কৰ্পৰেট ভূত – অমিতাভ মহন্ত
পোন্ধৰ মিনিটমান হ’ল৷ মৰাৰ পিছত কাম বন বুলিবলৈ বিশেষ নাই৷ এনেয়ে ইফালে সিফালে ঘূৰি আছোঁ৷ সন্মুখৰ ঘড়ীটোত সময় চালোঁ, আঠটা বাজিছে৷ পঞ্জিকা হিচাপত আৰু দুঘন্টা আছে যমদুতক আত্মাটো হেণ্ডঅভাৰ কৰিবলৈ৷ মই সম্পূৰ্ণ সাঁজু হৈ আছোঁ,যমদূতৰহে তেতিয়াৰপৰা একো খা খবৰ নাই৷ বৈদ্য কামোৰ খাইছোঁ৷ আটাইতকৈ ডাঙৰ ভেজালটো হৈছে যে মৰাৰ পিছত ফ্ৰি জিঅ’ চিমখনে কাম কৰা নাই৷ এনেই এইখিনিত এয়াৰটেলৰ নেটৱৰ্ক বেয়া নহয়৷ পিছে সেইখন ৰিচাৰ্জ কৰা বাদেই দিলোঁ নহয়, কাম কৰিলেহেঁতেন যদিও এতিয়া জনাৰ একো উপায়েই নাই৷ এতিয়া যমদূত নহালৈ
Read more