মুখ-পুথি :: ‘The facebook’ – চিদানন্দ বৰা
শুনা ভাই শুনা বন্ধু মুখ-পুথিৰ কথা কলিৰ মহাভাগৱত ই গুচায় মনৰ বেথা ।। মানুহ মাত্ৰেই আহে যি ইয়াৰ সংস্পৰ্শত ভকতিত ওফন্দে মন ভিন্ন স্বৰূপত ।। প্ৰাতঃ সন্ধ্যা নুগুনি পৰ ভক্তি মাৰ্গে ধৰে লৰ প্ৰকাশি নিজকে বৰ সন্তুষ্টিত হয় যে থৰ।। সুপ্ত প্ৰতিভাক যোগাই সাৰ মনত বোৱায় ক্ষিপ্ৰ ধাৰ ৰাতি এপৰলৈকে চকু ফালি ফালি আঙুলিক সোধায় মাধ-মাৰ।। খেনোৱে কৰে সাহিত্য চৰ্চা খেনোৱে বিলায় ছবি প্ৰকাশে সবে নিজ নিজ ভাৱে যাৰ যিটো মতে হ’বি।। চুবুৰীয়াৰ সৈতে নাই
Read more