ফটাঢোল

হৰি হৰি-ঈশান জ্যোতি বৰা

হৰি এটা গভাইত চোৰ৷ আজিৰ পৰা মোটামুটি ত্ৰিশ বছৰৰ আগতেই চৌৰ্য-বৃত্তিলৈ তাৰ আগমন ঘটে৷ ক’বলৈ গ’লে ওঁঠ টিপিলে গাখীৰ ওলোৱাৰ দিনতেই তাৰ কেৰিয়াৰে পাতনি মেলিছিল৷ অৱশ্যে দুটা সন্তানৰ বাপেকী হৰি মাজতে দুবছৰমানৰ কাৰণে নাপাত্তা হৈছিল৷ মানুহে কোৱাকুই কৰিলে৷ বোলোঁ- “ক’লৈ গ’ল এই পাষণ্ডটো! চোৰক মোৰে পোৱা নাইতো!” পিচে, দুবছৰৰ পাছত হৰি আহি পুনৰ হাজিৰ৷ পুনৰাগমনৰ প্ৰথমটো উপস্থিতি সি প্ৰদৰ্শণ কৰিলে পঞ্চায়তৰ সভাপতিৰ ঘৰত সাতটাকৈ পানীৰ মটৰ চুৰ কৰি৷ সভাপতিয়ে আৰক্ষী থানালৈ যাবলৈ তৎপৰতা দেখুৱাইছিল, পিচে হ’লে কি হ’ব! আৰক্ষীয়ে যদি

Read more

দেহজ-নাজমা বেগম

: কেনেকৈ যে খাওঁ অ’ এইসোপা?  নাকত ধৰি মিথিগুটি তিওৱা পানীখিনি গিলাছত দেখি টিনাই ‘খাব লাগিব’ ‘খাব লাগিব’ বুলি নিজকে পতিয়ন নিয়াইছে। মুঠতে ক্ষীণাব‌ই তাই। এইবাৰ নেৰিছে আৰু! শকত ছোৱালীক ৰিজেক্ট কৰা, অতি ক্ষীণ ছোৱালীক ৰিজেক্ট কৰা মানুহসোপাও তাইৰ দৰে দুঠেঙীয়াহে কিন্তু পচন্দৰ তালিকাখন যে, উফ্! “বেছি বগা একেবাৰে চালানী মাছ,” “ইম্মান ক’লা, দিনতে আন্ধাৰ।” “ইহ, গোটেইজনী খুতুৰা শাকৰ তলত মেল মৰা টাইপৰ ইমানেই চাপৰ মানে,” “বাপৰে পাণ পৰা জখলা অ’ এইডাল। ইমান ওখ ছোৱালীৰ জোখত ল’ৰা ওলাবনে?” “ঔ আই,

Read more

শিক্ষা-উৎপলা শইকীয়া

“ধেই, পুৰুষ হ’লোঁ‌ বুলি কিমান ধৈৰ্য্য ধৰিম আৰু। নাই আৰু নহ’ব। কিবা এটা হেস্তনেস্ত কৰিব লাগিব। এনেকৈ সদায় সদায় ইম’চনেল ড্ৰামাৰ ওচৰত হাৰ মানি সৰু হৈ থাকিব নোৱাৰি। লগৰকেইটাৰ লগত আড্ডা অকণমান মাৰিবলৈ স্বাধীনতা বুলি এটা বস্তু লাগে। হাৰে, সপ্তাহত দুদিনহে সিহঁতৰ লগত সুখ দুখৰ কথা পাতি ডিঙিটো অকণমান তিয়াও। কোনোমতে এঘণ্টা বহিম, তাতো পোন্ধৰটা ফোনকল। ক’ৰ’ণাৰ সময়, নিজকে চেনিটাইজ কৰি ৰখাটো কিমান দৰকাৰী সেইয়া ৰুণুমীয়ে কি বুজিব।” কথাবোৰ মনৰ ভিতৰতে আগুলি-পাগুলি ৰঞ্জনে বাৰাণ্ডাখনত পাইচাৰি কৰি থাকিল। মৃদু পচোৱা এছাটিয়ে

Read more

সপোনৰ পম খেদি -মনীষা কাকতি    

সপোন নেদেখা এযুগেই হ’ল। কৰুণাৰ মনত নপৰে, শেষবাৰৰ বাবে সি কেতিয়া সপোন দেখিছিল। আগতে চিলমিল টোপনিতো সপোন আহিছিল। কি দিন, কি ৰাতি, দেহাটো কাতি কৰিলেই সপোনৰ নাচোন তাক্ ধিনা ধিন্। তাকো এলাপেচা নহয়, একদম ৰঙীন-ৰঙীন সপোন। সি চিনেমাৰ হিৰো, হিৰোইন কেটৰিনা নাইবা কৰীণাৰ লগত ডান্স – ‘চিকনী চামেলী’ অথবা ‘ফেভিক’ল চে’। উফ্! ভাবিলেই গাটো ৰিমঝিমাই যায়। আৰু এতিয়া.. ৰঙীন বাদ, সপোনৰ নামত ক’লা-বগা কিবা এটাও দেখা হ’লে! তাতে আকৌ ভূতৰ ওপৰত দানহ পৰাদি ওলাল ক’ৰ’না। ক’ৰ’না! নাম নাপালে আৰু ভাইৰাছৰ।

Read more

ৰিয়েলিটি শ্ব’-ৰক্তাভ কুমাৰ

“সাৰ পাম মই  পুৱতি নিশাতে নিয়ঁৰ যেতিয়া সৰে, বাটৰ শুকান ধূলিত সেমেকা যিটো প্ৰহৰে কৰে.. আই মোক জগাবি, আই মোক জগাবি….” : বেলি দুপৰ হ’ল! জীৱ-জন্তুবোৰৰো এসাঁজ খাই হজম হ’ল, আন সাঁজৰ যোগাৰত লাগিছেই আৰু আমাৰ মহাৰাজ এতিয়ালৈ লাং খাই পৰি আছে। ঐ উঠিবিনে তই, নে চাৰিটা মতাই আনি বিছনাৰ সৈতে চোতালত উলিয়াম? : ধেই মা! তয়ো যে আৰু! বিচাৰকসকলে মোৰ গান শুনি আবেগিক হৈ হাততালি মাৰিবলৈ লওঁতেই তই মাতি দিলি! পি পি দাসে তামোল চোবাই থাকিয়েই কান্দি দিছিল জান!

Read more

হীৰাৰ ৰথখন-দীক্ষিতা বৰা

অশেষ অপেক্ষাৰ অন্তত অৱশেষত বে’লটো বাজিল, টিফিন ব্ৰেকৰ বে’ল। ‘শব্দব্ৰহ্ম’ বুলি এনেই নকয়, এই বে’লটোৱেই উদাহৰণ। বতাহত অক্সিজেনৰ মাত্ৰা বঢ়াই দিব পৰাৰ দৰে শক্তি থাকে তাৰ। সেই বে’লটোৱে শ্ৰেণীকোঠাত বঢ়াই তোলা অতিমাত্ৰা ‘অক্সিজেন’ৰ হুলস্থূলত কিতাপ কলম আদি সামৰি শিক্ষয়িত্ৰীগৰাকী ওলাই গ’ল। শ্ৰেণীকোঠাটো ইতিমধ্যেই ‘মাছৰ বজাৰ’ হৈ পৰিছিল। গৰম বন্ধ খোলাৰ পাছত শ্ৰেণীবোৰ আৰম্ভ হৈছে সেইদিনা। ক’বলৈ যে সকলোৰে কিমান কথা গোট খাই আছে! লৰালৰিকৈ হাত ধুই আহি ভাগে ভাগে  টিফিন উলিয়াই বহি ল’লোঁ আমি কেইজনী।  : কি আনিছ তই? মোৰ

Read more

মোহ-অমৃত সন্দিকৈ

অ’ত ত’ত দুটি এটি তৰা সিঁচৰতি হৈ আছে৷ চকলা চকলা মেঘবোৰো আন্ধাৰ বৰণ এটা সানি যেনি-তেনি উপঙি ফুৰিছে৷ তাৰ মাজতে নীলাবোৰে খালী ঠাইবোৰ সামৰি ৰাখিছে৷ জোনটো ক’ত? ডাৱৰ এচলাৰ আঁৰৰ পৰা নিজৰ চেহেৰাটো দেখুৱাবলৈ চেষ্টা কৰি আছে আকাশৰ একোণত ৰৈ৷ জোন তৰা ডাৱৰৰ বিশালতাৰ তলত ৰৈ এনে লাগিছে যেন ডাঙৰ কাঁহৰ বাতি এটাই ঢাকোন দিহে থৈছে তলৰ এই জগতখন৷ চাই থাকিলে মনটোৱে বেলেগ বেলেগ ৰহস্য কিছুমান ভাৱি উলিয়ায়৷ যেনেকৈ আকাশখন বিশাল, মনৰ ভাৱবোৰো বিশাল হৈ গৈ থাকে৷ অকলে অকলে মুকলি

Read more

আচল-নকল-কৰৱী দেৱী

শীত মাহ। প্ৰচণ্ড ঠাণ্ডা। নগেনে জুইত হাত-ভৰি সেকিও তৎ পোৱা নাই। একেবাৰে হাড়লৈকে কঁপাবলৈ ধৰে। অৱশেষত গাটো গৰম কৰাৰ উদ্দেশ্যে ৰাওনা হ’ল সি চুলাই ঘাটিলৈ। পিচে উভতি আহোঁ‌তেহে লাগিল হাঁহাকাৰ। মদৰ নিচাত  ঠিকনাবিহীন পথিকৰ দৰে অৱস্থা নগেনৰ। কেনি গৈছে, ক’ত সুমাইছে একোৱেই তলকিব পৰা নাই বেচেৰাই। অৱশেষত জংঘলীয়া লুঙলুঙীয়া পথটোৰে সি ঢলং-পলং খোজেৰে গৈ থাকে, গৈ থাকে, গৈয়েই থাকে। কোমল দলিচা যেন লগা ঘাঁহ-বনবোৰতে গাটো এৰি দিয়ে সি আৰু নাক বজাবলৈ ধৰে। ৰাতিপুৱা সাৰ পাই দেখে নগেনে, চকৰী ফেঁটী এডালে

Read more

ঠেলাৰ নাম বাবাজী-ড° লক্ষ্যজ্যোতি বৰঠাকুৰ

নিস্তব্ধ, নিতাল, ক’তো কোনো হাই-উৰুমি নাই। দূৰৰ কৰবাৰ পৰা ৰৈ ৰৈ ভাঁহি আহিছে এটা জিলীৰ মাত। পূৰ্ণিমা নহয় যদিও শুক্লপক্ষৰ শশধৰে উদাৰচিত্তে পোহৰ বিলাইছে। একেবাৰে ফৰিংফুটা নহ’লেও জোনাক। ইটানগৰ আৰু লক্ষীমপুৰৰ পৰা অহা নাইট চুপাৰবোৰে ইতিমধ্যে এইখিনি জেগা অতিক্ৰম কৰিছে, গুৱাহাটীৰ ফালৰবোৰ শেষৰাতি বা দোকমোকালি সময়তহে পাইহি। সেয়ে এতিয়া ৰাজপথো প্ৰায় শূন্য। ভাগৰুৱা দিন এটাৰ শেষত মানুহবোৰে নিদ্ৰা দেৱীৰ কোলাত আশ্ৰয় লৈছে। এনে এক নিৰ্জন পৰিবেশৰ বুকু বিদিৰ্ণ কৰি হঠাৎ এক ভয়াৰ্ত চিঞৰ ভাঁহি আহিল, “আয়ৌ খালে অ’, মৰিলোঁ অ’।

Read more

ইঞ্চুৰেন্স-অভিজিত কলিতা

নম্বৰটো অচিনাকি যদিও তাৰ ৰেহৰূপৰ পৰা গম পোৱা যায়, কোনোবা কল চেণ্টাৰৰ নাম্বাৰেই হ’ব। অফিচ বন্ধ, দেৰিলৈকে শুম বুলি আগদিনাৰ পৰাই আয়োজন কৰা হৈছিল যদিও, সাত বজাত যি সাৰ পালোঁ, আৰু টোপনি নহা হ’ল। ভোক লাগিল- গতিকে শুই উঠাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰি দিব লগা হ’ল। আৰু চাৰে দহ বজাত সমগ্ৰ প্ৰক্ৰিয়াটো সমাপ্ত কৰি আকৌ বিছনাতে হেলান দি পৰি ভাৱি আছিলোঁ- এতিয়া কি কৰা যায়? তেনেতে আহিল ফোনটো। সাধাৰণতে এনেকুৱা ফোন পোনেই ৰিজেক্ট কৰোঁ, কিন্তু আজি কি ভাৱি জানো, সেউজীয়া বুটামটো

Read more
1 11 12 13 14 15 78