এডাল টাই-মৌচুমী গগৈ
সাক্ষাৎকাৰটো শেষ হোৱাৰ লগে লগে মই মিষ্টাৰ বৰুৱাৰ হাতত থকা কাগজখনলৈ চকু ফুৰালোঁ৷ যিজন ল’ৰাই ইণ্টাৰভিউত আটাইতকৈ ভাল কৰিছে, সেইজন ল’ৰাক বৰুৱায়ো মোৰ দৰেই বেছি নম্বৰ দিছেনে নাই তাকেই চাব খুজিছিলোঁ কিন্তু মোৰ নিজৰেই বিশ্বাস হোৱা নাছিল যেতিয়া মই বৰুৱাক সেই যোগ্য ল’ৰাজনক আটাইতকৈ কম নম্বৰ দিয়া দেখিলোঁ। মোৰ মনৰ ভিতৰত আৰম্ভ হোৱা জিজ্ঞাসাক অধিক কষ্ট দিবলৈ ইচ্ছা নকৰি বৰুৱাক সেই ল’ৰাজনক কিয় ইমান কম নম্বৰ দিলে সুধি পেলালোঁঁ৷ বৰুৱাই কোনো প্ৰতিক্ৰিয়া নেদেখুৱাকৈ ল’ৰাজনক চিলেক্ট নকৰিলোঁ বুলি উত্তৰ দিলে৷ :
Read more