ফটাঢোল

দেওলগা মুখ – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

: বস্তুৰ দাম বহুত বাঢ়িল ঐ মহাজন, আগতে এক সেৰ তেলৰ দাম দহ টকা আছিল। : হা হুমুনিয়াহ নকঢ়াকৈ ক ঐ কথাবোৰ, তোৰ হুমুনিয়াহটো বৰ বেয়াকৈ লাগে মানুহৰ গাত। : মিছা কৈছোঁ নেকি কিবা মই? দহ টকা লিটাৰৰ মিঠাতেল এশটকা হ’লে গাত লাগিবই দেচোন সকলোৰে।: সকলোৰে গাত লগা আৰু তোৰ গাত লগাৰ মাজত পাৰ্থক্য আছে ঐ হিৰেণ কাইটি। বেলেগৰ গাত লাগিলে মিঠাতেলৰ দাম কমে নে নকমে মই এতিয়ালৈকে দেখা পোৱা নাই বাৰু, কিন্তু তোৰ মুখত হুমুনিয়াহ ওলালে মোৰ গাত লাগে

Read more

ওফৰা জেং – জ্যোতিৰূপা কোঁৱৰ খাটনিয়াৰ

এই মাহত এদিনত গড়ে কিমান টকা খৰচ কৰিব পাৰিম – এটা সপ্তাহত কেইদিন মাছ বা মাংস খাম, সেই পাৰিবাৰিক বাজেটখন প্ৰস্তুত কৰিবলৈ মন মগজু সাজু কৰি ল’লোঁ৷ ঠিক সেইখিনি সময়তে আতংকিত হৈ পগলা কুকুৰে খেদা মানুহৰ দৰে কোঠালৈ লৰি আহিল মোক লৈ সকলো সময়তে অতৃপ্ত মোৰ পত্নী তৃপ্তি৷ উৎকণ্ঠাৰে তাইৰ মুখলৈ চাই থাকিলোঁ৷ তৃপ্তি দৌৰি আহিছে যেতিয়া আতংকবাদী হ’বই নোৱাৰে, কাৰণ পইতাচোঁৰা, বেং বা জোকলৈ ভয় নোহোৱা তৃপ্তিয়ে আতংকবাদীৰ ভূতলৈও ভয় নকৰে – পুলিচৰ জীয়েক তাই৷ “নিশান্তদা আহিছে” – সিন্ধি

Read more

ধনখুড়াৰ স্বপ্নৌষধ – মনোজ নেওগ

: ঐ, তোৰ বাৰু ভাল বিশ্বাসী পেটুৱা মানুহৰ লগত চিনাকি আছে নেকি? ধনখুড়াৰ কথাটোত দাঁত কৰালি থকা অৱস্থাত হনুৰ কব্জা দুখন লাগি ধৰা ধৰণে মুখখন বিশেষ ভংগীমাৰে ৰৈ গ’ল মোৰ। পিছৰ পাকত মুখখন “ওমম-নিয়ময়ময়ম-ম-ম” কৰাৰ দৰে কৰি চিন্তা কৰিলোঁ, “এখেতে কি বা অথন্তৰখন কৰিবলৈ ওলাইছে!” ধনখুড়াই আগ্ৰহেৰে মোৰফালে চাই আছে। মই সুধিলোঁ, : পেটুৱা মানুহ কিয় লাগে খুড়া? নিজৰ বহা চকীখনত হাউলি বহি লৈ ধনখুড়াই তালুখন খজুৱাই ল’লে। ইয়াৰ পিছতেই কথাৰ মধুনাটো বাজ হ’ল। ধন খুড়াই হেনো সপোনত দৰব এটা

Read more

ব্যতিক্ৰম – অসীমা দত্ত শইকীয়া

বিয়া ঘৰখনত সোমোৱাৰ পিছত হাজৰিকানীক মানুহটোৱে মিলত ধানে পতানক এৰাৰ দৰে এৰিলে। ধনী মানুহৰ ঘৰৰ বিয়া, দৰাজন গিৰিয়েকৰফালৰ দূৰ সম্পৰ্কীয়, হাজৰিকানীয়ে বহুদিন আগতে এবাৰমান লগ পোৱা মনত পৰে। ইফালে সিফালে চাই বিয়াঘৰত নিজৰ চিনাকি মুখ এখনো নেদেখি হাজৰিকানীয়ে আমন জিমনকৈ অকলে বহি থাকিবলগীয়া হৈছে। আজিকালি বিয়াবোৰ আৰু থিয়েটাৰৰ মাজত একো পাৰ্থক্য নাই। থিয়েটাৰত যেনিবা খাবলৈ নিদিয়ে, কথা সিমানেই। কি দৰা, কি কইনা, অতিথিৰ মুখলৈ চাবলৈ কাৰো সময় নাথাকে, কাৰণ ফটো গ্ৰাফাৰৰ নিৰ্দেশ অনুযায়ী হঁহাৰপৰা গা-মূৰৰ অৱস্থান সলনি কৰালৈকে সকলো ভীষণ

Read more

ক্ৰচ কানেকচন – হেমন্ত কাকতি

Rdআমাৰ বিয়াৰ পিছতে চাকৰি সূত্ৰে মুম্বাইত থাকিবলৈ লৈছিলোঁ৷ দৰ্মহা তেনেই কম যদিও বলিউদ, আণ্ডাৰৱৰ্লড আৰু ব্যৱসায় বাণিজ্যৰ প্ৰাণকেন্দ্ৰ স্বৰূপ মায়ালগা মুম্বাই চহৰখনে মোক কিবা এটা আকৰ্ষণেৰে বান্ধি ৰাখিছিল৷ ওখ ওখ অট্টালিকাত থকা মানুহবোৰৰ দৰে ময়ো ধনী হোৱাৰ সপোন দেখিছিলোঁ৷ কিন্তু হঠাৎ দেউতাৰ আকস্মিক মৃত্যুত প্ৰায় এমাহমানৰ বাবে অসমৰ গাঁৱৰ ঘৰলৈ ঘূৰি গ’লোঁ৷ অকলশৰীয়া মাক সংগ দিবলৈ ছুটি কিছুদিন বেছিয়েই ল’ব লগা হোৱাত ব্যক্তিগত খণ্ডৰ চাকৰিৰপৰা অব্যাহতি ল’ব লগা হ’ল৷ দেউতাৰ শেষকৃত্য সমাপন হোৱাৰ কিছুদিন পিছতেই মই জীৱিকাৰ খাতিৰত মুম্বাই গুচি

Read more

যদু-মধু পুৰাণ-নীলাঞ্জনা মহন্ত

: কি হ’ল? : নাই, মনটো বেয়া৷ : মনত পৰিছে নেকি তাইলৈ? : নাই নাই৷ : লাগে যদি তাইকো লৈ অনাৰ ব্যৱস্থা কৰোঁ? : নালাগে প্ৰভূ৷ থাকক শান্তিৰে তাই৷ : মন গ’লে অলপ জোকাই আহিব পাৰি কিন্তু৷ : কিন্তু অমাৱশ্যালৈ চোন কেবাদিনো আছে! : মন আছে যদি ক’বি ছাৰক কৈ পাৰমিট আনি দিম যেতিয়াই তেতিয়াই পাক মাৰিব পাৰি৷ : বাৰু ক’ম৷              *** যদু আৰু মধু সৰুৰে পৰা নলে-গলে লগা বন্ধু৷ ইটোয়ে সিটোৰ দুখ সহিব

Read more

মন হীৰা দৈ, চাইকেল নহয় কেৰিয়াৰ-অমৃত সন্দিকৈ

পুহ সোমাবলৈ দুটামান দিন বাকী৷ মৰচেঁচা নিশা৷ ঘিটমিটীয়া আন্ধাৰ, তাতে ডাঠ কুঁৱলী৷ ফুটগধূলিতে মানুহবোৰ শুলে হ’বলা৷ নিসাৰ-সাৰ পৰিবেশ৷ তাৰ মাজতে মাঘী দাইটি আৰু ভদীয়া দাইটি শিলগুটি দিয়া ৰাস্তাটোৰে কুজুক-কুজুককৈ ঘৰৰফালে বাট বুলিছে৷ সিপাৰৰ গাঁও এখনত সকাম এটা ভাঙি আহিছে দুয়ো৷ ঠাণ্ডাখনতো অতদূৰ খোজ কাঢ়ি গৈ সকাম ভাঙিব লগীয়া হৈছে৷ ভকতৰ অভাৱ৷ এনেয়ে যিকোনো সকামৰ বাবে ভকতৰ অভাৱ নাই৷ কিন্তু এইভাগি সকামতহে ভকত পাবলৈ আহুকাল৷ সেইবাবে ওচৰ-পাঁজৰৰ কেইবাখনো গাঁৱত এনে সকাম ওলালে এইদুজনা ভকত নগ’লেই নহয়৷ কেনেকৈ বা হয় ,  দুয়োজনা

Read more

জলাতংক-বৰ্ণালী ফুকন

হেমন্ত গগৈক গলিটোত সৱেই চিনি পায়। মানুহজন এনেই ভালেই, নিজৰ দুনীয়াত ব্যস্ত, আনৰ কামতো হকাবধা নকৰে, নিজৰ কামতো আনে হস্তক্ষেপ কৰাটো ভাল নাপায়। মানুহজনৰ জ্যোতিষ শাস্ত্ৰৰ ওপৰত অগাধ বিশ্বাস, প্ৰতিটো কাম কৰাৰ আগতে শাস্ত্ৰীজীৰ ওচৰলৈ গৈ প্ৰয়োজনীয় বিধান লৈ আহিহে কামত হাত দিয়ে। নামৰূপ ফাৰ্টিলাইজাৰত কৰ্মৰত মানুহজনৰ কাণ্ড কাৰখানাবোৰ দেখি সহকৰ্মীসকলেও মাজে মাজে দুই এটা কথা শুনাই, পিচে সেইবোৰলৈ গগৈয়ে কাণসাৰ নকৰে। তেওঁৰ মতে জ্যোতিষ শাস্ত্ৰ অধ্যয়ন ভাৰতবৰ্ষৰ পৰম্পৰা, পূৰ্বৰেপৰা প্ৰচলিত এই জ্যোতিষ চৰ্চাক বিভিন্নজনে অন্ধবিশ্বাস বুলি উপলুঙা কৰিব পাৰে,

Read more

ননভেজ – ৰঞ্জিত কুমাৰ শৰ্মা

নিৰঞ্জন চক্ৰৱৰ্তী অসমৰ ধুবুৰীৰপৰা নেপাললৈ আহিছে চকুৰ চিকিৎসা কৰোৱাবলৈ৷ নেপালৰ কাকাৰভিটাত এটা ল’জত তেওঁ আশ্ৰয় লৈছে৷ আজি পুৱা ল’জতে গাটো ধুই-পখালি চক্ৰৱৰ্তীয়ে মন্দিৰ বিচাৰি বাহিৰলৈ ওলাই আহিল৷ চক্ৰৱৰ্তী বৰ সাত্ত্বিক লোক৷ নিতৌ প্ৰাতঃকৰ্ম কৰাৰ পিছত গাটো তিয়াই উঠি ঘৰৰ গোসাঁইগৃহত সোমাই পূজা-অৰ্চনা কৰিহে তেওঁ খাদ্য গ্ৰহণ কৰে৷ কপালত ফোঁট এটা তেওঁৰ থাকেই৷ ঘৰৰ বাহিৰত হোটেল আদিত ভাত-ৰুটি আদি খালেও চক্ৰৱৰ্তীদেৱ নিৰামিষভোজী, মাছ-মাংস নাখায়৷ নেপাললৈ অহাৰ বাবে যোৱা দুদিন তেওঁ কোনো মন্দিৰত সেৱা কৰিব পৰা নাই৷ সেয়ে আজি গা ধোৱাৰ পিছত

Read more

হম কিচিছে কম নেহী – পূৰবী শইকীয়া

অফিচৰপৰা আহি পোৱাৰ লগে লগে দেউতাৰ কামিজৰ জেপটোলৈ চাওঁ। জেপত যদি এনভেলপ এটা দেখোঁঁ, বুজি পাওঁ, নিশ্চয় ককাৰ চিঠি আহিছে। দেউতালৈ দিয়া চিঠিখনৰ লগতে ককাই সৰু সৰু দুখন চিঠি লিখে, এখন মোৰ আৰু আনখন ভণ্টিৰ বাবে। চিঠিখনলৈ হেঁপাহেৰে বাট চাই থাকোঁ। দেউতাই চিঠিখন উলিয়াই দিয়াৰ লগে লগে পদূলি মূৰৰ খেজুৰ গছজোপাৰ তললৈ দৌৰ মাৰোঁ। ভণ্টিয়ে পিচে পঢ়িব নোৱাৰে, মায়ে পঢ়ি দিব লাগে। স্কুলৰ বন্ধ এমাহ। গৰমৰ বন্ধত ককাই আমাক গাঁৱৰ ঘৰলৈ মাতে। চিঠিখন অহাৰ আগৰেপৰা এইবাৰ গাঁৱলৈ গৈ কি কৰিম

Read more
1 18 19 20 21 22 78