ফটাঢোল

লটিঘটি–মিতালী চহৰীয়া

কলিং বেলটো বজাৰ লগে লগে আমি চাৰিওজনে নিশ্চিত হৈ গ’লোঁ যে আমি যিটো ভয় কৰি আছিলোঁ সেইটোৱেই হ’ল। এতিয়া আমাৰ প্ৰথম কাম হৈছে চাৰিওজনৰ পৰা দুজন হোৱা। ক’ত লুকাম! দুটা বাথৰুম আছে। নাই নাই যদি খুলি চাই, ধৰা পৰি যাম৷ বিছনাৰ তলতো নোৱাৰি এজনীয়া বিছনা ৰুমত সোমোৱাৰ লগে লগে দেখিব। শেষত টিভিত দেখুওৱাৰ দৰে দুৱাৰৰ আঁৰত উপস্থিতি থাকিব নলগীয়া দুজন লুকাল। এজন পাকঘৰৰ ৰুমৰ, এজন থকা ৰুমৰ। ঠিক চিনেমাৰ দৰেই এটি দৃশ্য হৈছিল সেইদিনা। দুবছৰ আগৰ মাৰ্চ মাহৰ আগৰ লটিঘটিৰ

Read more

হিন্দী ভাষাৰ পয়মাল – পৰীশ‍্যামলী ভূঞা

হিন্দী নাজানো যদিও বস্তুবোৰৰ দাম ইমান কমত চিঞৰি থকা শুনিয়েই হিন্দী ভাষী দোকানবোৰৰ মাজলৈ আগুৱাই গ’লো। বয়সে সোণালী জয়ন্তী পাৰ কৰি যোৱা এই বয়সত এতিয়া তামোল খোৱা, খাৰ খোৱা জিভাত যিমান হিন্দী শিকালেও হিন্দী নোলায়। নাতিটোৱে তাৰ স্কুলৰ কিতাপৰ মাজৰ পৰা অলপ হিন্দী শিকাই এটা দুটা ক’ব পৰা কৰি তুলিছেগৈ, তথাপিও তাৰ এটা দুটাহে আনে বুজেগৈ বাকী ভালেখিনিয়েই নুবুজেগৈ। তথাপিও ইমান সস্তাত দামবোৰ চিঞৰি থকা শুনি আগবাঢ়ি নোযোৱাকৈ থাকিব নোৱাৰি গৈ বজাৰৰ ভিতৰ পালোগৈ। অসম যদিও বজাৰখন যেন বিহাৰৰহে বজাৰ।

Read more

আমাৰ এওঁ, মই আৰু ৰুটি – পৰিস্মীতা বৰদলৈ

বহুত দিনৰ বিৰতিৰ পাছত এওঁক অকলে এৰি মাৰ ঘৰলৈ আহিছোঁ‌.. ইমান দূৰৰ পৰা যাওঁ বুলি ভাবিলেও একেলগে দুয়োটা যোৱাটো সম্ভৱেই নহয়গৈ দেখোন সেয়ে আজিকালি দুয়োটাই অলপ এৰা ধৰা কৰি নিজৰ মিতিৰ নিজেই ৰাখোঁ‌। ঘৰ আহি পোৱাৰ অলপ পাছতে এওঁৰ ফোনৰ আৰম্ভণি হৈ গ’ল.. “ক’ত কি বস্তু থৈছা একো বিচাৰি পোৱা নাই।” এই মানুহটোৰ পৰা আৰু শান্তি নাই.. ইফালে মোৰো তেওঁক কাট মাৰি কোৱা কথাৰ আৰম্ভণি হৈ গ’ল.. “কিয়, বৰ ৰজা দেখাইছিলা নহয়, এতিয়া কি হ’ল! ভালকে বিচাৰা, মই সবতে নাম

Read more

লটিঘটি–ৰিতন বৰুৱা

নাম মনসিং বাহাদুৰ। নাম যেনে বাহাদুৰ কথাও তেনে বাহাদুৰ। লগত জড়িত থাকে সোমৰসেৰে ভৰপুৰ গল তিতি। কথাত পানী নসৰকা বিধৰ। ভালৰ বিপৰীত ফালে গতি কৰা বিধৰ কথাৰ ফুলজাৰি মাৰিব পৰা। কোনোবাই ধেমালিতে হ’লেও অলপ জুকাই ল’লে হলেই আৰু তেওঁক কিবাই নোখোৱাকৈ আশীৰ্বাদ দিব পাৰে। সেইজনা বাহাদুৰ ভাইৰে এটি কাহিনী কওঁ আজি। মনসিঙৰ ঘৰলৈ কিছুদিন তাঁতবাটি কৰি কৰি জীৱনবীমাৰ এজেণ্ট এজনে এখন জীৱনবীমাৰ পলিচি ক্ৰয় কৰালে। পলিচি ক্ৰয় কৰিলে ভালেই হ’ল কিবা এটা সুৰক্ষা আহিল জীৱনৰ। কিছুবছৰ পলিচি চলোৱাৰ পিছত হঠাতে

Read more

গুগুল ডট কম – জিতা ফুকন

এগৰাকী অত্যাধুনিক গাভৰু। এলাপেচা মানুহক পাত্তাই নিদিয়ে। ধুনীয়াও, পঢ়া-শুনাও। বহু যুৱক মৌমাখিৰ দৰে ওচৰে-পাজৰে ভুণভুণাই থাকে। প্ৰেমৰ প্ৰস্তাব দিয়ে। পিচে নাই , অমুকীয়ে কেৰেপকে নকৰে। সৰু-সুৰা চাকৰিয়ালেও বিয়াৰ প্ৰস্তাৱ দিলে গ্ৰহণ নকৰে। পিচে ফেবুতে পালে নহয় এজন! দামী বাইকত বহি সাঁজোনে-কাচোনে সুদৰ্শণ ফটো আপলোডোৱা যুৱক। বেচেৰী পৰি গ’ল, মানে প্ৰেমত পৰিল। ল’ৰাক সুধিলে কি কৰা? ল’ৰায়ে ক’লে, গুগুলতে কৰোঁ। বেটীক কোনে পায়। পেনপেনিয়া প্ৰেমৰ অন্তত এদিন বাপেকৰ অগাধ সম্পত্তি, মৰম-চেনেহক জলাঞ্জলী দি গুগুলৰ বাইকৰ পিছত বহি পলাই গ’ল। ল’ৰায়ে আনন্দতে

Read more

আমাৰ দিনত – সৌৰভ শৰ্মা

আমাৰ দিনত জিনচ, টি-চাৰ্ট পিন্ধা ছোৱালীৰ ক’ড নাম আছিল – জিনিছ। চুৰিদাৰ পিন্ধাবোৰ- চেনেহী চুৰিদাৰ পিন্ধা লগতে মেকাপ- পাখৰী আপী নৰ্মেল মেখেলা-চাদৰ, শাৰী পিন্ধা- বোৱাৰী পেট-পিঠি প্ৰদৰ্শন কৰি শাৰী, মেখেলা-চাদৰ পিন্ধা হ’লে- জিন্নত (জিনতামন) আমাৰ দিনত মিনি পিন্ধা দেখিবলৈ ভাগ্য লাগিছিল, তেনে পিন্ধাবোৰৰ ক’ড নেম- বাৰুদ ইয়াৰোপৰি আধিক মেকাআপ কৰাসকল- মন্দাকিনী । এজনৰ সৈতে প্ৰেম কৰিও আন্য এজনক হাতত ৰখা ছোৱালী- আক্টোপাছ। এনে নহয় যে ল’ৰাবোৰে ৰেহাই পাইছিল। ছোৱালীৰ লগত বেছি হলি-গলি কৰাবোৰক চেনী নকৈছিলোঁ। সেইবোৰক পাৰফিউম শুঙা কৈছিলোঁ। শেষত

Read more

এক অনাকাংক্ষিত পৰীক্ষাৰ ইটো-সিটো – খনিন্দ্র ভূষণ মহন্ত

(১) শুক্রবাৰে ৰাতি ‘মেইল’ আহিছে। দেওবাৰে পুৱা ১০-৩০ বজাৰ পৰা পৰীক্ষা! তাকো গুৱাহাটীত। ৯ বজাত কলেজত গৈ উপস্থিতি জাহিৰ কৰিব লাগিব। আইজ্জাও বালক! টেমাটো গৰম হ’বলৈ ইয়াতকৈ কিবা বেলেগ খবৰ লাগেনে এই পৃথিৱীত! অমুকা তেতিয়া আছো মামাৰ ঘৰত। মেইল দেখিয়েই খঙে-ভয়ে মুখৰ ৰং যে সলনি হৈছিল তাত কোনো সন্দেহেই নাই। পঢ়াৰ ঘৰত এটা বৃহৎ শূন্যই নাচি নাচি আগৰ পৰাই মোক ভেঙুচালি কৰিয়েই আছিল যদিও এনেই ‘গহীন ফিলিং’ এটা দি আছিলোঁ। কিন্তু এতিয়া উপায় নাই। ইতিমধ্যে মোৰ জোলোঙাৰ মেকুৰী বাহিৰ হ’বলৈ

Read more

স্মৃতিভাৰ (২)– দীপামণি শইকীয়া

sometimes memories sneak out of our eyes and roll down our cheeks! পাৰ হৈ অহা বাটলৈ উভতি চালে, সময়ৰ সোঁতত এৰি আহিব লগীয়াখিনিয়ে দুখ আৰু ক্ষোভৰ শিল হৈ  আমাৰ উশাহবোৰ গধূৰ কৰি তোলে। কিন্তু পাৰ হৈ অহা সেই সুন্দৰ সময়ে আমাৰ জীৱনক একেদৰে  হাঁহিৰে ধন্যও কৰে। তাৰে কত কাহিনী লৈ মনত পৰিলে এতিয়াও মৌন ওঁঠত হাঁহিৰ ফুল ফুলি উঠে। জীৱনতো সুখ-দুখ, হাঁহি-কান্দোনৰে এক বৰ্ণাধ্য আয়োজন!  মূলতঃ বাস্তৱৰ পৰা তুলি সামান্য সা-সলনি কৰি লিখা তাৰেই  কিয়দংশ……. বাৰিষাৰ সময়৷ ঘৰৰ আগফালৰ পুখুৰীটো

Read more

দেউতাৰ লগৰ দেউতা — প্ৰদীপ বৰা

গুৱাহাটীৰ সোণালী নগৰত আমাৰ সংগঠনৰ এখন প্ৰতিনিধি সভা আছে সন্ধিয়া ছয় বজাৰ পৰা৷ পূৰ্ব পৰিকল্পনা অনুযায়ী বিজয় মহন্তও মোৰ লগত যাব৷ মহন্তই বোলে, : কিমান সময়ত যাব? মই বোলো : সন্ধিয়াহে সভা আৰম্ভ হ’ব৷ গতিকে ঘৰতে গৰম ভাত এমুঠি খাই দিনৰ ন’ বজাত যাত্ৰা আৰম্ভ কৰিম৷ আপুনি আমাৰ ঘৰলৈকে আহিব দুয়োজন একেলগ হৈ ধীৰে ধীৰে গৈ থাকিম৷ ফলঙনি ডাকঘৰ চাৰিআলিতে ট্ৰেকাৰ বা টাটা মেজিকত ৰঙাজানলৈকে যাম৷ ৰঙাজান বা বোকাখাত নহ’লে নগাঁও বা একেকোবে গুৱাহাটীৰ গাড়ীত উঠিম৷ কথা মতে কাম৷ মহন্ত

Read more

বৰযাত্ৰী– সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

ল’ৰালিৰপৰাই তাৰ লগ বন্ধুৰ সংখ্যা তেনেই নামমাত্ৰ।মাক বাপেকে গাঁৱৰ বাকীবোৰ ল’ৰাৰ লগত তাক বৰকৈ মিলামিছা কৰিব নিদিছিল। ধনী ঘৰৰ একমাত্ৰ ল’ৰা কাজেই চাহাবী ঢং এটা সৰুৰ পৰা তাৰ গাত বিদ্যমান। ঘৰৰ বাহিৰ ওলাব পাৰিলেই লগৰীয়া বুলিবলৈ একমাত্ৰ ময়েই, বাকী গাঁৱৰ ল’ৰাবোৰে কোনেও তাক পাত্তা নিদিয়ে। এনেই ৰাজু ল’ৰাটো সিমান বেয়াও নাছিল কিন্তু মাক বাপেকৰ কথা বতৰাবোৰৰ বাবে বাকীবোৰ সমনীয়া ল’ৰাৰ মনত তাৰ প্ৰতি ভাল ভাব নোহোৱা হৈছিল। আটাইবোৰ সমনীয়া ল’ৰাই লগ হৈ কিবা বদমাছি কৰিলে ৰাজুক বাদ দি বাকীবোৰে শাস্তি

Read more
1 49 50 51 52 53 70