ফটাঢোল

এদিন হঠাৎ – লোনা বৰা

সি ভালকৈ চালে আইনাখনত৷ তাৰ আঁঠুলৈকে পৰা দীঘল চুলি কোচা৷ ৰাতিপুৱাই চেম্পো কৰি, দিনটো ফণী লগাবলৈ সময় পোৱা নাই৷ গোটেইবোৰ ঘৰত থকা দিনা তাৰ কাম বেছিহে ওলাই৷ আজৰি হওঁতেই আবেলি হয়৷ এতিয়াহে জট সোপা ভাঙি, খোপাটো বান্ধিবলৈ লৈছে৷ : ইছ ৰাম, গুৰিতে কাটিহে দিবলৈ মন যায় এনে সময়খিনিত৷ কম সময় লাগে নে এইখিনি চিজিল লগাবলৈ! এনেতে বাহিৰৰ পৰা মাতষাৰ শুনা গ’ল, : তোমাৰ হৈছে গৈ নে সাজু হৈ? : উফ, কৰবালৈ যোৱাৰ আগত সদায় একে প্ৰশ্ন, “হৈছে, হৈছে…?” হুঃ, চিঞৰিলেই

Read more

ৰাংকুকুৰ – অমিতাভ মহন্ত

‘দাদা এইবাৰ আপোনাৰ এটা লেখা লাগিব কিন্তু, আমাৰ মেগাজিনৰ বাবে৷’ ট্ৰেইন লেইট আছিল৷ ৰাতি দহ বজাত ট্ৰেইনখন ষ্টেচনত সোমাল, অমিতাভেও খকমককৈ সাৰ পালে৷ চিটটোত বহিয়েই হাত ভৰি অলপ পোনাই ল’লে৷ অন্ধকাৰ ষ্টেচনটোৰ ফালে এবাৰ আকৌ চালে অমিতাভে৷ যদি এতিয়াই ইয়াতে এটা বিৰাট বম্ব ব্লাষ্ট হয়, কেনে লাগিব বাৰু! বিৰাট মানে ধৰক এবাৰতে দুটা প্লেটফৰ্ম নিশ্চিহ্ন হৈ যোৱাকৈ৷ কেৱল যিটো প্লেটফৰ্মত ট্ৰেইনখন আহি ৰৈছে, সেইখন কোনোমতে ৰক্ষা পৰিব৷ গোটেইখন ৰক্ষা নপৰিলেও কথা নাই, চাৰি-পাঁচটা ডবা ৰক্ষা পৰিলেও যথেষ্ট৷ এই সমস্ত ঘটনাটোৰ

Read more

আবৰ্তন – নয়নমণি হালৈ

তেতিয়া মই বেকাৰ৷ হাতত পইচা প্ৰায় নাথাকেই৷ দেউতাৰ সৰু চাকৰি, ভাইটি তিনিজন৷ শিক্ষকৰ ল’ৰা যেতিয়া ভাল মানুহ হ’ব লাগিব, এয়া দেউতাৰ সৰ্বশেষ কথা৷ দেউতাই পঢ়াৰ নামত পইচা খৰচ কৰিবলৈ কৃপনালি নকৰে৷ কিন্তু কিমান? চিন্তাত হতাশ দেউতাৰ মুখখন দেখি মই উচ্চশিক্ষাৰ আশা এৰিলোঁ, ভাবিলোঁ পাৰিলে দেউতাৰ ডাঙৰ সংসাৰখন চলোৱাত কেনেবাকে মই সহায় কৰিম, নোৱাৰিলে নাই, কিন্তু দেউতাৰ পইচা খৰচ নকৰোঁ আৰু মই৷ কিন্তু কৰিম কি! চুবুৰীয়া দুঘৰমানৰ ল’ৰা-ছোৱালী পঢ়াবলৈ ল’লোঁ, মানে ‘টিউছন’৷ পুৱা টিউছন, গধূলি টিউছন, বাকী দিনটো ঘৰত৷ ঘৰত থকা

Read more

ৰূপাংকৰৰ বিড়ি (ৰহস্য গল্প) – জ্যোতিৰূপম দত্ত

-১- : বিড়ি এটা দিয়া! – ৰূপাংকৰে দোকানীজনক উদ্দেশ্য কৰি ফুচফুচাই কথাষাৰ কৈয়েই চকু টিপ এটা মাৰিলে৷ আধা-অন্ধকাৰ গলিটোৰ অলপ ভিতৰলৈ থকা সৰু পাণদোকান এখন৷ টুল এখনত বহি থকা আদহীয়া দোকানীজনৰ সমুখত এটা বিবৰ্ণ বাকচ৷ কোনোবা ইলেকট্ৰনিকছ কোম্পানীৰ বিজ্ঞাপনৰ ফ্লেক্স এখন বাঁহৰ কামীকেইটামানেৰে বান্ধি কোনোমতে চালি এখন কৰি লৈছে৷ দোকানখন প্ৰায় অন্ধকাৰ, চাৰ্জ শেষ হবলৈ ধৰা এটা সস্তীয়া চাৰ্জলাইটে সামান্য পোহৰ বিলাইছে৷ দোকানীজনে ৰূপাংকৰৰ ইংগিতটো বুজি নোপোৱাৰ ভাওঁ ধৰাৰ বৃথা চেষ্টা এটা কৰিলে৷ আচলতে সেই সময়তে ৰূপাংকৰৰ সৈতে একেলগে অহা

Read more

‘পাৰ চৰাই উৰি গৈ পালে নদীৰ পাৰ’ – অভিজিত দত্ত

১ সপোনৰ আৱিৰ্ভাৱ—- কাউণ্টাৰৰ খিৰিকীখনেৰে মই হাতখন বাহিৰলৈ মেলি দিলো৷ কাগজখন আৰু খমখমীয়া নোটকেইখন মোৰ হাতত গুজি দিয়া হ’ল৷ মই নোটকেইখন গণি চালো৷ ঠিকেই আছে৷ ডিপজিত ফৰ্মত লিখি থোৱা অঙ্কটোৱেই নোটকেইখনে দেখুৱাইছে৷ ফৰ্মখনৰ নিৰ্দিষ্ট স্থানত চিল-মোহৰ মাৰি মই ফৰ্মৰ অৱশিষ্ট অংশ ঘূৰাই দিবলৈ উদ্যত হওঁতেই মোৰ চকু চাত মাৰি ধৰিলে৷ এগৰাকী অতীৱ সুন্দৰী নাৰী কাউণ্টাৰৰ মুখত থিয় হৈ আছে৷ নাৰীৰ মুখত এটি জান-নেজান হাঁহিয়ে ঢৌ খেলি আছে৷ হয়, এই অপৰূপ দৃশ্যত মই বাকৰুদ্ধ হৈ পৰিছো৷ নাৰীগৰাকীৰ নান্দনিক সৌন্দৰ্যত মই মোৰ

Read more

এটা সপোনৰ মৃত্যু – অভিজিত কলিতা

ৰ’ব হে, মোৰ দুখেভৰা জীৱনৰ আন এটা মৰ্মান্তিক কাহিনী পঢ়িবলৈ ওলাইছোঁ বুলি চিৰিয়াচ হৈ নেযাব। অসমীয়া ভাষাত এইটোৱেই সমস্যা, কওঁ কিবা এটা ৰাইজে বুজে কিবা আন এটা। মোৰ কোনো শৈশৱৰ, যৌৱনৰ সপোনৰ মৃত্যু হোৱা নাই, আচলতে সপোনতে মোৰহে মৃত্যু হ’ল। মানে ‘ডেথ অৱ এ ড্ৰীম’ নহয়, ‘ডেথ ইন মাই ড্ৰীম’ হে! সেয়া চাওক, ইংৰাজীত কোৱাৰ লগে লগে পটকৈ বুজি পালে। আচলতে হ’ল কি, যোৱাকালি মোৰ সপোনত মোৰ মৃত্যু হ’ল। কি হ’ল কি নহ’ল ভালকে বুজি নেপালোঁ, কিন্তু মই হঠাৎ উপলব্ধি

Read more

তপাৰ দিনলিপি – অভিজিত দত্ত

হাতখন লাহেকৈ মূৰত লগালোঁ। এয়া মোৰ পুৰণি স্বভাৱ। আচলতে ক্লাছ নাইন মানৰ পৰা মই ‘বেক ব্ৰাছ’ ষ্টাইলত চুলি আঁচুৰিছিলোঁ৷ যেতিয়া দেহৰ এই অংশটো ক’লা কেশেৰে আবৃত হৈ আছিল, তেতিয়াৰ পৰাই মোৰ এই স্বভাৱটোও আছিল। বিশেষকৈ বিপৰীত লিঙ্গৰ কাৰোবাক দেখিলে মই নজনাকৈ মোৰ হাতৰ আঙুলিবোৰে মোৰ চুলি বিদাৰিছিল। কবি অজিত বৰুৱাই ‘এখন প্ৰেমৰ উপন্যাস’ত গ্ৰেলাগ হাঁহটোৱে বিপৰীত লিঙ্গৰ হাঁহ এজনী দেখিলে যে ডিঙিটো বেকা কৰি দি নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ বিচৰা এটা উদাহৰণ দিছিল, একেদৰে কোনো নাৰীৰ উপস্থিতিত মোৰ হাতখনে মোৰ

Read more

প্ৰতিষ্ঠিত লিখক– হেমন্ত কুমাৰ কাকতি

এজন ‘প্ৰতিষ্ঠিত’ লিখক হবলৈ কিমান যে কাম কৰিবলগীয়া হয়? সঁচা কৈছোঁ, আজিলৈ মোৰ যিমান কবিতা, গধুৰ গধুৰ প্ৰবন্ধ আদি আগশাৰীৰ বাতৰি কাকত, আলোচনী আদিত প্ৰকাশ হৈছে তাৰ এশ শতাংশই হিন্দী, বঙালী, ইংৰাজী আদি বিভিন্ন কিতাপৰ পৰা নহলে ইণ্টাৰনেটৰ পৰা হুবহু নহলেও অলপ ইফাল সিফাল কৰি তুলি দিয়া৷ পিচে ঈশ্বৰৰ কৃপাত এতিয়ালৈ ধৰা পৰা নাই৷ কিন্তু দিন কাল বেয়া বুজিছে৷ কিবা “প্লেগেৰিজিম” নে কিবা এটা ওলাইছে হেনো৷ সেইটোত বহাই দিলে হেনো সকলো “দুধ কা দুধ, পানী কা পানী” হৈ ওলাই যায়,

Read more

চলগৰী – তৃষ্ণা সোণোৱাল

“চলতৌ মিনি চলে যাবই ৰে, কন কনা মে জীৱন বিটাবই..” ফুলতীয়ে চৰিয়াটোৰ পানীখিনি চোতাললৈ সজোৰে মাৰি পঠিয়ালে। : হাৰামী বুৰা। মৰেক লেগি বয়চ হলি, ইতিয়াও মিনিৰ সংগে জীৱন বিটাৰ বাত কৰথি। চৰম নি লাগে তখে। মাংৰাৰ মুখত মদৰ লগতে গানো সমানে চলিছে। পুৱাই পুৱাই সি হাড়িয়া আনকালে নধৰে, আজিৰ কথা পিচে একেবাৰেই বেলেগ। বাগান উৰি ফুৰিছে এইকেইদিন। আবেলিলৈ বাগানত পূজাৰ বোনাচ দিয়াৰ কথা৷ : ২০% পূজাৰ বনাচ, একঝনৰ কমচেকম পন্ধৰ হাজাৰ টকাত’ হয়েক লাগি। মাংৰাৰ পুতেক ধালুৱে হিচাপ মিলাই। তাৰ

Read more

অনুতাপ – উষা মহন্ত

পিন্ধনত এটা থ্ৰি কোৱাৰ্টাৰ হাফ পেণ্ট আৰু হাফ গেঞ্জী। হাতত এখন দীঘল দা আৰু এডাল ৰছী লৈ কুকুৰ খোজে প্ৰায় দৌৰি অহাৰ দৰে মানুহটো আহি আছিল ৰাস্তাইদি। কৰ্ম সূত্ৰে আমি তেতিয়া চৰকাৰী আৱাস গৃহ লৈ জয়সাগৰ পুখুৰীৰ পাৰত আছিলোঁ। মানুহটোক সকলোৱে চিনি পায়। পুৱাৰ পৰা গধূলিলৈকে একেৰাহে কাম কৰে। কাৰো ঘৰত ক্ষন্তেক বহি এষাৰ কথা পাতিবলৈও সময় নাই। আনে হাজিৰা কৰা কাম সি নকৰে, ঠিকা লয়। খৰতকীয়া কাম কৰি দুদিনৰ হাজিৰাৰ ধন একেলগে আদায় কৰে বাবে মানুহে তাৰ হতুৱাই কাম

Read more
1 36 37 38 39 40 78