ফটাঢোল

দুৰ্যোগৰ এৰাতি-হিমাংশু ৰাজখোৱা

ৰাতি তেতিয়া প্ৰায় দহ বাজিছে। শীতকালৰ নিশা, ৰাতি দহ বজাত ডিফুৰ দৰে পাহাৰীয়া চহৰ এখনৰ বাবে যথেষ্ট গভীৰ নিশা। ফোনত খবৰ পালোঁ সহকৰ্মী এজনৰ হঠাতে কিবা অসুখ হৈছে। নিমিষতে অফিচিয়েল ‘Whatsapp’ গ্রুপত খবৰ বনজুইৰ দৰে বিয়পি পৰিল। ইয়াত, ডিফুত আমাৰ বিভাগীয় কাৰ্যালয়ত কৰ্মৰত বেছিভাগ কৰ্মচাৰী অকলে অকলে থাকে, পৰিয়াল সকলোৰে বাহিৰত। গতিকে অসুখ হোৱা সহকৰ্মীজনৰ সম্ভাৱ্য বিপদৰ উমান পাই লগে লগে তিনিখনমান গাড়ী আৰু একডজনমান মানুহ তেওঁৰ ৰুমৰ সন্মুখত হাজিৰ। ফোনবোৰ ঘনাই বাজিবলৈ ধৰিলে। বহুতে ফোন কৰিলে, “হিমাংশুদা খবৰ দিব”।

Read more

অট’কাৰেক্টৰ মহিমা-উৎপলা শইকীয়া

কিপেডৰ অট’কাৰেক্ট অপচনটো অন থাকিলে হোৱা অথন্তৰৰ অনেক কাহিনী আছে জীৱনত। তাৰ ভিতৰত এটা মনত ৰৈ যোৱা কাহিনী…. নতুনকৈ চাকৰিত সোমোৱা দিনৰ কথা। খুব সম্ভৱ ২০১১ বা ২০১২ চনৰ ঘটনা। নতুনকৈ চাকৰিত সোমাইছোঁ। Informarion Technologyৰ বিভাগত মোৰ প্ৰথম পোষ্টিং। সেইটো বিভাগৰ বেছিখিনি কামেই ভাৰত চৰকাৰৰ  Ministry of Information and Telecommunicationsৰ লগত প্ৰায় প্ৰত্যক্ষভাবেই হৈছিল। প্ৰায়বোৰ  নিৰ্দেশনাই খুব তাৎক্ষণিকভাবে আৰু খৰতকীয়াকৈ যুগুত কৰি বিভিন্ন জিলাৰ উপায়ুক্তসকললৈ পঠিয়াব লগা হৈছিল। বিশেষকৈ যদি কিবা মিটিং বা কনফাৰেন্স  থাকে তেনেহ’লেতো, আৰু কথাই সুকীয়া। একেটা

Read more

মই কৰা নাটকখন-নীলাক্ষি কাকতি

এনেই মই মানুহজনী খুব টেলেণ্টেড৷ মানে মোৰ মূৰৰপৰা ভৰিলৈকে অইলৰ টেংকাৰত ডিজেল ভৰি থকাৰ দৰে টেলেণ্ট এনেকৈ ভৰি আছে যে সেই ভৰ সহিব নোৱাৰি মই মানুহজনী কেতিয়াবা বেঁকা হৈ যাওঁ৷ তথাপিও কোনোবাই ক’ব পাৰিবনে মোৰ পচপন্ন গ্ৰামো অহংকাৰ আছে বুলি? বাৰু, এইবোৰ কথা থাকক এতিয়া। টেলেণ্টৰ কথাটো কওঁ। সৰুৰে পৰাই মই সৱতে টেলেণ্টেড মানে পুখুৰী পাৰ খেলৰপৰা কোৰাচলৈকে মই সকলোতে যোগদান কৰোঁ৷ অকনমাণ ওখ হোৱা হ’লে মই হাইজাম্প , বাস্কেটবল বা প’লভল্টো খেলিলোঁ হয়৷ গাত অলপমান বেছি বল থাকিলে ৱেট

Read more

নিজৰ কাৰনামা-শ্ৰুতিমালা মিশ্ৰ

(১) সৰুতে গাঁৱত যেতিয়া আছিলোঁ তেতিয়া কাষৰ এলপি স্কুলখনলৈ এনেই পঢ়িবলৈ গৈছিলোঁ। ঘৰত মা-পাপা দুয়ো নাথাকে কাৰণে, ঘৰত থকাতকৈ স্কুলতে দুটামান আখৰ শিককগৈ বুলি মাষ্টৰনী মায়ে পঠিয়াই দিছিল। অংকৰ ক্লাছটো মহা বʼৰিং ক্লাছ আছিল। তাতে আৰু অংকত মই মহাগাধা আছিলোঁ। তেখেতক দেখা পালেই জ্বৰ উঠিছিল৷ আমাৰ সকলোৰে মতি গতি বাইদেৱে ভালকৈয়ে বুজি পাইছিল৷ গতিকে অংক পঢ়োৱা বাইদেউগৰাকী আহিয়েই ক্লাছত সোমাই মোৰ লগতে স্কুলৰ ভিতৰতে নামজ্বলা গাধাকেইটাক গাঁৱৰ মানুহৰ ঘৰলৈ হাঁহৰ ডিম, পাৰৰ পোৱালী, শাক-পাচলি কাৰ ঘৰত আছে সেইবোৰ বিচাৰিবলৈ পঠিয়ায়।

Read more

ভাষা বিভ্ৰাট-বৰদা শইকীয়া 

বহিঃৰাজ্যত গৈ ঘটা ভাষা বিভ্ৰাটৰ ৰসাল কথা নক’লোৱে যেনিবা, এইখন অসমতে ভাষা বিভ্ৰাটৰ বাবে কিছুমান আমোদজনক কাহিনীৰ সন্মুখীন হৈছোঁ। উজনি-নামনিৰ মাজতে সাধাৰণতে বিভ্ৰাট ঘটে। বিশেষকৈ উজনিৰ মানুহে নামনিৰ ভাষা বুজি পোৱাত অসুবিধা পায়। নিজৰ জীৱনত ঘটা এনেকুৱা কাহিনী এটা মনলৈ আহিছে। কেইবছৰমানৰ আগতে শিৱসাগৰত অনুষ্ঠিত অসম লেখিকা সংস্থাৰ দ্বিবাৰ্ষিক অধিৱেশনলৈ বান্ধৱী কুঞ্জ দেৱী আৰু মই যাবলৈ ওলালোঁ। ৰাতিপুৱা ৭-০০ বজাতে মঙ্গলদৈৰপৰা বাছেৰে যাত্ৰা আৰম্ভ কৰা আমি মঙ্গলদৈৰপৰা তেজপুৰ, তেজপুৰৰপৰা যোৰহাট, যোৰহাটৰপৰা শিৱসাগৰ, তিনিখন বাছ সলাই  শিৱসাগৰ পাওঁতে ডিচেম্বৰ মাহৰ ভাল

Read more

বিভ্ৰাট-মৌচুমী গগৈ

ল’ৰালিৰ দুষ্টামি বুলি ক’লে আমি জীৱনৰ সেই মধুৰ সময়খিনিৰ কথা মনত পেলাবলৈ চেষ্টা কৰোঁ, যি সময়ত আমাৰ চিন্তা ভাৱনাবোৰ কেৱল নিজৰ মাজতেই সীমাবদ্ধ আছিল। কি ভাল, কি বেয়া সেইবোৰ আমাৰ মনৰ সীমনাই ঢুকি পোৱা নাছিল।আমি কেৱল আমাৰ মনটোৰ কথা শুনিছিলোঁ। ডাঙৰ হৈ অহাৰ লগে লগেই আমি বেছিভাগ মানুহেই হাঁহিবলৈ কমাই দিলোঁ, ধেমালিবোৰ কমি আহিল আৰু প্ৰাপ্তবয়স্কৰ অসহজ ছদ্মবেশত নিজকে খাপ খোৱাবলৈ চেষ্টা কৰোঁ। কিন্ত এই পোছাকযোৰৰ আঁৰত আমাৰ ভিতৰত এটি শিশুৱেই থাকে। ল’ৰালিকালৰ এটা নজনাকৈ কৰা দুষ্টামিৰ কথা আপোনালোকৰ লগত

Read more

ছেলছৰ টুপী-অভিজিৎ গোস্বামী

পঢ়া শুনা কৰাৰ দিনত ভাবিছিলোঁ যে, আৰামত অফিছত বহা চাকৰি এটা গোটাই জীৱনটো কটাই দিম। কিন্তু জীৱন যাত্ৰাই নি পোৱালেহি সম্পূৰ্ণ বেলেগ এটা পেছাত। ভাগ্যতো চাগে এইটো পেছাহে লিখা আছিল, কাৰণ মুখখন আগৰেপৰাই যথেষ্ট মিঠা আছিল আৰু এইটো পেছাত মুখখনেই আমাৰ প্ৰধান অস্ত্ৰ। অাজি তেনেদৰেই প্ৰায় ৮ বছৰমান বিভিন্ন কোম্পানীৰ হৈ এই পেছা ভালদৰেই চলাই আহিছোঁ প্ৰভুৰ কৃপাত। অাজি পিছে তাৰ লগত জড়িত কিছু নিজৰ ৰসাল কাহিনীহে ক’বলৈ ওলাইছোঁ। তেতিয়া মই বাংগালোৰৰ এটা ভাৰতীয় কোম্পানীত কাম কৰি আছিলোঁ, পঢ়া শুনা

Read more

অনলাইন শ্বপিং আৰু মোৰ পাণ্ডিত্য-ৰিমঝিম বৰঠাকুৰ

এবছৰমানৰ আগৰ ঘটনা। কোনোবা এদিন অফিচলৈ যাবলৈ মন নোযোৱাত ঘৰৰপৰাই কাম কৰি আছিলোঁ। ঘৰতে আছিলোঁ যদিও দুপৰীয়া কিবা এটা ৰান্ধি খাবলৈ মন নোযোৱাত চুইগীতে কিবা এটা অৰ্ডাৰ কৰি কামত বহিলোঁ। সেইদিনা অৱশ্যে আমি দুয়োজনে ঘৰৰপৰাই কাম কৰি আছিলোঁ। পতিদেৱকো ক’লোঁ ৰান্ধিবলৈ মনেই যোৱা নাই, কিবা অৰ্ডাৰ কৰিছোঁ তাকে খাবা। মোৰ এটা অভ্যাস আছে অৰ্ডাৰ কৰাৰ পিছৰপৰাই কামত মন নবহে। বাৰে বাৰে মোবাইলটো উলিয়াই পাৰ্চেলটো আহি নোপোৱালৈকে ট্ৰেক কৰি থাকোঁ। মানে এনেকুৱা হয় ডেলিভাৰি বয়জন ৰেষ্টোৰেণ্টত সোমাইছে, এইমাত্ৰ ওলাইছে, ট্ৰেফিকত ফচিছে

Read more

ধেৎতেৰিকা-পদ্মজা বৰুৱা মহন

“আলিছিগা পথাৰত লাহী ধান পকিলে দেই, কাইলৈ চাই থৈ আহিবিগে।” – শাহুআয়ে সন্ধিয়া নিৰ্দেশ দিলে। মই বোলো চাবলৈ বুলি নহয় একেবাৰে দাবলৈ বুলি যাম। যিমানহে দূৰ পথাৰখনলৈ, অহাযোৱাখন কৰি নেথাকোঁ আৰু। দুই ফাৰ্লংমান যাব লাগে। পথাৰৰ বঁকিয়াইদি এক ফাৰ্লং, তাৰপিছত পকী আলিয়েদি এক ফাৰ্লং, আকৌ পানী নলাইদি এক ফাৰ্লংমান গৈ পথাৰে পথাৰেও এক ফাৰ্লং গ’লেহে আলিছিগা পথাৰ পাইগৈ। কাইলৈ বোলো অকলেই দামগৈ। পিছদিনা হাজিৰালৈ দাৱনী দুজনীমান পাওঁ নেকি বিচাৰিব লাগিব।  সেইমতে পিছদিনা পুৱাৰপৰা কাম-বনবোৰ খৰখেদাকৈ কৰি গ’লোঁ। শাহুআয়ে এপাকত আকৌ

Read more

চ্যাল- দেবজিত শৰ্মা

“ঐ, যাবি নে?” মোলৈ চাই ব্যস্তভাৱ এটাৰে উৎপলে প্ৰশ্ন কৰিলে৷ উৎপল মানে উৎপল ভূঞা৷ মোৰ ৰূমমেট৷ বাৰোৱাৰীৰ ঘৰ এটা ভাড়া লৈ মই, উৎপল আৰু আমাতকৈ বয়সত কিছু ডাঙৰ জিতুদা একেলগে থাকিবলৈ আৰম্ভ কৰিছোঁ৷ জিতুদা আমাৰ অভিভাৱক স্বৰূপ, কেতিয়াবা কিবা ভুল দেখিলে গালিও দিয়ে৷ কোঠাবোৰ অপৰিপাতি বা পাকঘৰটো খেলিমেলি হৈ থাকিলে জিতুদাৰ গালি নিৰ্ঘাট খোৱাৰ যোগ পৰে৷ এইবোৰৰ উপৰিও জিতুদাৰ পঢ়া টেবুলখনৰফালে আমাৰ গমন প্ৰায় একেবাৰেই নিষেধ৷ মই পৰিপাতিকৈ চলোঁ যদিও উৎপলৰ স্বভাৱটো বৰ বেয়া৷ তাক দায়িত্ব দিলে আমেৰিকাকো চিৰিয়া বনাই

Read more
1 18 19 20 21 22 70