ফটাঢোল

হিচাব – নীলাক্ষী দেৱী ডেকা

চৌধুৰী আজি প্ৰথমবাৰৰ বাবে পুতেকৰ গুৱাহাটীৰ নতুন ফ্লেটলৈ আহিছে। আগতে পুতেকৰ ঘৰলৈ অহাৰ ইচ্ছা থাকিলেও উপায় নাছিল। হায়াৰ চেকেণ্ডাৰী পৰীক্ষা দি যি ল’ৰা বাহিৰলৈ ওলাল আৰু ঘৰত সোমোৱাৰ নাম নল’লে। প্ৰথমতে পঢ়া, তাৰপাছত চাকৰি ইত্যাদিৰ অচিলাত প্ৰবাসী ল’ৰা আজি ছমাহৰ আগতেহে প্ৰবাসৰ পৰা নিজৰ জন্মভূমি অসমলৈ উলটিছে। বাহিৰত থাকোঁতেই নিজে পচন্দ কৰা সুন্দৰী আধুনিকা যুৱতীৰ লগত বিবাহ। ৰিচিপশ্যনটো অৱশ্যে গাঁৱৰ ঘৰতেই দিছিল যথেষ্ট আড়ম্বৰ সহিতে। ওচৰ চুবুৰীয়াই বহুতদিনলৈকে সেই ভোজ ভাতৰ কথা কৈ তত পোৱা নাছিল। সুন্দৰী বোৱাৰীয়েকে মিঠা কথা

Read more

এখন বিউটি কণ্টেষ্ট আৰু এক প্ৰেমকাহিনী – তৃষ্ণা ঠাকুৰীয়া ভূঞা

আমাৰ সৰুপিতি এলাপেচা বিধৰ ল’ৰা নহয়৷ বৰ্মন চাৰক সময়মতে চিগাৰেট, তামোল আদি যুগুতাই দিয়াৰপৰা আৰম্ভ কৰি লোকৰ ঘৈণীয়েকক কোনবিধ স্নো পাউদাৰ, লিপষ্টিক ঘঁহিলে ভাল লাগিব সকলোৰে জ্ঞান আছে তাৰ৷ সেইবাবেই হ’বলা তাৰ খাতিৰো বহুত৷ মামণি খুৰীয়ে হেনো গিৰীয়েকৰ কাৰণে বনোৱা টেকেলী পিঠাকেইটাৰ সৰহভাগ সৰুপিতিলৈহে ৰাখে৷ সেইদিনা আকৌ সৰলা পেহীহঁতৰ ক’লী গাইজনী জগোতে ফেহুৰ প্ৰথম ভাগ সৰুপিতিয়েহে পাইছে৷ তাকে দেখি জ্বলাই জ্বলি মৰে৷ কিন্তু সৰুপিতিৰ আহৰি ক’ত৷ সেয়া দেখোন “এনুৱেল ভেবেৰাবাৰী গাঁও বিউটি কণ্টেষ্ট” আহি আছে কিছুদিনৰ পিছত৷ পেণ্ডেলৰপৰা চেণ্ডেললৈকে সকলোখিনি

Read more

পৰিৱৰ্তন – অনুৰূপ মহন্ত

বহু বছৰ পাছত অসমলৈ উভতিছো। প্রায় ২৫ বছৰেই হ’ল মই অসমৰ বাহিৰত থকা। কর্মসংস্থাপন আৰু মোৰ বৰ্তমানৰ স্থায়ী ঠিকনা হাইদৰাবাদতেই। ৰাতিপুৱাই চাৰি বজাতেই ইয়াৰ ৰাজীৱ গান্ধী বিমান বন্দৰত উপস্থিত হলোঁহি। এঘন্টাৰ পাছতেই “দাইৰেক্ট ফ্লাইট” খনত গুৱাহাটীৰ অভিমুখে ৰাওনা হ’ম। বেগ কেইটা নিৰ্দিষ্ট কাউণ্টাৰত জমা কৰাই “চিকিউৰীতি চেক” কৰোৱাৰ পাছত “ফ্লাইটৰ” বাবে অপেক্ষা কৰিলোঁ। আজি অলপ দিনৰ পৰা বাৰে বাৰে অসম খনে যেন মোক বৰকৈ মাতিছে। ইমান বছৰে অসমৰ বাহিৰত আছো যদিও বংশ পৰিয়াল বুলিবলৈ যি জন খুড়া আৰু খুৰী আছেগৈ,

Read more

মেম্বাৰ মোহন – জিমি শইকীয়া

আমাৰ ঘৰৰ ওচৰৰ মোহন বোলাটোক ঘৰৰ মানুহখিনিয়ে মানসিক ভাৱে ভাঙি পেলাইছে আৰু। “কিবা এটা কৰ গৰু, কিবা এটা কৰ গাধ, হেৰৌ ধোদৰ পচলা, লাটচাহাবৰ বেটা, হেৰৌ হাত তিয়াই ভাত খোৱাৰ জাত, কেলেহুৱাৰ সঁচ” আদি বিশেষ্য , বিশেষণ পদেৰে বিভূষিত মোহনৰ এনে সন্মান লৈ লৈ আমনি লাগিল আৰু। কেতিয়াবা কয়-জ্যোতিষীক চোৱালে আকৌ মোহনৰ কপালত ৰাজভোগ থকা বুলিহে কয়। সেয়ে চোৱা চিতা বিশ্বাস নহয়। হেৰৌ ৰাজভোগ বাদেই ভিক্ষাৰীৰ ভোগো নাই ইয়াৰ! মোহনৰ দেউতাকৰো অসমীয়াত গালি পাৰি পাৰি আমনি লাগিল হ’বলা।আজিকালি আকৌ হিন্দীতে

Read more

চান্তাক্ল’জ ধৰা পৰি গ’ল -দেবাংগ ভূষণ হাজৰিকা

সময় তেতিয়া সন্ধিয়া। চৌদিশে বৰদিনৰ ৰং- ৰহইচ।প্ৰেক্ষাগৃহটোত তেতিয়া শিশুসকলৰ মাজত ফেশ্বন শ্ব’ৰ প্ৰতিযোগিতা চলি আছে। উচ্চস্বৰত সংগীত বাজি আছে। হাতত এটা মোনা আৰু লাখুটি এডাল লৈ অৱশ ভাৱেৰে চান্তাক্ল’জ ঘূৰি ফুৰিছে মানুহবোৰৰ মাজে মাজে। মানুহবোৰে চেল্ফী উঠিছে চান্তাৰ লগত, সৰু ল’ৰা-ছোৱালীবোৰে হেণ্ডচেক কৰিছে, কোনোটোৱে আকৌ লাহেকৈ চুই চাইছে চান্তাৰ মুখখন(মুখা)।মোনাৰ ভিতৰৰ পৰা চকলেট উলিয়াই চান্তাই তেওঁৰ ওচৰলৈ অহা শিশুসকলক উপহাৰ দিছে। : মা। প্ৰেক্ষাগৃহৰ বাহিৰৰ পৰা অহা চিঞৰ এটা শুনা যেন পাই চান্তা যেন সষ্টম হৈ উঠিল। মাতটোৰ উৎস বিচাৰি

Read more

গাঁওবুঢ়াৰ চোতালত – অভিজিত কলিতা

গোটেই গাঁওখন আজি গাঁওবুঢ়াৰ চোতালত উবুৰি খাই পৰিছেহি। ওচৰ কেইঘৰৰ কথাই নাই, একেবাৰে সিমুৰৰ চেঁচুক বাঁহনিখনৰ তলৰ কেইঘৰ, ধোবাৰ কাম কৰা পৰশুৰাম, মৈমনসিঙৰ পৰা আহি গাঁৱে গাঁৱে হাজিৰা কাম কৰা কামালুদ্দিন, চাউলৰ মিলৰ মহৰী ভজহৰিৰ লগতে নামনিৰ পৰা উঠি অহা বিকৰ্ণ বসুমতাৰীৰ পৰিয়াল, গাহৰি মাংস নহ’লে এসাজো পেটলে নেযোৱা ধনেশ্বৰ গগৈ, গাহৰি খাই ধনেশ্বৰে গাঁওখনৰ জাত-পাত মাৰিলে বুলি মত পোষণ কৰা বিজয় মহন্ত মাষ্টৰ, মুঠতে গাঁৱৰ সকলো Who’s Who আজি গাঁও বুঢ়াৰ চোতালত পাটি পাৰি বহিছেহি। নবহিবনো কিয়? আজি গাঁওবুঢ়াই

Read more

অসমীয়াগিৰী – সুনীল দত্ত

এঙামুৰি এটা মাৰি উঠোঁ‌ নুঠোকৈ বিচনাৰপৰা উঠিলোঁ। দমকলৰ পাৰলৈ গৈ চকুদুটা পানী এচলুৰে মচি পাকঘৰত সোমালোঁ। কালি দাঁত ব্ৰাছ কৰিছিলোহে, আজি নকৰিলেও কথা নাই। ডাইনিং টেবুলখনত চৰিয়াটোৰে ঢাকি থোৱা চুজিখিনি মোকোৰা মোকোৰে খাই গাত চোলা আৰু পেণ্টটো সোমোৱাই বাইকখনত ষ্টাৰ্ট দিলোঁ। মূৰ ফণিয়াবলৈ মূৰত চুলি নায়েই, আজিকালি সেইকাৰণে আৰ্চি ফণিৰ লগত তেনেকুৱা ৰাহি যোৰাও নাই। দুমাহমানৰ মূৰত এবাৰ বীৰেন্দৰৰ চেলুনলৈ গৈ দাড়িখিনি অকণমান কাটি আহিলেই লেঠা শেষ। পঞ্চায়ত নিৰ্বাচনত এইবাৰ জিলা পৰিষদৰ সদস্য পদটোত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি মনে মনে ঠিৰাং

Read more

মিঠাইৰ টোপোলা – অসমী গগৈ

(ক) মানুহজন এজন চৰকাৰী কৰ্মচাৰী। দুই তিনিটা বিভাগ সলনি কৰি কৰি এতিয়া খীৰতী গাইৰ দৰে এটা বিভাগৰ মুৰব্বী তেওঁ। এতিয়া তেওঁ আলাউদ্দিনৰ চাকিটো পোৱাৰ দৰেই হ’ল। ইচ্ছা কৰিলেই জিনৰূপী কৰ্তৃত্ব খটুৱাই তেওঁ সকলো কৰিব পাৰে। মন্ত্ৰী, বিধায়ক, বিয়াগোম ঠিকাদাৰকে আদি কৰি সকলো তেওঁৰ হাতৰ মুঠিত। মানুহজন মিঠাই খাই বৰ ভাল পায়। গতিকে ফোনতে হওক বা মুখামুখিকৈয়ে হওক, মিঠাইৰ অবিহনে তেওঁ কোনো কথাই নাপাতে। সদায় তেওঁ টোপোলাই টোপোলাই মিঠাই নিয়ে ঘৰলৈ। মিঠাইৰে তেওঁৰ ঘৰ উপচি আছে। ঘৰৰ প্ৰতিটো চুক কোণ মিঠাইৰ

Read more

কেৰপাই এ চি এচ -হেমন্ত কুমাৰ কাকতি

:ছাৰ, অভিজিত কলিতাৰ ট্ৰান্সফাৰৰ কেচটো চেটল হৈ গ’ল৷ ফাইলটো কমিছনাৰলৈ পঠাই দিছিলোঁ, আপোনাৰ কথাটো কৈ দিলোঁ। তেওঁ একো নমতাকৈ চহী কৰি দি পঠিয়াইছে৷ কলিতা মানুহজন অলপ জেং আছে, সেইকাৰণে বেছি খোজা নাই ছাৰ, তিনি চাৰি কিবা এটা দিব কৈছোঁ, কালি লৈ আহিব৷ আজি “ফিফটি” এটা এডভান্স দি গৈছে৷ অৰ্ডাৰটো দি পঠিয়াম বাকী বস্তুটো পালে৷ ৰাখোঁ ছাৰ, গুড নাইট! এই মিনিষ্টাৰবোৰৰপৰা উপায় নাই বুজিছে, একো কাম নাই খালি ফোন কৰি কৰি মাথাটো বেয়া কৰি দিয়ে৷ অ’ ধেত তেৰি! শুনক, আজি মনটো

Read more

আদৰ্শ – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

বহুদিনৰ পৰা ফোন কৰি মাতি আছিল কলিতাদাই তেওঁৰ ঘৰলৈ। যাম যাম বুলি মনত ইচ্ছা এটা থাকিলেও সময়ৰ অসুবিধাতে যাব পৰা নাছিলোঁ ইমানদিনে। আজি দিনত কলিতাদাৰ ফোনটো পোৱাৰ পিছতে তেওঁৰ অনুৰোধ উপেক্ষা কৰাটো সম্ভৱ নহ’ল। তেওঁৰ ছোৱালীজনীৰ পৰীক্ষাৰ ৰিজাল্ট ভাল হৈছে, সেইকাৰণে ৰাতিৰ ভাতসাঁজ খাবলৈ মাতিছে। কলিতাদা মানুহজন মোৰ বহুত পুৰণি চিনাকি। মই কলেজত পঢ়ি থকা সময়তে কলিতাদাই একেখন চহৰতে থকা চৰকাৰী অফিচ এটাত কেৰাণী চাকৰি কৰিছিল। সেই সময়ত আজিৰ দৰে টেম্পো ট্ৰেকাৰবোৰ নাছিল কাৰণে সকলো মানুহৰ বাবে সুবিধাজনক যোগাযোগৰ ব্যৱস্থা

Read more
1 54 55 56 57 58 78