ফটাঢোল

ঢৌ- বৰ্ণালী বৰা 

যোৱা একসপ্তাহে পৰি থকা নেৰানেপেৰা পেনপেনীয়া বৰষুণজাকলৈ তাইৰ বৰ ঠেহ লাগিছিল৷ বাৰে বাৰে বাহিৰলৈ ওলাই গৈ আকাশখনলৈ চায়৷ ভিতৰৰ চালিখনৰ পৰা টোপটোপকৈ পৰি থকা বৰষুণৰ টোপালকেইটাই যদিও উমান দিছে বতৰ ভাল হোৱাৰ নামেই নোলোৱাৰ, তথাপি জানোচা তাইৰ ভোকৰ জ্বালাত উকমুকাই থকা মুখখন দেখি মেঘদেৱতা কিজানি ক্ষান্ত হৈয়েইবা, তাকে ভাবি তাই বাৰে চোতাললৈ গৈছে৷ গাঁওখনৰ একেবাৰে মূৰলৈ সোণাই পাৰৰ এটা অকলশৰীয়া ঘৰ৷ আচলতে ঘৰ বুলিলে ভুলহে হ’ব৷ চাৰিফালে চাৰিখন বাঁহৰ বেৰ দি ওপৰত চালি এখন দি যেনেতেনে সোমাই থকাকৈ তাইৰ পঁজাটো৷

Read more

গ্ৰহৰত্নৰ গুণ- বকুলী বৈশ্য

বিখ্যাত জোতিষী মনোৰঞ্জন ভৰদ্বাজৰ ব্যক্তিগত টিভি চেনেলত কাম কৰা একমাত্ৰ কন্যা ময়ুৰাক্ষী ওৰফে মমীৰ বিয়াখন হঠাতে ঠিক কৰা হ’ল পি ডব্লিউ ডি বিভাগৰ ইঞ্জিনীয়াৰ প্ৰতুল বৰাৰ লগত। টিভিৰ পৰ্দাত দেখি প্ৰতুলে তাইক পছন্দ কৰিছে। মমীৰ ভীষণ আপত্তি। তাইৰ এতিয়াই বিয়া হ’বলৈ মন নাই। মাক দেউতাকে পাৰ্যমানে বুজাইছে যদিও তাই সন্মত হোৱা নাই। মাকৰ মনত ভয়। জানোচা তাই কাৰোবাক কথা দি থৈছে! মনোৰঞ্জন ভৰদ্বাজে জীয়েকৰ মনৰ পৰিৱৰ্তন হওক বুলি এটা অতি উত্তম আৰু মহামূল্যৱান গ্ৰহৰত্নৰ আঙুঠি আনি তাইৰ সোঁহাতৰ অনামিকা আঙুলিত

Read more

কথোপকথন- দিগন্ত কুমাৰ ভট্টাচাৰ্য

: “ঐ চা, সনা কাই আহি আছে” বুলি মিনতিয়ে যেতিয়া কিলাকুটিত হেঁচুকিছিলে, আসঃ মনটোত বৰ ভূঁইকপৰ জোকাৰণি..মূৰটো আৰু ওপৰ কৰিবলৈ সাহস নহ’ল, বুজিছ নে? বহি বহিয়েই  মেখেলাখন টানি টানি কলাফুল দুটা ঢাকিবলৈ চেষ্টা কৰিলোঁ। ভূই ৰুই আহি বহিছিলোঁহে। টেকেলি পিঠা হাততে গুৰি হ’ল। চকুৰ আগত দুবৰি, ঘাঁহ-বন। বনৰ মাজত বৰ পৰুৱাই দৌৰিছে।….এটা সময়ত চাৰিখন ভৰি আহি ওচৰ পালে। দুখন ভৰি পিছুৱাই গ’ল। ওচৰত ৰোৱা ভৰি দুখনৰ আঙুলিৰ ফাঁকেৰে বোকা মাটি ওলাইছে। ভৰিতো বোকামাটিৰ দাগ। শুকাইছে : তাৰ পাছত? : তাৰ

Read more

জোনৰ নামত নাখাবা শপত- মৃদুল নাথ

“অ হুজুৰ” মবাইলটোৰ বিকট  চিঞৰত অবিনাশৰ সুখ নিন্দ্ৰাৰ অৱসান ঘটিল। কন্ঠৰ সলনি নাসিকাৰ উৎকৃষ্ট ব্যৱহাৰ হোৱা এই গানটোৰ হুজুৰক বিচাৰি কৰা আৱেদন মূলক শব্দ দুটা অবিনাশে মবাইলটোত এলাৰ্ম ক্ল’কৰ ৰিং ট’ন হিচাপে ব্যৱহাৰ কৰিছে। সৰুৰে পৰা অবিনাশ টোপনি গধুৰ, বিচনাত পৰিলেই নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰে। টোপনি নহা বেমাৰত ভোগা মানুহৰ কথা শুনিলে সেই মানুহবোৰক অবিনাশৰ ধৰাৰ বুকুত অষ্টম আশ্বৰ্য যেনহে লাগে। ৰাতি এঘাৰটা মান বজাৰ পিছতে পঢ়া টেবুলত বহি বৰশি বোৱাটো অবিনাশৰ সৰুকালৰে অভ্যাস।সেয়ে ৰাতিপুৱা অলপ সোনকালে উঠিয়ে পঢ়ে। পিছে,

Read more

সহযাত্ৰী- অসীমা শইকীয়া দত্ত

খুৰী, অ’ খুৰী… জোনালীৰ চিঞৰত মই য’ৰে কাম ত’তে এৰি আগফাল পালোহি। সিহঁতৰ দেউতাকে হেনো বাইক এখন কিনিলে। ছোৱালী চাৰিজনীৰ পিছত ভাইটিটো হ’ল সেয়ে ফুৰ্তিতে দেউতাকে বাইক এখন কিনিলে। জোনালীৰ উৎসাহ ভৰা কথাত চাই পঠিয়ালো সিহঁতৰ চোতাললৈ। মদ খাই চকুৰ বাদু ওলমা দেউতাকে কিক মাৰি দুচকীয়া দিজাইনৰ কিবা এখন ষ্টাৰ্ট কৰি আছে। মাকেও তিনিমহীয়া কেঁচুৱাটো জোনালীৰ পিছৰজনীৰ হাতত দি সেইখনৰ পিছত উঠিবলৈ মেট্ৰিকৰ ৰিজাল্টলৈ বাট চোৱাদি ষ্টাৰ্ট হোৱালৈ বাট চাই আছে। বহুত চেষ্টাৰ মূৰত বাহনখন যেনিবা ষ্টাৰ্ট হ’ল। ঠিক যেন

Read more

আই এম্‌ ইন্‌ লাভ্‌  জীমণি গগৈ

চশমাখন পিন্ধি মোবাইল ডাটা অন কৰি ফেইচবুকটো খুলিবলৈ লওঁতেই ফোনটো বাজিল। কৌশিকৰ ফোন। মনটো ভাল লাগি গ’ল দেখি। : হেল্ল’ ডিয়েৰ! কি খবৰ? এইফালৰ পৰা মই ক’লোঁ। : ৱাঃ! বেলেগ ফূৰ্তিত আছা দেখোন হে!  কথা কি? কিবা ভাল খবৰ আছে নেকি? সিফালৰ পৰা কৌশিকৰ পৰিচিত গহীন  মাত ভাঁহি আহিল। : হেঁ! তুমি কেনেকৈ জানিলা মোৰ ভাল খবৰ আছে বুলি? মই আচৰিত হ’লোঁ কৌশিকে কেনেকৈ জানিলে কথাটো! মইতো এতিয়ালৈকে কাকো কোৱা নাই! : আৰে ! মই ক’ত জানো বুলি ক’লোঁনো? তোমাৰ

Read more

জয় ক’ৰোনা মাই কি জয়- দীপাঙ্কৰ মল্ল বৰুৱা

ৰমাকান্তই চাহৰ দোকানৰপৰা সোনকালে ঘৰলৈ উভতি আহি পিৰালিতে আমন জিমনকৈ বহি থাকিল। ওপৰলৈ চাই কৰযোৰে সি সেৱা জনালে, “হে প্ৰভু, জীৱটো বচাই ৰাখিবা আৰু”। ঘৈণীয়েক মালতীয়ে তাক আমন জিমনকৈ বহি থকা দেখি ওচৰলৈ আহি ক’লে, “এনেদৰে ভৰি হাত নোধোৱাকৈ বহি আছে যে, কিনো হ’ল?” “বুইছনে, ক’ৰোনা আহি আছে। আমি সকলোৱে দুৱাৰ মাৰি ভিতৰত সোমাই থাকিব লাগিব বুজিছ।” – ৰমাকান্তই ভয়ে ভয়ে ক’লে। “কোন ক’ৰোনা? আমাৰ ঘৰলৈ কিয় আহিব? আলহী খাবলৈ আহিব নেকি?” – মালতীয়ে আগ্ৰহেৰে সুধিলে। “মই আমাৰ চাহ দোকানত

Read more

পাচৱৰ্ড- মৌচুমী গগৈ

আজি এমাহ ধৰি লকডাউনৰ ফলত বন্ধ হৈ থকা কলিংবেলটো হঠাতে বাজি উঠাত মিমি আচৰিত হৈ পৰিল৷ অফিচৰ কাম কৰি থকাৰ পৰাই তাই লেপটপটো টেবুলত থৈ দৌৰি ওলাই আহিল৷ কলিং বেলৰ শব্দও যে কেতিয়াবা ইমান মধুৰ হ’ব পাৰে, তাই ভবাই নাছিলে৷ দুৱাৰ খুলিয়েই তাই এজন যুৱক ৰৈ থকা দেখিলে৷ যুৱক : হাই, মই জিত। মিমি: হেল্লো। যুৱক: ছৰী টু ডিষ্টাৰ্ব ইউ। মোৰ ৱাই-ফাইটোৰ কিবা এটা প্ৰব্লেম হৈছে। কাম কৰা নাই৷ যদি বেয়া নোপোৱা, তোমাৰ ৱাই-ফাইৰ পাচৱৰ্ডটো দিবা নেকি৷ মাত্ৰ এঘণ্টাৰ কাৰণে৷

Read more

এটা কলা মেকুৰী- ডাঃ চৈয়দা চেমিন ইছলাম

পৰীক্ষা বুলি এক ধ‍্যানে গৰুৰ বিষয়ে ৰচনা খন লিখি মুখস্থ কৰি আছিল ৰাখীয়ে। বহা চকী খনৰ বাউসীটোতে মূৰটো থৈ দুচকু মুদি চিঞৰি চিঞৰি মুখস্থ মাতি থাকিল তাই। দুচকু খুলি হে উচপ খাই উঠিল – উৱা, সিহঁতৰ গাভিনী গাইজনী দেখোন তাইৰ টেবুলৰ কাষত! হাঁহি উঠি গ’ল তাইৰ। গৰুৰ ৰচনাখন ডাঙৰ ডাঙৰ কৈ পঢ়ি থকা কাৰণেই তাই আহি এইখিনি পালেহি চাগৈ। – “হেই এইজনী! কেলেই আহিছ ইয়াত? মই গৰুৰ ৰচনা পঢ়া শুনি তোৰ কথা কৈ থকা বুলি ভাবিলি হ’ব পায়? যা, যা।

Read more

মাজনী- নাজিফ হাজৰিকা 

১৯৯৩ চন। “ভেঁ………..ভেঁএ……..ভেঁ” মোৰ ছোৱালীজনীয়ে কান্দিছে৷ “আমাৰ মাইনা এতিয়া বিস্কুট খাব দেই ……কুটু কুটু কুটু ….লু লু লু লু…..” বুলি কৈ লাহেকৈ মোৰ ডেৰ বছৰীয়া ছোৱালীজনীক পাকঘৰৰ টুল এখনত বহুৱাই দিলোঁ। আলমাৰিটো খুলি মেৰীগ’ল্ড বিস্কুট এখন তাইৰ হাতত তুলি দিলোঁ৷ নাই! তাইৰ কান্দোন নক’মে হে নক’মে৷ কোলাত লৈছোঁ, টুলত বহুৱাইছোঁ, নিচুকাইছোঁ …..পিচে নাই!তাইৰ কান্দোন কমক চাৰি বাঢ়িছেহে৷ তেনেতে হঠাৎ কাৰেণ্ট গ’ল। চলি থকা ফেনখনো বন্ধ হৈ পৰিল। ময়ো বিচনীখনেৰে তাইক বিচিবলৈ আৰম্ভ কৰি দিলোঁ। কান্দি কান্দিয়েই তাই বিচনীখন থাপ মাৰি

Read more
1 28 29 30 31 32 78