ফটাঢোল

হনুমানৰ নেগুৰৰ জুই – দেৱজিত শইকীয়া

ফাকুৱাত বিজয়হঁতৰ গাঁৱত ভাওনা হয়৷ সৰুকৈ হ’লেও ৰ’ল এটা বিজয়ৰ ভাগত পৰেই৷ দুবছৰমানৰ আগতে “ৰাৱণ বধ” ভাওনা পাতিছিল৷ বিজয়ৰ মেইন ৰ’লেই আছিল৷ মানে কুম্ভকৰ্ণৰ৷ প্ৰকৃততে কৰ্ণৰ কথা সৰুৰে পৰা সি শুনি আহিছে গতিকে ৰ’লটো তাৰ নামত দিয়া শুনি নৰখিলেই, বায়ন বৰ্তাৰ গালত টুপুককৈ চুমা এটা খাই বোলে চাবি বৰদেউতা এইবাৰ ফালি দিম৷ এই বুলি বচন মতা আৰম্ভ কৰিলেই বোলে “সুত পুত্ৰ কৰ্ণ মই পিতা ভাগিৰথ মাতৃ ৰাধাৰ নন্দন…….বায়নলৈ চাই বিজয়ে বোলে তাৰ পিছত কি আছিল? বায়নে বোলে হেৰৌ কৰ্ণক তই

Read more

নাৰদৰ অসম ভ্ৰমণ – সোনটো ৰঞ্জন বৰুৱা

দেৱৰাজ ইন্দ্ৰ ইন্টাৰনেট সেৱাক লৈ কিছুদিনৰ পৰা তামাম পৰেচান হৈ আছে। ইমান শ্লৌ……কেতিয়াবা কেতিয়াবাতো দেৱতা সকলে পঠিওৱা ৱাটচএপ মেচেজ এক প্ৰহৰৰ পাচতহে পাইছেহি । মেচেজ পোৱাৰ পাছত তেখেতে সেই আনলৈ ফৰৱাৰ্ড কৰিবলৈ যোৱা মানে আনে হজম কৰিও হালধীয়া হয় । অসমৰ পেছেঞ্জাৰ ট্ৰেইনক গৰুগাড়ীৰে পিচ পেলোৱা স্পিডৰ দৰে যিহে নেটৰ অৱস্থা… ধুই!! এনেকৈ পাৰিনেকি ?…. দিনটোলৈ যিমান জিবি ফ্রি নেট পায় তাৰ আধাও শেষ কৰিব নোৱাৰি। বহুতদিনৰ পৰাই দেৱৰাজে জিঅ’ৰ কথা শুনি আছে, বহুত সস্তাতেই ফৰ জি’ৰ হাইস্পিড দি আছে

Read more

গাঁৱলীয়া! – জ্যোতিৰূপম দত্ত

বন্ধৰ দিনকেইটাত বৰ দিগদাৰ৷ ল’ৰা-ছোৱালীহালে এই পাৰৰ বাহৰ দৰে ফ্লেটটোত সোমাই থাকিবলৈ নোখোজে৷ পৰিবাৰৰো খেংখেঙনি৷ ইফালে কৰবালৈ ফুৰিবলৈ যোৱা মানেই শ্বিলং! তাৰ বাহিৰে আন জেগালৈ যাবলৈ কোনেও মন নকৰে৷ পিছে আজি হঠাতে ইহঁতক এটা চাৰপ্ৰাইজ দিবলৈ মন গ’ল৷ কথাটো হ’ল যে সিদিনা বহুদিনৰ মুৰত গনেশগুৰিত বিনন্দক লগ পালো৷ সি মোৰ স্কুলীয়া বন্ধু৷ সৰু সুৰা দুই-এপদ বস্তু কিনিবলৈ গুৱাহাটীলৈ আহিছে হেনো৷ মই খবৰ খাতি ললো৷ কি কৰি আছে সুধিলো৷ : এহ, আমাৰ কথানো কি ক’ম৷ খেতি-বাতিকেই কৰি কোনোমতে চলি আছো আৰু৷

Read more

চৰ – কৌশিক দাস

: চেণ্ডেল আছে না….খুড়া ? : কাই কছানু ? “ :মই তৰুণ “ : অ অ অ, আছেই আছেই, ঘৰ’ৰ চলতু হৈ এমান দেৰি কৰাহনা অ’ তই! ৰাইজে নি সাঙেই কৰব’ ইথান! দিনটোত এয়ে প্ৰথম মিঠা মাতষাৰ ওলাল কৰিমুলৰ। ছাগলী মাংস কাটিবলৈ এৰি হৰদম বাজি উঠা ফোনটোৰ আগত চৰম বিৰক্তিৰে একেটা প্ৰশ্নৰ উত্তৰ দি ভাগৰি গৈছে সি। সোঁহাlখনৰ আঙুলিতো দাৰ ঘাপ এটা পৰিছিল। জোৰেৰে লাগিলেতো ছিঙিয়েই গ’লহেতেন! তাৰ ম’বাইল স্ক্ৰীণত থৰথৰে নাচি থকা অচিনাকি নম্বৰৰ আঁৰৰ  মানুহবোৰক জগতৰ অবাইছ মাতেৰে

Read more

উৰুকা – বিকাশ শইকীয়া

এবাৰ উৰুকাৰ ৰাতি আলু চুৰ কৰিবলৈ এঘৰ মানুহৰ বাৰীত সোমালো। নিয়ৰ পৰি থকা আলু গছবোৰ ঠাণ্ডাত উভালিৱলৈ ধৰিলো। যি কেইটা আলু শিপাত লাগি আহে তাকে মোনাত ভৰাওঁ। বাকীবোৰ মাটি খান্দি নানো। কোনে ইমান কষ্ট কৰে! কাৰণ হাতত নিয়ৰ আছে,  মাটি চুলে বোকা হৈ যায়। ঠাণ্ডাত হাত ধোৱাৰ ভয়ত মাটি নাখান্দো। এনেতে কোনোবা অহা যেন শব্দ শুনিলো। গৃহস্থ বুলি দৌৰ মাৰিলো। দৌৰি গৈ এখন মজবুত ওখ জেওৰা পালো। জেওৰাৰ সিপাৰে এটা প্ৰকাণ্ড খাল। লগৰ বন্ধুজন জেওৰা কাষৰ আম গছজোপাতে উঠিল। মই

Read more

দি দৌৰ – ৰাজদ্বীপ বৰা

দৌৰ! জীৱন কালত সকলো প্ৰাণীয়ে দৌৰিব লগাত পৰে।  কেতিয়াবা যদি খাদ্যৰ সন্ধানত, কেতিয়াবা আকৌ আত্মৰক্ষাৰ তাড়নাত। কেতিয়াবা আকৌ নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈকে প্ৰাণীয়ে দৌৰিব লগাত পৰে। জন্ম লৈয়ে গৰু পোৱালী এটাই ইফালে-সিফালে দৌৰা-দৌৰি কৰি এই বিশাল বিশ্বক তাৰ আগমনৰ বাৰ্তাহে যেন জনায়! মানুহেতো গোটেই জীৱন কেৱল দৌৰিয়ে থাকিব লগাত পৰে, হকে-বিহকে। দৈনন্দিন জীৱনৰ প্ৰতি খোজতে মানুহৰ দৌৰা-দৌৰি, ৰ’বলৈ যেন কাৰোৰে সময় নাই। দৌৰ বন্ধ কৰিলেই যেন সকলো স্তব্ধ হৈ পৰিব। কোনোবাই আকৌ দৌৰি দৌৰিয়ে জগত বিখ্যাত হয়। কাৰ্ল লুইৱিছ, ওচেইন

Read more

গোন্ধ – পাপৰি বৰ্মন

ৰাতিপুৱা উঠি প্ৰাতভ্ৰমণত গ’লো, আহি দেখোঁ মানুহজনীয়ে লেপ লেপকৈ চুলিৰ লগতে অনিশ্চাকৃতভাৱে কপালে কাণে কিবা কলা ৰং লগাই থৈছে। মই এতিয়া বুঢ়া হ’লো বুলিয়েই যে যিকোনো গোন্ধ শুঙি শুঙি ঘৰখনৰ বাৰাণ্ডাত বহি থাকিম তেনে নহয়। তাইলৈ মই পোন্দোৱাকৈ চালো। তাই চকু ডাঙৰ কৰি সুধিলে,- ” কি চাইছে হা? সংসাৰ কৰি কৰি চুলি পকালো।” “হু , মোৰতো দাঢ়িও পকিল”-মোচকোচাত হাত বুলাই চালো। উফ, ৰক্ষা!  পালো চাহকাপ খাবলৈ কিবাকৈ ভাগত। ন-বোৱাৰীয়ে আহি দি গ’ল। তাই অহাৰ পৰা এওঁ‌ গা-ধুই অহালৈ নৰখিলেও চাহকাপ

Read more

কুকাৰত কুকুৰা – জীমণি গগৈ

মাজতে বাবাদাহঁতৰ ঘৰটো। এইপাৰে “জোনাক লেডীজ ল’জ” আৰু সিপাৰে “দেৱদাৰু” নামৰ প্ৰাইভেট বয়জ হোষ্টেলটো। ইউনিভাৰ্চিটিৰ হোষ্টেলত সোমোৱাৰ আগতে ময়ো এই জোনাক ল’জতে জীৱনৰ বৰ্ণময় দুটামাহ কটাইছিলোঁ। মাজত মাত্ৰ এটা ঘৰৰ ব্যৱধানত ইউনিভাৰ্চিটিৰ বিশটামান ল’ৰাই ঠাহ্ খাই থকা এটা বয়জ হোষ্টেল আৰু এইপাৰে আমাৰ দহজনীয়া লেডীজ্ ল’জটো। সহজে অনুমেয় আমাৰ জোনাক ল’জৰ সন্ধিয়াবোৰ কি পৰ্যায়ৰ আলোচনা-বিলোচনাৰে প্ৰাণময় হৈ উঠিছিল।আমাৰ আলোচনাবোৰক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল আন এটা কথাই-সেইটো হৈছে- এই যে “বাবাদা”জন আছিল বৈদ্য হেণ্ডছম! কাজেই জোনাক লেডীজ্ ল’জৰ প্ৰতিজনী ছোৱালীয়ে

Read more

বিহুঘৰৰ চোৰ – মানস শইকীয়া

আমাৰ অঞ্চলটো চহৰৰ দাঁতিকাষৰীয়া হোৱাৰ বাবেই নেকি, আনবোৰ গাঁৱৰ দৰে সমুহীয়াকৈ ভেলাঘৰ বা বিহুঘৰ সাজি সকলোৱে একেলগে খোৱাৰ পৰম্পৰা নাই বুলিবই পাৰি৷ ভেলাঘৰ প্ৰায় সকলোৱেই সাজে যদিও মনে-মিলা দুই এঘৰে একেলগে উৰুকাৰ ভোজ খায়৷ ডেকাবোৰে পথাৰত ভেলাঘৰ সাজি বিহুৰ ভালেকেইদিন আগৰে পৰা ৰং ৰহইচ কৰে৷ সেয়েহে, চোৰ-তাৰিবোৰ বহু আগৰ পৰাই আৰম্ভ হয়৷ আমাৰ চুবাটোৰ ল’ৰাকিটাই আমাৰ লগৰ এজনৰ ঘৰৰ পিচফালে মেৰৰ লগতে লাগি থকা পথাৰত ভেলাঘৰ সাজোঁ৷ সিহঁতৰ ঘৰখনেও এইক্ষেত্ৰত আগভাগ লয়৷ দেউতাক জন বয়সীয়াল৷ আমাৰ দেউতাহঁতে দেদাইদেউ বুলি মাতে

Read more

এটা পিকনিকৰ কাহিনী – বন্দিতা গগৈ বৰা

দুই জানুৱাৰী 2018 স্কুলৰ নতুন বছৰৰ আজি প্ৰথম দিন। ল’ৰা-ছোৱালীৰ উপস্থিতি শূণ্য। শিক্ষক-শিক্ষয়িত্ৰীসকলে গছৰ তলত বা কমনৰুমত বহি কথা-বতৰাত অংশ লৈছে! পাৰ হৈ যোৱা বছৰটোৰ দুই এটা কথা পাতি সময়বোৰ কটাইছো, এই বছৰৰ শৈক্ষিক পৰিকল্পনাও কৰা হৈছে ! এনেতে, – “জয়ন্ত, এই জয়ন্ত , শুনাচোন!”” মাতষাৰ অহাৰ ফালে আমি ঘূৰি চালোঁ,   জয়ন্তয়ো সচকিত হৈ চালে। বাৰাণ্ডাত আমাৰ ঠিক পাছফালে থিয় হৈ বিদ্যালয়ৰ চিনিয়ৰমোষ্ট বাইদেউৱে জয়ন্তক মাতিছে । সি উপায়ন্তৰ হৈ বাইদেউৰ কাষ পালেগৈ,  বাইদেউৱে তাক মূৰৰ পৰা ভৰিলৈকে চালে…. “বাইদেউ

Read more
1 61 62 63 64 65 69