ফটাঢোল

ছেলছৰ টুপী – অভিজিৎ গোস্বামী 

কাহিনীৰ নায়ক অথবা খলনায়কৰ ৰূপত মই আৰু মোৰ কলেজীয়া বন্ধু কেইজন। ২০০৮ চনত মই গ্ৰেজুৱেচন কৰি অলপ দিন চাকৰি কৰাৰ মন মেলিলো। ৰাইজে কোৱা ও শুনিছিলো, যে এম বি এ কৰাৰ আগতেই অলপ দিন চাকৰি বাকৰি কৰি ৱৰ্ক এক্সপিৰিয়েন্চ গোটাই ললে, ভৱিষ্যতে চাকৰি বাকৰি কৰিবলৈ সুবিধা বেছিকৈ পোৱা যাব। কথামতেই কামত লাগি গলো সকলো,প্ৰথম পদক্ষেপ হিচাপে বায়দাতা বনাব লগীয়া হল।এতিয়া অামি আছিলো গোটেইকেইজন বায়টেকনলজিৰ ছাত্ৰ গতিকে এইবিলাক তেনেদৰে নাজানিছিলো। গতিকে চিনিয়ৰ দুজন মানৰ পৰা খুজি মেলি কেনেবাকৈ আৰ্হি এটা যোগাৰ

Read more

অতিথিৰ বিলৈ : উত্তম নেওগ

: গৃহস্থ আছেনে ঘৰত?    কাৰোবাৰ মাত শুনি চোতালত জেওৰা খুটি জোঙালি থকা মানুহজনে আগন্তুক দুজনলৈ মূৰ দাঙি চালে৷   : নাই৷ দাদা বাইদেউ কেনিবা গৈছে৷ মই নাজানো।   : কিমান দেৰি হ’ব?   : নাজানো নহয়৷ আহকচোন বহকহি৷    : ক’ত বহিম গৈ? আগফালে দুৱাৰ বন্ধ দেখোন!    : ককাইদেউ, সেইখন আমাৰ মালিকে নোখোলেই৷ মানুহ বহিলে ভিতৰত থকা চোফাকেইখন বেয়া হ’ব বুলি কয়৷   : তেনেহ’লে মানুহ আহিলে ক’ত বহে?   : আমাৰ ঘৰলৈ আলহী প্ৰায় নাহেই৷ আহিলেও আমাৰ

Read more

দেশতকৈ পৰীক্ষা ডাঙৰ নহয়-অগ্নিভ দত্ত

১৯৯৬ চন। বিশ্বকাপৰ ছেমি ফাইনেল। ভাৰত আৰু শ্ৰীলংকাৰ মাজত। চেমিষ্টাৰ  পৰীক্ষা চলি আছিল গতিকে ক্লাছ-ত্লাছ নাছিলেই।  সাংঘাতিক উত্তেজনা হোষ্টেলত। খেলৰ চিন্তাত পঢ়া-শুনাও কৰিব পৰা নাই ভালদৰে। অৱশ্যে খেলতো বাহানাহে এনেয়েও পঢ়া নহ’লহেঁতেনেই। খেলত ভাৰত জিকিলে কি কি কৰিম প্লেন বনাই তত পোৱা নাই। ছেমিফাইনেল, তাৰপাছত ফাইনেলত কি কি কৰিম ভাবি-গুণিয়েই তত নোহোৱা হৈছে আমাৰ। : ঐ, বস্তু পুৰা ৰেডি!  সেয়া ভাস্কৰে আহি খবৰ দিলেই। ভাস্কৰ মানে আমাৰ অতি মৰমৰ চিয়ানাই  পানবজাৰৰ বি এন দেৰ পৰা দুপৰীয়াই গৈ টাকিৰ যোগাৰটো কৰিলেই,

Read more

লজ্জা-ৰামানুজ গোস্বামী

২০০৬ চনৰ ঘটনা। চাকৰিসূত্রে মই দুৰ্গাপুৰত থাকোঁ। ভাড়াঘৰ। লগত মোৰ খুড়াৰ ল’ৰা এজন, নাম নৱজিত। জিত বুলি মাতোঁ।  মই আছিলোঁ টাটা টেলিচাৰ্ভিছৰ জ্যেষ্ঠ অভিযন্তা, সি আকৌ একেটা কোম্পানীৰে তৃতীয় পাক্ষিক এজেঞ্চি এটাৰ হিচাপ পৰীক্ষক। আমাৰ বয়সৰ পাৰ্থক্য প্ৰায় দহ বছৰ হেতুকে সি মোক অলপ সমীহ কৰিলেও মাজে মাজে ওস্তাদী লেকচাৰ মাৰিবলৈ পাহৰা নাছিল। কোম্পানীৰ চৌহদত যদিও টাই মাৰি চিনিয়ৰ ইঞ্জিনীয়াৰৰ লেবেল বজাই ৰাখিছিলোঁ, কোম্পানীৰ বাহিৰত, অৰ্থাৎ ভাড়াঘৰটোত মোৰ থকা-মেলাৰ অৱস্থা জুনিয়ৰ টেকচিয়ানৰ সমকক্ষতকৈ অধোগতিতহে আছিল। দিন-ৰাতিৰ ভোজন সদায় বাহিৰত, সিয়ো,

Read more

উৰুকা – বিকাশ শইকীয়া

মই তেতিয়া উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ। মেট্ৰিক পাছ কৰাৰ পিছত প্ৰথমটো মাঘ বিহুৰ উৰুকা। ঘৰৰপৰা লগোৱা ডিঙিৰ এৰালডাল খুলি দিয়া নাই যদিও, মূৰপোলোকা দি খুলিবলৈ শিকিছোঁ। মনটো অলপ উখল মাখল, প্ৰথমবাৰৰ বাবে গোটেই ৰাতিটো উৰুকা উদযাপন কৰিম। অগ্ৰজসকলে উৰুকাত কৰা উৎপাতবোৰ শুনিছোঁ মাথো। অলপ হ’লেও কৰিবলৈ এইবাৰেই প্ৰথম পাম। এই ধৰক আলু চুৰ কৰিম, কবি বেঙেনা কাৰোবাৰ বাৰীৰপৰা চুৰ কৰি গৃহস্থৰ ঘৰতে বাৰান্দাত থৈ আহিম, কাৰোবাৰ জপনা চুৰ কৰিম, কাৰোবাৰ দুৱাৰ খুলিব নোৱাৰাকৈ বাহিৰৰপৰা মাৰি থৈ আহিম ইত্যাদি। লগত

Read more

ল’ৰালিৰ স্মৃতি – ড০ গীতিমল্লিকা গগৈ

বিচিত্র অভিজ্ঞতাৰে ভৰা আছিল মোৰ ল’ৰালি। তিনিখন এল পি স্কুল-  ১/ বাংলা এল পি স্কুল- এন.জে.পি.,  ২/বকপৰা প্ৰাথমিক বিদ্যালয় – ডিব্ৰুগড়, ৩/ শলগুৰি প্ৰাথমিক বিদ্যালয় – ডিব্ৰুগড়ত পঢ়িছিলোঁ বিভিন্ন কাৰণত।        বকপৰা প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা সময়ৰ কথা। সেইসময়ত মাহঁতৰ বাপেক-মাকৰ ঘৰত আছিলোঁ‌, মানে পুথাদেউ আৰু এনাইদেউ। আমি দৌতা আৰু আ‌ই বুলি মাতিছিলোঁ‌।       আমি তিনিজনী- শেৱালি (মাজু আপাদেউৰ জীয়েক), চেনেহী (ডাঙৰ নিচাদেউৰ জীয়েক), মই… একেঘৰৰে একেটা শ্ৰেণীতে পঢ়িছিলোঁ। আমি স্কুললৈ যাবলৈ বহুত বেয়া পাইছিলোঁ। শেৱালিৰ উপনাম আছিল শ্ৰীহৰি, চেনেহীৰ

Read more

মোৰ এটা গৰু আছে… – ৰক্তাভ কুমাৰ দাস

“ঘড়ীটোৱে কয় শুনা টিক্ টিক্ টিক্ সময় গৈছে উৰি ঠিক ঠিক ঠিক। ভোমোৰাই কয় শুনা গুণ্ গুণ্ গুণ্ ফুটাই পঢ়িবা পাঠ নাই ভুন ভুন।” সুখবোৰ তেতিয়া শৰাইঘাট দলঙৰ ওপৰৰ পৰা ৰে’লগাড়ীৰ খিৰিকীৰে বাদাম ভাজিৰ বাকলি পেলাই দি দাদা আৰু মোৰ মাজৰ কোনজনৰ বাকলি গৈ আগতে ব্ৰহ্মপুত্ৰৰ পানীত পৰে তাক লৈ প্ৰতিযোগিতা কৰা, চাইকেলখনৰ হাফপেডেল মাৰি কোনে কিমান সময় মাটিত ভৰি নপৰাকৈ চলাব পাৰে, মায়ে খাবলৈ মতাৰ লগে লগে কোনে আগতে ডাইনিং টেবুলত গৈ হাজিৰ হয় ইত্যাদি এনেবোৰ সৰু সৰু কথাতেই

Read more

তীখৰে লিখা ৰচনাখন  – ৰঞ্জিত কুমাৰ শৰ্মা

ভোগালী বিহুৰ পিছত বিদ্যালয়ৰ প্ৰথমটো দিন৷ অসমীয়া বিষয় পঢ়োৱা হৰিশ মাষ্টৰে নৱম শ্ৰেণীৰ কোঠাত সোমাই চকীখনত বহিয়েই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি ক’লে,  : ল’ৰা-ছোৱালীহঁত, বিহুৰ বন্ধৰ আগতে ৰচনা লিখিবলৈ দিছিলোঁ যে লিখিছানে? ছাত্ৰ-ছাত্ৰীসকলে একেলগে ‘লিখিছোঁ ছাৰ’ বুলি কোৱাত হৰিশ মাষ্টৰে সকলোকে ৰচনাবোৰ তেওঁৰ মেজত জমা দিবলৈ ক’লে৷ সেইমতে সকলো শিক্ষাৰ্থীয়ে ৰচনা লিখা বহীবোৰ মাষ্টৰৰ মেজত জমা দিলে৷ হৰিশ মাষ্টৰে ৰচনাবোৰ মেজৰ একাষে থৈ লগত লৈ অহা অসমীয়া ব্যাকৰণখন মেলি লৈছিল মাত্ৰ, তেনেতে হিমাদ্ৰী নামৰ ছাত্ৰীগৰাকীয়ে অলপ উচ্চস্বৰত মাত দিলে, : ছাৰ? হৰিশ

Read more

ৰোহঘৰ – যোগেশ ভট্টাচাৰ্য্য

সন্ধিয়া সাত বজাত ঘৰ সোমায়েই বৰাই বেগটো থৈ চোফাত বহি টিভিটো অন কৰি দিলে। চাউথ ইণ্ডিয়ান চিনেমা এখন টিভিত চলি আছিল। বাছত ঠিয় হৈ ষ্টপেজৰপৰা আধাকিলোমিটাৰ ঘৰলৈ খোজকাঢ়ি লেবেজান হোৱা ভৰি দুটাক অলপ আৰাম দিও বুলি সন্মুখৰ টি টেবুলখনত উঠাই দিছিলহে মাত্ৰ, তেনেতে পাকঘৰৰপৰা ধুনীয়া মুখ এখনে ভুমুকি মাৰিলে। পিচে সেই ধুনীয়া মুখখনেৰে অমৃত নোলাই হলাহল বিষহে ওলাল। : ভৰি দুখন টেবুলতনো কিয় উঠাইছা? চাহ খোৱা টেবুল হয় সেইখন। দিনটো মই ঘৰ দুৱাৰ চাফা কৰি থাকিম আৰু তুমি আহিয়েই লেতেৰা

Read more

ছন্দোৱদ্ধ কবিতা : শ্বায়েৰী-সঞ্জীৱ মজুমদাৰ

“ভাঙি গ’ল বীণখনি  ছিঙি গ’ল তাঁৰ ৰৈ গ’ল অৱশেষ অমিয়া জোকাৰ।” “কাৰ পৰশত ফুলিলি বান্ধৈ অ’ মোৰ সাদৰী ফুলাম পাহি শ্যামলী পাতৰ ওৰণি গুচাই কাৰ ফালে চাই মাৰিলি হাঁহি?” “আৰুনো কিমান দিয়া  বেদনাৰ বোজা হে মোৰ হৃদয় দেৱতা। কৰুণ ৰোদন তুলি ভাঙিলা কিয় প্ৰাণৰ নিবিড় নীৰৱতা।” “আই আজি ম‌ই বৰ হিংস্ৰ হৈ উঠিছোঁ মোৰ নিয়াৰিৰ কাঁচিখন দেখিলেই বুজিবি কাৰ ডিঙিৰ জোখাৰে গঢ়িছোঁ?” এইধৰণৰ কালজয়ী কবিতাবোৰে তাহানিৰেপৰা আজিলৈকে পাঠকৰ বুকুত এক ভাললগা অনুভূতি তথা আলোড়ণৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। এই ভাললগাৰ

Read more
1 17 18 19 20 21 84