বড়োলেণ্ডৰ  চুক্তি স্বাক্ষৰ হোৱাৰ পাছতহে মানুহ অলপ যাবলৈ লৈছে, তাৰ আগতে উগ্ৰপন্থী সমস্যাৰ বাবে খুব কমেই গৈছিল৷ কেনেকৈ যাব লাগে, ক’ত থাকিব লাগে আমি একো নেজানোঁ৷ তিনি বন্ধু ওলালোঁ উৰুকাৰ দিনা৷ খবৰ কৰি গম পালোঁ বাচত বৰপেটা ৰোডলৈ যাব লাগে, তাৰপৰা সৰু গাড়ী লৈ মানাহলৈ৷ পিচে বৰপেটা ৰোডৰ বাচ ক’ৰপৰা যায় তাকো

Read more
1 16 17 18 19 20 70